চাতোমি ইছিহাৰা
| চাতোমি ইছিহাৰা | |
|---|---|
২০১৬ চনৰ জুলাই মাহত শ্বিন গডজিলাৰ প্ৰিমিয়াৰত ইছিহাৰা | |
| স্থানীয় নাম | 石原 さとみ |
| জন্ম | কুনিকো ইছিগামী ২৪ ডিচেম্বৰ, ১৯৮৬ (৩৯ বছৰ) টকিঅ', জাপান |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০০৩–বৰ্তমান |
| অভিকৰ্তা | হৰিপ্ৰ’ |
| দাম্পত্যসঙ্গী | অজ্ঞাত (বি. ২০২০) |
| সন্তান | ১ |
কুনিকো ইছিগামী (ইংৰাজী: Kuniko Ishigami; জন্ম: ২৪ ডিচেম্বৰ ১৯৮৬), যি তেওঁৰ মঞ্চনাম চাতোমি ইছিহাৰা (ইংৰাজী: Satomi Ishihara) হিচাপে অধিক পৰিচিত, এগৰাকী জাপানী অভিনেত্ৰী।[1]
প্ৰাৰম্ভিক জীৱন আৰু কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৮৬ চনৰ ২৪ ডিচেম্বৰত জাপানৰ টকিঅ’ত কুনিকো ইছিগামীৰ জন্ম হৈছিল। তেওঁৰ মঞ্চনামৰ উৎপত্তি হৈছে তেওঁৰ উপাধি "ইছিহাৰা" (যাৰ অৰ্থ 'কেঁচা পাথৰ'), যিটো তেওঁ নিজৰ পৰিচয়ৰ প্ৰতিফলন হিচাপে নিজেই বাছনি কৰিছিল। আনহাতে তেওঁৰ নাম "চাতোমি"য়ে বুদ্ধিমতী আৰু ধুনীয়া হোৱাৰ ইচ্ছাক প্ৰতিফলিত কৰে।
তেওঁ টকিঅ' চোকা প্ৰাথমিক বিদ্যালয় আৰু চোকা জুনিয়ৰ হাইস্কুলত পঢ়া-শুনা কৰিছিল আৰু চোকা হাইস্কুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।
২০০৩ চনত ১৬ বছৰ বয়সত ইছিহাৰাই জুন মাৎচুমোটো আৰু কোয়ুকি অভিনীত ধাৰাবাহিক কিমি ৱা পেট্টো-ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰে।[2] তেওঁ চলচ্চিত্ৰ আৰু টেলিভিছন ধাৰাবাহিক উভয়তে সমানে সময় দিছে। ইছিহাৰাই কেইবাটাও বঁটাৰ বাবে মনোনীত হৈছিল, যেনে মাই গ্ৰেণ্ডপা চলচ্চিত্ৰৰ বাবে ৪৬সংখ্যক ব্লু ৰিবন বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন আৰু এণ্ড ছ' দ্য বেটন ইজ পাষ্ট ছবিৰ বাবে ৪৫সংখ্যক জাপান একাডেমী ফিল্ম প্ৰাইজত শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ মনোনয়ন।[2] তেওঁ ফুজি টিভিৰ নাটক ৱাটাৰ বয়জ ২ (২০০৪) ত ইয়াজাৱা শিঅ'ৰী আৰু এনএইচকে টাইগা ড্ৰামা ছিৰিজ য়োছিটচুনে (২০০৫) ত ছিজুকা গোজেন হিচাপে অভিনয় কৰিছিল।
২০০৬ চনত ইছিহাৰাই ফুজি টিভিৰ ধাৰাবাহিক এন এছ এঅই-ত প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰে। সেই বছৰৰে শৰৎকালত তেওঁ দ্য মিৰাকল ৱাৰ্কাৰ নাটকত হেলেন কেলাৰৰ চৰিত্ৰত অভিনয় কৰি মঞ্চত আত্মপ্ৰকাশ কৰে।[3]
২০০৮ চনৰ আগষ্ট মাহত ইছিহাৰাই তেওঁৰ দ্বিতীয়খন মঞ্চ নাটক বাকুমাতচু জুনজোডেন-ত ওকিটা চৌজি হিচাপে অভিনয় কৰে।[4] এমাহৰ পিছত তেওঁ তাকা হিচা জেজেৰ পৰিচালনাত নিৰ্মিত ফ্লাইং ৰেবিটছ-ত এগৰাকী জেএএল বিমান সেৱিকাৰ চৰিত্ৰত অভিনয় কৰে।
২০০৯ চনত ইছিহাৰাই ফুজি টিভিৰ ধাৰাবাহিক ভয়েচ: দ্য ভয়েচ অৱ দ্য ইনোচেণ্ট-ত কানাকো কুবোআঁকিহিচাপে কাম কৰে। সেই বছৰৰ শৰৎকালত তেওঁ হিচাছি ইনোৱে পৰিচালিত চুইট: মেচাকৰ-ত তাকি কো তাগুচি হিচাপে অভিনয় কৰিছিল।[5]
২০১০ চনত ইছিহাৰাই এনএইচকেৰ বিশেষ যুদ্ধ নাটক ধাৰাবাহিক ক্লাউডছ এভ’ভ দ্য হিল-ত আকিয়ামা তোকিকো (আকিয়ামা চানেয়ুকিৰ পত্নী) হিচাপে অভিনয় কৰিছিল।[6]
২০১৪ চনত ইছিহাৰাই ছিৎচুৰেন চকলেটীয়াৰ ধাৰাবাহিকত ছাইকো তাকাহাছিৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰে।[7] ইয়াৰ উপৰি তেওঁ জাপানী টেলিভিছনৰ ৰোমাণ্টিক কমেডী ড্ৰামা ডিয়াৰ চিষ্টাৰ-ত মিছাকি ফুকাজাৱা হিচাপে অভিনয় কৰে।
২০১৬ চনত ইছিহাৰাই কাইজু চিনেমা শ্বিন গডজিলা-ত কায়োকো এন পেটাৰচন হিচাপে অভিনয় কৰিছিল। সেইদৰে তেওঁ এনটিভিৰ ধাৰাবাহিক প্ৰিটি প্ৰুফৰিডাৰ-ত এৎচুকো কৌনো হিচাপেও অভিনয় কৰিছিল।
২০১৮ চনত ইছিহাৰাই টিবিএছ টিভি ড্ৰামা ছিৰিজ আননেচাৰেল-ত মিকোটো মিচুমি আৰু এনটিভি ড্ৰামা ছিৰিজ বৰ্ণ টু বি এ ফ্লাৱাৰ-ত মোমো চুকিশ্বিমা হিচাপে অভিনয় কৰে।
২০১৯ চনৰ আৰম্ভণিতে ইছিহাৰাক ২০২০ চনৰ টকিঅ' গ্ৰীষ্মকালীন অলিম্পিকৰ টৰ্চ ৰিলে এম্বেছেডৰসকলৰ এজন হিচাপে নিৰ্বুক্ত কৰা হয়।[8] অৱশ্যে ক’ভিড-১৯ মহামাৰীৰ বাবে অলিম্পিক খেল এবছৰ পিছুৱাই দিয়া হৈছিল। ২০২১ চনৰ ৪ ফেব্ৰুৱাৰীত ইছিহাৰা নিজেও ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ কথা প্ৰকাশ পায়। তেওঁৰ এজেঞ্চীৰ মতে ইছিহাৰাৰ কোনো বিশেষ লক্ষণ নাছিল আৰু তেওঁ ঘৰতে থাকি সুস্থ হৈ উঠিছিল।[9][10]
২০২৪ চনত ইছিহাৰাই জাপানী ড্ৰামা ছবি মিচিং-ত ছাওৰী মৰিশ্বিতা হিচাপে মুখ্য চৰিত্ৰত অভিনয় কৰে, যাৰ বাবে তেওঁ হোচি ফিল্ম এৱাৰ্ড আৰু ৪৮সংখ্যক জাপান একাডেমী ফিল্ম প্ৰাইজত শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন লাভ কৰে।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০২০ চনৰ ১ অক্টোবৰত ইছিহাৰাই ঘোষণা কৰে যে তেওঁ সেই বছৰৰ ভিতৰতে এজন সাধাৰণ ব্যক্তিক বিয়া কৰাইছে।[11] ২০২২ চনৰ ১০ জানুৱাৰীত ইছিহাৰাই তেওঁৰ এজেঞ্চীৰ জৰিয়তে ঘোষণা কৰে যে তেওঁ অন্তঃসত্ত্বা আৰু বসন্তকালৰ আশে-পাশে সন্তান জন্ম হোৱাৰ সম্ভাৱনা আছে।[12] ইয়াৰ তিনিমাহ পিছত একে বছৰৰে ২৩ এপ্ৰিলত তেওঁ প্ৰথম সন্তান জন্ম দিয়ে।[13] ২০২৫ চনৰ ৭ মাৰ্চত তেওঁৰ এজেঞ্চীয়ে ঘোষণা কৰে যে তেওঁ বসন্তকালৰ আশে-পাশে তেওঁৰ দ্বিতীয়টো সন্তান জন্ম দিয়াৰ আশা কৰিছে।[14]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "ja:石原さとみ [Ishihara Satomi's profile]" (ja ভাষাত). eiga.com inc.. http://eiga.com/person/16191/। আহৰণ কৰা হৈছে: April 5, 2015.
- 1 2 "Satomi Ishihara Biography". IMDb. https://www.imdb.com.
- ↑ "石原さとみ、田畑智子で「奇跡の人」" (ja ভাষাত). September 26, 2006. https://www.asahi.com.
- ↑ "石原さとみ、濡れ場に挑戦! ? エクスタシーを感じる姿を見て--『幕末純情伝』" (ja ভাষাত). Mynavi News. August 2008. https://news.mynavi.jp.
- ↑ "石原さとみさんにインタビュー" (ja ভাষাত). City Living Web. October 10, 2012. https://city.living.jp.
- ↑ "石原さとみ、本木雅弘の妻役に 「ドキドキと幸せ感じる」" (ja ভাষাত). ORICON NEWS. April 4, 2009. https://www.oricon.co.jp.
- ↑ "松本潤・石原さとみ『失恋ショコラティエ』 最終回を検証 サエコ、こわい、サエコ、魔物" (ja ভাষাত). エキサイトニュース. July 2020. https://www.excite.co.jp। আহৰণ কৰা হৈছে: August 29, 2021.
- ↑ "2020 Tokyo Olympics torch design resembles cherry blossom". WCSH. March 21, 2019. https://www.newscentermaine.com। আহৰণ কৰা হৈছে: June 8, 2019.
- ↑ "Popular Japanese actress Satomi Ishihara had COVID-19, set to return to work this weekend". Mainichi Shimbun. February 4, 2021. https://mainichi.jp.
- ↑ "Actress Satomi Ishihara Tests Positive for COVID-19". Anime News Network. February 5, 2021. https://www.animenewsnetwork.com.
- ↑ "Japanese actress Satomi Ishihara set to marry within the year". Kyodo News+. October 1, 2020. https://english.kyodonews.net/news/2020/10/9156f9dc96ed-japanese-actress-satomi-ishihara-set-to-marry-within-the-year.html.
- ↑ "Japanese actress Satomi Ishihara announces pregnancy". StraitsTimes. January 10, 2021. https://www.straitstimes.com/life/entertainment/japanese-actress-satomi-ishihara-announces-pregnancy। আহৰণ কৰা হৈছে: January 11, 2021.
- ↑ "石原さとみ、第1子出産 喜びつづる「自分の命よりも大切だと想える存在」【コメント全文】". ORICON NEWS. 2022-04-23. https://www.oricon.co.jp/news/2232538/full/। আহৰণ কৰা হৈছে: 2023-11-27.
- ↑ "石原さとみ、第2子を妊娠 出産は初夏 所属事務所が発表「3月いっぱいで産休に入らせていただく」/デイリースポーツ online [Satomi Ishihara is pregnant with her second child, due to give birth in early summer, her agency announces, "I will be going on maternity leave at the end of March"]" (en ভাষাত). デイリースポーツ online. 2025-03-16. Archived from the original on 2025-03-16. https://web.archive.org/web/20250316041501/https://www.daily.co.jp/en/gossip/2025/03/07/0018724873.shtml?pg=2। আহৰণ কৰা হৈছে: 2025-03-16.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিউদ্ধৃতিত চাতোমি ইছিহাৰা বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |
- Official agency profile (in Japanese)
- JDorama profile (in Japanese)
- Dorama.info profile (in Japanese)
- mydramalist.info profile (in Japanese)
- চাতোমি ইছিহাৰা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।