সমললৈ যাওক

চাইন′পে (শ্ৰুতিকথা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চাইন′পে (/sɪˈnoʊpi/; প্ৰাচীন গ্ৰীক: Σινώπη,[1] ইংৰাজী: Sinope) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম।[2] তেওঁক কৃষ্ণ সাগৰৰ চিন′পে চহৰৰ এটা উপনাম বুলি ভবা হয়।

পৰিয়াল

[সম্পাদনা কৰক]

চাইন′পে পেলাছগাছ (পেলাগন[3]), ইছমেনাছ, কালচিছ, ছালেমিছ, এজিনা, পেইৰেন, ক্লিওনে, থেবে, টানাগ্ৰা, থেস্পিয়া, এছ'পিছ, অৰ্নিয়া[2] আৰু হাৰ্পিনাৰ ভগ্নী আছিল।[4] কিছুমান শ্ৰুতিকথা মতে তেওঁৰ ভগ্নী কালচিছ কিউৰেটেছ আৰু ক'ৰিবাণ্টেছৰ মাতৃ আছিল, ইয়াৰে কিউৰেটেছ কালচিছৰ আদিম বাসিন্দাসকলৰ ভিতৰত আছিল।[5] এটা শ্ৰুতিকথাত তেওঁ আৰেছ আৰু পাৰ্নাছাৰ কন্যা বুলি কোৱা হৈছিল।[6] আৰেছৰ সন্তান হিচাপে তেওঁ সম্ভৱতঃ আমাজন সকলৰ অন্যতম আছিল।[7]

শ্ৰুতিকথা

[সম্পাদনা কৰক]

ক'ৰিনা আৰু ডাইঅ'ড'ৰাছ চিকুলাছৰ মতে চাইন′পেক এপ'ল' দেৱতাই অপহৰণ কৰি এখন নাম নথকা ঠাইলৈ লৈ যায় আৰু পিছলৈ তেওঁৰ সন্মানত সেই চহৰখন নামকৰণ কৰা হয়। ডাইঅ'ড'ৰাছে লগতে কয় যে তেওঁ এপ'ল'ৰ পিতৃত্বত ছাইৰাছ নামৰ এজন পুত্ৰৰ জন্ম দিছিল, যিজন কথিতভাৱে পিছলৈ ছিৰিয়ানসকলৰ ৰজা হৈছিল আৰু তেওঁৰ নামেৰে ছিৰিয়ানসকলক নামকৰণ কৰা হৈছিল।

কিন্তু আৰ্গ'ন'টিকা আৰু ভেলেৰিয়াছ ফ্লেকাছেত উল্লেখ কৰা হৈছে যে জ্যুছে চাইন′পেক সেই স্থানলৈ অপহৰণ কৰি নিছিল৷ জ্যুছে আবেগত তেওঁৰ আটাইতকৈ প্ৰিয় ইচ্ছা পূৰণ কৰাৰ শপত খাইছিল। চাইন′পেই ঘোষণা কৰিলে যে তেওঁ কুমাৰী হৈ থাকিব বিচাৰে। পিছলৈ চাইন′পে এপ’ল’ আৰু হালিছ নদীকো একে ধৰণেৰে ঠগিছিল আৰু গোটেই জীৱন কুমাৰী হৈ আছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Richmond, Henry J. (1905), The Pronunciation of Greek and Latin Proper Names in English, প্ৰকাশক Ann Arbor: George Wahr, p. 32, ISBN 9780857927866, https://books.google.com/books?id=XMGulz4NTfwC 
  2. 2.0 2.1 Diodorus Siculus, 4.72.1.
  3. Apollodorus, 3.12.6.
  4. Diodorus Siculus, 4.73.1.
  5. Scholia Vict. ad Homer Iliad, 14.291; Strabo, 10 p. 447
  6. Scholia on Apollonius, 2.946
  7. Pseudo-Scymnos, Circuit de la terre 940 ff.