চাথাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


চাথাৰ নাচ (ইংৰাজী: Chathar Dance) বা “সাথাৰ নাচ’’ অসমত বসবাস কৰা ৰাভা জনগোষ্ঠীৰ লোকসকলৰ বায়-খো পূজাত নচা এবিধ নাচ৷ বায়-খো উৎসৱত হয়মাৰু গীত গাই গাই দান দক্ষিণা সংগ্ৰহ কৰাৰ পিছত বায়-খো পূজা পতা হয়৷ পূজাৰ পিছত চাথাৰ নৃত্য গীত আৰম্ভ হয়৷ এই নৃত্য গীতত অবিবাহিত ডেকা-গাভৰুসকলে অংশগ্ৰহণ কৰে৷ সাথাৰ বা চাথাৰ নৃত্য গীতত ডেকা গাভৰুসকলে নিজৰ নিজৰ মনত থকা অনুৰাগ পৰস্পৰৰ আগত গীতৰ মাধ্যমেৰে প্ৰকাশ কৰে৷ আগতে বায়-খো থলীত বাঁহৰ চুঙাৰে তৈয়াৰী চাকি জ্বলাই তাৰ পোহৰত পৰিৱেশন কৰা হৈছিল যদিও কৃত্ৰিম পোহৰ নোহোৱাকৈ কেৱল জোনৰ পোহৰতে এই নৃত্য হৈছিল বাবে আজিকালি এই নৃত্যৰ পোহৰৰ ব্যৱস্থা কৰা নহয়৷ চাথাৰ নৃত্যত ভাগ ল’বলৈ বিভিন্ন ঠাইৰ পৰা ডেকা-গাভৰু আহি লগ হয়৷[1] দুটা শাৰীত ডেকা গাভৰু বেলেগে বেলেগে থিয় হৈ এবাৰ গাভৰুৱে আৰু আনবাৰ ডেকাই গীতৰ মাজেৰে মনৰ ভাব ব্যক্ত কৰি গীত গায় আৰু সেই গীতৰ তালে তালে উদ্দাম নৃত্য পৰিৱেশন কৰে৷ প্ৰথমে ধীৰ লয়ত আৰম্ভ হোৱা গীত নৃত্য পিছলৈ খৰ গতিত শেষ হয়৷ কঁকালত হাত থৈ আৰু হাতেৰে সম্মুখলৈ অংগীভংগী কৰি নিৰ্দ্দিষ্ট লয়ত ডেকা-গাভৰুৱে এই নৃত্য পৰিৱেশন কৰে৷ গাভৰুসকলে চুলি মেলি লয়৷ ডেকা গাভৰুৰ মাজত যথেষ্ট দূৰত্ব থাকে, যাতে ইজনে সিজনৰ গাত খুন্দা নালাগে৷ চাথাৰ নৃত্য-গীতৰ লগত অসমীয়া বিহু গীত-নাচৰ মিল আছে৷ বিহু গীতৰ দৰেই চাথাৰ গীতৰো মূল শস্য আৰু সন্তান৷[2] বিহু নাচৰ সময়ত অসমীয়া ডেকা-গাভৰুৱে জাতীয় সাজ পৰিধান কৰাৰ দৰে চাথাৰ নাচৰ সময়তো ৰাভাসকলৰ ৰংবিৰঙৰ জাতীয় সাজ পৰিধান কৰি এই নৃত্যত অংশ লয়৷

প্ৰচলিত জনবিশ্বাস[সম্পাদনা কৰক]

ৰাভা জনগোষ্ঠীয় লোকসকলৰ বিশ্বাসমতে চাথাৰ গীতৰ অন্তৰালৰ আছে জনন শক্তিৰ বিকাশ৷ এই উৎসৱ প্ৰকৃতি আৰু পুৰুষৰ মিলন উৎসৱ বুলি তেওঁলোকে বিশ্বাস কৰে৷ যিদৰে পৃথিৱীৰ গৰ্ভ ভেদ কৰি শস্যৰ বীজ অংকুৰিত হয়, তেনেদৰে পুৰুষ শক্তিৰ সংস্পৰ্শ অবিহনে কেৱল নাৰী শক্তিৰ দ্বাৰা সৃজন সম্ভৱ নহয়৷ এই নৃত্য গীত ওৰে ৰাতি পৰিৱেশন কৰা হয়৷ যদিও প্ৰেম-প্ৰণয়মূলক গীত আৰু নৃত্য, তথাপি নথ্য পৰিৱেশনৰ সময়ত কোনো ডেকাই কোনো গাভৰুৰ শৰীৰ স্পৰ্শ কৰিব নোৱাৰে৷ অৱশ্যে, চাথাৰ গোৱাৰ সময়ত এজনে আনজনৰ প্ৰতি আসক্ত হ’লে পুৱা সামাজিক ৰীতি-নীতিৰে বিবাহ হোৱাত কোনো বাধা-নিষেধ নাই৷[1] বায়-খো পূজাৰ মূল পাঁচটা পৰ্ব; হুইমাৰু, মূল পূজা, কিল্লাভঙা, লেৱাটানা আৰু শেষৰ এই চাথাৰ পৰ্বত ডেকা-গাভৰুৱে মনে বিচৰাজনক আদৰি ল’বলৈ সুযোগ পায়৷[3]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "ৰাভাসকলৰ মাজত প্ৰচলিত বিভিন্ন ধৰণৰ গীত-মাত". Archived from the original on 4 February 2023. https://web.archive.org/web/20230204175336/https://xahitya.org/%E0%A7%B0%E0%A6%BE%E0%A6%AD%E0%A6%BE%E0%A6%B8%E0%A6%95%E0%A6%B2%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%9A%E0%A6%B2%E0%A6%BF%E0%A6%A4-%E0%A6%AC%E0%A6%BF/। আহৰণ কৰা হৈছে: 4 February 2023. 
  2. শৰ্মা, শশী (২০১৬ (তৃতীয় প্ৰকাশ)). অসমৰ লোকসংস্কৃতি আৰু লোকসাহিত্য. ষ্টুডেণ্টচ্ ষ্টোৰচ্. পৃষ্ঠা. ২৬৭. 
  3. চক্ৰৱৰ্তী, ড° পৰিতোষ (২০০৭). পাহাৰৰ ওখ টিং. সাহিত্য চৰ্চা কেন্দ্ৰ, তুৰা. পৃষ্ঠা. ২২১.