সমললৈ যাওক

চাইৰীনী (শ্ৰুতিকথা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাইৰীনী

চাইৰীনী
সঙ্গী এপ'ল'
পিতৃ-মাতৃ ক্লিডানপ আৰু হাইছেআছ
সন্তান আৰিষ্টেয়াছ, আউটুকাছ আৰু ইডমন

চাইৰীনী (/saɪˈriːni/, sy-REE-nee) বা /kaɪˈriːni/, ky-REE-nee; ইংৰাজী: Cyrene) শব্দটো উত্তৰ আফ্ৰিকাৰ পূৱ লিবিয়াৰ গ্ৰীক উপনিবেশ চাইৰিনৰ ব্যুৎপত্তি বুলি গণ্য কৰা হয়। গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি তেওঁ এগৰাকী থেছালিয়ান ৰাজকুমাৰী৷ তেওঁৰ সন্মানত এপ'ল' দেৱতাই প্ৰতিষ্ঠা আৰু নামকৰণ কৰা চাইৰিনৰ তেওঁ ৰাণী হৈছিল।[1] থেৰাৰ পৰা লোকে বসতি স্থাপন কৰা এই চহৰখনৰ কাহিনীটো সম্পূৰ্ণৰূপে প্ৰমাণবিহীন।

পৰিয়াল

[সম্পাদনা কৰক]

পিণ্ডাৰৰ নৱম পাইথিয়ান অডত (ninth Pythian ode) লিপিবদ্ধ কৰা তথ্য অনুসৰি চাইৰীনী আছিল লেপিথৰ ৰজা হাইপচিয়াছ[2] আৰু নাইয়াড ক্লিডানোপৰ কন্যা।[3][4] এপলনিয়াছ ৰোডিয়াছৰ মতে তেওঁৰ লাৰিছা নামৰ এগৰাকী ভগ্নীও আছিল।[5] চাইৰীনীৰ অন্য ভগ্নীসকল হৈছে থেমিষ্টো,[6] আলকায়া[4] আৰু আস্তিয়াগিয়া[7]

এপ’ল’ দেৱতাৰ ঔৰসত তেওঁ এৰিষ্টিয়াছ আৰু ইডমনক জন্ম দিছিল। এৰিষ্টিয়াছ পশুপালন, মৌপালন আৰু পনীৰ উৎপাদনৰ দেৱতা হৈ পৰিছিল। ইডমন এজন বিখ্যাত শিল্পী হৈছিল। এপলনিয়াছ ৰোডিয়াছৰ মতে যে দম্পতীহালৰ আন এজন পুত্ৰও আছিল যাৰ নাম আছিল অটুকাচ।[8]

কিংবদন্তি

[সম্পাদনা কৰক]

চাইৰীনী আছিল থেছালিয়ান ৰাজকুমাৰী, হাইপচিয়াছৰ কন্যা। তেওঁ আৰ্টিমিচ দেৱীৰ সংগী আছিল, আৰ্টিমিচে তেওঁক দুটা চিকাৰী উপহাৰ দিছিল।

এবাৰ এটা সিংহই তেওঁৰ পিতৃৰ ভেড়াবোৰক আক্ৰমণ কৰিছিল, তেতিয়া তেওঁ সিংহটোৰ লগত মল্লযুঁজ কৰিছিল আৰু সেই সিংহটোক হত্যা কৰিছিল। সেই সময়ত তাত উপস্থিত থকা এপ'ল' দেৱতাই তেওঁৰ সাহস আৰু দক্ষতাত মোহিত হৈ প্ৰেমত পৰিল আৰু তেওঁক বিয়া পতাৰ কথা ভাবিলে৷ তেওঁ চিৰনৰ (Chiron, মুখ্য পুৰোহিত) পৰামৰ্শ আৰু অনুমোদন লৈ তেওঁক উত্তৰ আফ্ৰিকালৈ লৈ যায়। এপ'ল' দেৱতাই তালৈ নি তেওঁক এখন উৰ্বৰ আৰু চহকী ভূমিৰ ৰাণী পাতিলে আৰু পিছত এপ'ল'ৰ পত্নী এফ্ৰোডাইটিয়ে দুয়োকে আদৰি লৈছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Diodorus Siculus, 4.81.1
  2. Hyginus, Fabulae 161; Virgil, Georgics 4.320
  3. Graves, Robert (2017). The Greek Myths - The Complete and Definitive Edition. Penguin Books Limited. পৃষ্ঠা. 276. ISBN 9780241983386. 
  4. 4.0 4.1 Scholia ad Pindar, Pythian Ode 9.31
  5. Apollonius Rhodius, Argonautica
  6. Apollodorus, 1.9.2
  7. Diodorus Siculus, 4.69.3
  8. Apollonius Rhodius, Argonautica