সমললৈ যাওক

চমচম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চমচম

টাঙ্গাইলৰ প্ৰসিদ্ধ পোড়াবাড়ীৰ চমচম
প্ৰকাৰ মিষ্টান্ন
উৎপত্তিৰ স্থান পোড়াবাড়ী, টাঙ্গাইল, বাংলাদেশ
অঞ্চল বাংলাদেশ, ভাৰত, পাকিস্তান
সম্পৰ্কিত ৰাষ্ট্ৰীয় ব্যঞ্জন বাংলাদেশী/বঙালী
মুখ্য উপাদান গাখীৰ, ময়দা, ছানা, চেনি
ভিন্ন প্ৰকাৰ ৰাজবাড়ীৰ চমচম, আদি চমচম, বিলপাড়াৰ চমচম

চমচম (ইংৰাজী: Chomchom) হ’ল বাংলাদেশৰ টাঙ্গাইলৰ পোড়াবাড়ী নামৰ ঠাইত উৎপন্ন একটি বিখ্যাত মিঠাই যিটো কেৱল বাংলাদেশ, ভাৰত, পাকিস্তানতেই নহয় সমগ্ৰ ভাৰতীয় উপমহাদেশতে বিখ্যাত।[1][2] চমচমকে বাংলাদেশেৰসকল মিষ্টিৰ ৰাজা বলা হয়।[3] বাংলাদেশত চমচমক সকলো মিঠাইৰ ৰজা বুলি কোৱা হয়।[4] ছানাৰপৰা প্ৰস্তুত কৰা এইবিধ হ’ল এক বিশেষ মিঠাই।[5] টাঙ্গাইলৰ পোড়াবাড়িৰ চমচমে ভৌগোলিক সূচক (জি আই) সামগ্ৰী হিচাপে স্বীকৃতি লাভ কৰিছে।[6]

টাঙ্গাইল পোড়াবাড়িৰ চমচম
চেৰী চমচম

ইয়াৰ প্ৰস্তুতিৰ উপাদানসমূহ হ’ল আটা, ঘিউ, চেনি, কেশৰ, নেমুৰ ৰস আৰু নাৰিকল।

প্ৰস্তুত প্ৰণালীঃ

প্ৰথমে চৌকাত বিশুদ্ধ গৰুৰ গাখীৰ গৰম কৰি ছানা প্ৰস্তুত কৰা হয়। প্ৰায় পাঁচ কিলোগ্ৰাম ছানাৰ লগত ২৫০ গ্ৰাম আটা মিহলি কৰা হয়। তাৰ পাছত ভালদৰে মিহলাই মিঠাইৰ আকৃতি দি চেনিপানীৰ ৰসত অন্ততঃ আধা ঘণ্টা পাগ দিয়া হয়। দীঘলীয়া মিঠাইবোৰে লাহে লাহে জ্বলা ইটাৰ ৰং লয়। এনেদৰেই প্ৰস্তুত হয় পোড়াবাড়িৰ চমচম।

পোড়াবাড়ীৰ চমচম

[সম্পাদনা কৰক]

পোড়াবাড়ীৰ চমচমৰ ইতিহাস প্ৰায় দুশ বছৰ পুৰণি‍।[7] এসময়ত পোড়াবাড়ী গাঁও এই চমচমৰ ‘ৰাজধানী’ হিচাপে পৰিচিত আছিল। টাঙ্গাইল চহৰৰপৰা সাত কিলোমিটাৰ নিলগৰ এই গাঁওখন প্ৰামাণিক চমচম বনোৱাৰ বাবে বিখ্যাত আছিল।[8] আজিৰপৰা প্ৰায় দুশ বছৰ আগতে যশোৰথ হালৈ নামৰ এজন ব্যক্তিয়ে‍ প্ৰথমে এই মিঠাই তৈয়াৰ কৰিছিল।[9] মানুহে কয় অসমৰ পৰা যোৱা যশোৰথ হালৈ নামৰ মানুহজনে খাঁটি‍ গৰুৰ গাখীৰ, চেনি আৰু ধলেশ্বৰীৰ পানীৰে বিশেষ পদ্ধতিৰে‍ পোড়াবাড়ীৰ চমচম তৈয়াৰ কৰিছিল; ইয়াৰ উপৰিও ঘোষ আৰু পালসকল বংশানুক্ৰমিকভাৱ‍ে পোড়াবাড়ীৰ চমচম তৈয়াৰৰ সৈতে জডি়ত৷[10]

সময়ৰ ঘূৰ্ণীবতাহৰ সোঁততো এই মিঠাইৰ অনন্য বৈশিষ্ট্যৰ স্বতন্ত্ৰতা আছে। মুখত দিলেই পমি যোৱা এই মিঠাইৰ সোৱাদ ল'বলৈ‍ দেশৰ বিভিন্ন প্ৰান্তৰপৰা খাদ্যপ্ৰেমীসকল আহে। পোড়াবাড়ি গাঁৱৰ বাহিৰে‍ টাঙ্গাইল চহৰৰ পাঁচআনিসহ দুই-এটা অঞ্চলৰ কাৰিকৰেহে‍ এই বিশেষ মিঠাইবিধ তৈয়াৰ কৰিব পাৰে। টাঙ্গাইল চহৰৰ জয়কালী মি‍ষ্টান্ন ভাণ্ডাৰ আৰু গোপাল মি‍ষ্টান্ন ভাণ্ডাৰ সবাতোকৈ পুৰণি আৰু নামকৰা মিঠাইৰ দোকান আৰু ইয়াত আচল পোড়াবাড়ীৰ চমচমৰ সোৱাদ আজিও ল'ব পাৰি৷[10]

পোড়াবাড়ীৰ চমচম তৈয়াৰ কৰাৰ প্ৰধান উপাদান হ’ল গাখীৰ, আটা আৰু চেনি। এই উপাদানসমূহেৰে প্ৰস্তুত কৰা চমচমৰ কোমল টেক্সচাৰ যেনে, গোন্ধটোও ঠিক তেনেকুৱাই অনন্য। পোড়াবাড়ীৰ চমচম পোড়াবাড়ীৰ বাহিৰে আন ঠাইলৈ গৈ তাৰ কাৰিকৰ‍ে বনালেও সেই সোৱাদ পাব নোৱাৰি; বিশ্বাস কৰা হয় এনে হোৱাৰ কাৰণ ধলেশ্বৰী নদীৰ পানীত এক বিশষে গুণ আছে যিয়ে ইয়াৰ চমচমক এক বিশেষ বৈশিষ্ট্য প্ৰদান কৰে৷[10]

পোড়াবাড়ীৰ চমচমত গাখীৰ উতলাই শুকুৱাই তৈয়াৰ কৰা গুড়ি মাৱা ৰঙচুৱা চমচমৰ ওপৰত ছটিয়াই দিয়া হয়। সোৱাদ আৰু সুগন্ধিৰে অতুলনীয় এই বিশেষ মিঠাইবিধে‍ আজিও ইয়াৰ জনপ্ৰিয়তা বৰ্তাই ৰাখিছে। কোনোবা যদি টাঙ্গাইল ভ্ৰমণলৈ যায় তেনেহ'লে পোড়াবাড়ীৰ সুস্বাদু চমচমৰ সোৱাদ ল’বলৈ নাপাহৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "উনিশ শতকেৰ মিষ্টি প্ৰেম, কয়েকটি দোকান ধৰে ৰেখেছে ঐতিহ্য". দৈনিক জনকণ্ঠ. ২০২০-১০-১৭. Archived from the original on 2023-04-08. https://web.archive.org/web/20230408012537/https://www.dailyjanakantha.com/details/article/334824/%E0%A6%89%E0%A6%A8%E0%A6%BF%E0%A6%B6-%E0%A6%B6%E0%A6%A4%E0%A6%95%E0%A7%87%E0%A6%B0-%E0%A6%AE%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%BF-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A6%AE-%E0%A6%95%E0%A7%9F%E0%A7%87%E0%A6%95%E0%A6%9F%E0%A6%BF-%E0%A6%A6%E0%A7%8B%E0%A6%95%E0%A6%BE%E0%A6%A8-%E0%A6%A7%E0%A6%B0%E0%A7%87-%E0%A6%B0%E0%A7%87%E0%A6%96%E0%A7%87%E0%A6%9B%E0%A7%87-%E0%A6%90%E0%A6%A4%E0%A6%BF%E0%A6%B9%E0%A7%8D%E0%A6%AF/.
  2. "15 Popular Desserts You Have Eaten But Never Thought About Their Origins". Story pick. ২০২০-১০-১৫. https://www.storypick.com/famous-desserts-origins/.
  3. "The Concept of Desserts in Bangladesh". দ্য ডেইলি ষ্টাৰ. ২০২০-১০-১৪. https://www.thedailystar.net/star-weekend/the-concept-desserts-bangladesh-1244389.
  4. "The Concept of Desserts in Bangladesh". দ্য ডেইলি ষ্টাৰ. ২০২০-১০-১৪. https://www.thedailystar.net/star-weekend/the-concept-desserts-bangladesh-1244389.
  5. "টাঙ্গাইলেৰ পোড়াবাড়িৰ চমচম". বাংলাদেশ প্ৰতিদিন. ২০২০-১০-১৭. Archived from the original on 2019-03-20. https://web.archive.org/web/20190320133431/http://www.bd-pratidin.com/features/2015/08/23/101745 আহৰণ কৰা হৈছে: 2025-11-04.
  6. "জিবে জল আনা মিষ্টিসহ চাৰ পণ্যেৰ জিআই স্বীকৃতি". ২৯ সেপ্টেম্বৰ ২০২৪. https://www.prothomalo.com/bangladesh/aad1ilork6.
  7. "পোড়াবাড়িৰ চমচম | কালেৰ কণ্ঠ" (bn ভাষাত). 2020-09-07. https://www.kalerkantho.com/feature/oboshore/2019/04/13/757991.[সংযোগবিহীন উৎস]
  8. "আসল পোড়াবাড়িৰ মিষ্টি খেতে টাঙ্গাইল শহৰে" (bn ভাষাত). 2020-09-07. https://www.banglanews24.com/national/news/bd/338323.details.
  9. "জগৎ বিখ্যাত টাঙ্গাইলেৰ পোড়াবাড়িৰ চমচম". 2020-09-07. http://www.bbarta24.net/whole-country/89191.
  10. 1 2 3 শ্ৰেয়ণ (১৮ এপ্ৰিল, ২০২০). "পোড়াবাড়ীৰ বিখ্যাত চমচমেৰ ঐতিহ্য প্ৰায় দু'শো বছৰেৰ পুৰোনো". https://www.bongodorshon.com/home/story_detail/chomchom-of-tangail-porabari আহৰণ কৰা হৈছে: 6 November 2025.