চন্দা জ'গ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চন্দা জয়ন্ত জ'গ
জন্ম ৭ নৱেম্বৰ ১৯৫৪
বাসস্থান বাংগালোৰ
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞান
কৰ্মস্থান ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান,IISc
শিক্ষানুষ্ঠান ষ্টনি ব্ৰুক বিশ্ববিদ্যালয়
দাম্পত্যসঙ্গী অলোকে জৈন

চন্দা জয়ন্ত জ'গ (ইংৰাজী: Chanda Jayanth Jog) হৈছে এগৰাকী ভাৰতীয় জ্যোতিৰ্পদাৰ্থবিজ্ঞানী। [1]তেখেতে বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান অৰ্থাৎ আইআইএছচিত কৰ্মৰত। তেখেতৰ গৱেষণাক্ষেত্ৰ হৈছে-তাৰকাপুঞ্জীয় গতিবিজ্ঞান(Galactic Dynamics), ইণ্টাৰএক্টিং এণ্ড ষ্টাৰ বাষ্ট তাৰকাৰাজ্য, আৰু অন্তৱৰ্তী আণৱিক মেঘ। তাৰকাৰাজ্য আৰু তাৰকাপুঞ্জীয় গতিবিজ্ঞান সম্পৰ্কীয় তেখেতে প্ৰায় ৮৫টা নিবন্ধ প্ৰকাশিত কৰিছে। [2]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

মহাৰাষ্ট্ৰৰ কালৱেত তেখেতে শৈশৱৰ অধিকাংশ সময় পাৰ কৰে। তেখেতৰ পিতৃ এগৰাকী বৈদ্যুতিক অভিযন্তা আছিল। [3]

কৰ্মজীৱন[সম্পাদনা কৰক]

ষ্টনি ব্ৰুক বিশ্ববিদ্যালয়ৰ পৰা তেখেতে ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে। প্ৰিন্সটনত তেখেতে পষ্ট ডক্তৰেল সভ্য হিচাপে আৰু ভাৰ্জিনিয়াত অধ্যাপক হিচাপে দায়িত্ব পালন কৰে। ১৯৮৭ চনত তেখেত ভাৰতলৈ ঘূৰি আহে আৰু ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, আইআইএছিত কৰ্মজীৱন অব্যাহত ৰাখে। জ্যোতিপদাৰ্থৰ্বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰ যেনে-নক্ষত্ৰ-গেছ অস্থিৰতা আৰু তাৰকাৰাজ্যৰ উলম্ব-কাঁহী গতিবিজ্ঞান, সমতাবিহীন তাৰকাৰাজ্য, আৰু আন্তঃক্ৰিয়াশীল তাৰকাৰাজ্যৰ গতিবিজ্ঞানত(dynamics of interacting galaxies) উল্লেখনীয় কাম কৰিছে। [2][3]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • ২০১২ চনত আইআইএছচিৰ পৰা প্ৰফেচাৰ এছ.কে. চেটাৰ্জী বঁটাProf. S. K. Chatterjee Award of IISc (2012)
  • ২০১১ চনত এলাহাবাদ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সভ্য নিৰ্বাচিত
  • ২০০৭ চনত বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান একাডেমীৰ সভ্য নিৰ্বাচিত[2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Indian Fellow: Chanda Jog". Indian National Science Academy. http://insaindia.org/detail.php?id=P13-1611। আহৰণ কৰা হৈছে: 2015-03-07. 
  2. 2.0 2.1 2.2 "IISc Physic Department Chanda Jog". http://www.physics.iisc.ernet.in/~cjjog/। আহৰণ কৰা হৈছে: 2015-03-07. 
  3. 3.0 3.1 Lilavati's daughters: The women scientists of India. Indian Academy of Science. 2007. পৃষ্ঠা. 139–142. http://www.ias.ac.in/womeninscience/liladaug.html.