সমললৈ যাওক

ঘৰচিৰিকাৰ হেৰুৱা বীনটো

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ঘৰচিৰিকাৰ হেৰুৱা বীনটো (নেপাল ভাষা: चखुंचायागु तंगु कयगू, ইংৰাজী: The Sparrow's Lost Bean) নেপাল মণ্ডলৰ নেৱাৰসকলৰ মাজত প্ৰচলিত আটাইতকৈ জনপ্ৰিয় শিশু কাহিনীৰ ভিতৰত অন্যতম নেপালী সাধুকথা।[1]

এসময়ত এটা ঘৰচিৰিকা চৰাই আছিল৷ সি অতি পৰিপাটি আৰু পৰিষ্কাৰ আছিল। ইয়াৰ বাহটো নিৰ্মল আছিল আৰু ই সদায় খোৱাৰ আগতে গা ধুইছিল। এদিন ৰাতিপুৱা চৰাইটোৱে এটা বীন পাই আনন্দত আত্মহাৰা হৈ পৰিল। অভ্যাসবসত সি বীনটো নিৰাপদে দলঙৰ ওপৰত থৈ গা ধুবলৈ নদীলৈ নামি গ’ল।

যেতিয়া চৰাইটোৱে ভালকৈ পুৱাৰ আহাৰ খাম বুলি আশা কৰি উভতি আহিল, কিন্তু সি বীনটো ক’তো বিচাৰি নাপালে। সকলোতে সি বিচাৰিবলৈ ধৰিলে তেনেতে এজন কাঠমিস্ত্ৰীয়ে দলঙৰ ওপৰেৰে গৈ থকা দেখি চৰাইটোৱে কাঠমিস্ত্ৰীৰ ওচৰলৈ গৈ ক'লে, "মোৰ বীন হেৰাই থাকিল। অনুগ্ৰহ কৰি মোক বিচাৰি উলিয়াবলৈ সহায় কৰক।" "তোমাৰ কথা কোনে শুনিব?" বুলি কাঠমিস্ত্ৰী গুছি গ’ল।

ঠিক তেতিয়াই চৰাইটোৱে এজন সৈনিকক দলঙৰ ওপৰেৰে খোজ কাঢ়ি যোৱা দেখিলে। ই তেওঁক বীনটো বিচাৰি উলিওৱাত সহায় কৰিবলৈ অনুৰোধ কৰিছিল যদিও সৈনিকজনেও তাক সহায় নকৰিলে। "কোনে চৰাই এটাক সহায় কৰিব?" কৈ সি আঁতৰি গ’ল। তেনেতে এজন কেপ্তেইন দলঙৰ ওপৰলৈ উঠি আহিল, কিন্তু তেঁৱো চৰাইকোক সহায় নকৰিলে। আৰু তাৰ পিছত এজন মন্ত্ৰী আহিল, কিন্তু তেওঁৰ পৰাও কোনো সহায় নাপালে। তেওঁ মাথোঁ হাঁহি হাঁহি খোজ কাঢ়ি গৈ থাকিল।

ভোকাতুৰ চৰাইজনী হতাশ হৈ পৰিল। তেতিয়া হাতীত উঠি ৰজা সেইফালেদি আহিল। চৰাইটোৱে নিশ্চিত আছিল যে দেশৰ আটাইতকৈ শক্তিশালী ব্যক্তিজনৰ পৰা ন্যায় পাব। কিন্তু ৰজায়ো চৰাইৰ কাতৰ অনুৰোধ নুশুনাৰ ভাও ধৰি একো নক’লে। চৰাইজনী হতাশ হৈ বহি থকাৰ সময়তে এটা পৰুৱা ওচৰলৈ আহি সুধিলে, "কি হৈছে? ৰজাক পাৰ হৈ যোৱা দেখা নাই নেকি?" তাৰ পিছত চৰাইটোৱে কেনেকৈ কাঠমিস্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰজালৈকে সকলোৱে তাৰ অনুৰোধক আওকাণ কৰি হেৰুৱা বীনটো বিচাৰি উলিয়াবলৈ সহায় নকৰিলে সেই কথা পৰুৱাটোক ক’লে।

"চিন্তা নকৰিবা" পৰুৱাটোৱে ক'লে। "আমি কেনেবাকৈ বীনটো বিচাৰি পাম।" তাৰ পিছত পৰুৱাটোৱে হাতীটোৰ কাণৰ ওচৰলৈ উঠি আহি ক'লে, "ৰজাক কোৱা যে চৰাইৰ বীন বিচাৰি উলিয়াওক নহ'লে মই তোমাৰ কাণৰ ভিতৰলৈ গৈ তোমাক কামুৰি দিম।" আতংকিত হৈ হাতীটোৱে ৰজাৰ ফালে ঘূৰি ক'লে, "হে ৰাজন, তুমি চৰাইটোক সহায় কৰা ভাল, নহ'লে মই তোমাক পিঠিৰ পৰা পেলাই দিম।"

ৰজা ভয় খাই লগে লগে মন্ত্ৰীক মাতি আদেশ দিলে, "চৰাইক সহায় কৰা নহ'লে আপোনাক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।" মন্ত্ৰীয়ে লগে লগে কেপ্তেইনক ক'লে, "চৰাইয়ে যি কয় তাকেই কৰক নহ'লে আপোনাৰ বিপদ হ'ব।" তাৰ পিছত কেপ্তেইনে সৈনিকজনক মাতি স্পষ্ট আদেশ দিলে। সৈনিকজনে কাঠমিস্ত্ৰীজনক চৰাইৰ বীন বিচাৰিবলৈ আদেশ দিলে৷ কাঠমিস্ত্ৰীয়ে আধাদিন বিচাৰি বিচাৰি শেষত হেৰাই যোৱা বীনটো পালে আৰু সেইদিনা চৰাইটোৱে তৃপ্তিদায়ক আহাৰ গ্ৰহণ কৰিলে।

প্ৰকাশন

[সম্পাদনা কৰক]

১৯৬৬ চনত প্ৰকাশিত নেপাল ভাষাৰ লোককথাৰ সংকলনত "দ্য স্পাইৰ'ছ লষ্ট বিন"ৰ সাধুটো সন্নিবিষ্ট কৰা হৈছিল।[1] ১৯৯১ চনত এই কাহিনীৰ ভিত্তিত ৰাজমানে এখন কমিক বুক প্ৰকাশ কৰে।[2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Kansakar, Prem Bahadur (1966). Nyakan Bakhan. Kathmandu: Himanchal Pustak Bhavan. Page 89.
  2. Tuladhar, Raj (1991). Chakhunchiyā Tangu Kaygu. Kathmandu: Rajman.