চন্দ্ৰ শেখৰ ঘোষ
| চন্দ্ৰ শেখৰ ঘোষ | |
|---|---|
২০২১ চনত ঘোষ | |
| জন্ম | ০৮ আগষ্ট, ১৯৬০ (৬৬ বছৰ) বিশালগড়, ত্ৰিপুৰা, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰত |
| শিক্ষানুষ্ঠান | |
| পেচা | বন্ধন বেংকৰ প্ৰাক্তন এমডি আৰু চিইঅ'[1] |
| দাম্পত্যসঙ্গী | নীলিমা ঘোষ |
| সন্তান | অংশুমান ঘোষ |
চন্দ্ৰ শেখৰ ঘোষ (ইংৰাজী: Chandra Shekhar Ghosh; জন্ম: ৮ আগষ্ট ১৯৬০) বন্ধন বেংকৰ প্ৰতিষ্ঠাতা, প্ৰাক্তন এমডি আৰু চিইঅ'।[2] তেওঁ ভাৰতৰ আৰ্থিক অন্তৰ্ভুক্তিৰ অন্যতম প্ৰধান প্ৰবক্তা আছিল। ক্ষুদ্ৰ ঋণ আৰু উন্নয়ন খণ্ডত তেওঁৰ ৩০ বছৰতকৈ অধিক অভিজ্ঞতা আছে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৬০ চনৰ ৮ আগষ্ট তাৰিখে, ভাৰতৰ ত্ৰিপুৰাৰ বিশালগড়ত ঘোষে জন্মগ্ৰহণ কৰিছিল। ত্ৰিপুৰাত তেওঁৰ পিতৃ প্ৰয়াত হৰিপদ ঘোষৰ এখন মিঠাইৰ দোকান আছিল।[3] ছাত্ৰাৱস্থাতেই তেওঁ দোকানত দেউতাকক সহায় কৰিছিল। শিক্ষা সমাপ্ত কৰি তেওঁ বাংলাদেশৰ সৰ্ববৃহৎ বেচৰকাৰী সংস্থা (NGO) ব্ৰেক (BRAC)ত যোগদান কৰে। ভাৰতলৈ উভতি অহাৰ পিছত, ঘোষে কেইবাটাও বেচৰকাৰী সংস্থাৰ সৈতে কাম কৰিছিল, তাৰ আগতে ভিলেজ ৱেলফেয়াৰ ছ’চাইটিত তেওঁৰ শেষ চাকৰিটো এৰি দিছিল। তাৰ পিছত তেওঁ পশ্চিমবংগৰ বন্ধন-কোন্নগৰ নামৰ এটা অলাভজনক সংস্থা স্থাপন কৰে, যাৰ লক্ষ্য আছিল প্ৰান্তীয় লোকসকলক ক্ষুদ্ৰ ঋণ প্ৰদান কৰা, যাৰ ফলত বিত্তীয় অন্তৰ্ভুক্তি বৃদ্ধি পায়।[4]
ঘোষে পৰিসংখ্যা বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
কৰ্মজীৱন
[সম্পাদনা কৰক]২০০১ চনত ঘোষে বন্ধন-কোন্নগৰ আৰম্ভ কৰিছিল। প্ৰান্তীয় মহিলাসকলক উদ্যোগী হোৱাত সহায় কৰিবলৈ এনজিঅ’টোৱে ক্ষুদ্ৰ ঋণ প্ৰদান কৰে। ২০০৯ চনত এনজিঅ'টোৰ ক্ষুদ্ৰ বিত্তীয় পৰ্টফলিঅʼ এনবিএফচিলৈ হস্তান্তৰ কৰা হয়, যিটো বন্ধনে ২০০৬ চনত অধিগ্ৰহণ কৰে।[5] লাহে লাহে সংস্থাটোৱে দেশৰ বিভিন্ন ৰাজ্যলৈ নিজৰ কাম-কাজ সম্প্ৰসাৰিত কৰিলে। ২০১০ চনত বন্ধন ভাৰতৰ সৰ্ববৃহৎ ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান হিচাপে পৰিগণিত হয়।
২০১৪ চনত বন্ধনে ইউনিভাৰ্চেল বেংক স্থাপনৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা নীতিগত অনুমোদন লাভ কৰে আৰু ২০১৫ চনৰ জুন মাহত চূড়ান্ত অনুজ্ঞাপত্ৰ লাভ কৰে। ঘোষক এমডি আৰু চিইঅ' হিচাপে লৈ ২০১৫ চনৰ ২৩ আগষ্টত বন্ধন বেংকে[6] কাম আৰম্ভ কৰে আৰু ২০২৪ চনৰ ৯ জুলাইলৈকে ঘোষে এই পদত কাৰ্যনিৰ্বাহ কৰে। ভাৰতীয় ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান এটি ইউনিভাৰ্চেল বেংকলৈ পৰিণত হোৱাৰ এইটোৱেই প্ৰথম দৃষ্টান্ত।[7] প্ৰসংগক্ৰমে বন্ধন বেংকেই হʼল স্বাধীনতাৰ পিছত পূব ভাৰতত স্থাপন হোৱা প্ৰথমটো বেংক।
চন্দ্ৰ শেখৰ ঘোষ, পূৰ্বাঞ্চলৰ দ্য কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী (চিআইআই)ৰ প্ৰাক্তন অধ্যক্ষ আৰু বেংগল চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী (বিচিচি এণ্ড আই)ৰ প্ৰাক্তন সভাপতি। ইয়াৰ উপৰিও তেওঁ আন বিভিন্ন উদ্যোগ সংস্থাৰ সৈতেও জড়িত।
বঁটা-বাহন
[সম্পাদনা কৰক]- 'চিনিয়ৰ অশোকা ফেলো' – সামাজিক উদ্যোগীকৰণ বঁটা – অশোকা ফাউণ্ডেচনৰ দ্বাৰা, ২০০৭ চনত[8]
- 'সামাজিক প্ৰভাৱৰ উদ্যোগী' ফৰ্বছ ইণ্ডিয়া নেতৃত্ব বঁটাৰ দ্বাৰা, ২০১৪ চনত[9]
- 'বছৰৰ উদ্যোগী' দ্য ইকনমিক টাইমছৰ দ্বাৰা, ২০১৪ চনত[10]
- চিএনএন-আইবিএন 'বৰ্ষশ্ৰেষ্ঠ ভাৰতীয়' ব্যৱসায়িক শিতানত, ২০১৬ চনত[11]
- 'বৰ্ষশ্ৰেষ্ঠ বেংকাৰ' বিজনেছ ষ্টেণ্ডাৰ্ডৰ দ্বাৰা, ২০১৮-১৯ বৰ্ষৰ বাবে[12]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]চন্দ্ৰ শেখৰ ঘোষৰ পত্নী নীলিমা ঘোষ এগৰাকী উদ্যোগী। তেওঁৰ পুত্ৰ অংশুমান (বৰ্তমান ইংলেণ্ডত অধ্যয়নৰত) ব্যৱস্থাপনা বিষয়ৰ এগৰাকী ছাত্ৰ।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "RBI approves re-appointment of C.S.Ghosh as MD and CEO of Bandhan Bank". Business Standard. https://www.business-standard.com/article/news-cm/rbi-approves-re-appointment-of-cs-ghosh-as-md-ceo-of-bandhan-bank-121060900442_1.html। আহৰণ কৰা হৈছে: 22 October 2021.
- ↑ "Meet Bandhan CMD Chandra Shekhar Ghosh, the man who pipped Birlas and Ambanis for a bank license". The Economic Times. Archived from the original on 1 February 2015. https://web.archive.org/web/20150201014801/http://articles.economictimes.indiatimes.com/2015-01-28/news/58547171_1_bandhan-financial-chandra-shekhar-ghosh-bank-license.
- ↑ Gupta, Surojit. "Bandhan founder Chandra Shekhar Ghosh: From sweet shop to bank owner". The Economic Times. https://economictimes.indiatimes.com/news/company/corporate-trends/bandhan-founder-chandra-shekhar-ghosh-from-sweet-shop-to-bank-owner/articleshow/33205170.cms?from=mdr.
- ↑ "Chandra Shekhar Ghosh's Bandhan banks on building ties with the underprivileged". Forbes. http://forbesindia.com/article/leaderhip-awards-2014/chandra-shekhar-ghoshs-bandhan-banks-on-building-ties-with-the-underprivileged/38837/0। আহৰণ কৰা হৈছে: 26 February 2015.
- ↑ "Bandhan Financial Services - MoneyMint" (en-US ভাষাত). moneymint.com. 18 October 2019. https://moneymint.com/bandhan-financial-services/। আহৰণ কৰা হৈছে: 2022-03-03.[সংযোগবিহীন উৎস]
- ↑ Anand, Manojit Saha & Nupur. "Bandhan gets final RBI nod, to start bank on August 23" (en ভাষাত). www.business-standard.com. https://www.business-standard.com/article/finance/bandhan-set-to-get-final-approval-from-rbi-115061700263_1.html। আহৰণ কৰা হৈছে: 2022-03-03.
- ↑ Bandyopadhyay, Tamal (2015-08-23). "India gets a new bank" (en ভাষাত). mint. https://www.livemint.com/Opinion/d1YI4SxNE5eQVB7nCTuZSL/India-gets-a-new-bank.html। আহৰণ কৰা হৈছে: 2022-03-03.
- ↑ "Winners - 2007". Ashoka | Awards. https://www.ashoka.org/en-IN/fellow/chandra-shekhar-ghosh.
- ↑ "Winners - 2014". Forbes India. http://forbesindia.com/awards/leadership/winner2014.html। আহৰণ কৰা হৈছে: 26 February 2015.
- ↑ "ET Awards 2014: Chandra Shekhar Ghosh is Entrepreneur of the Year for building Bandhan from scratch". The Economic Times. Archived from the original on 2015-02-26. https://web.archive.org/web/20150226164842/http://articles.economictimes.indiatimes.com/2014-10-01/news/54516950_1_bandhan-financial-services-chandra-shekhar-ghosh-banking-licence.
- ↑ "India of the Year - 2016 by CNN IBN". https://bandhanbank.com/awards#tab-149.
- ↑ Jha, Suman K.. "We Need More Bandhans Across India, Says Chandra Shekhar Ghosh" (en ভাষাত). BW Businessworld. http://businessworld.in/article/We-Need-More-Bandhans-Across-India-Says-Chandra-Shekhar-Ghosh/02-06-2019-171295। আহৰণ কৰা হৈছে: 2019-09-24.