চহৰেহ আঘদাচলু
| চহৰেহ আঘদাচলু | |
|---|---|
২০১৯ চনত ছান ডিয়েগো কমিক-কনত আঘদাচলু | |
| স্থানীয় নাম | شهره آغداشلو |
| জন্ম | চহৰেহ ৱাজিৰী-তাবাৰ ১১ মে', ১৯৫২ (৭৪ বছৰ)[1] ইৰানৰ ৰাজধানী তেহৰান |
| নাগৰিকত্ব | ইৰান, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| শিক্ষানুষ্ঠান | ব্ৰুনেল বিশ্ববিদ্যালয় |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৭৬–বৰ্তমান |
| দাম্পত্যসঙ্গী |
|
| সন্তান | ১ |
চহৰেহ আঘদাচলু (জন্ম: ১১ মে', ১৯৫২) হৈছে এগৰাকী ইৰানীয়-আমেৰিকান অভিনেত্ৰী। তেওঁ এটা প্ৰাইমটাইম এমী বঁটা আৰু এটা চেটেলাইট বঁটা লাভ কৰাৰ উপৰি এটা একাডেমী বঁটা (অস্কাৰ)ৰ বাবেও মনোনয়ন লাভ কৰিছে।[2]
মঞ্চত কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰাৰ পাছত, তেওঁ ১৯৭৬ চনত চেছ অৱ দ্য উইণ্ড চলচ্চিত্ৰৰ জৰিয়তে ছবিজগতত আত্মপ্ৰকাশ কৰে। তেওঁৰ পৰৱৰ্তী দুখন চলচ্চিত্ৰ দ্য ৰিপোৰ্ট (১৯৭৭) আৰু সূটেহ ডেলান (১৯৭৭) চিনেমা সমালোচকৰদ্বাৰা প্ৰশংসিত হয় আৰু ই আঘদাচলুক ইৰানৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে, যদিও ছবিকেইখন ইৰানত নিষিদ্ধ কৰা হৈছিল।
১৯৭৯ চনত ইৰানৰ বিপ্লৱৰ সময়ত আঘদাচলুৱে ইংলেণ্ডলৈ আৰু তাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰে আৰু পৰৱৰ্তী সময়ত আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰে। টেলিভিছন আৰু চলচ্চিত্ৰত কেইবাবছৰ ধৰি সৰু সৰু চৰিত্ৰত অভিনয় কৰাৰ পাছত, হাউচ অৱ চেণ্ড এণ্ড ফগ (২০০৩) চলচ্চিত্ৰত কৰা অভিনয়ে তেওঁলৈ কেইবাটাও চলচ্চিত্ৰ সমালোচকৰ বঁটা আৰু শ্ৰেষ্ঠ সহকাৰী অভিনেত্ৰীৰ একাডেমী বঁটাৰ মনোনয়ন কঢ়িয়াই আনে। তেওঁ অভিনয় কৰা অন্যান্য চলচ্চিত্ৰসমূহৰ ভিতৰত দ্য এক্সৰ্চিজম অৱ এমিলি ৰোজ (২০০৫), এক্স-মেন: দ্য লাষ্ট ষ্টেণ্ড (২০০৬), দ্য নেটিভিটি ষ্ট’ৰী (২০০লুকআপ), দ্য অড লাইফ অৱ টিমথি গ্ৰীণ (২০১৩) আৰু ষ্টাৰ ট্ৰেক বিয়ণ্ড (২০১৬) অন্যতম।
টেলিভিছনৰ ক্ষেত্ৰত তেওঁ ২৪ ধাৰাবাহিকৰ চতুৰ্থ সংস্কৰণত দিনা আৰাজ আৰু দ্য এক্সপেন্স (২০১৫-২০২২) ধাৰাবাহিকত ক্ৰিচজেন আভাছাৰালা চৰিত্ৰৰ বাবে বেছিকৈ জনাজাত।[3] হাউচ অৱ চাদ্দাম (২০০৮) নামৰ এইচবিঅৰ মিনি-ধাৰাবাহিকত মৰ্যাদাপূৰ্ণ চজিদা টালফাহ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ এটি লিমিটেড চিৰিজ বা মুভীৰ আউটষ্টেণ্ডিং ছাপৰ্টিং এক্ট্ৰেছ শাখাত প্ৰাইমটাইম এমী বঁটা লাভ কৰে। ২০১৩ চনত তেওঁ দ্য এলি অৱ লাভ এণ্ড য়েল্ল জেচমিন্স শীৰ্ষক আত্মজীৱনী প্ৰকাশ কৰে।[4] ২০২১ চনত তেওঁ নেটফ্লিক্সৰ এনিমেটেড ধাৰাবাহিক আৰ্কেনত গ্ৰেছন চৰিত্ৰৰ বাবে কণ্ঠদান কৰে। ২০২৪ চনত আঘদাচলুৱে নেটফ্লিক্সৰ চিনেমা ডেমচেলত ড্ৰেগনৰ চৰিত্ৰত কণ্ঠ দিছিল। ইয়াৰ উপৰি তেওঁ মাছ ইফেক্ট ২ আৰু ৩ নামৰ ভিডিঅ গেমত এডমিৰেল ৰান আৰু ২০২৩ চনৰ এচাচিন্স ক্ৰীড মিৰাজত ৰোচন চৰিত্ৰৰ বাবেও কণ্ঠদান কৰিছে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]নিজৰ দেশ এৰি থৈ অহাৰ পাছত ৰাজনীতিৰ প্ৰতি থকা আগ্ৰহৰ বাবেই আঘদাচলুৱে লণ্ডনৰ ব্ৰুনেল বিশ্ববিদ্যালয়ৰপৰা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে [5]। শৈশৱতে মাক-দেউতাকে লণ্ডনলৈ লৈ যোৱাৰ বাবে তেওঁ ব্ৰিটেইনৰ পৰিৱেশৰ সৈতে আগৰেপৰাই পৰিচিত আছিল। ইয়াৰ পিছত তেওঁ অভিনয় জীৱন আগুৱাই লৈ যায় আৰু ই তেওঁক লছ এঞ্জেলছলৈ লৈ আহে। তেতিয়াৰেপৰা তেওঁ স্বামী হোচাং তৌজিৰ কেইবাখনো নাটকত অভিনয় কৰিছে আৰু দেশীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, বিশেষকৈ ইৰানৰ প্ৰবাসী সমাজৰ মাজত সেইসমূহ সফলতাৰে প্ৰদৰ্শন কৰিছে [6]। এটা মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰিলেও তেওঁ উল্লেখ কৰিছে যে তেওঁ কোনো ধৰ্মীয় নীতি-নিয়ম পালন নকৰে [7]।
কৰ্মজীৱন
[সম্পাদনা কৰক]
আঘদাচলুৱে প্ৰথমবাৰৰ বাবে ১৯ বছৰ বয়সত নাট্য অভিনেত্ৰী হিচাপে কাম আৰম্ভ কৰে, যেতিয়া তেওঁ দ্য নেৰ ৰোড টু দ্য ডীপ নৰ্থ (১৯৭৩) উপন্যাসৰ নাট্য ৰূপান্তৰত অভিনয় কৰিছিল [8]। ১৯৮৯ চনত গেষ্টছ অৱ হোটেল এষ্টৰিয়া চলচ্চিত্ৰৰ জৰিয়তে আঘদাচলুৱে আমেৰিকাৰ ছবিত আত্মপ্ৰকাশ কৰে। ১৯৯০ চনত এনবিচি টিভিৰ ধাৰাবাহিক মেটেলকৰ দুঘণ্টীয়া বিশেষ খণ্ড "নাওৱেৰ টু টাৰ্ন: এ মেটেলক মিষ্ট্ৰী মুভী"ৰ এটি অতিথি চৰিত্ৰৰ জৰিয়তে তেওঁ টেলিভিছন জগতত পদাৰ্পণ কৰে। ইয়াৰ পিছৰ বছৰবোৰত তেওঁক মাজে-সময়ে পৰ্দাত দেখা গৈছিল, যাৰ ভিতৰত কামছাদ কুচানৰ ৰচনা আৰু পৰিচালনাত নিৰ্মিত তথা দৰ্শক-সমালোচকৰদ্বাৰা বেয়াকৈ প্ৰত্যাখাত হোৱা ছাৰ্ভাইভিং পেৰাডাইজ (২০০০) অন্যতম [9][10][11]।
২০০১ চনত পৰিচালক ভাদিম পেৰেলমেনৰ হাউচ অৱ চেণ্ড এণ্ড ফগ (২০০৩) চলচ্চিত্ৰত বেন কিংস্লে আৰু জেনিফাৰ কনেলীৰ বিপৰীতে আঘদাচলুক কাষ্টিং কৰা হয় [12]। এই ছবিখনৰ বাবেই তেওঁ শ্ৰেষ্ঠ সহকাৰী অভিনেত্ৰীৰ একাডেমী বঁটাৰ বাবে মনোনীত হৈছিল [13]। ইয়াৰ পিছতে তেওঁ ফক্স টেলিভিছন ধাৰাবাহিক ২৪ৰ চতুৰ্থ সংস্কৰণত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ লাভ কৰে [14]। ইয়াত তেওঁ লছ এঞ্জেলছত এগৰাকী চহকী গৃহিণী আৰু মাতৃৰ ছদ্মবেশত থকা সন্ত্ৰাসবাদী দিনা আৰাজৰ চৰিত্ৰত অভিনয় কৰিছিল। টাইম আলোচনীবীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আঘদাচলুৱে কয় যে যদিও তেওঁ পূৰ্বে মুছলমানসকলক সন্ত্ৰাসবাদী হিচাপে দেখুওৱা গতানুগতিক ধাৰণাটোক প্ৰশ্ৰয় নিদিবলৈ চেষ্টা কৰিছিল, তথাপি এই চৰিত্ৰটোৰ গভীৰতা আৰু জটিলতাই তেওঁক এই চৰিত্ৰটো গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল। ইয়াৰ পিছৰ সময়ছোৱাত আঘদাচলুৱে কেইবাখনো জনপ্ৰিয় টেলিভিছন ধাৰাবাহিক যেনে উইল এণ্ড গ্ৰেচ, ইআৰ আৰু গ্ৰেজ এনাটমীত অতিথি শিল্পী হিচাপে অভিনয় কৰে। ইয়াৰ উপৰি তেওঁ এক্স-মেন: দ্য লাষ্ট ষ্টেণ্ডত ড° কবিতা ৰাও, দ্য লেক হাউচ, দ্য নেটিভিটি ষ্ট’ৰীত এলিজাবেথ আৰু দ্য চিষ্টাৰহুড অৱ দ্য ট্ৰেভেলিং পেণ্টছ ২ৰ দৰে চলচ্চিত্ৰত সহকাৰী চৰিত্ৰত অভিনয় কৰে।
২০০৮ চনত আঘদাচলুৱে লছ এঞ্জেলছত অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক নুৰ ইৰানীয় চলচ্চিত্ৰ মহোৎসৱত অফিচিয়েল জুৰী হিচাপে সেৱা আগবঢ়ায়। একেটা বছৰতে তেওঁ দ্য ষ্টোনিং অৱ চুৰায়া এম. ছবিত জহ্ৰা খানুমৰ মুখ্য চৰিত্ৰত অভিনয় কৰে [15]। ই আছিল আমেৰিকাৰ পূৰ্ণদৈৰ্ঘ্য ছবিত তেওঁৰ প্ৰথম মুখ্য চৰিত্ৰ। অৱশ্যে চলচ্চিত্ৰ বিশেষজ্ঞ হামিদ নাফিচিয়ে এই ছবিখনত তেওঁৰ চৰিত্ৰটোক সমালোচনা কৰি কয় যে ই "মধ্য প্ৰাচ্যৰ বা ইৰানীয়সকলক লৈ গতানুগতিক নেতিবাচক ধাৰণা সৃষ্টি কৰা ছবিত অভিনয় নকৰাৰ তেওঁৰ প্ৰতিজ্ঞাক অৱমাননা কৰিছে" [16]। একে বছৰতে তেওঁ এইচবিঅৰ মিনি ধাৰাবাহিক হাউচ অৱ চাদ্দামত চজিদা টালফাহৰ চৰিত্ৰ ৰূপায়ণ কৰে, যাৰ বাবে তেওঁ প্ৰাইমটাইম এমী বঁটা লাভ কৰে। ২০০৯ চনৰ ১২ ছেপ্টেম্বৰত জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ লিচনাৰ অডিটৰিয়ামত ১৪০০তকৈও অধিক লোকৰ সমাৱেশত আঘদাচলু, লেখিকা ড° আজাৰ নাফিচি আৰু ড° ড্ৱাইট বছিৰে ইৰানত মানৱ অধিকাৰ খৰ্ব আৰু বাহায়ী ধৰ্মাৱলম্বীসকলৰ ওপৰত চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে মাত মাতে [17]। আঘদাচলুৰ এই ভাষণ ইউটিউবত আপলোড কৰা হৈছিল [18]। ২০১০ চনৰ ৯ অক্টোবৰত পাব্লিক এফেয়াৰ্চ এলায়েন্স অৱ ইৰানিয়ান আমেৰিকানচে আঘদাচলুক তেওঁলোকৰ প্ৰথম বাৰ্ষিক অনুষ্ঠানত কেৰিয়াৰ এচিভমেণ্ট এৱাৰ্ড প্ৰদান কৰে [19]।
আঘদাচলুৱে নিৰন্তৰভাৱে চলচ্চিত্ৰ যেনে দ্য অড লাইফ অৱ টিমথি গ্ৰীণ, ছেপ্টেম্বৰ্চ অৱ চিৰাজ আৰু ষ্টাৰ ট্ৰেক বিয়ণ্ড আদিৰ উপৰি টেলিভিছনত অতিথি শিল্পী হিচাপে কাম কৰি গৈছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Poskitt, Matt (October 5, 2023). "Who is Shohreh Aghdashloo? Meet the Roshan voice actor from AC Mirage". Radio Times. https://www.radiotimes.com/technology/gaming/shohreh-aghdashloo-assassins-creed-mirage/। আহৰণ কৰা হৈছে: April 12, 2025.
- ↑ SpottinGames (2022-09-11). Shohreh Aghdashloo Talks About Assassins Creed Mirage | Ubisoft Forward 2022. Archived from the original on December 14, 2025. Retrieved 2025-08-13. Unknown parameter
|url-status=ignored (help) - ↑ Hibberd, James. "Syfys The Expanse space drama casts Shohreh Aghdashloo". Entertainment Weekly (Entertainment Weekly). Archived from the original on September 2, 2014. https://web.archive.org/web/20140902061443/http://insidetv.ew.com/2014/08/20/the-expanse-aghdashloo/। আহৰণ কৰা হৈছে: September 12, 2014.
- ↑ World Archipelago. "The Alley of Love and Yellow Jasmines". HarperCollins US. https://www.harpercollins.com/products/the-alley-of-love-and-yellow-jasmines-shohreh-aghdashloo?variant=32205638238242। আহৰণ কৰা হৈছে: October 20, 2013.
- ↑ "Brunel University". January 29, 2015. https://www.realegitim.com/brunel-university/। আহৰণ কৰা হৈছে: April 12, 2018.
- ↑ উৎস: হাউচ অৱ চেণ্ড এণ্ড ফগ ডিভিডি – জীৱনী
- ↑ Balfour, Brad (June 28, 2009). "Iranian Actress Shohreh Aghdashloo Speaks Out Loudly About The Stoning of Soraya M.". HuffPost. https://www.huffingtonpost.com/brad-balfour/iranian-actress-shohreh-a_b_221992.html। আহৰণ কৰা হৈছে: March 24, 2018.
- ↑ "Shohreh Aghdashloo – "I had to fight for every right. For my basic right!"" (en-US ভাষাত). YouTube. December 10, 2017. https://www.youtube.com/watch?v=JDcKl-8tj6Y। আহৰণ কৰা হৈছে: June 24, 2020.
- ↑ "Surviving Paradise: Iranian Kids on the Loose" (en-US ভাষাত). Los Angeles Times. June 30, 2000. https://www.latimes.com/archives/la-xpm-2000-jun-30-ca-46270-story.html। আহৰণ কৰা হৈছে: December 12, 2019.
- ↑ Stack, Peter; Guthmann, Edward; LaSalle, Mick (September 29, 2000). "FILM CLIPS / Also opening today". SFGate. https://www.sfgate.com/movies/article/FILM-CLIPS-Also-opening-today-2736336.php। আহৰণ কৰা হৈছে: December 12, 2019.
- ↑ "Film Search Results". July 7, 2001. http://www.laweekly.com/film/film_results.php3?showid=1205। আহৰণ কৰা হৈছে: December 12, 2019.
- ↑ "House of Sand and Fog Movie – Shohreh Aghdashloo Interview". Movies.about.com. June 17, 2010. Archived from the original on January 11, 2011. https://web.archive.org/web/20110111193849/http://movies.about.com/cs/houseofsandandfog/a/hsofsa121203.htm। আহৰণ কৰা হৈছে: July 26, 2010.
- ↑ "Q&A: Shohreh Aghdashloo". TIME. January 24, 2005. Archived from the original on August 25, 2013. https://web.archive.org/web/20130825224221/http://www.time.com/time/magazine/article/0,9171,1018068,00.html। আহৰণ কৰা হৈছে: July 26, 2010.
- ↑ Bianco, Robert (May 21, 2010). "At the end of the day, Jack Bauer and 24 delivered". Usatoday.Com. https://www.usatoday.com/life/television/reviews/2010-05-19-24appreciation19_ST_N.htm। আহৰণ কৰা হৈছে: July 26, 2010.
- ↑ "Shohreh speaks against stoning". Dailymailnews.com. July 17, 2010. http://dailymailnews.com/0710/17/ShowBiz/index.php?id=3। আহৰণ কৰা হৈছে: July 26, 2010.
- ↑ Naficy, Hamid (2012). A Social History of Iranian Cinema, Vol. 4: The Globalizing Era, 1984–2010. Duke University Press. পৃষ্ঠা. 289.
- ↑ "Azar Nafisi, Shohreh Aghdashloo and Dwight Bashir Join Swelling Chorus in Support of Iranian Bahais". Baháí Community of DC, News & Events (Bahai Faith, Washington DC). September 12, 2009. Archived from the original on December 23, 2010. https://web.archive.org/web/20101223051732/http://dcbahai.org/news-and-events/74-iranevent09.
- ↑ Aghdashloo, Shohreh (September 21, 2009). "Shohreh Aghdashloo on Bahai Human Rights in Iran". ctcny9. https://www.youtube.com/watch?v=Yeb_HDTRkbA। আহৰণ কৰা হৈছে: September 26, 2009.
- ↑ "Announcing the First PAAIA Annual Gala" https://web.archive.org/web/20100927165640/http://www.paaia.org/CMS/announcing-the-first-paaia-annual-gala-.aspx, Public Affairs Alliance of Iranian Americans, October 9, 2010
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত চহৰেহ আঘদাচলু সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- চহৰেহ আঘদাচলু সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- চহৰেহ আঘদাচলু at the TCM Movie Database
- The Shohreh Aghdashloo You Need to Know Archived 2015-07-28 at the Wayback Machine
- Her heritage and family website