সমললৈ যাওক

চম্বল নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চম্বল নদী
ৰাজস্থানৰ কোটাৰপৰা চম্বল নদীৰ দৃশ্য
Secondary source
 - location বিন্ধ্যাচল পৰ্বতশ্ৰেণী, মধ্যপ্ৰদেশ
মোহনা যমুনা নদী
 - অৱস্থান ভৰেহ, ইটাৱা জিলা, উত্তৰ প্ৰদেশ

চম্বল নদী মধ্য আৰু উত্তৰ ভাৰতৰ অন্যতম প্ৰধান নদী আৰু যমুনা নদীৰ উপনৈ হিচাপে গংগা নিষ্কাশন প্ৰণালীৰ এক গুৰুত্বপূৰ্ণ অংশ।[1] নদীখন মধ্যপ্ৰদেশৰ বিন্ধ্যাচল পৰ্বতৰ ভদকলা জলপ্ৰপাতৰ ওচৰৰপৰা উৎপন্ন হৈ উত্তৰ–উত্তৰ-পূব দিশলৈ বৈ যায়। পাছত অলপ সময়ৰ বাবে ৰাজস্থানৰ ভিতৰেদি প্ৰৱাহিত হৈ তাৎপৰ্যপূৰ্ণ অংশত ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ মাজত সীমাৰেখা গঠন কৰে। অন্তত নদীখন দক্ষিণ–পূব দিশলৈ ঘূৰি উত্তৰ প্ৰদেশৰ ইটাৱা জিলাৰ ভৰেহৰ ওচৰত যমুনা নদীত মিলিত হয়।[2]

চম্বল নদীৰ মুঠ দৈৰ্ঘ্য প্ৰায় ১,০২৪ কিলোমিটাৰ আৰু ইয়াৰ জলবিভাজিকা অঞ্চলৰ আয়তন প্ৰায় ১,৪৩,২১৯ বৰ্গকিলোমিটাৰ। চম্বল নদীৰ বাঁওফালৰ উপনৈসমূহৰ ভিতৰত বানাছ আৰু মেজ উল্লেখযোগ্য; সোঁফালৰ প্ৰধান উপনৈসমূহ হ'ল - পাৰ্বতী, কালি সিন্ধ, শিপৰা, কুনো আৰু শিৱনা।

প্ৰাচীন হিন্দু ধৰ্মগ্ৰন্থত চম্বল নদীৰ উল্লেখ পোৱা যায়। মহাভাৰত মহাকাব্যত নদীখনক চৰমন্যৱতী বুলি উল্লেখ কৰি কোৱা হৈছে যে, ৰজা ৰন্তিদেৱ বলি দিয়া হাজাৰ হাজাৰ পশুৰ তেজৰপৰা আত্মপ্ৰকাশ কৰা পৱিত্ৰ স্ৰোতৰপৰা ইয়াৰ উৎপত্তি হৈছে।

বৈদিক যুগ

[সম্পাদনা কৰক]

বৈদিক যুগত চম্বল নদীৰ প্ৰাচীন নাম আছিল চৰমন্যৱতী। এই নামৰ অৰ্থ হৈছে—এনেকুৱা নদী যাৰ ওচৰত পশুৰ চামৰা শুকুৱা হৈছিল। কালক্ৰমে নদীখন চামৰা সম্পৰ্কীয় কাৰ্যৰ বাবে প্ৰসিদ্ধ হৈ উঠে আৰু সেইবাবে ইয়াক চৰমন্যৱতী বুলি নামকৰণ কৰা হয়।[3][2]

প্ৰাচীন সংস্কৃত মহাকাব্য মহাভাৰতত চম্বল নদীক চৰমন্যৱতী বুলি উল্লেখ কৰা হৈছে। মহাকাব্যৰ বৰ্ণনা অনুসৰি, ৰজা ৰন্তিদেৱে বলি দিয়া হাজাৰ হাজাৰ পশুৰ তেজৰপৰা সৃষ্ট হোৱা পৱিত্ৰ স্ৰোতৰূপে নদীখনৰ উৎপত্তি ঘটিছিল।

"ৰাজা ৰন্তিদেৱৰ অগ্নিহোত্ৰত বলি দিয়া পশুৰ সংখ্যা এতেকেই অধিক আছিল যে জমা হৈ থকা চামড়াৰপৰা উৎপন্ন হোৱা নিঃসৃত পদাৰ্থ আৰু ঘৰ-কিচেনৰপৰা ওলোৱা মিশ্ৰণ একেবাৰে এখন নদীৰ ৰূপ লৈ পেলায়; সেই সময়ৰপৰাই ইয়াৰ নাম হৈছে ‘চৰমন্যৱতী’।" [4]

চম্বল অঞ্চল প্ৰাচীনকালত শকুনিৰ ৰাজ্যৰ অংশ আছিল, য’ত পাশাখেল পৰিচালিত হৈছিল। দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ চেষ্টা হোৱাৰ পিছত তেওঁ চৰমন্যৱতী নদীৰ পানী পান কৰা কোনো ব্যক্তিক অভিশাপ দিয়ে বুলি লোকবিশ্বাস আছে।[5]

এই বিশ্বাস অনুসৰি, দ্ৰৌপদীৰ অভিশাপৰ ফলতে চম্বল নদী আন নদীসমূহতকৈ মানৱ সৃষ্ট প্ৰদূষণৰপৰা তুলনামূলকভাৱে অধিক মুক্ত হৈ আছে আৰু ইয়াৰ পশুকূলে এক নিৰাপদ দূৰত্বত থাকি শুদ্ধ পৰিৱেশত বিকশিত হ’ব পৰা পৰিসৰ লাভ কৰিছে। চম্বল নদী ভাৰতৰ আটাইতকৈ প্ৰাচীন নদীসমূহৰ ভিতৰত অন্যতম।[6]

চম্বল এটা বৰষুণ-নিৰ্ভৰ জলসংগ্ৰাহক অঞ্চল, যাৰ আকাৰটো পাৰ্বতী আৰু বাণাস নদীৰ সংগমবিন্দু পৰ্যন্ত চতুৰ্ভুজ-স্বৰূপ। চম্বলৰ বেছিনটো ২২° ২৭' উত্তৰ অক্ষাংশৰপৰা ২৭° ২০' উত্তৰ অক্ষাংশ আৰু ৭৩° ২০' পূব দ্ৰাঘিমাংশৰপৰা ৭৯° ১৫' পূব দ্ৰাঘিমাংশৰ ভিতৰত অৱস্থিত। দক্ষিণ, পূৱ আৰু পশ্চিম দিশত এই বেছিনটো বিন্ধ্য পৰ্বতশ্ৰেণীৰে আবদ্ধ আৰু উত্তৰ-পশ্চিম দিশত অৰাৱলী পৰ্বতশ্ৰেণীৰে আবৃত্ত হৈ আছে। পাৰ্বতী আৰু বাণাস নদীৰ সংগমবিন্দুৰ তলত এই জলসংগ্ৰাহক অঞ্চলটো পাতল আৰু দীৰ্ঘাকৃতি হৈ পৰে। এই অংশত উত্তৰত অৰাৱলী আৰু দক্ষিণত বিন্ধ্য পৰ্বতশ্ৰেণীৰে সীমাবদ্ধ।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Chambal River - Origin Tributaries Dams Flora | Fauna" (en ভাষাত). Rivers Of India - All About Rivers. Archived from the original on 2022-07-18. https://web.archive.org/web/20220718230804/https://www.riversofindia.com/2022/07/chambal-river-origin-tributaries-dams.html আহৰণ কৰা হৈছে: 2022-07-18.
  2. 1 2 Jain, Sharad K.; Pushpendra K. Agarwal; Vijay P. Singh (2007). Hydrology and water resources of India- Volume 57 of Water science and technology library - Tributaries of Yamuna river. Springer. পৃষ্ঠা. 350. ISBN 978-1-4020-5179-1. https://books.google.com/books?id=ZKs1gBhJSWIC&q=Yamuna+River&pg=RA1-PA345.
  3. Jain, Sharad K.; Pushpendra K. Agarwal; Vijay P. Singh (2007). Hydrology and water resources of India- Volume 57 of Water science and technology library - Tributaries of Yamuna river. Springer. পৃষ্ঠা. 350. ISBN 978-1-4020-5179-1. https://books.google.com/books?id=ZKs1gBhJSWIC&dq=Yamuna+River&pg=RA1-PA345.
  4. "charmanwati, Mbh.7.65.2817". Ancient Voice. Jijith Nadumuri Ravi. http://ancientvoice.wikidot.com/mbh:charmanwati আহৰণ কৰা হৈছে: 29 December 2010.
  5. "Charms of Chambal". The Sunday Tribune, Spectrum. 2010. http://www.tribuneindia.com/2010/20100418/spectrum/main3.htm আহৰণ কৰা হৈছে: 29 December 2010.
  6. "Keeping the river clean: Chambal River, India" (en ভাষাত). wwf.panda.org. https://wwf.panda.org/es/?97000/Keeping-the-river-clean-Chambal-River-India আহৰণ কৰা হৈছে: 2025-05-16.
  7. Jain, S. K.; Pushpendra K., Agarwal, V., P. Singh (2007). Hydrology and water resources of India- Volume 57 of Water science and technology library - Tributaries of Yamuna river. Springer. p. 350. আই.এচ.বি.এন. 1-4020-5179-4.