সমললৈ যাওক

চন্দ্ৰনাথ মন্দিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চন্দ্ৰনাথ মন্দিৰ
[[Image:
|280px|alt=|অক্টোবৰ ২০২৫-মাহত তোলা চন্দ্ৰনাথ মন্দিৰ]]
অক্টোবৰ ২০২৫-মাহত তোলা চন্দ্ৰনাথ মন্দিৰ
স্থান
দেশ বাংলাদেশ
জিলা চট্টগ্ৰাম
এলেকা চন্দ্ৰনাথ পাহাৰ, সীতাকুণ্ড
উচ্চতা 310 মিটাৰ (১,০১৭ ফুট)
স্থানাংক 22°38′01.0″N 91°41′03.5″E / 22.63361°N 91.684306°E / 22.63361; 91.684306
ঢাকা-চট্টগ্ৰাম ৰেলপথৰপৰা চন্দ্ৰনাথ পাহাৰৰ ওপৰৰ মন্দিৰ। ছবিৰ মাজত বিৰূপাক্ষ মন্দিৰো দেখা যায়।

চন্দ্ৰনাথ মন্দিৰ বাংলাদেশচট্টগ্ৰামৰ ওচৰত থকা চন্দ্ৰনাথ পাহাৰৰ ওপৰত অৱস্থিত হিন্দু তীৰ্থস্থান। ই এখন প্ৰসিদ্ধ শক্তিপীঠ, য’ত হিন্দু ধৰ্মগ্ৰন্থ অনুসৰি দেৱী সতীৰ সোঁহাত পৰিছিল। গুগল মেপৰ তথ্য অনুসৰি, ই সমুদ্ৰপৃষ্ঠৰপৰা প্ৰায় ১,০২০ ফুট (৩১০ মিটাৰ) উচ্চতাত অৱস্থিত।

এই মন্দিৰটো একাদশ শতিকাৰ বুলি মান্যতা আছে আৰু হিন্দুসকলৰ বাবে ইয়াৰ ঐতিহাসিক আৰু ধৰ্মীয় গুৰুত্ব আছে। ৰাজমালাত উল্লেখ আছে যে প্ৰায় ৮০০ বছৰ আগতে গৌড়ৰ আদিসুৰৰ বংশধৰ ৰাজা বিশ্বম্ভৰ সূৰ সমুদ্ৰপথে চন্দ্ৰনাথলৈ যাবলৈ চেষ্টা কৰিছিল। ‘’নিগমকল্পতৰু’’ গ্ৰন্থত কবি জয়দেৱ চন্দ্ৰনাথত কিছুসময় বসবাস কৰিছিল বুলি উল্লেখ আছে। ত্ৰিপুৰাৰ ৰাজা ধন্য মাণিক্যৰ সময়ছোৱালৈকে চন্দ্ৰনাথে বহু দান-ধ্যান লাভ কৰিছিল। ধন্য মাণিক্যই মন্দিৰৰপৰা শিৱৰ প্ৰতিমা নিজৰ ৰাজ্যলৈ লৈ যাব চেষ্টা কৰিছিল যদিও সাফল্য নাপালে।[1]

কিংবদন্তি

[সম্পাদনা কৰক]

হিন্দু পৌৰাণিক কাহিনী অনুসৰি সতী আছিল শিৱৰ প্ৰথম পত্নী। সতীয়ে পিতৃ ৰাজা দক্ষৰ যজ্ঞত অপমানিত হৈ আত্মাহুতি দি মৃত্যুবৰণ কৰা পিছত, শিৱে অত্যন্ত শোকে সতীৰ মৃতদেহ লৈ সমগ্ৰ বিশ্বজুৰি তাণ্ডৱ নৃত্য কৰিছিল। এই পৰিস্থিতি ৰোধ কৰিবলৈ বিষ্ণুয়ে নিজৰ সুদৰ্শন চক্ৰ নিক্ষেপ কৰি সতীৰ দেহ ৫১টুকুৰাত বিভক্ত কৰে।

সতীৰ য’ত য’ত শৰীৰৰ অংশ পৰিছিল, সেই স্থানসমূহ শক্তিপীঠ হিচাপে পৰিচিত হয়। বাংলাদেশ, ভাৰত, পাকিস্তান, নেপাল আৰু শ্ৰীলংকাত এনে বহু শক্তিপীঠ দেখিবলৈ পোৱা যায়।

সতীৰ পুনৰ জন্ম হিমালয়ৰ কন্যা হিচাপে ‘‘পাৰ্বতী’’ ৰূপে হৈছিল। মৃগশীৰ্ষ (ফাগুন) মাহৰ উজ্জ্বলপক্ষৰ ১৪ তাৰিখে তেওঁৰ জন্ম মান্যতা অনুসৰি শিৱৰাত্ৰি পালন কৰা হয়।[2]

চন্দ্ৰনাথ পাহাৰ আৰু মন্দিৰৰ আকাশদৃশ্য

চন্দ্ৰনাথ মন্দিৰ শক্তিপীঠ হিচাপে

[সম্পাদনা কৰক]
শিৱে সতীৰ মৃতদেহ বহন কৰা দৃশ্য

চন্দ্ৰনাথ মন্দিৰক শক্তিপীঠ হিচাপে গণ্য কৰা হয়। ‘‘দক্ষযজ্ঞ’’ আৰু সতীৰ আত্মাহুতিৰ পৌৰাণিক কাহিনী অনুসৰি সতীৰ দেহৰ বিভিন্ন অংশ পৃথক পৃথক ঠাইত পৰিছিল। প্ৰতি শক্তিপীঠত পৃথককৈ শক্তি আৰু কালভৈৰৱৰ প্ৰতিষ্ঠা থাকে। চন্দ্ৰনাথ শক্তিপীঠত সতীৰ ‘‘সোঁহাত’’ পৰিছিল বুলি মান্যতা আছে। ইয়াৰ শক্তিৰূপে দেৱী ‘‘ভবানী’’ পূজিতা।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Dev, Prem Ranjan (2007-02-07). "Of Shiva Chaturdashi and Sitakunda". The Daily Star. Archived from the original on 2012-09-28. https://web.archive.org/web/20120928071230/http://www.thedailystar.net/2007/02/17/d702171503122.htm.
  2. Kapoor, Subodh (2002). The Indian Encyclopaedia. Cosmo Publications. পৃষ্ঠা. 6325. ISBN 9788177552577.
  3. "Kottiyoor Devaswom Temple Administration Portal". Sree Kottiyoor Devaswom. Archived from the original on 2013-06-07. https://web.archive.org/web/20130607012239/http://kottiyoordevaswom.com/ আহৰণ কৰা হৈছে: 2013-07-20.