চক্ৰধৰ ডেকা
| চক্ৰধৰ ডেকা | |
|---|---|
বন্ধন (২০০১) ছবিৰ ছেটত পৰিচালক তৌফিক ৰহমানৰ সৈতে ডেকা | |
| জন্ম | ০৩ ছেপ্টেম্বৰ, ১৯৬৩ নলবাৰী, অসম, ভাৰত |
| মৃত্যু | ৩০ ডিচেম্বৰ, ২০০৭ (৪৪ বছৰ) |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | চলচ্চিত্ৰ নিৰ্মাতা |
| আত্মীয়-স্বজন | নাৰায়ণ ডেকা (ভাতৃ) |
চক্ৰধৰ ডেকা (৩ ছেপ্টেম্বৰ ১৯৬৩ – ৩০ ডিচেম্বৰ ২০০৭) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ, লেখক, উদ্যোগী আৰু অসমৰ এগৰাকী সমাজ কৰ্মী। তেওঁ আছিল ৰাজকুমাৰ ফিল্ম প্ৰডাকচন আৰু ৰাজশ্ৰী থিয়েটাৰৰ প্ৰতিষ্ঠাপক। তেওঁ ৰাজনীতিবিদ নাৰায়ণ ডেকাৰ জ্যেষ্ঠ ভাতৃ৷
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]চক্ৰধৰ ডেকাৰ জন্ম হৈছিল ১৯৬৩ চনৰ ৩ ছেপ্টেম্বৰ তাৰিখে নলবাৰী জিলাৰ মুকালমুৱাত৷ তেওঁ অসম আন্দোলনৰ অংশ হিচাপে তেওঁ বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সংগঠনৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ অসমৰ ৰাজহুৱা কাম বিভাগৰ অন্তৰ্গত ১(ক) শ্ৰেণীৰ পঞ্জীয়নভুক্ত ঠিকাদাৰো আছিল।
ফিল্মগ্ৰাফী
[সম্পাদনা কৰক]২০০০ চনৰ আৰম্ভণিতে ডেকাই চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। যতীন বৰা, ৰবি শৰ্মা, আঙুৰলতা ডেকা, আইমী বৰুৱা, জুবিন গাৰ্গ আৰু ছান আদি জনপ্ৰিয় শিল্পীৰ সৈতে কাম কৰিছিল।[1][2][3]
| বৰ্ষ | চলচ্চিত্ৰ | ভূমিকা |
|---|---|---|
| ২০০০ | অহংকাৰ | প্ৰযোজক |
| ২০০১ | প্ৰেম ভৰা চকুলো | কাৰ্যবাহী প্ৰযোজক |
| ২০০১ | এই মৰম তোমাৰ বাবে | প্ৰযোজক |
| ২০০৩ | বন্ধন | প্ৰযোজক |
| ২০০৩ | সৰু বোৱাৰী | প্ৰযোজক, পৰিচালক, লেখক |
থিয়েটাৰ
[সম্পাদনা কৰক]২০০৪ চনত চক্ৰধৰ ডেকাই অসমৰ এটা ভ্ৰাম্যমাণ থিয়েটাৰ কোম্পানী "ৰাজশ্ৰী থিয়েটাৰ" প্ৰতিষ্ঠা কৰে। এই থিয়েটাৰখনে আজিলৈকে ৪৮খন নাটক মঞ্চস্থ কৰাৰ লগতে ৰাজ্যৰ কেইবাটাও অঞ্চলত ১০ হাজাৰৰো অধিক শ্ব’ প্ৰদৰ্শন কৰিছে।[4][5]
২০০৫ চনত থিয়েটাৰখনে হলিউডৰ ক্লাছিক দ্য গডফাদাৰক নাটক হিচাপে ৰূপান্তৰিত কৰে। অভিযোজনখনৰ চিত্ৰনাট্য লিখিছিল পবিত্ৰ কুমাৰ ডেকাই।
২০০৭ চনত প্ৰযোজক ডেকাই লেখক-অভিনেতা চম্পক শৰ্মাৰ সৈতে সহযোগিতা কৰি বলীউডৰ আইকনিক ছবি "শ্বোলে" পুনৰ মঞ্চত সৃষ্টি কৰে।[6][7]
সাহিত্য
[সম্পাদনা কৰক]২০০১ চনত চক্ৰধৰ ডেকাই অসমৰ অৰ্থনৈতিক দিশৰ ওপৰত বিশ্লেষণাত্মক গ্ৰন্থ ধ্বংসৰ গৰাহত অসম লিখিছিল। তদুপৰি তেওঁ থিয়েটাৰৰ বাবে কেইবাখনো নাটক লিখিছিল। সেইবোৰ হ'ল – মৰমৰ বোৱাৰী (২০০৪), নুফুলা ফুলৰ সমাধি (২০০৫), মা অৰু মাম্মি (২০০৬) আৰু সেন্দুৰ (২০০৭)।
বঁটা
[সম্পাদনা কৰক]| বছৰ | বিভাগ | কামৰ বাবে | বঁটা | ফলাফল |
|---|---|---|---|---|
| ২০০৩ | শ্ৰেষ্ঠ ছবি | সৰু বোৱাৰী | ৰয়েল চেলেঞ্জ অষ্টম মুনলাইট মিডিয়া এৱাৰ্ডছ | বিজয়ী |
| ২০০৪ | শ্ৰেষ্ঠ নাট্যদল | ৰাজশ্ৰী থিয়েটাৰ | নৱম মুনলাইট মিডিয়া এৱাৰ্ডছ | বিজয়ী |
| ২০০৬ | বিশিষ্ট অৱদান | অসমীয়া সাংস্কৃতিক উদ্যোগ | একাদশ মুনলাইট মিডিয়া এৱাৰ্ডছ | বিজয়ী |
| ২০০৬ | বিশিষ্ট অৱদান | অসমীয়া সাংস্কৃতিক উদ্যোগ | ৰ'দালী ম'বাইল থিয়েটাৰ এৱাৰ্ডছ | বিজয়ী |
| ২০০৬ | শ্ৰেষ্ঠ পৰিচালক | নুফুলা ফুলৰ সমাধি | ৱাইজ মেন ইণ্টাৰনেচনেল | মনোনীত |
| ২০০৬ | শ্ৰেষ্ঠ নাট্যদল | ৰাজশ্ৰী থিয়েটাৰ | ৱাইজ মেন ইণ্টাৰনেচনেল | বিজয়ী |
| ২০০৭ | শ্ৰেষ্ঠ নাট্যদল | ৰাজশ্ৰী থিয়েটাৰ | শ্ৰী শ্ৰী হৰি মন্দিৰ ৰাস সমিতি | বিজয়ী |
চক্ৰধৰ ডেকা সোঁৱৰণী
[সম্পাদনা কৰক]চক্ৰধৰ ডেকা সোঁৱৰণী ফুটবল চেম্পিয়নশ্বিপ
[সম্পাদনা কৰক]ডেকা জীৱনৰ প্ৰাৰম্ভিক পৰ্যায়ত ফুটবলাৰ আছিল। স্থানীয় বিভিন্ন প্ৰতিযোগিতাত ৰেফাৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ স্মৃতিত এখন ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হয় আৰু প্ৰতি বছৰে দেশৰ বিভিন্ন প্ৰান্তৰ ক্লাবক আমন্ত্ৰণ জনোৱা হয়।[8][9][10][11]
চক্ৰধৰ ডেকা টি-২০ ক্ৰিকেট প্ৰতিযোগিতা
[সম্পাদনা কৰক]প্ৰয়াত চক্ৰধৰ ডেকাৰ স্মৃতিত প্ৰতি বছৰে মুকালমুৱাত এখন স্থানীয় ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।[12][13]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Meghranjani (2018-07-13). "Ahankar | Assamese Film | Jatin Bora | Watch Now" (en-US ভাষাত). Magical Assam. https://www.magicalassam.com/2018/07/ahankar-assamese-film.html। আহৰণ কৰা হৈছে: 2020-05-06.
- ↑ "Xoru Bowari | Full Assamese Film" (en-US ভাষাত). Magical Assam. 2018-07-08. https://www.magicalassam.com/2018/07/xoru-bowari-full-assamese-film.html। আহৰণ কৰা হৈছে: 2020-05-06.
- ↑ Chodhury, Shankhadeep (3 November 2001). "Terrorism takes its toll on life in N-E | India News - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/india/Terrorism-takes-its-toll-on-life-in-N-E/articleshow/668160660.cms। আহৰণ কৰা হৈছে: 2020-05-10.
- ↑ "An ordinary play with extraordinary players" (en ভাষাত). www.telegraphindia.com. https://www.telegraphindia.com/north-east/an-ordinary-play-with-extraordinary-players/cid/1625275। আহৰণ কৰা হৈছে: 2020-05-10.
- ↑ "The good, bad and the ugly" (en ভাষাত). www.telegraphindia.com. https://www.telegraphindia.com/north-east/the-good-bad-and-the-ugly/cid/1634216। আহৰণ কৰা হৈছে: 2020-05-10.
- ↑ "Gabbar learns Assamese for stage - Coming this August to a venue near you: Champak Sarmar Sholay" (en ভাষাত). www.telegraphindia.com. https://www.telegraphindia.com/north-east/gabbar-learns-assamese-for-stage-coming-this-august-to-a-venue-near-you-champak-sarmar-sholay/cid/704456। আহৰণ কৰা হৈছে: 2020-05-06.
- ↑ "Not Bollywood, but this remake is a hit" (en ভাষাত). Hindustan Times. 2007-09-06. https://www.hindustantimes.com/entertainment/not-bollywood-but-this-remake-is-a-hit/story-K47SNQzv0ArAPnCm2waHpM.html। আহৰণ কৰা হৈছে: 2020-05-06.
- ↑ "Mukalmua football from Sept 16". The Assam Tribune Online. Archived from the original on 2021-01-15. https://web.archive.org/web/20210115155422/http://www.assamtribune.com/scripts/detailsnew.asp?id=sep1418/sports058। আহৰণ কৰা হৈছে: 2020-05-06.
- ↑ "Siliguri FC to play Green Valley in final". The Assam Tribune Online. Archived from the original on 2019-09-22. https://web.archive.org/web/20190922071444/http://www.assamtribune.com/scripts/detailsnew.asp?id=sep2019/sports055। আহৰণ কৰা হৈছে: 2020-05-06.
- ↑ "Chakradhar Deka Memorial Prize-money Football Championship | YoGems" (en-US ভাষাত). https://www.yogems.com/tags/chakradhar-deka-memorial-prize-money-football-championship/। আহৰণ কৰা হৈছে: 2020-05-06.[সংযোগবিহীন উৎস]
- ↑ "ASEB lift Chakradhar Deka Trophy". The Assam Tribune Online. Archived from the original on 2018-10-08. https://web.archive.org/web/20181008112736/http://www.assamtribune.com/scripts/detailsnew.asp?id=oct0818/sports056। আহৰণ কৰা হৈছে: 2020-05-06.
- ↑ "AG Assam champs". The Assam Tribune Online. http://www.assamtribune.com/scripts/detailsnew.asp?id=may0819/sports052। আহৰণ কৰা হৈছে: 2020-05-06.[সংযোগবিহীন উৎস]
- ↑ "AG Assam Sports Club lifts Chakradhar Memorial T-20 Cricket Tournament title- Sentinelassam" (en ভাষাত). www.sentinelassam.com. 2019-05-08. https://www.sentinelassam.com/north-east-india-news/local-sports/ag-assam-sports-club-lifts-chakradhar-memorial-t-20-cricket-tournament-title/। আহৰণ কৰা হৈছে: 2020-05-06.