চলমা হায়েক
| চলমা হায়েক | |
|---|---|
২০২৫ চনত হায়েক | |
| জন্ম | চলমা ভালগাৰ্মা হায়েক জিমেনেজ[1] ২ ছেপ্টেম্বৰ, ১৯৬৬ (৫৯ বছৰ) কোৱাটজাকুৱালকোচ, ভেৰাক্ৰুজ, মেক্সিকো |
| নাগৰিকত্ব | মেক্সিকো, আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্স[2] |
| পেচা | অভিনেত্ৰী, চলচ্চিত্ৰ প্ৰযোজক |
| সক্ৰিয় হৈ থকা সময় | ১৯৮৮–বৰ্তমান |
| দাম্পত্যসঙ্গী | ফ্ৰাসোঁৱা-হেনৰী পিনাল্ট (বি. ২০০৯) |
| সন্তান | ১ |
চলমা ভালগাৰ্মা হায়েক পিনাল্ট (ইংৰাজী: Salma Hayek; জন্ম: ২ ছেপ্টেম্বৰ, ১৯৬৬) এগৰাকী মেক্সিকান আৰু আমেৰিকান অভিনেত্ৰী তথা চলচ্চিত্ৰ প্ৰযোজক। তেওঁ মেক্সিকাত ধাৰাবাহিক তেৰেছা (১৯৮৯–১৯৯১) আৰু ৰোমাণ্টিক ড্ৰামা মিডাক এলি (১৯৯৫)-ত অভিনয় কৰি কেৰিয়াৰৰ পাতনি মেলিছিল। অতি সোনকালেই তেওঁ হলিউডত ডেস্পাৰাডো (১৯৯৫), ফ্ৰম ডাস্ক টিল ডন (১৯৯৬), ৱাইল্ড ৱাইল্ড ৱেষ্ট (১৯৯৯) আৰু ডগমা (১৯৯৯) আদি ছবিৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰে।
জীৱনীমূলক ছবি ফ্ৰিডা (২০০২)-ত চিত্ৰশিল্পী ফ্ৰিডা কাহলোৰ চৰিত্ৰত কৰা অভিনয়ে চলমাক শ্ৰেষ্ঠ অভিনেত্ৰীৰ একাডেমী বঁটাৰ বাবে মনোনীত হোৱা প্ৰথম মেক্সিকান অভিনেত্ৰী হিচাপে পৰিগণিত কৰে।[3] পৰৱৰ্তী বছৰবোৰত চলমাই অভিনয়ৰ লগতে প্ৰযোজনাটো মনোনিৱেশ কৰে আৰু ৱানচ আপন এ টাইম ইন মেক্সিকো (২০০৩), আফটাৰ দ্য চানচেট (২০০৪) আৰু বেণ্ডিডাচ (২০০৬)-ৰ দৰে একচনধৰ্মী ছবিত অভিনয় কৰে। তেওঁ কমেডী ছবি গ্ৰোন আপচ (২০১০), গ্ৰোন আপচ ২ (২০১৩) আৰু দ্য হিটমেনছ বডীগাৰ্ড (২০১৭)-ৰ জৰিয়তে ব্যাৱসায়িক সফলতা লাভ কৰে। তদুপৰি তেওঁ এনিমেটেড ছবি পুচ ইন বুটচ (২০১১), চচেজ পাৰ্টি (২০১৬) আৰু পুচ ইন বুটচ: দ্য লাষ্ট উইচ (২০২২)-ত কণ্ঠদান কৰিছে। তেওঁ টেল অব টেলচ (২০১৫), বিয়াট্ৰিজ এট ডিনাৰ (২০১৭) আৰু হাউচ অব গুচি (২০২১) আদি ছবিত কৰা অভিনয়ৰ বাবেও সমালোচকৰ প্ৰশংসা বুটলে। তেওঁ মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছৰ ছবি ইটাৰ্ণালচ (২০২১)-ত এজেকৰ চৰিত্ৰত অভিনয় কৰিছিল, যিখন ছবি তেওঁৰ কেৰিয়াৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়।
দূৰদৰ্শনত চলমাৰ পৰিচালনা, প্ৰযোজনা আৰু অভিনয়ৰ বাবে তেওঁ চাৰিবাৰকৈ এমি বঁটাৰ মনোনয়ন লাভ কৰিছে। তেওঁ দ্য মালডোনাডো মিৰাকল (২০০৪)-ৰ বাবে শিশু ধাৰাবাহিকৰ শ্ৰেষ্ঠ পৰিচালনাৰ ডে-টাইম এমি বঁটা লাভ কৰে। তদুপৰি ধাৰাবাহিক আগলী বেটী (২০০৬–২০১০)-ৰ কামৰ বাবে তেওঁ দুটাকৈ প্ৰাইমটাইম এমি বঁটাৰ মনোনয়ন লাভ কৰে।
এগৰাকী ৰাজহুৱা ব্যক্তি হিচাপে চলমাক বিভিন্ন সংবাদ মাধ্যমে হলিউডৰ অন্যতম শক্তিশালী আৰু প্ৰভাৱশালী লেটিনা অভিনেত্ৰী তথা বিশ্বৰ অন্যতম ধুনীয়া মহিলা হিচাপে অভিহিত কৰিছে। ২০২৩ চনত 'টাইম' আলোচনীয়ে তেওঁক বিশ্বৰ ১০০ গৰাকী আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত এগৰাকী হিচাপে স্থান দিছিল।[4] ২০২১ চনত তেওঁক 'হলিউড ৱাক অব ফেম'-ত এটা তাৰকাৰে সন্মানিত কৰা হয়। তেওঁ ব্যৱসায়ী ফ্ৰাসোঁৱা-হেনৰী পিনাল্টৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে আৰু তেওঁলোকৰ এটি কন্যা সন্তান আছে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]চলমা হায়েেকৰ জন্ম হৈছিল মেক্সিকোৰ ভেৰাক্ৰুজৰ কোৱাটজাকুৱালকোচত।[5] তেওঁৰ পিতৃ ছামি হায়েক ডমিনগুইজ লেবানন মূলীয় ব্যক্তি।[6] তেওঁৰ পূৰ্বপুৰুষসকল লেবাননৰ বাবদত চহৰৰ আছিল। চলমা আৰু তেওঁৰ পিতৃয়ে ২০১৫ চনত তেওঁৰ ছবি 'খলিল জিব্ৰানচ্ দ্য প্ৰফেট'ৰ প্ৰচাৰৰ বাবে সেই চহৰখন ভ্ৰমণ কৰিছিল।[7] তেওঁ মেক্সিকোৰ এখন ঔদ্যোগিক যন্ত্ৰপাতিৰ প্ৰতিষ্ঠানৰ গৰাকী আৰু এটা তৈল প্ৰতিষ্ঠানৰ কাৰ্যবাহী বিষয়া;[5] তেওঁ এবাৰ কোৱাটজাকুৱালকোচৰ মেয়ৰ পদৰ বাবেও প্ৰতিদ্বন্দ্বিতা কৰিছিল। চলমাৰ মাতৃ ডায়েনা জিমেনেজ মেডিনা এগৰাকী অপেৰা গায়িকা আৰু প্ৰতিভা সন্ধানী ব্যক্তি (talent scout); তেওঁ স্পেনিছ মূলৰ। ২০১৫ চনত 'উন নুয়েভো ডিয়া'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হায়েেক নিজকে ৫০ শতাংশ লেবানিজ আৰু ৫০ শতাংশ স্পেনিছ বুলি অভিহিত কৰিছিল। তেওঁৰ কনিষ্ঠ ভাতৃ ছামি এজন আচবাব ডিজাইনাৰ।[5]
হায়েেক এক চহকী আৰু ধৰ্মপৰায়ণ কেথলিক পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। ১২ বছৰ বয়সত তেওঁ লুইজিয়ানাৰ গ্ৰেণ্ড কোটৌত অৱস্থিত 'একাডেমী অব দ্য ছেক্ৰেড হাৰ্ট'ত পঢ়িবলৈ লয়।[6] স্কুলত পঢ়ি থকা অৱস্থাতে তেওঁৰ 'ডিচলেক্সিয়া' (dyslexia) ধৰা পৰিছিল।[8] তেওঁ 'ইউনিভাৰ্চিডাড ইবেৰোআমেৰিকানা'ত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিষয়ত অধ্যয়ন কৰিছিল।[6] ২০১১ চনত 'V' আলোচনীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হায়েেক উল্লেখ কৰিছিল যে তেওঁ এসময়ত আমেৰিকা যুক্তৰাষ্ট্ৰত এগৰাকী অবৈধ প্ৰব্ৰজনকাৰী আছিল, যদিও সেইয়া খুব বেছি সময়ৰ বাবে নাছিল।[9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Salma Hayek – Biography, Movies, TV Shows, & Facts". Encyclopedia Britannica. https://www.britannica.com/biography/Salma-Hayek। আহৰণ কৰা হৈছে: December 15, 2018.
- ↑ Fair, Vanity (January 1, 2020). "La biographie de Salma Hayek par VanityFair.fr" (fr-FR ভাষাত). Vanity Fair. https://www.vanityfair.fr/culture/people/articles/biographie-et-actualites-de-salma-hayek-par-vanity-fair/81043। আহৰণ কৰা হৈছে: July 7, 2024.
- ↑ Shattuck, Kathryn (January 22, 2019). "Yalitza Aparicio Is the Oscars' First Indigenous Mexican Actress Nominee". The New York Times. https://www.nytimes.com/2019/01/22/movies/yalitza-aparicio-roma-oscar.html.
- ↑ "Time 100". Time. April 13, 2023. Archived from the original on March 19, 2024. https://web.archive.org/web/20240319045416/https://time.com/collection/100-most-influential-people-2023/.
- 1 2 3 "Sami Hayek From Hollywood to Mexico, Salma's Little Brother Wins Fans with His Hip Designs". People. http://www.people.com/people/archive/article/0,,20146328,00.html। আহৰণ কৰা হৈছে: October 7, 2013.
- 1 2 3 Lipton, James (host) (December 5, 2004). "Salma Hayek". Inside the Actors Studio. Season 11. Episode 1105. Bravo. Archived from the original on August 28, 2008. Unknown parameter
|url-status=ignored (help) - ↑ Westall, Sylvia (April 27, 2015). "Salma Hayek pays tribute to Lebanese roots with film of 'The Prophet'". Reuters. http://uk.mobile.reuters.com/article/idUKKBN0NI16W20150427?irpc=932.
- ↑ Shaw, Gina (March–April 2009). "Salma Hayek: Mom on a Mission". WebMD Magazine. WebMD, LLC. পৃষ্ঠা: 4. http://www.webmd.com/parenting/features/salma-hayek-mom-on-a-mission। আহৰণ কৰা হৈছে: July 25, 2016.
- ↑ "Salma Hayek: 'I was an illegal immigrant'". ABC7 Los Angeles. Archived from the original on October 16, 2015. https://web.archive.org/web/20151016210247/http://abc7.com/archive/7835039/.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| চলমা হায়েক প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
| শব্দৰ অৰ্থ ৱিকিঅভিধানত | |
| চিত্ৰ আৰু মিডিয়া কমন্সত | |
| মাধ্যম আৰু কাৰ্যক্ৰম ৱিকিবিশ্ববিদ্যালয়ত | |
| বা-বাতৰি ৱিকিসংবাদত | |
| উক্তিৰ সংগ্ৰহ ৱিকিউক্তিত | |
| কিতাপ, লিখনি আদি ৱিকিউৎসত | |
| পাঠ্যপুথি ৱিকিগ্ৰন্থত | |
- চলমা হায়েক সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
