চাইমোড'চ (শ্ৰুতিকথা)
চাইমোড'চ | |
---|---|
নেৰেইডছ-ৰ সদস্য | |
নিবাস | সাগৰ |
পিতৃ-মাতৃ | নেৰিয়াছ আৰু ড'ৰিছ |
সহোদৰ | সাগৰীয় দেৱতা নেৰিয়াছসকল, সাগৰীয় দেৱী নেৰেইডছসকল |
চাইমোড'চ (প্ৰাচীন গ্ৰীক: Κυμοδόκη, ইংৰাজী: Cymodoce, অৰ্থ. 'ঢৌ-সংগ্ৰাহক')[1] নেৰিয়াছ আৰু অ'চেনিড ড'ৰিছৰ ৫০ গৰাকী নেৰেইডৰ ভিতৰত অন্যতম, সাগৰীয় নিম্ফ কন্যা।[2][3] ষ্টেটিয়াছৰ ছিলভাইত তেওঁৰ বিষয়ে চমুকৈ উল্লেখ কৰা হৈছে।[4]
কিংবদন্তি
[সম্পাদনা কৰক]হোমাৰৰ ইলিয়াডত উল্লেখ কৰা মতে চাইমোড'চ আৰু তেওঁৰ আন ভগ্নীসকলে বন্ধু পেট্ৰ'ক্লাছে একিলিছক হত্যা কৰাৰ সময়ত মাতৃ থেটিছৰ দুখৰ সমভাগী হৈছিল।[5] তাইক এফ্ৰোডাইটিৰ সংগী বুলিও কোৱা হয়।
কিছুমান বিৱৰণীত চাইমোড'চে তেওঁৰ ভগ্নী থেলিয়া, নেছাইয়া আৰু স্পিঅ'ৰ সৈতে মিলি চাইৰিনৰ সমদলত অংশগ্ৰহণ কৰিছিল৷[6] পৰবৰ্তী সময়ত পিছলৈ তেওঁলোক চাৰিও গৰাকীয়ে তেওঁলোকৰ অন্য ভগ্নী থেটিছ, মেলাইট আৰু পেনোপিয়াৰ সৈতে মিলি নায়ক ইনিয়াছ আৰু তেওঁৰ দলটোক সামুদ্ৰিক ধুমুহাৰ সময়ত সহায় কৰিবলৈ সক্ষম হৈছিল।[7]
ভাৰ্জিলৰ মতে, যেতিয়া এনিয়াছে ইটালীত অৱতৰণ কৰিছিল, তেতিয়া টাৰ্নাছ নামৰ স্থানীয় যুদ্ধা এজনে তেওঁৰ পাইন কাঠৰ জাহাজবোৰত অগ্নিসংযোগ কৰিছিল। সেয়া দেখি দেৱী চাইবেলেই সেইবোৰ তেওঁৰ পবিত্ৰ পৰ্বতৰ পৰা কটা গছৰ পৰা তৈয়াৰ কৰা বুলি স্মৰণ কৰি সেইবোৰক সাগৰীয় নিম্ফলৈ ৰূপান্তৰিত কৰিলে। চাইম'ড'চ সেই নতুনকৈ সৃষ্টি হোৱা নিম্ফবোৰৰ ভিতৰত অন্যতম আছিল।[8]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Kerényi, Carl (1951). The Gods of the Greeks. প্ৰকাশক London: Thames and Hudson. পৃষ্ঠা. 55.
- ↑ Bane, Theresa (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃষ্ঠা. 94. ISBN 9780786471119.
- ↑ Homer, Iliad 18.39; Hesiod, Theogony 255; Hyginus, Fabulae Preface
- ↑ Statius, Silvae 2.2.20
- ↑ Homer, Iliad 18.39-51
- ↑ Virgil, Georgics 4.338
- ↑ Virgil, Aeneid 5.826
- ↑ Virgil, Aeneid 10.220 ff