ঘিউ

ঘিউ হৈছে ভাৰতীয় উপমহাদেশৰ মাখনৰ পৰা উৎপাদন কৰা পৰিষ্কাৰ পানীৰ দৰে পদাৰ্থ৷ [1] খাদ্যৰ সোৱাদ আৰু সুগন্ধি বৃদ্ধিৰ বাবে এই অঞ্চলৰ পৰম্পৰাগত খাদ্যত ঘিউ ব্যৱহাৰ কৰা হয়৷ ইয়াক সাধাৰণতে ৰন্ধা-বঢ়াৰ বাবে, পৰম্পৰাগত ঔষধ হিচাপে আৰু হিন্দু ধৰ্মীয় অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰা হয়৷ [2]
বিৱৰণ
[সম্পাদনা কৰক]ঘিউ সাধাৰণতে মাখন উতলাই প্ৰস্তুত কৰা হয়৷ প্ৰথমে গাখীৰ উতলাই সৰ বা ক্ৰিম কাঢ়ি তাক মন্থন কৰিলে মাখন তৈয়াৰ হয়৷ ঘিউৰ দানাৰ আকাৰ, ৰং আৰু সোৱাদ মাখনৰ গুণাগুণ, প্ৰক্ৰিয়াটোত ব্যৱহাৰ কৰা গাখীৰ আৰু উতলাৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰে৷
উৎপত্তি
[সম্পাদনা কৰক]ঘিউ শব্দটো সংস্কৃত घृत ৰ পৰা আহিছে, যাক ফটফটীয়া মাখন বোলা হয়৷ [3] ই প্ৰাচীন গ্ৰীক শব্দ khristósৰ সৈতে সম্পৰ্কিত৷ [4]
হিন্দু ধৰ্মত ঘিউৰ ব্যৱহাৰ
[সম্পাদনা কৰক]পৰম্পৰাগতভাৱে ঘিউ গৰু বা ম'হৰ গাখীৰৰ পৰা তৈয়াৰ কৰা হয়৷ বৈদিক যুগৰ পৰাই ইয়াক পূজা-পাতলত ব্যৱহাৰ কৰা হয়৷ বৈদিক যজ্ঞ আৰু হোম কৰাৰ সময়ত অগ্নিৰ মাধ্যমেৰে বিভিন্ন দেৱতাক স্মৰণ কৰাটো এক পবিত্ৰ প্ৰয়োজনীয়তা (চাওক: যজুৰ্বেদ)৷
বিবাহ আৰু অন্ত্যেষ্টিক্ৰিয়া আদি অনুষ্ঠানৰ বাবে অগ্নি ৰীতি-নীতি ব্যৱহাৰ কৰা হয়৷ দেৱতাৰ মূৰ্তি পূজাত ঘিউৰ প্ৰয়োজন হয়, য'ত ঘিউৰ চাকি জ্বলাই পূজা কৰা হয়৷ পঞ্চামৃতৰ বাবেও ঘিউৰ লগতে, মৌ, গাখীৰ, দৈ, চেনিৰ প্ৰয়োজন হয়৷ দেৱতাক স্নান কৰিবলৈও ঘিউৰ ব্যৱহাৰ কৰা হয়[5]৷
ৰান্ধনত ঘিউৰ ব্যৱহাৰ
[সম্পাদনা কৰক]ভাৰতীয় উপমহাদেশৰ ৰন্ধনত ঘিউ অতি গুৰুত্বপূৰ্ণ, বিশেষকৈ বিৰিয়ানী, ৰুটি, পুৰণপুৰি(মহাৰাস্ত্ৰৰ), পৰঠা, বাট্টি(ৰাজস্থানৰ) ৰান্ধোতে ঘিউৰ অতি প্ৰয়োজন৷ ৰাজস্থানত প্ৰায়ে বাট্টিৰ লগত ঘিউ থাকে৷ সমগ্ৰ উত্তৰ ভাৰতত ঘিউৰ লগত ৰুটি পৰিবেশন কৰা হয়৷ কৰ্ণাটক আৰু তামিলনাডুত দ'ছা আৰু কেছৰৰ ভাতৰ লগত ঘিউৰ দিয়া হয়৷ পশ্চিম বংগ, বাংলাদেশ আৰু গুজৰাটত খিচড়ী হৈছে মচুৰ দাইলৰ সৈতে চাউলৰ পৰম্পৰাগত সন্ধিয়াৰ আহাৰ৷ দৈ, জিৰা, তেজপাত, হালধি, নহৰু, নিমখ আৰু ঘিউৰ হৈতে তৰকাৰী সিজোৱা হয়৷ ইয়াৰ উপৰিও ই কাঢ়ি আৰু ভাৰতীয় মিঠাই, যেনে মাইছুৰ পাক আৰু লাড়ুত উপযোগী৷ ভাৰতীয় ৰেষ্টুৰেণ্টত সাধাৰণতে বৃহৎ পৰিমাণৰ ঘিউ অন্তৰ্ভুক্ত কৰা হয়৷ সাধাৰণতে নান আৰু ৰুটিত ঘিউ লগাই পৰিবেশন কৰা হয়৷ উড়িষ্যা ৰাজ্যত খেচেদি আৰু ডালমা আদি খাদ্যত ঘিউৰ বহুল ব্যৱহাৰ হয়৷ বিশেষকৈ উড়িষ্যাৰ বেছিভাগ মন্দিৰতে প্ৰস্তুত কৰা সাত্ত্বিক খাদ্যত ইয়াৰ ৰন্ধন পৰম্পৰাৰ প্ৰধান উপাদান হিচাপে ঘিউ থাকে৷ দক্ষিণ ভাৰতীয় খাদ্যত তৰকাৰীত ওপৰৰ পৰা গৰম তেল দিওঁতে আৰু চাউলৰ ব্যঞ্জন আৰু মিঠাই প্ৰস্তুত কৰাত ঘিউ ব্যৱহাৰ কৰা হয়৷ উত্তৰ ভাৰতীয়সকলেও আচাৰ, দাইল আৰু তৰকাৰীৰ সৈতে খোৱাৰ আগতে ভাতত ঘিউ দি খায়৷ উত্তৰ ভাৰতীয়সকল ঘিউৰ সৰ্বাধিক গ্ৰাহকৰ ভিতৰত অন্যতম৷ অন্ধ্ৰ প্ৰদেশৰ নিৰামিষ খাদ্যত বিশেষকৈ টেঙা আৰু মিঠা উভয় ব্যঞ্জন প্ৰস্তুতৰ বাবে ঘিউ ব্যৱহাৰ কৰা হয়৷ উত্তৰ ভাৰতীয় পৰম্পৰাগত খাদ্যৰ বাবে ঘিউ গুৰুত্বপূৰ্ণ, পৰঠা, দাইল আৰু তৰকাৰীত প্ৰায়ে চহকী সোৱাদৰ বাবে তেলৰ সলনি ঘিউ ব্যৱহাৰ কৰা হয়৷ গৰুৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা ঘিউ চাউল বা ৰোটিৰ সৈতে বা তৰকাৰী বা দাইল ওপৰত হিচাপে ঘিউ দিয়াটো পৰম্পৰাগত৷ আনহাতে ম'হৰ গাখীৰৰ ঘিউ সাধাৰণ ৰন্ধা-বঢ়াৰ উদ্দেশ্যে অধিক ব্যৱহাৰ কৰা হয়৷
ঘিউ ভজাৰ বাবে আদৰ্শ চৰ্বি, কাৰণ ই ২৫০ ডিগ্ৰী চেলছিয়াছতহে ধোঁৱায় (৪৮২ ডিগ্ৰী ফাৰেনহাইট) হয়, যিটো সাধাৰণ ৰন্ধা উষ্ণতাৰ প্ৰায় ২০০ ডিগ্ৰী চেলছিয়াছ (৩৯২ ডিগ্ৰী ফাৰেনহাইট) আৰু বেছিভাগ উদ্ভিদ তেলৰ তুলনাত বহু ওপৰত৷ [6]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "Perspective | Ghee has been an Indian staple for millennia. Now the rest of the world is catching on". Washington Post. 28 October 2021. ISSN 0190-8286. Retrieved 22 March 2024. Ghee originated in India, where the heat was not conducive to storing butter for long periods
- ↑ "Perspective | Ghee has been an Indian staple for millennia. Now the rest of the world is catching on". Washington Post. 28 October 2021. ISSN 0190-8286. Retrieved 22 March 2024. ghee is poured into sacred fires by Hindus to this day, a practice thought to be auspicious for marriages, funerals and other ceremonies.
- ↑ as contrasted with नवनीत, navanīta 'fresh butter': Carl Darling Buck, A Dictionary of Selected Synonyms in the Principal Indo-European Languages, 1949, reprinted 1992 ISBN 0226079376, p. 399, §5.89 'Butter'
- ↑ Tarek I Kakhia. Encyclopedia of Oils and Fats (PDF). pp. 194–195. Archived (PDF) from the original on 11 November 2023. Retrieved 28 October 2023
- ↑ Fitzgerald, James L.; Adrianus, Johannes; Buitenen, Bernardus (15 February 2003). The Mahabharata, Volume 7: Book 11: The Book of the Women Book 12 ..., Part 1. University of Chicago Press. p. 613. ISBN 9780226252506.
- ↑ "What are the advantages and disadvantages of butter and ghee when it comes to cooking?". whfoods.com. Archived from the original on 4 April 2015. Retrieved 11 May 2015.