চদফ তাহেৰিয়ান
| চদফ তাহেৰিয়ান | |
|---|---|
২০১৭ চনত তাহেৰিয়ান | |
| স্থানীয় নাম | صدف طاهریان |
| জন্ম | ২১ জুলাই, ১৯৮৮ (৩৮ বছৰ) তেহৰাণ, ইৰান[1] |
| পেচা | প্ৰাক্তন অভিনেত্ৰী, মডেল |
| সক্ৰিয় হৈ থকা সময় | ২০১০–বৰ্তমান |
চদফ তাহেৰিয়ান (জন্ম: ২১ জুলাই, ১৯৮৮) এগৰাকী ইৰানী মডেল আৰু প্ৰাক্তন অভিনেত্ৰী।[2][3] তেওঁ ইৰানী চলচ্চিত্ৰ আৰু দূৰদৰ্শনত অভিনয় কৰিছে।[4] দেশ এৰাৰ পিছত, তাহেৰিয়ানে ফেচবুক আৰু ইনষ্টাগ্ৰামত হিজাব অবিহনে নিজৰ ছবি পোষ্ট কৰিছিল, যাক ইৰানৰ সংস্কৃতি আৰু ইছলামিক নিৰ্দেশনা মন্ত্ৰালয়ে গৰিহণা দিছিল।
ইৰান এৰাৰ পিছত তাহেৰিয়ানে মডেলিং কেৰিয়াৰ আৰম্ভ কৰে। তেওঁ তুৰস্ক আৰু ইউ.এ.ই. (সংযুক্ত আৰৱ আমিৰশ্বাহী) আদিকে ধৰি বিভিন্ন দেশৰ প্ৰসাধন সামগ্ৰী, সৌন্দৰ্য আৰু স্বাস্থ্যসেৱা কোম্পানীসমূহৰ সৈতে কাম কৰে। তেওঁ ফাৰ্চী, তুৰস্কী আৰু ইংৰাজী ভাষাত সাৱলীল।
কৰ্মজীৱন
[সম্পাদনা কৰক]অভিনয় জীৱন
[সম্পাদনা কৰক]তাহেৰিয়ানে ২০১১ চনত ন'বডী, ন'ৱেয়াৰ নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে নিজৰ পেছাদাৰী অভিনয় জীৱন আৰম্ভ কৰে।[5][6] ইয়াৰ পিছত তেওঁ 'উডপেকাৰ' (২০১১) আৰু লাইক এ ড্ৰিম (২০১২) আদিকে ধৰি চাৰিখন ধাৰাবাহিকত অভিনয় কৰে।
হিজাব আঁতৰোৱা ঘটনা
[সম্পাদনা কৰক]২০১৫ চনত অক্টোবৰ মাহত তাহেৰিয়ানে মূৰত ওৰণি বা স্কাৰ্ফ ল’বলৈ বাধ্য কৰাৰ প্ৰতিবাদত ফেচবুক আৰু ইনষ্টাগ্ৰামত নিজৰ হিজাববিহীন ছবি পোষ্ট কৰে আৰু কয় যে তেওঁ ইৰানৰ "লেতেৰা চিনেমা"ৰ বিৰুদ্ধে মাত মাতিব।[7] তেওঁ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ভিডিঅ' পোষ্ট কৰি জনাইছিল যে তেওঁ দেশ এৰি ওচৰৰে ডুবাই লৈ গুচি গৈছে আৰু তেওঁৰ একাউণ্ট হেক হোৱা নাই।[8]
১৯৭৯ চনত ইছলামিক গণৰাজ্য প্ৰতিষ্ঠা হোৱাৰ পিছৰেপৰা ইৰানৰ আইন অনুসৰি মহিলাৰ বাবে হিজাব পিন্ধাটো বাধ্যতামূলক কৰা হৈছে। তাহেৰিয়ানৰ এই পদক্ষেপৰ প্ৰতিক্ৰিয়াত ইৰানৰ সংস্কৃতি আৰু ইছলামিক নিৰ্দেশনা মন্ত্ৰ্যালয়ে তেওঁক অনৈতিক বুলি গৰিহণা দিয়ে, তেওঁৰ অভিনয় নিষিদ্ধ কৰে আৰু ফটোশ্বপৰ জৰিয়তে তেওঁৰ ছবিত পুনৰ পৰম্পৰাগত স্কাৰ্ফখন লগাই দিয়ে।[9][10]
মডেলিং কেৰিয়াৰ
[সম্পাদনা কৰক]ইৰান এৰাৰ পিছত তেওঁ মডেলিং কেৰিয়াৰ আৰম্ভ কৰে। তেওঁ বিভিন্ন প্ৰসাধন সামগ্ৰী, সৌন্দৰ্য আৰু স্বাস্থ্যসেৱা কোম্পানীৰ সৈতে মডেল হিচাপে কাম কৰে। ২০১৬ চনত এছিয়াৰ সৰ্ববৃহৎ স্বাস্থ্য আৰু সৌন্দৰ্যসেৱা চেইন ষ্টৰ হিচাপে পৰিচিত ৱাটচনছ-এ সৌন্দৰ্য আৰু স্বাস্থ্য সামগ্ৰীৰ বিজ্ঞাপনৰ বাবে তাহেৰিয়ানৰ সৈতে কাম কৰিছিল।[11][12] তেওঁৰ ছবি বহুতো সৌন্দৰ্য আৰু ফেশ্বন আলোচনীত ব্যৱহাৰ কৰা হয়, কিন্তু তেওঁৰ নিজৰ দেশত নহয়।[13] ইয়াৰ উপৰি তেওঁ কেইবাটাও ফেশ্বন প্ৰচাৰমূলক ভিডিঅ’ৰ সৈতেও জড়িত হৈ পৰিছে।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]ইৰান এৰাৰ পিছত, তাহেৰিয়ানে তুৰস্কৰ অভিনেতা ওজগুৰ টেকেৰ সৈতে সম্পৰ্কত আবদ্ধ হয়।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "بیوگرافی صدف طاهریان + عکس" (fa-IR ভাষাত). نمناک. Archived from the original on 2020-03-31. https://web.archive.org/web/20200331130256/http://namnak.com/%D8%B5%D8%AF%D9%81-%D8%B7%D8%A7%D9%87%D8%B1%DB%8C%D8%A7%D9%86.p22224। আহৰণ কৰা হৈছে: 2019-07-24.
- ↑ Saul, Heather (29 October 2015). "Sadaf Taherian: Iranian actress who published photos on Instagram without a hijab banned from working". Independent. https://www.independent.co.uk/news/people/sadaf-taherian-iranian-actress-who-published-photos-on-instagram-without-a-hijab-condemned-has-a6713996.html। আহৰণ কৰা হৈছে: 2 November 2015.
- ↑ "Iranian actor Sadaf Taherian's hot and sexy photos are creating a flutter online - see pics" (en-GB ভাষাত). www.timesnownews.com. 22 June 2018. https://www.timesnownews.com/entertainment/lifestyle/trending/article/iranian-actor-sadaf-taherians-hot-and-sexy-photos-are-creating-a-flutter-online-see-pics/244198। আহৰণ কৰা হৈছে: 2019-07-24.
- ↑ "Iranwire". Iranwire. Archived from the original on 3 November 2015. https://web.archive.org/web/20151103180923/http://www.iranwire.com/features/8217/। আহৰণ কৰা হৈছে: 2 November 2015.
- ↑ ".: Iranian Movie DataBase صدف طاهريان :.". www.sourehcinema.com. Archived from the original on 2018-06-25. https://web.archive.org/web/20180625050214/http://www.sourehcinema.com/People/People.aspx?Id=139102110208/। আহৰণ কৰা হৈছে: 2019-08-23.
- 1 2 habibi, soha. "بیوگرافی صدف طاهریان" (fa-ir ভাষাত). اطلاع نیوز. Archived from the original on 2019-08-23. https://web.archive.org/web/20190823133549/https://www.etelanews.com/fa/news/62572/%D8%A8%DB%8C%D9%88%DA%AF%D8%B1%D8%A7%D9%81%DB%8C-%D8%B5%D8%AF%D9%81-%D8%B7%D8%A7%D9%87%D8%B1%DB%8C%D8%A7%D9%86। আহৰণ কৰা হৈছে: 2019-08-23.
- ↑ "حاشیههای 'کشف حجاب' دو بازیگر زن ایرانی". BBC Persian. http://www.bbc.com/persian/arts/2015/10/151031_l41_cinema_unveil_actors_reactions.
- ↑ "بازیگر زن ایرانی کشف حجاب کرد/جنجال تازه در اینستاگرام و شبکه های اجتماعی". Tarafdari. http://tarafdari.com....
- ↑ "Iranian actress loses job after posting her images without head scarf". AT. https://asiatimes.com/2015/10/iranian-actress-loses-job-after-posting-her-images-without-head-scarf/.
- ↑ "Iranian actress condemned as 'immoral' and banned from working for no hijab Instagram pictures". The Independent. October 29, 2015. http://www.independent.co.uk/news/people/sadaf-taherian-iranian-actress-who-published-photos-on-instagram-without-a-hijab-condemned-has-a6713996.html.
- ↑ Richard Lord (27 October 2018). "Watsons: the story of the oldest established business in Hong Kong". South China Morning Post. https://www.scmp.com/lifestyle/article/2170198/story-watson-hong-kong-pharmacy-worlds-largest-health-and-beauty-group.
- ↑ مدیر. "صدف طاهریان مدل تبلیغات محصولات دست چندم ترکیه +عکس" (fa-IR ভাষাত). ساتین. http://saten.ir। আহৰণ কৰা হৈছে: 2019-08-23.
- ↑ "صدف طاهریان و پیشنهادها در ترکیه!" (fa-IR ভাষাত). نمناک. Archived from the original on 2019-08-29. https://web.archive.org/web/20190829042518/http://namnak.com/%D8%B5%D8%AF%D9%81-%D8%B7%D8%A7%D9%87%D8%B1%DB%8C%D8%A7%D9%86-%D8%AF%D8%B1-%D8%AA%D8%B1%DA%A9%DB%8C%D9%87.p39491। আহৰণ কৰা হৈছে: 2019-08-23.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত চদফ তাহেৰিয়ান সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Sadaf Taherian সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Sadaf Taherian Archived 2024-12-03 at the Wayback Machine On SourehCinema (in Persian)