সমললৈ যাওক

ঙাহ ল'ও ডৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ঙাহ ল'ও ডৰ (ইংৰাজী: Nghah Lou Dawr/Nghah Loh Dawr) হৈছে মিজোৰামত পৰম্পৰাগতভাৱে প্ৰচলিত কিনা-বেচাৰ এক পদ্ধতি য'ত বিক্ৰেতাৰ অবিহনেই বিপণী এখনৰ পণ্যসামগ্ৰী গ্ৰাহকসকলে পছন্দ অনুসৰি নিৰ্দিষ্ট মূল্য পৰিশোধ কৰি ক্ৰয় কৰাৰ ব্যৱস্থা আছে।[1] মিজোৰামৰ ৰাজধানী আইজলৰপৰা প্ৰায় ৬৫ কি:মি: দূৰত্বত অৱস্থিত চিলিং চহৰত এই ব্যৱস্থাটো ঘাইকৈ দেখা পোৱা যায়। ঙাহ ল'ও ডৰৰ অৰ্থ হৈছে 'ক্ৰেতাবিহীন বিপণী'।[2] এই পদ্ধতিত পথৰ কাষত চালি সাজি বিপণী একোখন স্থাপন কৰা হয়। স্থানীয় লোকসকলে নিজৰ উৎপাদিত সামগ্ৰীসমূহ আনি ইয়াত বিক্ৰীৰ বাবে সজাই ৰাখে। এই বিপণীসমূহত কোনো বিক্ৰেতা নাথাকে। একোখন ফলকত সামগ্ৰীসমূহৰ মূল্য গ্ৰাহকে দেখা পোৱাকৈ লিখি ৰখা হয়। বাটেদি যোৱা লোকে এই মুক্ত বিপণীসমূহৰ পৰা পছন্দ অনুসৰি সামগ্ৰী সংগ্ৰহ কৰিব পাৰে। মূল্য পৰিশোধ কৰিবৰ বাবে ইয়াত একোটা বাকচ বা টেমা (পৱিচা বউন) ৰখা হয় আৰু ইয়াত কোনো তলাৰ ব্যৱস্থা নাথাকে। গ্ৰাহকসকলে পছন্দৰ সামগ্ৰী লোৱাৰ পিছত ফলকত উল্লিখিত মূল্য এই বাকচত জমা ৰাখে। খুচুৰাৰ বাবে গ্ৰাহকে নিজেই বাকচত থকা টকাৰ বিনিময় কৰিব পাৰে। এই সমগ্ৰ ব্যৱস্থাটো পাৰস্পৰিক বিশ্বাসৰ ওপৰত আধাৰিত।[3][4] এই বিপণীসমূহত ঘাইকৈ কৃষিজাত সামগ্ৰী যেনে শাক-পাচলি আৰু ফল-মূলৰ লগতে ফলৰ ৰস, শুকান মাছ, পানীশামুক আদি পোৱা যায়।[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Mizoram teaches how trust can be become a state’s ethos". Economic Times. 24 Jun 2020. https://m.economictimes.com/news/politics-and-nation/mizoram-teaches-how-trust-can-be-become-a-states-ethos/nghah-lou-dawr/slideshow/76553722.cms আহৰণ কৰা হৈছে: November 26, 2020.
  2. Raya Ghosh (June 20, 2020). "In some Mizoram shops, you will not find shopkeepers. This is the story behind it". India Today. https://www.indiatoday.in/trending-news/story/in-some-mizoram-shops-you-will-not-find-shopkeepers-this-is-the-story-behind-it-1690918-2020-06-20 আহৰণ কৰা হৈছে: November 26, 2020.
  3. Saumya Agrawal (Jun 20, 2020). "Mizoram's 'shops without shopkeepers' work on the principle of trust". Times Now News. https://www.timesnownews.com/the-buzz/article/mizorams-nghah-lou-dawr-culture-of-shops-without-shopkeepers-work-on-the-principle-of-trust/609202 আহৰণ কৰা হৈছে: November 26, 2020.
  4. Trishna Sengupta (Jun 19, 2020). "Mizoram has shops without shopkeepers, it’s all about keeping faith in humanity". Hindustan Times. https://www.hindustantimes.com/it-s-viral/mizoram-has-shops-without-shopkeepers-it-s-all-about-keeping-faith-in-humanity/story-hicMAYuaZWtTgu8n7kTbXP.html আহৰণ কৰা হৈছে: November 26, 2020.
  5. Sanchari Pal (August 1, 2016). "Difficult to Imagine Shops without Shopkeepers? Mizoram Has Had Them for Years!". The Better India. https://www.thebetterindia.com/63223/nghah-lou-dawr-shop-mizoram/ আহৰণ কৰা হৈছে: November 26, 2020.