চাঁওতাল সংস্কৃতি সংগ্ৰহালয়
| চাঁওতাল সংস্কৃতি সংগ্ৰহালয় ᱥᱟᱱᱛᱟᱞ ᱟᱹᱨᱤᱪᱟᱹᱞᱤ ᱫᱚᱦᱚ ᱡᱚᱜᱟᱣ ᱵᱟᱠᱷᱚᱞ | |
|---|---|
| প্ৰতিষ্ঠা | ২০০৭ |
| অৱস্থিতি | বিষ্ণুবাটি, বীৰভূম, পশ্চিম বংগ |
| প্ৰকাৰ | সামূহিক সংগ্ৰহালয় |
| কিউৰেটৰ | বিমল বাস্কি |
| গৰাকী | বিষ্ণুবাটি আদিবাসী মৰ্শাল সংঘ (BAMS) |



চাঁওতাল সংস্কৃতি সংগ্ৰহালয় (ইংৰাজী: Museum of Santal Culture) হৈছে পশ্চিম বংগৰ বিষ্ণুবাটি গাঁৱত অৱস্থিত এটা ব্যক্তিগত সামূহিক সংগ্ৰহালয়।[1][2] সম্প্ৰদায়ৰ দ্বাৰা সঞ্চালিত এই সংগ্ৰহালয়টোৱে অঞ্চলটোত বহুলাংশে প্ৰচলিত চাওতাল সম্প্ৰদায়ৰ ইতিহাসৰ নথিকৰণ কৰে, য’ত তেওঁলোকৰ অতীত, তেওঁলোকৰ স্মৃতি আৰু পৰম্পৰাগত জীৱন-ধাৰণৰ পদ্ধতি অন্তৰ্ভুক্ত হৈছে। পশ্চিম বংগৰ বীৰভূম জিলাৰ "৭০০তকৈ কম লোক"ৰ বসতিস্থল চাঁওতালি গাওঁ বিষ্ণুবাটিৰ আন সদস্যসকলৰ সহযোগত শিক্ষাবিদ ড° বৰো বাস্কিয়ে এই সংগ্ৰহালয়টো প্ৰতিষ্ঠা কৰিছিল।[3]
প্ৰেক্ষাপট
[সম্পাদনা কৰক]২০০৭ চনত ভাৰতীয় সংগ্ৰহালয়ৰ সহায়ত প্ৰতিষ্ঠা হোৱা চাঁওতাল সংস্কৃতি সংগ্ৰহালয় হৈছে চাঁওতাল সম্প্ৰদায়ৰ সদস্যসকলে সম্পূৰ্ণৰূপে নিজৰ লোকসকলৰ বাবে পৰিচালনা কৰা সংগ্ৰহালয়। সংগ্ৰহালয়টোৰ সহ-প্ৰতিষ্ঠাপকসকলৰ অন্যতম ড° বড়ো বাস্কিৰ মতে, "সংগ্ৰহালয়টোৰ চাঁওতালী নাম হৈছে ‘’সন্তল আৰিচালিদোহো-জোগাও বাখোল’’, যাৰ অনুবাদ হৈছে চাঁওতাল সংস্কৃতি আৰু ঐতিহ্যৰ চোৱাচিতা কৰা গৃহ।"[4] একস্তৰীয় ঘৰটোৰ স্থাপত্য পৰম্পৰাগত চাঁওতালী ঘৰৰ বেৰত থকা পৰম্পৰাগত চিত্ৰৰ সৈতে সাদৃশ্য আছে। ইয়াক কেৱল চাঁওতালীৰ অতীতক চিত্ৰিত কৰা বৈচিত্ৰময় সামগ্ৰীসমূহ প্ৰদৰ্শনৰ বাবে উৎসৰ্গিত কৰা হৈছে। সংগ্ৰহৰ অধিকাংশই স্থানীয় বাসিন্দাসকলে দান কৰিছিল। কিছুমান বিৰল সামগ্ৰী কিনা হৈছিল আৰু আন কিছুমান বাঁকুৰা জিলাৰ অন্যান্য চাঁওতালী অঞ্চল আৰু ঝাৰখণ্ডৰ চাঁওতালী পৰগনাৰ কিছুমান ঠাইৰ পৰাও আহৰণ কৰা হৈছিল।[5]
সংগ্ৰহ
[সম্পাদনা কৰক]সংগ্ৰহালয়টোত চাঁওতাল সংস্কৃতিৰ সৈতে জড়িত ১৫০টা সামগ্ৰী আছে আৰু ইয়াক ছটা সুকীয়া শ্ৰেণীত উপস্থাপন কৰা হৈছে- চিকাৰৰ সামগ্ৰী, বাদ্যযন্ত্ৰ, সাজ-পোছাক আৰু অলংকাৰ, ঘৰুৱা সামগ্ৰী, চাঁওতালসকলৰ পুৰণি ফটো আৰু শিলেৰে নিৰ্মিত চাঁওতাল ভাস্কৰ্য্য।[6] কিছুমান বিৰল সামগ্ৰীৰ ভিতৰত চাঁওতালসকলৰ প্ৰাচীন বাদ্যযন্ত্ৰ বানম (এক ধৰণৰ বীণা) অন্যতম।[7]
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ "Dorfentwicklung Indien: Santal Museum". www.dorfentwicklung-indien.de. https://www.dorfentwicklung-indien.de/en/santal-culture/santal-museum/। আহৰণ কৰা হৈছে: 2023-06-27.
- ↑ "Visiting the Museum of Santal Culture,West Bengal". indiantribalheritage.org. Archived from the original on 2023-06-27. https://web.archive.org/web/20230627130502/https://indiantribalheritage.org/?page_id=19063। আহৰণ কৰা হৈছে: 2023-06-27.
- ↑ "Meet Boro Baski: The Educator Who Set Up a School for Indigenous Children in West Bengal" (en-US ভাষাত). The New Leam. 2020-02-22. Archived from the original on 2023-06-27. https://web.archive.org/web/20230627130511/https://www.thenewleam.com/2020/02/meet-boro-baski-the-educator-who-set-up-a-school-for-indigenous-children-in-west-bengal/। আহৰণ কৰা হৈছে: 2023-06-27.
- ↑ Baski, Boro (2021-02-19). "The Museum of Santal Culture in Bishnubati" (en-US ভাষাত). Articulate. Archived from the original on 2023-06-27. https://web.archive.org/web/20230627130501/https://articulate.org.in/the-museum-of-santal-culture-in-bishnubati/। আহৰণ কৰা হৈছে: 2023-06-27.
- ↑ "In West Bengal’s Birbhum, a unique community museum that archives Santal history and culture" (en ভাষাত). The Indian Express. 2022-04-10. https://indianexpress.com/article/cities/kolkata/west-bengals-birbhum-unique-community-museum-archives-santal-history-culture-7862489/। আহৰণ কৰা হৈছে: 2023-06-27.
- ↑ Boro Baski (2017-11-20). Museum of Santal Culture: A Catalogue on Santal Cultural Items. http://archive.org/details/Catalogue-Museum-of-Santal-Culture-Bishnubati.
- ↑ "eBook | Free catalogue: Banam: One of the ancient musical instruments of the Santals – West Bengal – Tribal Cultural Heritage in India". indiantribalheritage.org. Archived from the original on 2023-06-27. https://web.archive.org/web/20230627130500/https://indiantribalheritage.org/?p=30075। আহৰণ কৰা হৈছে: 2023-06-27.
অধিক পঠন
[সম্পাদনা কৰক]- Hembrom, Ruby. (n.d.). "Bodding and the Santal people: entwined in timelessness." Published: Museum of Cultural History, University of Oslo. Accessed here.
- Hembrom, Ruby. (n.d.). "My Life. My telling. In my voice." Accessed here.
- Kämpchen, Martin. (2006). "Santals reach out to the World." India International Centre Quarterly, 32(4), 100–109. সাঁচ:JSTOR
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Museum of Santal Culture সম্পৰ্কীয় মিডিয়া ফাইল আছে। |