সমললৈ যাওক

চাকিনা জাফ্ৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাকিনা জাফ্ৰি

২০১৪ চনৰ মণ্টক্লেয়াৰ ফিল্ম ফেষ্টিভেলত জাফ্ৰি
জন্ম ১৪ ফেব্ৰুৱাৰী, ১৯৬২ (৬৪ বছৰ)
নিউয়ৰ্ক চহৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ
শিক্ষা নাইটিংগেল-বামফৰ্ড স্কুল
শিক্ষানুষ্ঠান ভাছাৰ কলেজ (এবি)
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৭৯–বৰ্তমান
দাম্পত্যসঙ্গী ফ্ৰান্সিছ উইলকিনছন
সন্তান
আত্মীয়-স্বজন কিয়াৰা আদৱানী (খুৰাক/বৰদেউতাকৰ ছোৱালী)
ৰঘু ৰাজ বাহাদূৰ (খুৰাক/বৰদেউতাকৰ ল’ৰা)

চাকিনা জাফ্ৰি (ইংৰাজী: Sakina Jaffrey; জন্ম: ১৪ ফেব্ৰুৱাৰী, ১৯৬২)[1] এগৰাকী আমেৰিকান অভিনেত্ৰী। জাফ্ৰিয়ে নেটফ্লিক্সৰ মৌলিক ধাৰাবাহিক হাউচ অৱ কাৰ্ডছত লিণ্ডা ভস্কেজ আৰু এনবিচিৰ ধাৰাবাহিক টাইমলেছত ডেনিছ ক্ৰিষ্টোফাৰৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

জাফ্ৰিৰ জন্ম নিউয়ৰ্ক চহৰত হৈছিল। তেওঁ ভাৰতত জন্মগ্ৰহণ কৰা অভিনেত্ৰী তথা খাদ্য আৰু ভ্ৰমণ-কাহিনী লেখিকা মধুৰ জাফ্ৰি আৰু অভিনেতা ছাঈদ জাফ্ৰিৰ কনিষ্ঠ কন্যা। জাফ্ৰিৰ তিনি বছৰ বয়সত তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হয় আৰু তাৰ পিছত তেওঁৰ পিতৃ যুক্তৰাজ্যলৈ গুচি যোৱাৰ বাবে পিতৃৰ সৈতে তেওঁৰ সম্পৰ্ক বিচ্ছিন্ন হৈ পৰে।[2]

তেওঁ মেনহেটানৰ গ্ৰীণউইচ ভিলেজ অঞ্চলত ডাঙৰ-দীঘল হৈছিল আৰু তাৰেই পিএছ ৪১ বিদ্যালয়ত অধ্যয়ন কৰিছিল। পিছলৈ তেওঁ আপাৰ ইষ্ট ছাইডত অৱস্থিত নাইটিংগেল-বামফৰ্ড স্কুলত শিক্ষা গ্ৰহণ কৰে।[1]

জাফ্ৰিয়ে তেওঁৰ জ্যেষ্ঠ ভগ্নী মীৰাৰপৰা চীনা সংস্কৃতিৰ প্ৰতি আগ্ৰহী হৈছিল। তেওঁ ১৯৮৪ চনত ভাছাৰ কলেজৰপৰা চীনা ভাষা আৰু সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে। অভিনেত্ৰী হোৱাৰ আগতে তেওঁ এগৰাকী অনুবাদক হোৱাৰ পৰিকল্পনা কৰিছিল।[3]

কেৰিয়াৰ

[সম্পাদনা কৰক]

১৭ বছৰ বয়সত জাফ্ৰিয়ে নিউয়ৰ্ক চহৰৰ পাব্লিক থিয়েটাৰত ৱালেচ শ্বনৰ নাটক মেৰী এণ্ড ব্ৰুচৰ জৰিয়তে পেছাদাৰী অভিনয় জীৱনৰ পাতনি মেলে।[1]

তেওঁ পিতৃৰ সৈতে মচলা (১৯৯১) নামৰ ছবিখনত অভিনয় কৰিছিল[4] আৰু মাতৃৰ সৈতে দ্য পাৰফেক্ট মাৰ্ডাৰ (১৯৮৮) ছবিত অভিনয় কৰিছিল।[5] ২০০২ চনত তেওঁ মাৰ্ক ৱাহলবাৰ্গ অভিনীত দ্য ট্ৰুথ এবাউট চাৰ্লিত অভিনয় কৰে।[6] তেওঁৰ সন্তান কেচিয়াছ আৰু জামিলাই তেওঁৰ সৈতে ৰেইজিং হেলেন (২০০৪) ছবিত অভিনয় কৰিছে।[7] জাফ্ৰিয়ে ইংৰাজী ভাষাৰ আমেৰিকান-ভাৰতীয় ড্ৰামা ছবি দ্য অ’ড (২০০৮)-ত অভিনয় কৰিছিল।[7]

তেওঁ নেটফ্লিক্স ধাৰাবাহিক হাউচ অৱ কাৰ্ডছ (২০১৩)-ত হোৱাইট হাউচৰ চিফ অৱ ষ্টাফ লিণ্ডা ভস্কেজৰ চৰিত্ৰত অভিনয় কৰিছিল।[8] ২০১৪ চনত ঘোষণা কৰা হৈছিল যে তেওঁ ফক্সৰ টেলিভিছন ধাৰাবাহিক স্লিপি হলোৰ দ্বিতীয় ছিজনত নতুন শ্বেৰিফ লীনা ৰেইছ হিচাপে অভিনয় কৰিব।[9]

২০১৬ চনৰপৰা ২০১৮ চনলৈকে তেওঁ এনবিচিৰ টেলিভিছন ধাৰাবাহিক টাইমলেছত হোমলেণ্ড চিকিউৰিটি এজেণ্ট ডেনিছ ক্ৰিষ্টোফাৰ হিচাপে এটা মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।[10]

ইয়াৰ উপৰি তেওঁ নোয়া বাউমবাকৰ পৰিচালনাত নিৰ্মিত ২০১৭ চনৰ কমেডী-ড্ৰামা ছবি দ্য মেয়াৰোৱিটজ ষ্ট’ৰীজত মালিনী চোনীৰ চৰিত্ৰত অভিনয় কৰিছিল, য’ত ডাষ্টিন হোফমেন আৰু এডাম চেণ্ডলাৰেও অভিনয় কৰিছিল।[11]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

জাফ্ৰি তেওঁৰ স্বামী সাংবাদিক ফ্ৰান্সিছ উইলকিনছন আৰু তেওঁলোকৰ দুই সন্তান কেচিয়াছ আৰু জামিলাৰ সৈতে নিউয়ৰ্কত বাস কৰে।[12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 "Sakina Jaffrey". New Federal Theatre. Archived from the original on August 13, 2022. https://web.archive.org/web/20220813162055/https://newfederaltheatre.com/nft-artist/sakina-jaffrey/ আহৰণ কৰা হৈছে: 12 June 2022. "Sakina Jaffrey was born on February 14, 1962 in Manhattan."
  2. Adilman, Sid (February 2, 1992). "The three faces of Saeed Jaffrey". Toronto Star: পৃষ্ঠা C1. https://www.newspapers.com/article/the-toronto-star/173331195/.
  3. Renz, Kay (July 4, 2004). "Actress Sakina Jaffrey: Getting Used to the Red Carpet". Boca Raton News: পৃষ্ঠা 8V.
  4. Woo, Elaine (2015-11-17). "Saeed Jaffrey dies at 86; Actor exuded flair and versatility from Bollywood to Britain". Los Angeles Times. https://www.latimes.com/local/obituaries/la-me-saeed-jaffrey-20151117-story.html.
  5. The Perfect Murder 1988, directed by Zafar Hai | Film review (timeout.com)
  6. "The Truth About Charlie". Turner Classic Movies. https://www.tcm.com/tcmdb/title/438429/the-truth-about-charlie আহৰণ কৰা হৈছে: 2024-06-20.
  7. 1 2 "Raising Helen". Turner Classic Movies. https://www.tcm.com/tcmdb/title/452791/raising-helen আহৰণ কৰা হৈছে: 2024-06-20.
  8. Goodman, Tim (2013-01-26). "House of Cards: TV Review". The Hollywood Reporter. https://www.hollywoodreporter.com/tv/tv-reviews/house-cards-netflix-tv-review-415589/ আহৰণ কৰা হৈছে: 2022-02-10.
  9. "Sleepy Hollow Casting Scoop: House of Cards Star Is the New Sheriff in Season 2". E! News. 2014-05-27. https://www.eonline.com/news/545773/sleepy-hollow-casting-scoop-house-of-cards-star-is-the-new-sheriff-in-season-2.
  10. "Timeless". TV Guide. https://www.tvguide.com/tvshows/timeless/cast/1030189989/ আহৰণ কৰা হৈছে: 2024-06-20.
  11. "The Meyerowitz Stories (New and Selected)". TV Guide. https://www.tvguide.com/movies/the-meyerowitz-stories-new-and-selected/cast/2030316167/ আহৰণ কৰা হৈছে: 2024-06-20.
  12. "'House of Cards' actress Sakina Jaffrey feels '100% New Yorker'". CNN. May 21, 2019. https://www.cnn.com/2019/05/20/india/india-diaspora-series-sakina-jaffrey-intl/index.html.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]