চাইমোথ' (শ্ৰুতিকথা)
| চাইমোথ' | |
|---|---|
| নেৰেইডছ-ৰ সদস্য | |
| নিবাস | সাগৰ |
| পিতৃ-মাতৃ | নেৰিয়াছ আৰু ড'ৰিছ |
| সহোদৰ | সাগৰীয় দেৱতা নেৰিয়াছসকল, সাগৰীয় দেৱী নেৰেইডছসকল |
চাইমোথ' (প্ৰাচীন গ্ৰীক: Κυμοθόη, ইংৰাজী: Cymothoe; আক্ষৰিক অৰ্থ: 'ঢৌ-দ্ৰুত')[1] গ্ৰীক শ্ৰুতিকথা অনুসৰি শান্ত আৰু নিস্তব্ধ ঢৌৰ "আকাশী" নেৰেইড।[1] তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
কিংবদন্তি
[সম্পাদনা কৰক]চাইমোথ' গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।[2][3][1] ড'ট' আৰু পানোপেৰ সৈতে গালাটিয়াই তেওঁৰ ভগ্নী থেটিছক সাগৰৰ পৰা পেলিয়াছৰ সৈতে হোৱা বিয়ালৈ আগবঢ়াই লৈ গৈছিল। হোমাৰৰ ইলিয়াডত বৰ্ণনা কৰা অনুসৰি একিলিছে মৃত পেট্ৰ'ক্লাছৰ বাবে কৰা দুখৰ সমভাগি হোৱা মাতৃ থেটিছক সংগ দিবলৈ সাগৰৰ গভীৰতাৰ পৰা ওলাই আহি ট্ৰয়ৰ উপকূলত সমবেত হোৱা ৩৩ গৰাকী নেৰেইডছৰ ভিতৰত চাইমোথ'ও আছিল।[4]
সোণৰ ভেড়া ছাগলীটোৰ পৰা পৰি যাওঁতে চাইমোথ' আৰু সাগৰীয় দেৱতা গ্ল'কাছে হেলেক উদ্ধাৰ কৰিছিল।[5] কুইণ্টাছ স্মিৰ্নেয়াছৰ পোষ্টহোমেৰিকাৰ বিৱৰণীতো তেওঁৰ নাম উল্লেখ আছে৷[6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 Bane, Theresa (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃষ্ঠা. 11, 12. ISBN 978-0-7864-7111-9.
- ↑ Homer, Iliad 18.40; Hesiod, Theogony 249; Apollodorus, 1.2.7; Hyginus, Fabulae Preface
- ↑ Homer, Iliad 18.41; Apollodorus, 1.2.7; Hesiod, Theogony 240
- ↑ Homer, Iliad 18.39
- ↑ Valerius Flaccus, Argonautica 2.605
- ↑ Quintus Smyrnaeus, Posthomerica 5.394 ff.