চট্টেশ্বৰী মন্দিৰ
| চট্টেশ্বৰী কালী মন্দিৰ | |
|---|---|
মুখ্য প্ৰৱেশদ্বাৰ | |
| স্থান | |
| দেশ | বাংলাদেশ |
| জিলা | চট্টগ্ৰাম |
| স্থান | চট্টেশ্বৰী ৰোড, চট্টগ্ৰাম |
| স্থানাংক | 22°21′10″N 91°49′34″E / 22.35275°N 91.82605°E |
শ্ৰী শ্ৰী চট্টেশ্বৰী কালী মন্দিৰ হৈছে বাংলাদেশৰ চট্টগ্ৰাম নগৰৰ মাজভাগত অৱস্থিত দেৱী কালীৰ এক পুৰণি হিন্দু মন্দিৰ। ই বংগদেশৰ অন্যতম শক্তিপীঠ হিচাপে পৰিচিত। কথিত আছে, চট্টগ্ৰাম (চিটাগঙ) নামটো “চট্টেশ্বৰী দেৱী”ৰ নামৰপৰা উদ্ভৱ হৈছিল। “চট্টেশ্বৰী” শব্দৰ অৰ্থ হৈছে “চট্টগ্ৰামৰ দেৱী” বা “চিটাগঙৰ দেৱী”।
১৯৭১ চনৰ মুক্তিযুদ্ধৰ সময়ত পাকিস্তানী সেনাৰ হাতত এই মন্দিৰটো ধ্বংস হৈছিল। যুদ্ধৰ অন্তত চক্ৰৱৰ্তী পৰিয়ালে মন্দিৰটো পুনৰ নিৰ্মাণ কৰে। পূৰ্বৰ প্ৰতিমূৰ্তি নিম গছৰ কাঠৰপৰা নিৰ্মিত হৈছিল, যিটো আংশিকভাৱে বিনষ্ট হৈছিল। যুদ্ধ শেষ হোৱাৰ পিছত সেই প্ৰতিমূৰ্তিৰ ওপৰ ভাগটো চক্ৰৱৰ্তী পৰিয়ালৰ এজন সদস্যই উদ্ধাৰ কৰিছিল, যিটো এতিয়াও মন্দিৰত সংৰক্ষিত আছে। যুদ্ধৰ পিছত বেনাৰাচত নিৰ্মিত নতুন প্ৰতিমূৰ্তিটো সেই পৰিয়ালৰেই এজন সদস্য তৰাপদ আধানিকাৰী (তৰাপদ চক্ৰৱৰ্তী)য়ে বিমানযোগে ভাৰতৰপৰা আনিছিলে।
শক্তিপীঠ হিচাপে গুৰুত্ব
[সম্পাদনা কৰক]
চট্টেশ্বৰী মন্দিৰক শক্তিপীঠসমূহৰ ভিতৰত এটা বুলি গণ্য কৰা হয়। আত্মাহুতিৰ পুৰাণ অনুসৰি, শিৱে দেৱী সতীৰ মৃতদেহ বহন কৰি ফুৰা সময়ত তেওঁৰ দেহৰ অংশবোৰ বিভিন্ন ঠাইত পৰিছিল। যিসকল ঠাইত দেৱী সতীৰ দেহৰ অংশ পৰিছিল, সেই স্থানসমূহেই শক্তিপীঠ হিচাপে পূজিত হৈ আছে।[1]
পুৰাণ অনুসৰি
[সম্পাদনা কৰক]সনাতন ধৰ্মৰ অনুগামীসকলৰ বাবে চট্টেশৰী কালী মন্দিৰ অতি গুৰুত্বপূৰ্ণ স্থান। সমগ্ৰ বিশ্বৰ সনাতন ধৰ্মৰ ৫১টা মন্দিৰৰ ভিতৰত চট্টেশৰী কালী মন্দিৰ অন্যতম। দেশ-বিদেশৰ বহু সনাতন ধৰ্মৰ অনুগামীসকলে প্ৰতি বছৰে চট্টেশ্বৰী কালী মন্দিৰলৈ গৈ তাত প্ৰাৰ্থনা কৰি দেৱীক সন্তুষ্ট কৰে। সনাতন ধৰ্মৰ অনুগামীসকলৰ বাহিৰেও এই কালি মন্দিৰৰ ঐতিহাসিক গুৰুত্ব বিবেচনা কৰি বহু লোকে বিভিন্ন সময়ত ভ্ৰমণ কৰে। সনাতন ধৰ্মৰ অনুগামীসকলৰ মতে সতী দেৱীৰ মৃতদেহৰ মৃত্যুৰ পিছত ৫১টা অংশৰ ভিতৰত পাঁচটা অংশ বাংলাদেশৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ পৰিছিল। আন অংশ পৰিছে ভাৰত, পাকিস্তান, নেপাল, আফগানিস্তান আৰু চীনত।
শক্তি দেৱী আৰু ভৈৰৱ
[সম্পাদনা কৰক]চট্টেশৰী দেৱী আদ্যশক্তিৰ মহামায়া দেৱী দুৰ্গা বা কালীৰ এক বিশেষ ৰূপ। মূল পথৰ পৰা চিৰিৰে অলপ ওপৰলৈ উঠি, কেন্দ্ৰীয় চোতালত বাওঁফালে কালি মাৰ মন্দিৰ আৰু সোঁফালে শিৱ ঠাকুৰৰ মন্দিৰ। যি ভৈৰৱৰ প্ৰতীক, যিয়ে মাতা সতীৰ কুণ্ড ৰক্ষা কৰে। শিৱ মন্দিৰৰ কাষতে এটা কুণ্ড আছে।
ইতিহাস
[সম্পাদনা কৰক]
চট্টেশ্বৰী মন্দিৰত নিৰ্মিত প্ৰথমটো কালী মূৰ্তিৰ বিষয়ে এটা কিংবদন্তি আছে। কৃষংগীৰ নামৰ এজন মহাৰাজে নিম কাঠেৰে মূৰ্তিটো নিৰ্মাণ কৰিছিল, যিটো তেওঁ সপোনতো দেখিছিল। মূৰ্তিটো দক্ষিণকালীৰ। যাক পূজা কৰিলে সকলো লৌকিক আৰু আধ্যাত্মিক ফল পূৰণ হয় আৰু মনৰ সকলো কামনা পূৰণ হয় বুলি জনবিশ্বাস আছে। চট্টেশ্বৰী মাতাৰ সাধনা আৰম্ভ কৰে চট্টগ্ৰাম জিলাৰ বোৱালখালি থানাৰ সৰৱতলী গাঁৱৰ নিবাসী সাধক ৰামসুন্দৰ দেৱশৰ্মানে। সাধনাৰ লগতে মাতৃৰ পূজাও নিয়মিতভাৱে চলি থাকিল। কোৱা হয় যে কবি নবীন চন্দ্ৰ সেন (তেতিয়াৰ উপ-দণ্ডাধীশ) ৰামসুন্দৰ দেৱশৰ্মানক এই পূজাৰ বাবে নগদ ৫০০ টকাৰে সহায় কৰিছিল। বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত পাকিস্তানী সেনা আৰু তেওঁলোকৰ সহযোগী সৈন্যই এই মন্দিৰৰ ব্যাপক ক্ষতিসাধন কৰিছিল আৰু মন্দিৰ গৃহ আৰু মূৰ্তিবোৰ ধ্বংস হৈছিল। চট্টেশ্বৰী মাতাৰ প্ৰাচীন নিম কাঠৰ মূৰ্তিটো ভাঙি ভাঙি পেলোৱা হৈছিল। তাৰ পিছত মূৰ্তিটোৰ যিবোৰ অংশ উদ্ধাৰ কৰা হৈছিল সেইবোৰ একেলগে ৰখা হৈছিল। দেশখনে স্বাধীনতা লাভ কৰাৰ পাছত মন্দিৰৰ সেৱক ড০ তৰাপদ অধিকাৰীয়ে তেতিয়াৰ পশ্চিম বংগৰ বাণিজ্য মন্ত্ৰী তৰুণ কান্তি ঘোষ আৰু সনাতন ধৰ্মৰ সদস্যসকলৰ সহায় আৰু সহযোগত শিলেৰে নিৰ্মিত কালী মাতাৰ মূৰ্তি আৰু বগা শিলেৰে নিৰ্মিত শিৱৰ মূৰ্তি পুনৰ নিৰ্মাণ কৰে, য’ত বাংলাদেশ চৰকাৰেও প্ৰত্যক্ষ সহযোগিতা আগবঢ়ায়।
দেৱী মূৰ্তি
[সম্পাদনা কৰক]
চট্টেশৰী মন্দিৰ মূৰ্তি শিলৰ দ্বাৰা নিৰ্মিত। দামী অলংকাৰেৰে সজোৱা হৈছে এই মূৰ্তি।
উপাসনা
[সম্পাদনা কৰক]শ্যামা পূজা এই মন্দিৰৰ প্ৰধান উৎসৱ। প্ৰতিদিনে পুৱা ৫ বজাত মুকলি হয় মন্দিৰ। নিশা ১১ বজাত বন্ধ হয়। দুপৰীয়া ডেৰ ঘণ্টা বন্ধ হৈ থাকে মন্দিৰ। বিজয় বাবুৰ পৰিয়ালৰ পৰা চাৰি-পাঁচজন উপাসক উপস্থিত থাকে। এই মন্দিৰত ভক্তসকলেও প্ৰাৰ্থনা কৰে। শ্যামা পূজা এই মন্দিৰৰ আটাইতকৈ ডাঙৰ উৎসৱ। ইয়াৰ পূৰ্বে পূজাৰ সময়ত তিনিশৰো অধিক ছাগলী বলি দিয়া হৈছিল। এতিয়া বলিদানৰ সংখ্যা প্ৰায় আধালৈ হ্ৰাস পাইছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Kottiyoor Devaswam Temple Administration Portal" (en ভাষাত). Kottiyoor Devaswam. http://kottiyoordevaswom.com/। আহৰণ কৰা হৈছে: ২০ জুলাই ২০১৩.
বহিঃসংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত চট্টেশ্বৰী মন্দিৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |