সমললৈ যাওক

চণ্ড আৰু মুণ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কালীয়ে চণ্ড আৰু মুণ্ডৰ সৈতে যুঁজি থকা এটা পাহাৰী চিত্ৰণ:; আনুমানিক ১৮২৫-৩৫

হিন্দু ধৰ্মৰ গ্ৰন্থ দেৱী মাহাত্ম্যত চণ্ড আৰু মুণ্ড শুম্ভ আৰু নিশুম্ভ অসুৰৰ সেৱা কৰা দুই অসুৰ (দানৱ)। এদিন দুয়ো পাৰ্বতীৰ সৌন্দৰ্যৰ ওপৰত চকু পৰাত দুয়ো আত্মহাৰা হৈ পৰিল। এই দেৱীৰ ৰূপৰ খবৰ তেওঁলোকে শুম্ভলৈ লৈ গৈছিল। শুম্ভই দেৱীক বিয়া কৰাবলৈ ইচ্ছা কৰিছিল। দেৱীৰ হাতত সেনাপতি ধুম্ৰলোচনৰ মৃত্যুৰ পিছত শুম্ভই চণ্ড আৰু মুণ্ডক তেওঁৰ লগত যুঁজিবলৈ পঠিয়াই দিলে, আৰু বলপূৰ্বক তেওঁক ধৰি ওচৰলৈ অনাৰ নিৰ্দেশ দিলে। চণ্ড আৰু মুণ্ড দেৱীৰ ওচৰলৈ যোৱাৰ পিছত তেওঁ ক্ৰোধিত হৈ পৰিল আৰু কালী দেৱীৰ কপালৰ পৰা জপিয়াই আহি সিহঁতক হত্যা কৰিলে।[1] তাৰ পিছত যিহেতু কালীয়ে চণ্ড আৰু মুণ্ডক বধ কৰিছিল, সেয়েহে দেৱীয়ে কালীক "চামুণ্ডা" নাম দিছিল।[2] ইয়াৰ পিছত শুম্ভ-নিশুম্ভই ৰক্তবীজক পঠিয়াইছিল যদিও কালী দেৱীয়ে তেওঁকো বধ কৰিছিল।[3][4]

স্কণ্ড পুৰাণ পুৰাণৰ মতে চণ্ড আৰু মুণ্ডইয়ো সূৰ্যদেৱতাক পূজা কৰিছিল।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Bhattacharji, Sukumari (1995) (en ভাষাত). Legends of Devi. Orient Blackswan. ISBN 978-81-250-0781-4. https://books.google.com/books?id=B0j0hRgWsg8C&dq=chanda+munda&pg=PP15. 
  2. Aijazuddin, FS (2014). "Devi-Yatras Here & There". Journal of the Pakistan Historical Society খণ্ড 62 (2): 113–115. https://www.proquest.com/openview/ec9e4b081372a8d96bbdae50bfaca0c0/1?pq-origsite=gscholar&cbl=646551. 
  3. "Vol. 17, 1860 of The Journal of the Royal Asiatic Society of Great Britain and Ireland on JSTOR" (en ভাষাত). jstor.org. https://www.jstor.org/stable/i25581220। আহৰণ কৰা হৈছে: 2022-08-11. 
  4. Goswami, Meghali; Gupta, Ila; Jha, P (2005). "Sapta matrikas in Indian art and their significance in Indian sculpture and ethos: A critical study". Anistoriton খণ্ড 9 (A051). https://www.researchgate.net/publication/242217256. 
  5. wisdomlib.org (2020-10-19). "The Greatness of Caṇḍāditya Tīrtha [Chapter 91"] (en ভাষাত). wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-skanda-purana/d/doc425820.html। আহৰণ কৰা হৈছে: 2023-10-17.