সমললৈ যাওক

চফৱীয়া সাম্ৰাজ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চফৱীয়া সাম্ৰাজ্য,[টোকা 1] যাৰ আধিকাৰিক নাম ইৰানৰ সুৰক্ষিত শাসনক্ষেত্ৰ,[টোকা 2] আছিল অন্যতম বৃহৎ আৰু দীৰ্ঘদিনীয়া ইৰানীয় সাম্ৰাজ্য। ই ১৫০১ চনৰ পৰা ১৭বংশ]]ৰ দ্বাৰা শাসিত হৈছিল,[1][2][3] যদিও কোনো কোনোৱে ইয়াৰ সমাপ্তি ১৭২২ চন বুলি গণ্য কৰে, যেতিয়া ইছফাহান আফগানসকলৰ হাতত পতন হৈছিল।[4] ইয়াক প্ৰায়ে আধুনিক ইৰানীয় ইতিহাসৰ আৰম্ভণি বুলি গণ্য কৰা হয়,[5] লগতে ই অন্যতম বাৰুদ সাম্ৰাজ্য (gunpowder empires) আছিল।[6]

ৰজাসকলৰ ৰজা প্ৰথম ইছমাইলসাম্ৰাজ্যৰ ৰাষ্ট্ৰধৰ্ম হিচাপে দ্বাদশী শ্বিয়াবাদক প্ৰতিষ্ঠা কৰিছিল, যিটো ইছলামৰ ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ মোৰ হিচাপে চিহ্নিত হৈছে।[7]

এই বংশৰ শিপা আছিল চফৱীয়া তৰীকত নামৰ চুফীবাদৰ এক দৰৱেশ্ব গোটত,[8] যিটো থলুৱা ইৰানীয় জনগোষ্ঠীৰ (সম্ভৱতঃ কুৰ্দীয়) মূলৰ শ্বেখসকলে প্ৰতিষ্ঠা কৰিছিল। এই বংশটো কেৱল ফাৰ্চীভাষীয়েই নাছিল, বৰঞ্চ তুৰ্কীভাষী আৰু তুৰ্কায়িতও আছিল। আৰ্দবীলৰ নিজা ঘাটিৰ পৰা চফৱীয়াসকলে বৃহত্তৰ ইৰানৰ কিছু অংশৰ ওপৰত নিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰিছিল আৰু অঞ্চলটোৰ ইৰানীয় পৰিচয় পুনৰ দৃঢ় কৰিছিল।[9] এনেদৰে তেওঁলোকে বুৱীয়া ৰাজবংশৰ পিছত চৰকাৰীভাৱে ইৰান নামেৰে পৰিচিত এখন ৰাষ্ট্ৰীয় ৰাজ্য স্থাপন কৰা প্ৰথমটো থলুৱা বংশ হিচাপে পৰিগণিত হয়।[10]

চফৱীয়াসকলক ক্ষমতালৈ অনাত অৰিহণা যোগোৱা মূল গোটটো আছিল কিজিলবাশ্ব,[11][12] যি এটা তুৰ্কী শব্দ যাৰ অৰ্থ হৈছে 'ৰঙা-মূৰীয়া' তুৰ্কমান জনজাতি।[13] আনহাতে, আমোলাতন্ত্ৰ আৰু সাংস্কৃতিক বিষয়ত খিলঞ্জীয়া ইৰানীয়সকলে পদবী লাভ কৰিছিল।[14]

চফৱীয়াসকলে ১৫০১ চনৰ পৰা ১৭২২ চনলৈ শাসন কৰিছিল (১৭২৯-১৭৩৬ আৰু ১৭৫০-১৭৭৩ চনলৈ এক চমু পুনৰুদ্ধাৰৰ অভিজ্ঞতা লাভ কৰিছিল)। তেওঁলোকৰ চৰম শিখৰত তেওঁলোকে বৰ্তমানৰ সমগ্ৰ ইৰান, আজেৰবাইজান, আৰ্মেনিয়া, পূব জৰ্জিয়া, উত্তৰ ককেছাছৰ কিছু অংশ (ৰাছিয়াকে ধৰি), আৰু ইৰাক, লগতে তুৰস্ক, চিৰিয়া, পাকিস্তান, আফগানিস্তান, তুৰ্কমেনিস্তান আৰু উজবেকিস্তানৰ অংশসমূহ নিয়ন্ত্ৰণ কৰিছিল।

১৭৩৬ চনত তেওঁলোকৰ পতন ঘটা সত্ত্বেও, তেওঁলোকে এৰি যোৱা উত্তৰাধিকাৰ আছিল পূব আৰু পশ্চিমৰ মাজত অৰ্থনৈতিক দুৰ্গ হিচাপে ইৰানৰ পুনৰুত্থান, "ক্ষমতাৰ পৃথকীকৰণ"ৰ ওপৰত আধাৰিত এক দক্ষ ৰাষ্ট্ৰ আৰু আমোলাতন্ত্ৰৰ প্ৰতিষ্ঠা, তেওঁলোকৰ স্থাপত্যৰ উদ্ভাৱন, আৰু চাৰু কলাৰ পৃষ্ঠপোষকতা।[5] চফৱীয়াসকলে বৰ্তমানৰ যুগলৈকে দ্বাদশী শ্বিয়া ইছলামক ইৰানৰ ৰাজধৰ্ম হিচাপে প্ৰতিষ্ঠা কৰি লগতে মধ্য এছিয়া, ককেছাছ, আনাতলিয়া, পাৰস্য উপসাগৰ আৰু মেচোপটেমিয়াৰ বৃহৎ অংশত শ্বিয়া ইছলাম প্ৰসাৰ কৰি নিজৰ চাব ৰাখি থৈ গৈছে।[5][7]

পাৰস্যৰ মুছলমান বিজয়াভিযানৰ পিছত চফৱীয়া বংশক ইৰানৰ ইতিহাসত এক ঘূৰোৱা মূৰ বুলি গণ্য কৰা হয়, কিয়নো শতিকা ধৰি অনৈৰানীয় ৰজাসকলৰ শাসনৰ পিছত দেশখন ইছলামী বিশ্বত এক স্বতন্ত্ৰ শক্তিত পৰিণত হৈছিল।[15]

পাদটীকা

[সম্পাদনা কৰক]
  1. شاهنشاهی صفوی, Šāhanšāhi-ye Safavi
  2. ممالک محروسه ایران, Mamâlek-e Mahruse-ye Irân

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Helen Chapin Metz, ed., Iran, a Country study. 1989. University of Michigan, p. 313.
  2. Emory C. Bogle. Islam: Origin and Belief. University of Texas Press. 1989, p. 145.
  3. Stanford Jay Shaw. History of the Ottoman Empire. Cambridge University Press. 1977, p. 77.
  4. Newman 2009, p. 2.
  5. 1 2 3 Matthee 2017.
  6. Streusand 2011, পৃষ্ঠা. 135.
  7. 1 2 Savory, Roger (2012). "Ṣafawids". In Bosworth, C. E.; van Donzel, E. J.; Heinrichs, W. P.; Lewis, B.; Pellat, Ch.; Schacht, J. Encyclopaedia of Islam. 8 (2nd ed.). Leiden and Boston: Brill. ISBN 978-90-04-16121-4. doi:10.1163/1573-3912_islam_COM_0964. Unknown parameter |orig-date= ignored (help)
  8. Matthee, Rudi, ed (2021). "The emergence of the Safavids as a mystical order and their subsequent rise to power in the fourteenth and fifteenth centuries". The Safavid World. Routledge Worlds (1st সম্পাদনা). প্ৰকাশক New York and London: Routledge. পৃষ্ঠা. 15–36. doi:10.4324/9781003170822. ISBN 978-1-003-17082-2. https://books.google.com/books?id=gWBCEAAAQBAJ&pg=PA15.
  9. Savory 2007, পৃষ্ঠা. 3.
  10. Herzig, Edmund; Stewart, Sarah (2011). Early Islamic Iran. I.B. Tauris. ISBN 9781786724465. https://books.google.com/books?id=UDqjDwAAQBAJ.
  11. Savory 2007, পৃষ্ঠা. 31.
  12. Roemer 1986, পৃষ্ঠা. 213, 353.
  13. Blow 2009, পৃষ্ঠা. 5.
  14. Roemer 1986, পৃষ্ঠা. 229, 353.
  15. Savory, Roger (fa ভাষাত). https://archive.org/details/20240326_20240326_1336/page/n9/mode/1up আহৰণ কৰা হৈছে: 2025-02-05.