মেখেলা চাদৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(চাদৰ মেখেলাৰ পৰা পুনঃনিৰ্দেশিত)
মুগাৰ চাদৰ-মেখেলা পৰিহিতা এগৰাকী অসমীয়া যুৱতী
পাটৰ এখন চাদৰত কাজিৰঙাৰ জীৱকুলৰ ছবি

মেখেলা চাদৰ (ইংৰাজী: Mekhela Chador) হৈছে অসমীয়া মহিলাসকলৰ এক পাৰম্পৰিক পোছাক।. [1] [2]

পিন্ধন শৈলী[সম্পাদনা কৰক]

মেখেলা চাদৰৰ দুটা মুখ্য অংশ আছে। কঁকালৰ পৰা তললৈ পিন্ধা অংশক মেখেলা বুলি কোৱা হয়। ইয়াক কঁকালৰ চাৰিওফালে খাপ খাবলৈ, কঁকালত মেৰিয়াই ভাঁজ বনাই কঁকালত খুছি পৰিধান কৰা হয়। ভাঁজবোৰ সোঁফালে আৰু অতি কম (সৰ্বাধিক তিনিটা) দিয়া হয়। মেখেলাৰ ওপৰৰ অংশত পিন্ধা কাপোৰখনক চাদৰ বোলা হয়। ই হৈছে দীঘ এডোখৰ কাপোৰ। চাদৰ খনৰে দেহৰ সমুখৰ অংশ বিশেষকৈ পেট আৰু বক্ষস্থল ঢাকি এটা আগ বাঁও বাহুৰ ওপৰেৰে নি পিঠিৰ ফালে কিছু দীঘলকৈ এৰি দিয়া হয়। আনটো আগ পেটৰ সোঁফালে দি পকাই পিছ কঁকালৰে বাঁওফাললৈ আনি নাভিৰ ওচৰত মেখেলাত খোচা মাৰি সুমুৱাই দিয়া হয়। অৱশ্যে চাদৰ পৰিধান কৰাৰ আন কিছুমান বিকল্পও অৱলম্বন কৰা দেখা যায়। অতীতত আৰু পৰম্পৰাগতভাৱে ৰিহা নামৰ আন এবিধ পোছাক আছিল যিটোক চাদৰৰ দৰে পৰিধান কৰা হৈছিল। এতিয়াও ৰিহা অসমত বিবাহৰ পোছাক হিচাপে কইনাই পিন্ধা দেখা যায় আৰু অন্যান্য পাৰম্পৰিক অনুষ্ঠানতো মহিলাসকলে চাদৰৰ তলত ৰিহা লোৱাৰ নিয়ম আছে।।

নমুনা[সম্পাদনা কৰক]

মেখেলা-চাদৰৰ ওপৰত থকা আকৰ্ষণীয় ফুলৰ নক্সাবোৰ পাৰম্পৰিকভাৱে তাঁত শালত তোলা হয়, কেতিয়াও ছপা কৰা নহয়। কেতিয়াবা পাৰী নামৰ শালত বোৱা নক্সা, চাদৰৰ কাষত, বা মেখেলাৰ তলৰ ফালে চিলাই কৰা হয়। ফুলৰ নক্সাবোৰ সাধাৰনতে জন্তু, পক্ষী, মানৱ ৰূপ, ফুল, হীৰাৰ নক্সা, আদিৰ ৰুপত দেখা যায়। সুক্ষম কৰ্মকৌশলক প্ৰতিনিধিত্ব কৰা উজ্জ্বল নক্সাবোৰ হৈছে অসমীয়া বস্ত্ৰৰ পাৰম্পৰিক বিশেষত্ব। পাট আৰু মুগা কাপোৰত ফুল আৰু লতাৰ দৰে সূক্ষ্ম আকৃতিৰ নক্সা আৰু এৰি আৰু কপাহত ডাঠ আকৃতি নক্সাবোৰ দেখা যায়।[3]

বয়ন সামগ্ৰী[সম্পাদনা কৰক]

এযোৰ হাতে বোৱা গাঢ় গুলপীয়া ৰঙৰ মেখেলা-চাদৰ।

পাৰম্পৰিক মেখেলা চাদৰবোৰ নিম্নলিখিত সামগ্ৰীবোৰৰ পৰা তৈয়াৰ কৰা হয় :


আজিকালি কিছুমান আধুনিক কম মূল্যৰ মেখেলা চাদৰ কপাহ আৰু মুগা বা পাট ৰেচমৰ বিভিন্ন মিহলিৰে তৈয়াৰ কৰা দেখা যায়।

উপলভ্যতা[সম্পাদনা কৰক]

এই মেখেলা চাদৰবোৰৰ প্ৰাথমিক কেন্দ্ৰ হৈছে গুৱাহাটী চহৰৰ পৰা ৩৫ কিলোমিটাৰ নিলগত অৱস্থিত শুৱালকুছি নামৰ এখন সৰু গাঁও। অসমত নিৰ্মাণ হৈ থকা বেছিভাগ মেখেলা চাদৰ শুৱালকুছিত উৎপাদিত। এই গাঁৱত নিৰ্মাণ কৰা মেখেলা চাদৰবোৰ অসম আৰু ভাৰতৰ বাকী অংশত মহিলাসকলৰ মাজত যথেষ্ট চাহিদা। শুৱালকুছি অসমৰ মানচেষ্টাৰ বুলিও কোৱা হয়। মেখেলা চাদৰ সমগ্ৰ অসমতে পোৱা যায়। লগতে বিভিন্ন ৱেবছাইটৰ যোগেৰেও উপলব্ধ হয়।আজিকালি পাট আৰু পলিয়েষ্টাৰৰ মেখেলা চাদৰবোৰৰ বজাৰত আধিপত্য দেখা গৈছে। উচ্চ মূল্যৰ বাবে মুগাৰ দাবী বজাৰত যথেষ্ট কম। গ্ৰাহকসকলক সাধাৰনতে টচাৰ ৰেচমৰ যি মূল মুগা ৰেচমৰ সৈতে অতি সদৃশ, বিকল্প হিচাপে বিচৰা দেখা যায়।[4]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Sharma, M. B. (2005). Silk Mekhela Chador–A traditional dress of Assamese women. Indian Silk, 44(5), 26-29.
  2. Brahmachary, S. (2016). IMPERIALISTIC ASSAM: AN ANALYSIS OF CULTURAL IMPERIALISM IN ASSAM. Regional Cooperation Newsletter-South Asia July-September, 2016, 10.
  3. Chakravorty, R., Dutta, P., & Ghose, J. (2010). Sericulture and traditional craft of silk weaving in Assam.http://nopr.niscair.res.in/bitstream/123456789/8166/1/IJTK%209(2)%20378-385.pdf?utm_source=The_Journal_Database&trk=right_banner&id=1416585687&ref=84469fc7a8cae868ab19cd6718aa70ed
  4. Aggarwal, A., Sharma, A., Tripathi, A., Wadhawan, A., Chongtham, E., Gupta, H., ... & Bhardwaj, R. Static or Dynamic-The Analysis of Handloom Industry of Assam.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]