চাইৰাছ মিষ্ট্ৰী
চাইৰাছ মিষ্ট্ৰী | |
---|---|
চাইৰাছ মিষ্ট্ৰীৰ ফাইল ফটো | |
জন্ম | ১১ মাৰ্চ, ১৯৫৬ মুম্বাই, ভাৰত |
পেচা | লেখক |
ধৰণ | ফিকচন আৰু নন ফিকচন |
উল্লেখনীয় কৰ্মৰাজি | ক্ৰনিকেল অৱ আ কৰ্পচ্ বিয়েৰাৰ |
উল্লেখযোগ্য বঁটা | ডি এছ চি পুৰস্কাৰ (২০১৪) |
চাইৰাছ মিষ্ট্ৰী (ইংৰাজী: Cyrus Mistry ; জন্ম: ১১ মাৰ্চ ১৯৫৬[1]) এগৰাকী ভাৰতীয় লেখক আৰু নাট্যকাৰ। তেওঁ ২০১৪ চনত ক্ৰনিকেল অৱ আ কৰ্পচ্ বিয়েৰাৰ গ্ৰন্থৰ বাবে দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ লাভ কৰিছিল।[2][3] ২০১৫ চনত কিতাপখনে ইংৰাজী সাহিত্যত সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেওঁ লেখক ৰোহিণ্টন মিষ্ট্ৰীৰ ভাতৃ।[4]
মিষ্ট্ৰী মুম্বাই নিবাসী।[2] কম বয়সতে তেওঁ নাট্যকাৰ হিচাপে লিখিবলৈ আৰম্ভ কৰিছিল,[5] আৰু সাংবাদিক তথা চুটিগল্প লেখক হিচাপে নাম কৰিছিল। ১৯৭৯ চনত তেওঁৰ প্ৰথমটো চুটি গল্প প্ৰকাশ পাইছিল।[2] মিষ্ট্ৰীৰ চুটিগল্পৰ আধাৰত নিৰ্মিত পাৰ্চি নামৰ এখন ছবিয়ে ১৯৯১ চনৰ শ্ৰেষ্ঠ গুজৰাটী ছবিৰ ৰাষ্ট্ৰীয় বঁটা[6]ৰ লগতে মানহাইম চলচ্চিত্ৰ মহোৎসৱত সমালোচকৰ বঁটাও লাভ কৰিছিল।[7] এই চলচ্চিত্ৰখনৰ চিত্ৰনাট্য আৰু সংলাপও তেওঁ লিখিছিল।[7]
তেওঁৰ নাটক ডুংগাজী হাউছক “ইংৰাজীত সমসাময়িক ভাৰতীয় নাটকৰ এক গুৰুত্বপূৰ্ণ ৰচনা হিচাপে গণ্য কৰা হয়।”[2] তেওঁৰ প্ৰথম উপন্যাসখন আছিল দ্য ৰেডিয়েন্স অৱ এছেছ। কিতাপখন ২০০৫ চনত ক্ৰছৱৰ্ড বঁটাৰ বাবে মনোনীত হৈছিল। তেওঁৰ দ্বিতীয়খন উপন্যাস ২০১৩ চনত প্ৰকাশিত ক্ৰনিকেল অৱ আ কৰ্পচ্ বিয়েৰাৰ। এই উপন্যাসখনত পাৰ্চি সম্প্ৰদায়ৰ ভিতৰৰ খান্দিয়াসকলৰ কাহিনী কোৱা হৈছে, যি মৃতকৰ মৃতদেহ টাৱাৰ অৱ চাইলেন্সলৈ লৈ যায় আৰু তাত এইবোৰ শগুণে ভক্ষণ কৰে।[2][8]
বঁটা আৰু স্বীকৃতি
[সম্পাদনা কৰক]- চুলতান পদমচি এৱাৰ্ড, ডুংগাজী হাউছৰ বাবে[5]
- ১৯৮৯: শ্ৰেষ্ঠ গুজৰাটী ভাষাৰ চলচ্চিত্ৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, পাৰ্চি, কাহিনী, চিত্ৰনাট্য আৰু সংলাপ
- ২০০৫: ক্ৰছৱৰ্ড বুক এৱাৰ্ড, মনোনয়ন, দ্য ৰেডিয়েন্স অৱ এছেছ
- ২০১৪: দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ, ক্ৰনিকেল অৱ আ কৰ্পচ্ বিয়েৰাৰ
- ২০১৫: সাহিত্য অকাডেমি বঁটা[9]
সৃষ্টিশীল কাম
[সম্পাদনা কৰক]- দ্য ৰেডিয়েন্স অৱ এছেছ
- ক্ৰনিকেল অৱ আ কৰ্পচ্ বিয়েৰাৰ
- Passion Flower: Seven Stories of Derangement
- দ্য প্ৰচপেক্ট অৱ মিৰাকলচ্
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Who's who in India. Guide Publications. 1996. পৃষ্ঠা. 276. https://books.google.com/books?id=eoNmAAAAMAAJ&q=%22MISTRY,+CYRUS+BEHRAM;+b.+II+March+1956%22। আহৰণ কৰা হৈছে: 12 August 2018.
- ↑ 2.0 2.1 2.2 2.3 2.4 Aditi Malhotra (18 January 2014). "Indian Wins South Asian Prize for Literature". The Wall Street Journal. https://blogs.wsj.com/indiarealtime/2014/01/18/indian-wins-south-asian-prize-for-literature/। আহৰণ কৰা হৈছে: 18 January 2014.
- ↑ PTI (18 January 2014). "Cyrus Mistry wins DSC Prize for 2014". দ্য হিন্দু. http://www.thehindu.com/books/books-authors/cyrus-mistry-wins-dsc-prize-for-2014/article5590635.ece.
- ↑ Amrita Madhukalya (17 January 2014). "Parsis walk from outside to take my story forward: Cyrus Mistry". DNA India. http://www.dnaindia.com/lifestyle/interview-parsis-walk-from-outside-to-take-my-story-forward-cyrus-mistry-1952368। আহৰণ কৰা হৈছে: 19 January 2014.
- ↑ 5.0 5.1 "Active marketing important in publishing: Author Cyrus Mistry". Press Trust of India. Press Trust of India. 12 November 2013. http://www.business-standard.com/article/pti-stories/active-marketing-important-in-publishing-author-cyrus-mistry-113111200402_1.html.
- ↑ "37th National Film Awards". Directorate of Film Festivals. http://dff.nic.in/2011/37nfa.pdf.
- ↑ 7.0 7.1 Shashi Baliga (5 August 2012). "A legacy of silence". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-literaryreview/a-legacy-of-silence/article3729469.ece.
- ↑ Tara Sahgal (17 August 2012). "Chronicle of a Corpse Bearer (review)". Time Out Mumbai. http://www.timeoutmumbai.net/books/reviews/chronicle-corpse-bearer। আহৰণ কৰা হৈছে: 18 January 2014.
- ↑ "Sahithya Academy Award 2015". Sahitya-Akademisahitya-akademi.gov.in. http://sahitya-akademi.gov.in/sahitya-akademi/pdf/sahityaakademiawards2015-e.pdf। আহৰণ কৰা হৈছে: 19 December 2015.