চন্দ্ৰৰ পোহৰ

চন্দ্ৰৰ পোহৰ (ইংৰাজী: Moonlight) বা জোনাক বা জ্যোৎস্না হʼল মূলতঃ চন্দ্ৰৰ পৃষ্ঠত বাধা প্ৰাপ্ত হৈ প্ৰতিফলিত হোৱা সূৰ্যৰ পোহৰ। চন্দ্ৰৰ পোহৰৰ অধিকাংশই সূৰ্যৰ পৰা প্ৰতিফলিত হোৱা পোহৰ আৰু সামান্য অংশহে পৃথিৱীৰ পৰা প্ৰতিফলিত হোৱা পোহৰ।।[1]
ইতিহাস
[সম্পাদনা কৰক]প্ৰাচীন গ্ৰীক দাৰ্শনিক এনাক্সাগোৰাছে জানিছিল যে "সূৰ্য্যই চন্দ্ৰক ইয়াৰ উজ্জ্বলতা প্ৰদান কৰে"।[2]
আলোকসজ্জা
[সম্পাদনা কৰক]চন্দ্ৰকলাৰ আকাৰৰ ওপৰত চন্দ্ৰৰ পোহৰৰ তীব্ৰতা ব্যাপকভাৱে নিৰ্ভৰ কৰে। আকৌ পূৰ্ণ চন্দ্ৰও অৱস্থাভেদে সাধাৰণত ০.০৫–০.১ লাক্স দীপন উজ্জ্বলতা প্ৰদৰ্শন কৰে।[3] পৃথিৱীৰ পৰা চন্দ্ৰৰ নিকটতম অৱস্থানৰ সমীপত (ছুপাৰমুনৰ ক্ষেত্ৰত) সৰ্বোচ্চ অৱস্থানৰ সময়ত পৃথিৱীৰ ক্ৰান্তীয় অঞ্চলত চন্দ্ৰৰ পোহৰৰ দীপন ০.৩২ লাক্স পৰ্যন্ত হʼব পাৰে।[3] পৃথিৱীৰ পৰা পূৰ্ণ চন্দ্ৰৰ আপাত পৰিমাণ সূৰ্যৰ তুলনাত মাত্ৰ প্ৰায় ১⁄৩৮০,০০০৷[উদ্ধৃতিৰ প্ৰয়োজন][ উদ্ধৃতিৰ প্ৰয়োজন ]
পাৰ্কিঞ্জি প্ৰভাৱৰ বাবে চন্দ্ৰৰ পোহৰ, বিশেষকৈ পূৰ্ণিমাৰ পোহৰ অধিকাংশ কৃত্ৰিম পোহৰ উৎসৰ তুলনাত খালি চকুৰে চালে অলপ নীলা যেন লাগে। কিন্তু চন্দ্ৰৰ পোহৰ ঠিক নীলাও নয়। আনকি ইয়াৰ পোহৰক প্ৰায়ে "ৰূপালী" বুলি বৰ্ণনা কৰা হʼলেও, চন্দ্ৰৰ পোহৰৰ কোনো ৰূপালী বৈশিষ্ট্য নাই।
চন্দ্ৰৰ প্ৰতিফলন অনুপাত হৈছে মাত্ৰ ০.১৩৬।[4] অৰ্থাৎ আপতিত সূৰ্যৰ পোহৰৰ মাত্ৰ ১৩.৬% চন্দ্ৰপৃষ্ঠৰ পৰা প্ৰতিফলিত হয়। পৃথিৱী পৃষ্ঠলৈ আহি পাওঁতে চন্দ্ৰৰ পোহৰৰ প্ৰায় ১.২৬ ছেকেণ্ড সময় লাগে। পৃথিৱীৰ বায়ুমণ্ডলৰ বিভিন্ন কণিকাত চন্দ্ৰৰ পোহৰ বিচ্ছুৰিত হৈ ৰাতিৰ আকাশৰ উজ্জ্বলতা বৃদ্ধি কৰে। ফলত অনুজ্জ্বল তৰা আৰু প্ৰেক্ষাপটৰ আকাশৰ মাজত দৰ্শন তুলনা হ্ৰাস পায়। সেইবাবে জ্যোতিৰ্বিদসকলে পূৰ্ণিমাৰ সময়ত মহাকাশ পৰ্যবেক্ষণ নকৰে।
চিত্ৰ বীথিকা
[সম্পাদনা কৰক]-
মহাকাশৰ পৰা পৃথিৱীৰ ডাৱৰৰ আৱৰণত চন্দ্ৰৰ পোহৰ
-
অতি ডাঙৰ টেলিস্কোপত চন্দ্ৰৰ পোহৰ জিলিকি থকা দৃশ্য৷
-
এটা হ্ৰদ আৰু ইয়াৰ আশে-পাশে চন্দ্ৰৰ পোহৰে আলোকিত কৰা দৃশ্য।
-
চন্দ্ৰগ্ৰহণৰ সময়ত চন্দ্ৰক পৰোক্ষ সূৰ্যৰ পোহৰত ৰঙা ৰঙৰ হয়, যিটো পৃথিৱীৰ বায়ুমণ্ডলে সিঁচৰতি আৰু বিবৰ্তন কৰি পেলাইছে।
-
পৃথিৱীৰ পোহৰে (পৃথিৱীৰ পৰা প্ৰতিফলিত হোৱা পৰোক্ষ সূৰ্যৰ পোহৰ) চন্দ্ৰৰ ম্লান ফালটো আলোকিত কৰে, আনহাতে প্ৰত্যক্ষ সূৰ্যৰ পোহৰে উজ্জ্বল ফালটো আলোকিত কৰে।
-
মেনুৱেল এক্সপ'জাৰ ছেটিংছৰ সহায়ত চন্দ্ৰৰ পোহৰত তোলা ফটোবোৰ দিনৰ পোহৰত তোলা ফটোৰ পৰা বিশেষ বেলেগ দেখা নাযায়।
লোকসাহিত্য
[সম্পাদনা কৰক]লোকসাহিত্যত, কেতিয়াবা পূৰ্ণচন্দ্ৰ বা পূৰ্ণিমাৰ নেতিবাচক উপস্থাপন কৰা হয়। উদাহৰণস্বৰূপে, কোনো কোনো লোককাহিনী অনুসৰি বিশেষ পূৰ্ণিমাৰ ৰাতি পূৰ্ণচন্দ্ৰৰ তলত শুলে মানুহ ৱেৰৱল্ফ (Werewolf)লৈ ৰূপান্তৰিত হয়। লোকধাৰণা অনুসৰি, চন্দ্ৰৰ পোহৰে চন্দ্ৰগ্ৰস্ত ব্যক্তিসকলৰ মাজত বেয়া লক্ষণ প্ৰকাশ ঘটায় আৰু চন্দ্ৰৰ পোহৰত শুই থকাৰ ফলত কোনো ব্যক্তি অন্ধ বা পাগল হৈ যায়।[5] ক্ৰান্তীয় অঞ্চলত এসময়ত ধাৰণা কৰা হৈছিল যে চন্দ্ৰৰ পোহৰত শুই থকাৰ ফলত কুকুৰীকণা (আচলতে, ভিটামিন এ-ৰ অভাৱত হয়) ৰোগ হয়।
"চন্দ্ৰ অন্ধতা" হৈছে ঘোঁৰাৰ পুনৰাবৃত্তিমূলক ইউভেইটিছৰ এটা নাম। চন্দ্ৰৰ পোহৰক এতিয়া কাৰণ বুলি ভবা নহয়।
ষোড়শ শতিকাত, চন্দ্ৰদুগ্ধ নামৰ গুহাত পোৱা এবিধ কোমল বগা চূণশিলৰ বৰষুণ, চন্দ্ৰৰ ৰশ্মিৰ ফলত হোৱা বুলি ভবা হৈছিল।[6]
চেলেন’প্লেক্সিয়া আছিল চন্দ্ৰৰ ৰশ্মিৰ ফলত হোৱা কল্পিত চিকিৎসাজনিত অৱস্থা।[7]
কলা
[সম্পাদনা কৰক]-
ক্ল'ড জোচেফ ভাৰ্নেটৰ দ্বাৰা অঙ্কিত চীপʼৰ্ট বাই মুনলাইট (১৭৭১)।
-
ডাৰ্বিৰ জোচেফ ৰাইটৰ দ্বাৰা অঙ্কিত ডভেডেল বাই মুনলাইট (১৭৮৪)।
-
ফিলিপ জেমছ ডি লাউথাৰবাৰ্গৰ দ্বাৰা অঙ্কিত ভিজিটৰ টু এমুনলাইট চাৰ্চয়াৰ্ড (১৭৯০)।
-
এডৱাৰ্ড মেনেটৰ দ্বাৰা অঙ্কিত দ্য পʼৰ্ট অফ ব'লন বাই মুনলাইট (১৮৬৯)।
-
ভিনচেণ্ট ভ্যান গগৰ দ্বাৰা অঙ্কিতদ্য ষ্টাৰী নাইট (১৮৮৯)।
-
ষ্টেনিছলাভ উইটকিভিচৰ দ্বাৰা অঙ্কিত হালনি (১৮৯৫)।
২০০৮ চনত কেটি পেটাৰছনে লাইট বাল্ব টু চিমুলেট মুনলাইট নামৰ এখন শিল্পকৰ্ম প্ৰস্তুত কৰে।[8] ইয়াত ২৮৯টা লাইটবাল্ব আৱৰণেৰে গঠিত যাতে পূৰ্ণিমা চন্দ্ৰৰ পোহৰৰ দৰে বৰ্ণালী উৎপন্ন হয়।[8]
লগতে চাওক
[সম্পাদনা কৰক]- এয়াৰগ্লো
- দিবালোক
- বিক্ষিপ্ত প্ৰতিফলন
- পৃথিৱীৰ পোহৰ (জ্যোতিৰ্বিজ্ঞান)
- চন্দ্ৰৰ প্ৰভাৱ
- স্কোট’বায়’লজী
- ষ্টাৰলাইট
- চিত্ৰকলাত নিশা (পশ্চিমীয়া শিল্প)
- চিত্ৰকলাত নিশা (পূৰ্বৰ শিল্প)
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Toomer, G. J. (December 1964). "Review: Ibn al-Haythams Weg ur Physik by Matthias Schramm". Isis খণ্ড 55 (4): 463–465 [463–4]. doi:10.1086/349914.
- ↑ Fragment in Plutarch De facie in orbe lunae, 929b, as quoted in "The Riverside Dictionary of Biography" (2005), p. 23
- ↑ 3.0 3.1 Kyba, Christopher C M; Mohar, Andrej; Posch, Thomas (1 February 2017). "How bright is moonlight?". Astronomy & Geophysics খণ্ড 58 (1): 1.31–32. doi:10.1093/astrogeo/atx025. https://academic.oup.com/astrogeo/article-abstract/58/1/1.31/2938119/How-bright-is-moonlight-Moonlight। আহৰণ কৰা হৈছে: 14 February 2017.
- ↑ Matthews, Grant (2008). "Celestial body irradiance determination from an underfilled satellite radiometer: application to albedo and thermal emission measurements of the Moon using CERES". Applied Optics খণ্ড 47 (27): 4981–93. doi:10.1364/AO.47.004981. PMID 18806861.
- ↑ ''A Dictionary of English Folklore'', Oxford University Press, 2000
- ↑ Gessner, Conrad (1555) (la ভাষাত). Descriptio Montis Fracti sive Montis Pilati [Description of Mount Fractus, or Mount Pilatus]. পৃষ্ঠা. 54. http://gallica.bnf.fr/ark:/12148/bpt6k93851n/f59। আহৰণ কৰা হৈছে: March 12, 2016.
- ↑ ''Lippincott's Medical dictionary'' (Lippincott, 1906), p. 920.
- ↑ 8.0 8.1 "Katie Paterson Light bulb to Simulate Moonlight". guggenheim.org. Solomon R. Guggenheim Foundation. https://www.guggenheim.org/artwork/28089। আহৰণ কৰা হৈছে: 29 January 2019.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Phases of the Moon Archived 2011-07-09 at the Wayback Machine at USNO
- Strange Moonlight at Science@NASA
- Moonlight Brightness at LunarLight Photography