সমললৈ যাওক

ঘোঁড়ে যাত্ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঘোঁড়ে যাত্ৰা
ঘোঁড়ে যাত্ৰা
প্ৰকাৰ কাঠমাণ্ডু, নেপাল
তাৰিখ চ'ত মাহৰ শুক্ল পক্ষৰ আমাৱস্যা
২০২৪ৰ তাৰিখ ৮ এপ্ৰিল
উদযাপন টুণ্ডিখেলত ঘোঁৰাৰ পেৰেড অনুষ্ঠিত হয়

ঘোঁড়ে যাত্ৰা (নেপালী: घोडे जात्रा, অসমীয়া অৰ্থ: ঘোঁৰা যাত্ৰা) হৈছে কাঠমাণ্ডুৰ স্থানীয় ঘোঁৰা উৎসৱ।[1][2] এই উৎসৱ প্ৰতিবছৰ মাৰ্চৰ মাজভাগত বা এপ্ৰিলৰ আৰম্ভণিত অনুষ্ঠিত হয়।[3][4]

এই উৎসৱত টুণ্ডিখেলত ঘোঁৰাৰ পেৰেড অনুষ্ঠিত হয়। প্ৰতিযোগিতা আৰু পৰেডসমূহ নেপালৰ ৰাষ্ট্ৰপতি তথা দেশৰ শীৰ্ষ কৰ্তৃপক্ষৰ উপস্থিতিত অনুষ্ঠিত হয়।[5] নেপাল সেনাই এই পেৰেড আৰু প্ৰতিযোগিতাসমূহৰ আয়োজন কৰে।[6]

কাঠমাণ্ডুৰ স্থানীয় নেৱাৰ জনগোষ্ঠীয়ে ভোজ আৰু আনন্দৰ সৈতে এই উৎসৱ পালন কৰে। ঘোঁড়ে যাত্ৰাৰ দিনটো কাঠমাণ্ডুত ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰা হয়।[7]

উৎসৱৰ উৎপত্তি

[সম্পাদনা কৰক]

কাঠমাণ্ডুৰ ভিতৰ চহৰত, যেতিয়া শিশু হেৰাই গৈছিল, তেতিয়া লোকে ধাৰণা কৰিছিল যে দানৱ বা মানৱভক্ষকসকলে তেনে কৰিছিল। টুণ্ডিখেলত থকা ঘোঁৰাবাহী শিৱিৰবাসীসকলক সেই দুষ্ট আত্মাসকলক ভয় দেখুৱাবলৈ ঘোঁৰা দৌৰাবলৈ কোৱা হৈছিল। লোকসকলে টুণ্ডিখেলৰ মাজত থকা এটা গছৰ ওচৰত দানৱসকলক আহাৰ আগবঢ়াই দিছিল। পিছলৈ সেই আচাৰই উৎসৱৰ ৰূপ ল’লে আৰু আগবাঢ়ি ৰাষ্ট্ৰীয় উৎসৱ হিচাপে বিকাশ লাভ কৰিলে।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Shah, Manawi. "5 Jatras to observe in Nepal" (en ভাষাত). My City. http://myrepublica.nagariknetwork.com/news/130226/। আহৰণ কৰা হৈছে: 2022-11-02. 
  2. Atma Ram Giri MGS 2016.pdf, https://vid.brage.unit.no/vid-xmlui/bitstream/handle/11250/2407256/Atma%20Ram%20Giri%20MGS%202016.pdf?sequence=1, আহৰণ কৰা হৈছে: 2021-05-02 
  3. 3.0 3.1 "Ghode Jatra". ECS NEPAL. http://ecs.com.np/festival/ghode-jatra। আহৰণ কৰা হৈছে: 2021-05-02. 
  4. Board, Nepal Tourism. "Ghode Jatra". Naturally Nepal. https://de.welcomenepal.com/whats-on/ghode-jatra.html। আহৰণ কৰা হৈছে: 2021-05-02. 
  5. Hardy, F. (2005). The World's Religions: The Religions of Asia. Routledge reference. Taylor & Francis. ISBN 978-1-134-93188-0. 
  6. "Ghode Jatra being observed in Kathmandu Valley". Khabarhub. https://english.khabarhub.com/2021/11/176401/। আহৰণ কৰা হৈছে: 2021-05-02. 
  7. "Ghode Jatra 2022, 2023 and 2024 in Nepal". PublicHolidays.asia. https://publicholidays.asia/nepal/ghode-jatra/। আহৰণ কৰা হৈছে: 2021-05-02. 

সাঁচ:Asia-festival-stub