চপলা বুক ষ্টল
অৱয়ব
| চপলা বুক ষ্টল | |
|---|---|
শ্বিলঙৰ কিটিং পথত থকা চপলা বুক ষ্টলৰ ছবি | |
| প্ৰতিষ্ঠা | ১৯৩৬ |
| স্বতাধিকাৰী | বুদ্ধদেৱ চৌধুৰী |
| অৱস্থিতি | কিটিং ৰ'ড, পুলিচ বজাৰ, শ্বিলং, অবিভক্ত অসম, বৰ্তমান মেঘালয় |
চপলা বুক ষ্টল (ইংৰাজী: Chapala Book Stall) হৈছে শ্বিলং, মেঘালয়ৰ পুলিচ বজাৰৰ কিটিং ৰ’ডত অৱস্থিত এটি নব্বৈ বছৰ পুৰণি গ্ৰন্থ বিক্ৰেতা আৰু প্ৰকাশন প্ৰতিষ্ঠান।[1] ১৯৩৬ চনৰ ২০ জানুৱাৰী তাৰিখে অসমৰ শ্ৰী ভূমিৰ এগৰাকী গণ্য-মান্য ব্যক্তি বিভুভূষণ চৌধুৰীয়ে এই প্ৰকাশন গোষ্ঠীটি প্ৰতিষ্ঠা কৰিছিল।[2]
ইতিহাস
[সম্পাদনা কৰক]১৯৩৬ চনত অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙত চপলা বুক ষ্টল প্ৰতিষ্ঠা হয়। প্ৰতিষ্ঠাপক বিভুভূষণ চৌধুৰীৰ প্ৰয়াত ভগ্নী ‘চপলা’ৰ নামেৰে প্ৰতিষ্ঠানটোৰ নাম চপলা বুক ষ্টল ৰখা হৈছিল।[3] ১৯৪০ চনলৈকে জেইল ৰোডৰ অৱস্থিত প্ৰফুল্ল চৌধুৰীৰ বাসভৱনৰপৰা প্ৰতিষ্ঠানটোৰ কাম-কাজ চলিছিল।[4]
প্ৰতিষ্ঠাপক
[সম্পাদনা কৰক]প্ৰধান প্ৰবন্ধ: বিভুভূষণ চৌধুৰী
সাহিত্যিক, সমাজ-সংগঠক, দাতা আৰু ব্যৱসায়ী বিভুভূষণ চৌধুৰী আছিল চপলা বুক ষ্টলৰ প্ৰতিষ্ঠাতা।
প্ৰকাশিত কিতাপ
[সম্পাদনা কৰক]- কীৰ্ত্তন
- শ্ৰীশ্ৰীকৃষ্ণ গীতা
- বলিছলন
- হৰি উপাখ্যান
- সীতাৰ বনবাস
- নামতি
- শ্ৰীশ্ৰীআদি যামল
- নাম মালিকা
- কালিকা পুৰাণ
- কাণ খোৱা
- স্যমন্ত শৰণ
- লক্ষ্মী চৰিত্ৰ
- শ্ৰীশ্ৰী প্ৰভাত গধূলী গোষ্ঠ
- নাম ঘোষা
- কাদম্বৰী কথা
- শ্ৰীশ্ৰীশঙ্কৰদেৱ মাধৱদেৱ চৰিত
- নাৰী-ৰত্ন

ৱিকিউৎসত নাৰী-ৰত্ন বিষয় সংক্ৰান্তীয় মূল পাঠ্য আছে। - নামতি

ৱিকিউৎসত নামতি বিষয় সংক্ৰান্তীয় মূল পাঠ্য আছে। - চিত্ৰাঙ্গদা

ৱিকিউৎসত চিত্ৰাঙ্গদা বিষয় সংক্ৰান্তীয় মূল পাঠ্য আছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Rahul Saikia (10 September 2016). "Early Bengali Influences in the Commercial Heart of Shillong". https://raiot.in. https://raiot.in/early-bengali-influences-in-the-commercial-heart-of-shillong/। আহৰণ কৰা হৈছে: 20 July 2026.
- ↑ বিভুভূষণ চৌধুৰী (২০১০). বনলতা সাহিত্য. প্ৰকাশক গুৱাহাটী: বনলতা. পৃষ্ঠা. ৬৪-৬৫.
- ↑ "Last chapter but not the end". The Shillong Times. July 19, 2020. পৃষ্ঠাসমূহ: Page C. https://theshillongtimes.com/2020/07/19/last-chapter-but-not-the-end/। আহৰণ কৰা হৈছে: 20 July 2026.
- ↑ ডাঃ মিহিৰ কুমাৰ গোস্বামী (২০১০). বনলতা সাহিত্য. প্ৰকাশক গুৱাহাটী: বনলতা. পৃষ্ঠা. ৬৬-৭০.