সমললৈ যাওক

চান্দসাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চান্দসাইৰ প্ৰকৃত নাম সম্ভৱতঃ চান্দ খাঁ। চান্দসাই মুছলমান দৰ্জী আছিল। এওঁ হেনো পোনতে শংকৰদেৱৰ নিন্দা কৰি ফুৰিছিল। শংকৰদেৱ পাটবাউসীত থকা সময়ত তেওঁ চান্দসাইক এটা চোলা সীবলৈ দিয়ে। এইদৰে শংকৰদেৱৰ সান্নিধ্যলৈ আহে। চান্দসাই তেওঁৰ মাহাত্ম্যত মুগ্ধ হয় আৰু তেওঁত শৰণ লয়।[1] ৰামচৰণ ঠাকুৰৰ চৰিত পুথিমতে চান্দসাই শংকৰদেৱৰ লগত বেহাৰতো আছিলগৈ। [2]

সাহিত্য কৃতি

[সম্পাদনা কৰক]

চান্দসাইৰ সাহিত্য কৃতি দুই-এটি গীততে সীমাবদ্ধ।[3][4] তেওঁৰ এটি গীতৰ নমুনা তলত দিয়া হ'লঃ

কিনো গীত গাইলি চান্দৰে বৰাই

কিনো গীত গাইলি চান্দে।

গতুৱা এন্দুৰৰ পাৱত পৰিয়া

বোন্দা মেকুৰীয়ে কান্দে॥

...

সাগৰৰ মাজৰ ঘোঁৰাৰ ঠক্‌ঠকি

নগৰত বুৰালে নাও।

কহতু চান্দসাই এই গীত ৰচিলে

বুজা ভকতিৰ ভাও॥

নৰনাৰায়ণৰ ৰাজসভাত পণ্ডিতসকলৰ লগত বাদ লাগি সেই বাদত যেতিয়া শংকৰদেৱ জয়ী হয়, সেই সময়ত এই গীতটি ৰচা হৈছিল বুলি কথিত। এই গীতটিত ভকতীয়া ফকৰাৰ ভাষাৰে ভক্তিধৰ্মৰ মাহাত্ম্য প্ৰচাৰ কৰা হৈছে।[5][4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. লক্ষ্মীনাথ বেজবৰুৱা, শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ, বেজবৰুৱা গ্ৰন্থাৱলী, পৃ. ২৫৮-৯
  2. ৰামচৰণ ঠাকুৰ কৃত গুৰু চৰিত (হৰিনাৰায়ণ দত্তবৰুৱা সম্পাঃ), পদ ৩৭০১-১২
  3. মহেশ্বৰ নেওগ সম্পাদিত ভক্তিগীত সঙ্কলনত চান্দসাইৰ মাত্ৰ এটি গীতহে সঙ্কলিত হৈছে।
  4. 4.0 4.1 শিৱনাথ বৰ্মন(সম্পা).অসমীয়া সাহিত্যৰ বুৰঞ্জী,দ্বিতীয় খণ্ড.প্ৰকাশক: আনন্দৰাম বৰুৱা ভাষা কলা-সংস্কৃতি সংস্থা, পৃঃ ৪১৪
  5. মহেশ্বৰ নেওগ, অসমীয়া সাহিত্যৰ ৰূপৰেখা, পৃ. ১৪৮