চাঁদ ৰাত
| চাঁদ ৰাত | |
|---|---|
২০২০ চনত ঈদুল ফিতৰৰ আৰম্ভণি সূচনাকাৰী অমাৱস্যাৰ চন্দ্ৰ | |
| পালন কৰে | মুছলমান |
| প্ৰকাৰ | (দক্ষিণ এছিয়া) |
| সম্পৰ্কিত | ঈদুল ফিতৰ, ঈদুল আজহা |
চাঁদ ৰাত (অসমীয়া অৰ্থ: জোনাক নিশা) হৈছে দক্ষিণ এছিয়াৰ এটা সাংস্কৃতিক উৎসৱ, যি ঈদুল ফিতৰৰ পূৰ্বৰ নিশা পালন কৰা হয়। এই দিনটো ইছলামিক চান্দ্ৰ মাহ শাওৱালৰ আৰম্ভণিৰ নিশা বুলি জনা যায়। চাঁদ ৰাতত পৱিত্ৰ ৰমজান মাহৰ অন্তত সকলোৱে পৰিয়াল আৰু বন্ধুসকলৰ লগত আকাশৰ তলত নতুন জোনাক দেখিবলৈ একত্ৰিত হয়, যাৰদ্বাৰা ঈদ আহি পোৱাৰ ঘোষণা হয়। চাঁদ অৰ্থাৎ জোনাক দেখাৰ পিছতহে এজনে আনজনক ঈদ মোবাৰক বুলি শুভেচ্ছা জনায়। মহিলাসকলে জেতুকা হাতত লগায় আৰু মানুহে ঈদৰ বাবে মিঠাই আৰু মিঠা জাতীয় খাদ্য প্ৰস্তুত কৰে, লগতে বজাৰ কৰে।[1] চহৰৰ বাট-পথ আৰু বজাৰ উৎসৱমুখৰ ৰূপ লয়, আৰু সাজসজ্জিত মল আৰু বজাৰবোৰ নিশালৈকে খোলা থাকে।[2][3] চাঁদ ৰাত দক্ষিণ এছিয়াৰ মুছলমান আৰু কিছুমান অমুছলমানৰদ্বাৰাও উৎসৱমুখৰভাৱে পালন কৰা হয়। সামাজিক আৰু সাংস্কৃতিক গুৰুত্বৰ ফালৰপৰা, ই খ্ৰীষ্টমাছৰ পূৰ্বৰ নিশাৰ দৰে অতুলনীয়।
উৎপত্তি
[সম্পাদনা কৰক]
“চাঁদ ৰাত” শব্দদ্বয় হিন্দুস্তানীৰ চাঁদ ৰাতৰপৰা আহিছে (দেৱনাগৰী: चाँद रात, নাস্তালিক লিপি: چاند رات), যাৰ আক্ষৰিক অৰ্থ “জোনাকৰ ৰাতি”। এই দুই শব্দৰ মূল সংস্কৃত শব্দ চন্দ্ৰ (চাঁদ) আৰু ৰাত্ৰি (ৰাত)।[4][5]
পটভূমি
[সম্পাদনা কৰক]চাঁদ ৰাত ঈদুল ফিতৰৰ পূৰ্বৰ নিশা পালিত হয়, যিটো হয় শাওৱাল মাহৰ প্ৰথম দিনৰ আগৰ নিশা। ইয়াৰ উৎপত্তি দক্ষিণ এছিয়াত হৈছে।[6] ইছলামিক চান্দ্ৰ মাহৰ দৈৰ্ঘ্য জোনাক দেখাৰ ওপৰত নিৰ্ভৰ কৰে, সেয়ে ৰমজান ২৯ বা ৩০ দিনীয়া হ’ব পাৰে। শাওৱাল মাহৰ জোনাক দেখাৰ নিশাই চাঁদ ৰাত। ঈদুল ফিতৰৰ দিনটো জোনাক দেখা ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে, এই নিশা সাধাৰণতে ঈদুল আজহাৰ পূৰ্বৰ নিশাতকৈ অধিক উৎসৱমুখৰ হয়।
উৎসৱ আৰু খাদ্য
[সম্পাদনা কৰক]জোনাক দেখা পোৱাৰ লগে লগে মছজিদত ঘোষণা কৰা হয়, লগতে টেলিভিছন আৰু ৰেডিঅ’ত জাননী প্ৰচাৰিত হয়। তাৰ পাছত উৎসৱ আৰম্ভ হয় আৰু পুৱাৰ ফজৰ নামাজ পৰ্যন্ত চলি থাকে। মানুহে পৰিয়ালসহ বজাৰ, শ্বপিং মল, আৰু দোকানলৈ যায়। লোকসকলে চালোৱাৰ কামিজ, চুড়ি, গহনা, বেগ, চেন্দেল-জোতা ইত্যাদি কিনে। কিশোৰ-কিশোৰী আৰু শিশুবোৰৰ বাবে উপহাৰ আৰু খেলনাসমূহ আনে। চুলি কটা দোকান আৰু বিউটি পাৰ্লাৰবোৰো বহুত ব্যস্ত থাকে। ঘৰত মহিলাসকলে জেতুকা লগায় আৰু খাদ্য প্ৰস্তুত কৰে। বজাৰ, চৰকাৰী কাৰ্যালয়, বেংক, মছজিদ আদি বিভিন্ন সামগ্ৰীৰে সজাই তোলা হয়। চাঁদ ৰাতে পৰিয়াল আৰু বন্ধুসকলৰ সৈতে মিলনৰ এটা বিশেষ সুযোগ প্ৰদান কৰে।

তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Jamila Achakzai. "'Chand Raat' is here again". The News. https://www.thenews.com.pk/print/212876-Chand-Raat-is-here-again.
- ↑ Aamir Khan (3 May 2022). "Chand Raat brings joys to shoppers, traders". Express Tribune. https://tribune.com.pk/story/2355230/chand-raat-brings-joys-to-shoppers-traders.
- ↑ "City gears for Chand Raat". The Times of India. 5 December 2002. http://timesofindia.indiatimes.com/lucknow-times/city-gears-for-chand-raat/articleshow/30303491.cms.
- ↑ "चन्द्र, candra, moon". Spoken Sanskrit Dictionary. http://spokensanskrit.de/index.php?script=HK&tinput=%E0%A4%9A%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0&country_ID=&trans=Translate&direction=AU। আহৰণ কৰা হৈছে: 2009-08-01.
- ↑ "रात्रि, raatri, night". Spoken Sanskrit Dictionary. http://spokensanskrit.de/index.php?tinput=raatri&direction=SE&script=HK&link=yes। আহৰণ কৰা হৈছে: 2009-08-01.
- ↑ "Chaand Raat in Old Dhaka". 16 July 2015. https://www.thedailystar.net/shout/chaand-raat-old-dhaka-112417.