সমললৈ যাওক

ঘূৰ্ণীবতাহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
২০০৭ চনৰ জুন মাহত কানাডাৰ মেনিটোবাৰ এলিৰ কাষ চাপি অহা এলিয়ে টৰ্নেডো।

ঘূৰ্ণীবতাহ (ইংৰাজী: Tornado (টৰ্ণেডো)) হৈছে এটা অতি বেগেৰে বলা ঘূৰ্ণীয়মান বায়ুৰ স্তম্ভ, যাৰ পৃথিৱী পৃষ্ঠ আৰু মেঘৰ লগত সংযোগত থাকে, বা কেতিয়াবা এটুকুৰা মেঘৰ তলৰ অংশৰ সৈতে। ইয়াক টুইষ্টাৰ আৰু চাইক্লোন বুলিও কোৱা হয়,[1] যদিও চাইক্লোন শব্দটো বায়ুমণ্ডলবিদ্যাত সাধাৰণতে এটা নিৰ্বল চাপৰ অঞ্চলৰ কেন্দ্ৰত থকা বায়ু প্ৰণালীৰ বাবে ব্যৱহাৰ কৰা হয়, য'ত উত্তৰ গোলাৰ্ধত বতাহবোৰ ঘড়ীৰ বিৰোধী দিশত আৰু দক্ষিণ গোলাৰ্ধত ঘড়ীৰ দিশত ঘূৰে।[2] ঘূৰ্ণীবতাহ বিভিন্ন আকৃতি আৰু আকাৰত দেখা যায়, আৰু সিহঁত প্ৰায় সময়ত (যদিও সদায় নহয়) মেঘৰ তলৰ পৰা উৎপন্ন হোৱা ঘন মেঘৰ টুকুৰাৰ ৰূপত দৃশ্যমান হয়, যাৰ তলত ঘূৰ্ণীয়মান ধূলি আৰু আৱৰ্জনা থাকে। অধিকাংশ ঘূৰ্ণীবতাহৰ বতাহৰ বেগ প্ৰতি ঘণ্টাত ১১০ কিল'মিটাৰতকৈ কম, প্ৰস্থত প্ৰায় ১৫০ ফুট আৰু কেইব কিল'মিটাৰ যাত্ৰা কৰাৰ পিছত অন্তৰ্ধান হয়। সৰ্বাধিক বেগৰ ঘূৰ্ণীবতাহৰ বতাহৰ গতি প্ৰতি ঘণ্টাত ৩০০ কিল'মিটাৰতকৈ বেছি হ’ব পাৰে, প্ৰস্থত ৩ কিল'মিটাৰতকৈ ডাঙৰ হ’ব পাৰে, আৰু মাটিত ১০০ কিল'মিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰিব পাৰে।[3][4][5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "merriam-webster.com". merriam-webster.com. http://www.merriam-webster.com/dictionary/cyclone আহৰণ কৰা হৈছে: 2012-09-03.
  2. Garrison, Tom (2012). Essentials of Oceanography. Cengage Learning. ISBN 978-0-8400-6155-3.
  3. Wurman, Joshua (2008-08-29). "Doppler on Wheels". Center for Severe Weather Research. Archived from the original on 2007-02-05. https://web.archive.org/web/20070205124033/http://www.cswr.org/dow/dow.htm আহৰণ কৰা হৈছে: 2009-12-13.
  4. "Hallam Nebraska Tornado". National Weather Service. National Oceanic and Atmospheric Administration. 2005-10-02. http://www.crh.noaa.gov/oax/archive/hallam/hallam.php আহৰণ কৰা হৈছে: 2009-11-15.
  5. Edwards, Roger (2006-04-04). "The Online Tornado FAQ". Storm Prediction Center. National Oceanic and Atmospheric Administration. Archived from the original on 2006-09-29. https://web.archive.org/web/20060929185156/http://www.spc.ncep.noaa.gov/faq/tornado/ আহৰণ কৰা হৈছে: 2006-09-08. সাঁচ:Pd-notice