সমললৈ যাওক

চাঁওতাল জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাঁওতাল
পৰম্পৰাগত সাজ-পোছাকত বাহা পৰৱ উদ্‌যাপন কৰা একাংশ চাঁওতাল লোক
মুঠ জনসংখ্যা
প্ৰায় ৭.৫  নিযুত
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
 ভাৰত •  বাংলাদেশ •  নেপাল
 ভাৰত:
       ঝাৰখণ্ড

২৭,৫৪,৭২৩[1]
       পশ্চিম বংগ ২৫,১২,৩৩১[1]
       ওড়িশা ৮,৯৪,৭৬৪[1]
       বিহাৰ ৪,০৬,০৭৬[1]
       অসম ২,১৩,১৩৯[2]
        ত্ৰিপুৰা ২,৯১৩ [3]
 বাংলাদেশ ১,২৯,০৪৯ (২০২১) [4]
 নেপাল ৫১,৭৩৫ [5]
ভাষাসমূহ

চাঁоতালি

ধৰ্ম

২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি
অধিকাংশ:
হিন্দু ধৰ্ম
সংখ্যালঘু:
পৰম্পৰাগত লোকধৰ্ম (সাৰি ধৰ্ম, সৰনা ধৰ্ম)
ইছলাম ধৰ্ম
খ্ৰীষ্ট ধৰ্ম, বৌদ্ধ ধৰ্ম, অন্যান্য[6]

চাঁওতাল (ইংৰাজী: Santal বা Santhal) হৈছে ভাৰতীয় উপমহাদেশৰ অষ্ট্ৰ’-এছিয়াটিক ভাষাভাষী মুণ্ডা নৃগোষ্ঠীয় মূলৰ এটা প্ৰধান আদিবাসী জনগোষ্ঠী।[7] তেওঁলোকে ভাৰতৰ ঝাৰখণ্ড আৰু পশ্চিম বংগ ৰাজ্যৰ আটাইতকৈ বৃহৎ জনজাতীয় সম্প্ৰদায় গঠন কৰিছে। ইয়াৰ উপৰি ওড়িশা, বিহাৰ, অসম আৰু ত্ৰিপুৰাতো তেওঁলোকৰ বসতি আছে। উত্তৰ বাংলাদেশৰ ৰাজশাহী বিভাগ আৰু ৰংপুৰ বিভাগত বসবাস কৰা সংখ্যালঘু নৃগোষ্ঠীসমূহৰ ভিতৰত চাঁওতালসকলেই আটাইতকৈ বৃহৎ জনগোষ্ঠী। নেপালতো এই জনগোষ্ঠীৰ উল্লেখনীয় জনসংখ্যা আছে। চাঁওতালসকলে মূলত চাঁওতালি ভাষাত কথা পাতে, যিটো অষ্ট্ৰ’-এছিয়াটিক ভাষা পৰিয়ালৰ মুণ্ডা উপ-পৰিয়ালৰ ভিতৰত আটাইতকৈ বেছি প্ৰচলিত ভাষা।

নামকৰণ বা শব্দৰ উৎপত্তি

[সম্পাদনা কৰক]

'চাঁওতাল' (Santal) শব্দটো সম্ভৱতঃ এটা বহিৰ্নাম বা এক্স'নিমৰ পৰা উদ্ভৱ হৈছে। চাঁওতাল নামটোৰ মূল উৎস সংস্কৃত শব্দ 'সামন্ত পাল' (অৰ্থাৎ সীমান্তৰ ৰক্ষক) বুলি ধাৰণা কৰা হয়, যিটো মধ্যযুগত সলনি হৈ 'সামন্ত আল' শব্দলৈ ৰূপান্তৰিত হয়। প্ৰাচীন মেদিনীপুৰৰ এটা অংশক 'চাওঁতা' বা 'সামন্তভূমি' বুলি কোৱা হৈছিল। কালক্ৰমত সামন্ত পাল > চাওঁতা আল > চাওঁতাল ক্ৰমবিকাশৰ মাজেৰে আধুনিক 'চাঁওতাল' শব্দটো প্ৰচলিত হয়।[8] এই শব্দটোৱে পশ্চিম বংগৰ মেদিনীপুৰ অঞ্চলৰ প্ৰাক্তন শীলদাৰ 'চাওঁত' (Saont) অঞ্চলৰ বাসিন্দাসকলক বুজায়।[upper-alpha 1][9] সংস্কৃত শব্দ 'সামন্ত' বা বাংলা 'চাওঁত' শব্দৰ অৰ্থ হৈছে 'সমতল ভূমি'।[10] তেওঁলোকৰ নিজস্ব জাতিবাচক নাম বা এথন'নিম হৈছে 'হড় হপন', যাৰ আক্ষৰিক অৰ্থ হৈছে "মানুহৰ সন্তান"।[upper-alpha 2]

উল্লেখযোগ্য ব্যক্তি

[সম্পাদনা কৰক]

আৰু চাওক

[সম্পাদনা কৰক]
  1. ↑ Schulte-Droesch 2018, পৃষ্ঠা 3
  2. ↑ Somers 1979, পৃষ্ঠা 5

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 "A-11 Individual Scheduled Tribe Primary Census Abstract Data and its Appendix". Office of the Registrar General & Census Commissioner, Indiacensusindia.gov.in. http://www.censusindia.gov.in/2011census/PCA/ST.html। আহৰণ কৰা হৈছে: 18 November 2017.
  2. ↑ "C-16 Population By Mother Tongue". Office of the Registrar General & Census Commissioner, Indiacensusindia.gov.in. http://www.censusindia.gov.in/2011census/C-16/DDW-C16-STMT-MDDS-1800.XLSX। আহৰণ কৰা হৈছে: 3 November 2019.
  3. ↑ "A-11 Appendix: District wise scheduled tribe population (Appendix), Tripura - 2011". Office of the Registrar General & Census Commissioner, Indiacensusindia.gov.in. https://censusindia.gov.in/nada/index.php/catalog/43015/download/46683/ST-16-PCA-A11-APPENDIX.xlsx.
  4. ↑ "Table 1.4 Ethnic Population by Group and Sex" (bn ভাষাত). Bangladesh Bureau of Statistics. 2021. পৃষ্ঠা: 34. http://bbs.portal.gov.bd/sites/default/files/files/bbs.portal.gov.bd/page/b343a8b4_956b_45ca_872f_4cf9b2f1a6e0/2022-07-28-14-31-b21f81d1c15171f1770c661020381666.pdf.
  5. ↑ "National Population and Housing Census 2011: Social Characteristics Tables". Nepal Census. Archived from the original on 14 March 2023. https://web.archive.org/web/20230314170005/https://cbs.gov.np/wp-content/upLoads/2018/12/Volume05Part02.pdf। আহৰণ কৰা হৈছে: 4 March 2021.
  6. ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "censusindia.gov.in" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  7. ↑ Cavallaro, Francesco; Rahman, Tania. "The Santals of Bangladesh". Nayang Technical Universityntu.edu.sg. Archived from the original on 9 November 2016. https://web.archive.org/web/20161109161200/http://www3.ntu.edu.sg/home/cfcavallaro/Pdf%20files/Cavallaro%20and%20Rahman%202009.pdf। আহৰণ কৰা হৈছে: 17 November 2017.
  8. ↑ Sukumar Sen. "Itihas". পৃষ্ঠা: 19. https://archive.org/details/dli.calcutta.01172/page/n24/mode/1up.
  9. ↑ Census 1961, west bengal-district handbook, Midnapore. The superintendent, government printing, West Bengal. 1966. পৃষ্ঠা. 58. http://lsi.gov.in:8081/jspui/bitstream/123456789/5131/1/22153_1961_MID.pdf.
  10. ↑ Encyclopaedia of Scheduled Tribes in Jharkhand. Gyan Publishing House. 2010. পৃষ্ঠা. 213. ISBN 9788178351216. https://books.google.com/books?id=W5dVaq4_cLoC&pg=PA213.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]