চন্দাবাই
চন্দাবাই | |
---|---|
জন্ম | ১৮৮০ |
মৃত্যু | ১৯৭৭ (বয়স ৯৬–৯৭) |
পণ্ডিত ব্ৰহ্মচাৰিনী চন্দাবাই (১৮৮০–১৯৭৭) এগৰাকী জৈন পণ্ডিত আৰু ভাৰতৰ নাৰী শিক্ষাৰ পথ প্ৰদৰ্শক।[1] তেওঁ আছিল ভাৰতৰ আটাইতকৈ পুৰণি মহিলা প্ৰকাশন জৈন মহিলাদৰ্শৰ প্ৰতিষ্ঠাপক।[2]
পৰিয়াল
[সম্পাদনা কৰক]তেওঁ উত্তৰ প্ৰদেশৰ বৃন্দাবনৰ নাৰায়ণদাস আগৰৱালাৰ কন্যা৷ তেওঁৰ পিতৃ এজন বিশিষ্ট নাগৰিক আৰু ভাৰতৰ স্বাধীনতাৰ সমৰ্থক আছিল। ১১ বছৰ বয়সত ধৰ্মকুমাৰৰ লগত চন্দাবাই বিবাহপাশত আবদ্ধ হয়। ধৰ্মকুমাৰ আছিল আৰাৰ ঘৰৰ মালিক তথা পণ্ডিত প্ৰভুদাস জৈনৰ ১৮ বছৰীয়া নাতি৷ পিছৰ বছৰত ধৰ্মকুমাৰৰ মৃত্যু হয়। নিজে জৈন পণ্ডিত ধৰ্মকুমাৰৰ জ্যেষ্ঠ ভাতৃ দেৱকুমাৰ জৈনে চন্দাবাইক পঢ়া-শুনা কৰিবলৈ উৎসাহিত কৰিছিল। এই ঘটনা সেই সময়ত অস্বাভাৱিক আছিল।[3]
শিক্ষা আৰু কৰ্ম
[সম্পাদনা কৰক]চন্দাবাইয়ে সংস্কৃত, প্ৰাকৃত, ধৰ্মসূত্ৰ, ন্যায় (যুক্তি), সাহিত্য, ব্যাকৰণ আদি ধ্ৰুপদী বিষয় অধ্যয়ন কৰিছিল। তেওঁ কাশীৰ পৰা "পণ্ডিতা" উপাধি অৰ্জন কৰে। তেওঁ এজন ভাল বক্তা আছিল, ১৭ বছৰ বয়সত পানীপটত পঞ্চ কল্যাণক প্ৰতিষ্ঠাত প্ৰথম ভাষণ দিছিল৷
১৯০৭ চনত তেওঁ ছোৱালীৰ বাবে এখন বিদ্যালয় প্ৰতিষ্ঠা কৰে। ১৯২১ চনত এই বিদ্যালয়খন জৈন বাল আশ্ৰম নামেৰে পৰিচিত হয়। ১৯৩৯ চনত বাল আশ্ৰমৰ পৰিচালক হিচাপে নিযুক্তি পোৱা নেমীচন্দ্ৰ জ্যোতিছাচাৰ্যই পিছলৈ জৈনসকলৰ আগশাৰীৰ পণ্ডিত হিচাপে বিখ্যাত হয়। নেমীচন্দ্ৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰৰ সময়ত চন্দাবাইয়ে তেওঁক সংস্কৃত আৰু প্ৰাকৃত গ্ৰন্থৰ ওপৰত প্ৰশ্ন কৰে, তাৰ ভিতৰত দেৱগাম স্তোত্ৰ, আত্মাশাসন আৰু গোমৎসৰ জীৱকাণ্ড আদি অন্যতম।
চন্দাবাই নিজেই প্ৰায়ে বালাশ্ৰমত অসুস্থ ছাত্ৰ-ছাত্ৰীক সেৱা আগবঢ়াইছিল। ১৯৪৩ চনত তেওঁ টাইফয়েড ৰোগত আক্ৰান্ত এগৰাকী ছোৱালীক যত্ন লৈছিল, ছোৱালীজনীয়ে অৱশেষত সুস্থ হৈ উঠিছিল আৰু পিছলৈ ন্যায়তীৰ্থ ডিগ্ৰী লাভ কৰিছিল।
আলোচনী
[সম্পাদনা কৰক]১৯২১ চনত তেওঁ জৈন মহিলাদৰ্শ নামৰ এখন আলোচনী আৰম্ভ কৰিছিল৷ বহু বছৰ ধৰি সম্পাদনা কৰিছিল। তেওঁ উপদেশ ৰত্ন মালা, সৌভাগ্য ৰত্ন মালা, নিবন্ধ ৰত্ন মালা, আদৰ্শ কাহানীয়াঁ, আদৰ্শ নিবন্ধ আৰু নিবন্ধ দৰ্পনকে ধৰি কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে৷
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Pandita Chandabai, JainSamaj.org". Archived from the original on 13 June 2010. https://web.archive.org/web/20100613124327/http://jainsamaj.org/rpg_site/literature2.php?id=2741&cat=62। আহৰণ কৰা হৈছে: 14 January 2015.
- ↑ New Page 1 Archived 25 March 2008 at the Wayback Machine
- ↑ Nemichandra Jyotishacharya, Ma Shri, in Jain Jagaran ke Agraduta, 1952, Bharatiya Jñanapitha