সমললৈ যাওক

চলিহা বাৰেঘৰ সত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চলিহা বাৰেঘৰ সত্ৰ শিৱসাগৰ জিলাৰ নাজিৰাৰ চলিহা বাৰেঘৰ সত্ৰ অসমৰ এখন ঐতিহাসিক সত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ বৈষ্ণৱ পৰম্পৰাৰ অন্তৰ্গত এখনি প্ৰাচীন সত্ৰ। মহাপুৰুষ শঙ্কৰদেৱে তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱক ধৰ্মপ্ৰচাৰৰ ভাৰ অৰ্পণ কৰাৰ পাছত মাধৱদেৱে ভৱানীপুৰীয়া গোপাল আতাকে প্ৰমুখ্য কৰি আন কেইজনমানক ধৰ্ম প্ৰচাৰৰ দায়িত্ব অৰ্পণ কৰে। এই গোপাল আতাৰেই আজ্ঞাত ১২জন মহন্তই (৬জন ব্ৰাহ্মণ আৰু ৬জন কায়স্থ) অসমৰ বিভিন্ন ঠাইত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কামত ব্ৰতী হয়। তাৰে অন্যতম আছিল বৰযদুমণিদেৱ। এই বৰযদুমণিদেৱেই কেইজনমানক ধৰ্ম প্ৰচাৰৰ দায়িত্ব দিয়ে আৰু তাৰে মাজৰ এজন আছিল ৰমাই কায়স্থ বা ৰামানন্দদেৱ। এই ৰামানন্দদেৱৰ আজ্ঞাত ৪জন মহন্তই ধৰ্ম প্ৰচাৰ কৰিছিল আৰু সেইসকল হ'ল- কৃষ্ণদেৱ (বৰকৃষ্ণ), কৃষ্ণদেৱ (সৰুকৃষ্ণ), জয়ানন্দ আৰু সদানন্দ। এই সৰুকৃষ্ণদেৱেই শ্ৰীশ্ৰীচলিহা বাৰেঘৰ সত্ৰৰ প্ৰতিষ্থাপক।

জোকতলি মৌজাত নাজিৰাৰ ওচৰত মেজেঙাত। দিহিং থুলৰ এই সত্ৰৰ এখনি থান নাহৰকটীয়াৰ ৭/৮ মাইল দূৰত মেৰবিলতো আছে। বৰ যদুমণিদেৱৰ শিষ্য ৰামানন্দদেৱৰ আজ্ঞাপৰ শ্ৰীকৃষ্ণদেৱে বৰবাম সত্ৰ পাতে। এই বৰবাম সত্ৰই কালক্ৰমত বাৰেঘৰ সত্ৰ আৰু পাছলৈ চলিহা বাৰেঘৰ সত্ৰ হয়গৈ। সত্ৰৰে দিহিং নদীৰ পূবপাৰে ম'ইমাৰি মেৰবিলৰ মাজত নামঘৰৰ ভেটি আদি আছে। শ্ৰীকৃষ্ণদেৱৰ পুত্ৰ তিনিজনৰপৰা তিনিখন সত্ৰ হয়। জ্যেষ্ঠ সুদৰিশনদেৱ বাৰেঘৰ (চলিহা) সত্ৰত, মধ্যম শ্ৰীবিজয়ানন্দদেৱ বুদবাৰী সত্ৰত, কনিষ্ঠ (উদাসীন) সুনন্দদেৱ কাটনী সত্ৰত অধিকাৰ হয়। সুনন্দদেৱৰ পাছত ব্ৰহ্মকানাই, শূদ্ৰকানাইৰ ভিতৰত কোনো এজন আচাৰ্য হয়। সুদৰিশনদেৱে কেইবাঠাইতো সত্ৰ পাতিছিল। শ্ৰীৰামদেৱৰ চৰিত্ৰমতে মণিপুৰ সত্ৰ, ডিমৌ সত্ৰ, সুন্দৰিদিয়া সত্ৰ, অৱশ্যে এইকেইখনি সত্ৰ ক'ত ক'ত পাতিছিল আজিও নিৰ্ণয় হোৱা নাই। পুনৰ নাহৰকটীয়াৰপৰা আধা মাইল দূৰত শলগুৰি আলিৰ কাষত সত্ৰ পাতে।   ইয়াত থকা সময়তে গদাধৰসিংহ ৰজাই দেৱীপূজা নকৰাৰ হেতুকে মহন্তসকলক ধৰাই নি নামৰূপত ভাদ্ৰ মাহৰ পূৰ্ণিমা দিনা কটোৱায়। প্ৰতিপদৰ দিনা সুদৰিশনদেৱৰ তিৰোধান হয়। সুদৰিশনদেৱৰ পুত্ৰ শ্ৰীৰামদেৱ ৰাজভয়ত পলাই ফুৰিছিল। ৰুদ্ৰসিংহই বিচাৰ কৰি আনি মহন্তসকলক নিজ নিজ সত্ৰত থাপিলে। শ্ৰীৰামদেৱক পূৰ্বৰ বৰবাম সত্ৰতে থাপিছিল। দিহিং নদীয়ে সত্ৰ মেৰাই খহোৱাত পুনৰ চলিহা সত্ৰলৈ গ'ল। তাতেই নগা খুনবাও ৰজা নৰোত্তমে শৰণ লয় (শ্ৰীৰামদেৱ আৰু নৰোত্তম দুয়ো ১৫৮৭ শকত জন্মগ্ৰহণ কৰিছিল)। শ্ৰীৰামদেৱে মেৰবিল চেৰাই নতুন সত্ৰ পাতিলে, তাতো ভূমুকীয়া জলে সত্ৰ বুৰাই নিবলৈ ধৰিলে। মেৰবিলৰ ভূমুকৰ মুখত  সত্ৰ থাকোঁতেই ৭/ ৮ মাইল দূৰত ভাটীলৈ শলগুৰি আঘোণী বাৰীৰপৰা দুমাইল উজাই কেন্দুগুৰিত বালিসত্ৰ নামে সত্ৰ পাতে। নগাৰ নৰোত্তমে দিহিং নদীৰ সিপাৰে দেওগিৰি পাহাৰৰপৰা সত্ৰ দৰ্শন কৰিবলৈ আৰু কৰ শোধাবলৈ বছৰে বছৰে আহিবৰ নিমিত্তে টিপাম, উষাপুৰ, টেঙাখাত হৈ চয়াঙৰ আলি নামে আলি বন্ধায়। এই সত্ৰতে শ্ৰীৰামদেৱে বৈকুণ্ঠ প্ৰয়াণ কৰে। দেওগিৰিত নৰোত্তমে পুত্ৰসকলক ৰাজ্য অৰ্পণ কৰি একে সময়তে দেহা এৰে। দেওগিৰিৰপৰা বালি সত্ৰলৈ ৩/ ৪ দিনৰ বাট যদিও গুৰু-শিষ্য উভয়ৰ চিতাৰ ধূম্ৰ একত্ৰ হৈ ওপৰলৈ উঠি যায়। শ্ৰীৰামদেৱৰ থানৰ পশ্চিমে নৰোত্তমৰ অস্থি আনি গুৰুৰ আজ্ঞামতে থাপন কৰে। শ্ৰীৰামদেৱৰ বৈকুণ্ঠ প্ৰয়াণ কৰাৰ পাছত পানীৰ উপদ্ৰৱ হোৱাত পুনৰ চলিহা সত্ৰলৈ উঠি যায়। তাত শ্ৰীৰামদেৱৰ পুত্ৰ-নাতি শ্ৰীবিষ্ণুৰামদেৱ, পূৰ্ণকামদেৱ, আত্মাৰাম দেৱৰ থান। মায়ামৰীয়া বিদ্ৰোহৰ সময়ত তেওঁলোক তাৰপৰা ভাগি আহি শিৱসাগৰৰ নাজিৰা মাদুৰি আলিৰ কাষত কোৱামৰা (এঠাবাৰী) বাগানৰ কাষত সত্ৰ পাতে। ইয়াত শ্ৰীকৃষ্ণচন্দ্ৰদেৱৰ থান আছে। ইয়াৰপৰা যোৰহাটৰ বৰ্তমান চেউনীৰপৰা বাবায় আলিৰ কাষত কলীয়াপানী নৈৰ সমীপত বাৰেঘৰ সত্ৰ পাতে। তাতো বলোভদ্ৰ নামে ডেকা গোসাঁইৰ থান, নামঘৰ আছে। তাৰপৰা নামতি মিছাজান গাঁৱৰ সমীপত সত্ৰ পাতে। তাতো এখনি থান আছে। তাৰপৰা নাজিৰাৰ মেজেঙাৰ ওচৰত স্বাপন কৰা বাৰেঘৰ (চলিহা) সত্ৰ বৰ্তমান আছে।  

সত্ৰাধিকাৰসকলৰ তালিকা

[সম্পাদনা কৰক]

এই সত্ৰৰ গুৰু পৰম্পৰাত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱক‍েই প্ৰথম গুৰু হিচাপে মানি পৰৱৰ্তী মাধৱদেৱ, গোপালদেৱ, বৰযদুমণিদেৱ আৰু ৰামানন্দদেৱক গুৰু হিচাপে মানি শ্ৰীকৃষ্ণদেৱ এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু পৰৱৰ্তী সময়ত তেখেতৰ পুত্ৰ-নাতিসকল জ্যেষ্ঠানুক্ৰমে সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈ আহিছে।

  • সত্ৰাধিকাৰসকলৰ তালিকা:
  1. শ্ৰীশ্ৰী শ্ৰীকৃষ্ণদেৱ (প্ৰতিষ্ঠাপক তথা প্ৰথম সত্ৰাধিকাৰ)
  2. শ্ৰীশ্ৰী সুদৰ্শনদেৱ (দ্বিতীয় সত্ৰাধিকাৰ)
  3. শ্ৰীশ্ৰী শ্ৰীৰামদেৱ (তৃতীয় সত্ৰাধিকাৰ)
  4. শ্ৰীশ্ৰী বিষ্ণুৰামদেৱ (চতুৰ্থ সত্ৰাধিকাৰ)
  5. শ্ৰীশ্ৰী পূৰ্ণকামদেৱ (পঞ্চম সত্ৰাধিকাৰ)
  6. শ্ৰীশ্ৰী আত্মাৰামদেৱ (ষষ্ঠ সত্ৰাধিকাৰ)
  7. শ্ৰীশ্ৰী ৰঘুনাথদেৱ (সপ্তম সত্ৰাধিকাৰ)
  8. শ্ৰীশ্ৰী কৃষ্ণচন্দ্ৰদেৱ (অষ্টম সত্ৰাধিকাৰ)
  9. শ্ৰীশ্ৰী ভগৱন্তদেৱ (নৱম সত্ৰাধিকাৰ)
  10. শ্ৰীশ্ৰী ব্ৰজনাথদেৱ (দশম সত্ৰাধিকাৰ)
  11. শ্ৰীশ্ৰী জয়কৃষ্ণদেৱ (একাদশ সত্ৰাধিকাৰ)
  12. শ্ৰীশ্ৰী লক্ষ্মীনাথদেৱ (দ্বাদশ সত্ৰাধিকাৰ)
  13. শ্ৰীশ্ৰী পদ্মনাথদেৱ (ত্ৰয়োদশ সত্ৰাধিকাৰ)
  14. শ্ৰীশ্ৰী কামচন্দ্ৰদেৱ (চতুৰ্দশ সত্ৰাধিকাৰ)
  15. শ্ৰীশ্ৰী মহেশচন্দ্ৰদেৱ (পঞ্চদশ সত্ৰাধিকাৰ)
  16. শ্ৰীশ্ৰী গোপালকৃষ্ণদেৱ (ষোড়শ সত্ৰাধিকাৰ)
  17. শ্ৰীশ্ৰী ঘনকান্তদেৱ (সপ্তদশ সত্ৰাধিকাৰ)
  18. শ্ৰীশ্ৰী ডিম্বেশ্বৰদেৱ (অষ্টাদশ সত্ৰাধিকাৰ)
  19. শ্ৰীশ্ৰী মিহিৰচন্দ্ৰদেৱ (ঊনবিংশতিতম সত্ৰাধিকাৰ)
  20. শ্ৰীশ্ৰী গোবিনচন্দ্ৰদেৱ (বিংশতমতিতম সত্ৰাধিকাৰ)
  21. শ্ৰীশ্ৰী অতুলচন্দ্ৰদেৱ (একবিংশতি‍তম সত্ৰাধিকাৰ)
  22. শ্ৰীশ্ৰী ইন্দুভূষণদেৱ (দ্বাবিংশতি‍তম তথা বৰ্তমান সত্ৰাধিকাৰ)

চিত্ৰকলাৰ জগতলৈ অৱদান

[সম্পাদনা কৰক]

অসমৰ চিত্ৰকলাৰ জগতখনলৈ চলিহা বাৰেঘৰ সত্ৰৰ অৱদান উল্লেখযোগ্য। এই সত্ৰত সত্ৰীয়া শৈলীৰ চিত্ৰকলাৰ চৰ্চা হোৱাৰ প্ৰমাণ বহন কৰে বিষ্ণুৰামদেৱ আৰু পূৰ্ণকামদেৱৰদ্বাৰা চিত্ৰিত সচিত্ৰ পুথিসমূহে।

চলিহা বাৰেঘৰ সত্ৰৰ চতুৰ্থজনা সত্ৰাধিকাৰ বিষ্ণুৰামদেৱে সুন্দৰকাণ্ড ৰামায়ণৰ চিত্ৰ ৰূপ দিছিল। লগতে 'সমুদ্ৰ মন্থন', 'একাদশ স্কন্ধ ভাগৱত' আৰু 'অজামিল উপাখ্যান'-ৰ সচিত্ৰ ৰূপ দিছিল।

বিষ্ণুৰামদেৱৰ ভাতৃ তথা চলিহা বাৰেঘৰ সত্ৰৰ পঞ্চমজনা সত্ৰাধিকাৰ পূৰ্ণকামদেৱেও সুকীয়াকৈ সুন্দৰকাণ্ড ৰামায়ণৰ এখনি সচিত্ৰ পুথি অংকন কৰিছিল। তেখেত বাৰেঘৰীয়া শ্ৰীৰামদেৱৰদ্বাৰা ৰচিত 'সৰুঘোষা' পুথিখনিৰ কিছু নিৰ্বাচিত ঘোষা ভকত-বৈষ্ণৱে সহজে বুজিব পৰাকৈ চিত্ৰ ৰূপ দি 'সচিত্ৰ সৰুঘোষা' পুথিখনি অংকন কৰিছিল।

চলিহা বাৰেঘৰ সত্ৰত এই আটাইবোৰ সচিত্ৰ পুথি (সাঁচিপাত আৰু তুলাপাতৰ) আজিও সংৰক্ষিত হৈ আছে।

সত্ৰৰ প্ৰাচীন সম্পদ

[সম্পাদনা কৰক]

চলিহা বাৰেঘৰ সত্ৰত বহুসংখ্যক প্ৰাচীন সম্পদ সংৰক্ষিত হৈ আছে। তাৰে ভিতৰত অন্যতম উল্লেখযোগ্য সম্পদ হ'ল- স্বৰ্গদেউ ৰুদ্ৰসিংহই শ্ৰীৰামদেৱক প্ৰদান কৰা তামৰ এখন শৰাই যিখনত ৰূপেৰে ফুল কৰা আছে। লগতে কুঁৱৈগঞা ৰাজমন্ত্ৰী বুঢ়াগোহাঁই ডাঙৰীয়াই উপহাৰস্বৰূপে দিয়া ৰূপৰ বাটি এটিও আছে। তদুপৰি গা খজুৱাবলৈ ব্যৱহাৰ কৰা হাতীদাঁতৰ ২খন হাত, হাতীদাঁতৰ মাকোঁ, হাতীদাঁতৰ ফণি আৰু কাকৈ, ৰূপৰ চূণৰ টেমি, ৰূপৰ ভোগজৰা উল্লেখযোগ্য।

চলিহা বাৰেঘৰ সত্ৰত সংৰক্ষিত প্ৰাচীন সম্পদৰ ভিতৰত সাঁচিপাতৰ আৰু তুলাপাতৰ পুথিসমূহে এক বিশেষ স্থান অধিকাৰ কৰিছে। এই সত্ৰত প্ৰায় ২০০খন সাঁচিপাত-তুলাপাতৰ পুথি আজিও ভাল অৱস্থাত সংৰক্ষিত হৈ আছে। তাৰে ভিতৰত সংস্কৃত ভাগৱত, সংস্কৃত গীতা, সংস্কৃত ব্যাকৰণৰ কেইবাখনিও পুথি, শংকৰদেৱ বিৰচিত 'কীৰ্তন ঘোষা', 'দশম', 'ভক্তি ৰত্নাকৰ', 'উত্তৰকাণ্ড ৰামায়ণ'; মাধৱদেৱ বিৰচিত নামঘোষা', বিদ্যাপঞ্চাননৰদ্বাৰা অনূদিত মহাভাৰতৰ এটি পৰ্ব, ৰামচৰণ ঠাকুৰ বিৰচিত শংকৰ গুৰু চৰিত, ৰামানন্দদেৱকৃত 'মহামোহ কাব্য', শ্ৰীৰামদেৱ বিৰচিত 'ভক্তিবিবেক', 'বৃন্দাবনচন্দ্ৰ', 'ভক্তিছন্দমালা', 'ভক্তিৰত্ন', গীতৰ পুথি 'তত্ত্ব মকৰন্দ', ঘোষাৰ পুথি 'সৰুঘোষা', 'শান্তিশতক' আৰু বসুদেৱ দ্বিজকৃত 'শ্ৰীৰামদেৱ চৰিত' উল্লেখযোগ্য। সত্ৰত প্ৰাকশংকৰ যুগৰ সাহিত্যিক সমলো সাঁচিপাতৰ পুথিৰ মাজত পোৱা যায়।

সাহিত্যক্ষেত্ৰলৈ অৱদান

[সম্পাদনা কৰক]

প্ৰাচীন অসমীয়া সাহিত্যৰ জগতখনলৈ চলিহা বাৰেঘৰ সত্ৰৰ প্ৰচুৰ অৱদান আছে। এই সত্ৰৰ কেইবাজনো সত্ৰাধিকাৰেই গীত-মাত ৰচনা কৰাৰ লগতে অংকীয়া নাট ৰচনা কৰিছিল। তলৰ তালিকাত অসমীয়া নাট্য সাহিত্যলৈ এই সত্ৰৰ অৱদানসমূহ উল্লেখ কৰা হৈছে‍-

নাট্যকাৰসকলৰ নাম নাটৰ নাম
শ্ৰীকৃষ্ণদেৱ ১। ভাৰ্গৱবিজয়

২। ভৃগুমুনি‍ৰ গুৰুপৰিচয়

সুদৰ্শনদেৱ ১। য‍জ্ঞ‍োৎপত্তি নাৰায়ণ

২। দুৰ্বাসাদমন

শ্ৰীৰামদেৱ ১। ভীষ্মমোক্ষণ

২। বলিছলন ৩। পৰীক্ষিত মোক্ষণ ৪। অজামিল উপাখ্যান

পূৰ্ণকামদেৱ ১। শ্ৰীকৃষ্ণৰ শিশুলীলা

২। ৰাজসূয় ৩। মহেশমোহন ৪। ৰামবিজয়

ৰঘুনাথদেৱ ১। প্ৰদ্যুম্নহৰণ
ব্ৰজনাথদেৱ ১। ভানুমতীহৰণ

২। নিকুম্ভ দৈত্যবধ ৩। বজ্ৰনাভ বধ ৪। কাশীনাথ পৌণ্ড্ৰকবধ

লক্ষ্মীনাথদেৱ ১। পৃথু ৰজাৰ শতাশ্বমেধ

২। কৰ্দম দেৱহুতিৰ বিবাহ

শিৱচন্দ্ৰদেৱ ১। সিন্ধুৰাপৰ্ব

২। বিৰাটপৰ্ব ৩। বালিবধ

মহেশচন্দ্ৰদেৱ ১। শ্ৰীকৃষ্ণৰ বৈকুণ্ঠপ্ৰয়াণ
গোপালকৃষ্ণদেৱ ১। শঙ্খচূড়বধ

২। ৰাৱণবধ ৩। কুৱলাশ্ব উপাখ্যান ৪। মৰুৎযজ্ঞ ৫। পৰশুৰামৰ কাৰ্তবীৰ্য বধ ৬। সুধন্বাবধ ৭। ত্ৰিপুৰাসুৰবধ ৮। গয়াসুৰৰ হৰিপদ লাভ ৯। শৈলবধ ১০। শকুনিবধ ১১। গদাপৰ্ব ১২। হৰ্ষবিষাদত দুৰ্য‍োধনৰ মৃত্যু ১৩। খাণ্ডৱদাহ ১৪। সুভদ্ৰাহৰণ ১৫। কৰ্ণপৰ্ব ১৬। কল্কিদিগ্বিজয় ১৭। কালকুঞ্জ খটাসুৰ বধ ১৮। অৰ্জুনৰ দৰ্পচূৰ্ণ ১৯। বিপ্ৰপুত্ৰ আনয়ন ২০। জলদাসুৰবধ

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

১.বসুদেৱ দ্বিজ কৃত শ্ৰীৰামদেৱ চৰিত, প্ৰকাশক: মিহিৰচন্দ্ৰ মহন্ত, ১৯৬৫ চন

২. পৱিত্ৰ অসম, পৃষ্ঠা নং- ১০৬-১০৮, সংকলন-সম্পাদনা: ড° মহেশ্বৰ নেওগ

৩. অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ চৰকাৰী ৱেবছাইট https://tirap.nic.in/history

৪. মঞ্চলেখা, সাহিত্যাচৰ্য অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্ছ বুক ষ্টল, দ্বিতীয় প্ৰকাশ, পৃষ্ঠা নং ৮৪-৮৫

৫. অসমৰ পুথিচিত্ৰ, ড° নৰেন কলিতা, প্ৰকাশক : অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ ডিচেম্বৰ ১৯৯৬