চান্দিনী তামিলাৰসন
| চান্দিনী তামিলাৰসন | |
|---|---|
| জন্ম | নুংগামবাক্কাম, চেন্নাই, তামিলনাডু, ভাৰত |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০১০–বৰ্তমান |
| দাম্পত্যসঙ্গী | নন্দ (বি. ২০১৮) |
চান্দিনী তামিলাৰসন (ইংৰাজী: Chandini Tamilarasan) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তামিল আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। ২০১০ চনত কে. ভাগ্যৰাজৰ ছবি সিদ্ধু +২ত মুখ্য চৰিত্ৰৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলে। ইয়াৰ পিছত তেওঁ নান ৰাজাভাগা পোগিৰেন (২০১৩) ছবিত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছিল।
প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]চান্দিনীৰ জন্ম হৈছিল তামিলাৰসন আৰু পদ্মঞ্জলিৰ ঔৰসত। তেওঁ পিতৃৰফালৰপৰা তামিল আৰু মাতৃৰফালৰপৰা তেলুগু মূলৰ।[1][2] ২০১৮ চনৰ ১২ ডিচেম্বৰত তেওঁ নৃত্য নিৰ্দেশক নন্দৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[3]
কৰ্মজীৱন
[সম্পাদনা কৰক]২০০৭ চনত ১৭ বছৰ বয়সত তেওঁ ‘মিছ চেন্নাই’ প্ৰতিযোগিতাৰ এগৰাকী প্ৰতিযোগী আছিল, কিন্তু তেওঁ শীৰ্ষ তিনিগৰাকীৰ ভিতৰত স্থান লাভ কৰা নাছিল।[4] ইয়াৰ পিছত ২০০৯ চনত তেওঁ এটা তামিল চেনেলৰ ৰিয়েলিটি শ্ব’ত অংশ লৈছিল আৰু সেই সময়তে তেওঁ কে. ভাগ্যৰাজৰ কাৰ্যালয়ৰপৰা তেওঁৰ নতুন প্ৰকল্পৰ বাবে স্ক্ৰীণ টেষ্ট দিবলৈ আমন্ত্ৰণ লাভ কৰে।[5][6] তেওঁৰ পৰিৱেশনত আপ্লুত হৈ তেওঁক ভাগ্যৰাজৰ পুত্ৰ শান্তনু ভাগ্যৰাজৰ বিপৰীতে সিদ্ধু +২ ছবিত অভিনয়ৰ বাবে চুক্তিবদ্ধ কৰা হয়। কিছু পলমকৈ ২০১০ চনৰ ডিচেম্বৰত মুক্তি পোৱা ছবিখনে বক্স অফিচত বিশেষ সফলতা লাভ কৰা নাছিল আৰু মধ্যমীয়া সঁহাৰি লাভ কৰিছিল।[7] ২০১০ চনৰ মাজভাগত তেওঁ তামিল অভিনেতা আৰ্যৰদ্বাৰা প্ৰযোজিত আৰু নৱাগত অভিনেতা অভিনীত পদীথুৰাই নামৰ এখন ছবিত চুক্তিবদ্ধ হৈ কাম কৰিছিল। ছবিখনে ছবিগৃহত মুক্তি লাভ নকৰিলে।[8] যদিও তেওঁ আৰু অধিক ছবিৰ প্ৰস্তাৱ লাভ কৰিছিল, তথাপি তেওঁ সেই সকলোবোৰ প্ৰত্যাখ্যান কৰি শিক্ষা সম্পূৰ্ণ কৰিবলৈ মহাবিদ্যালয়লৈ উভতি যায়।[9] ২০১৪ চনত তেওঁ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে।[10]
২০১৩ চনত তেওঁ পৃথ্বী ৰাজকুমাৰৰ ছবি নান ৰাজাভাগা পোগিৰেনত নকুলৰ সৈতে অভিনয় কৰিছিল। সেই বছৰৰে শেষৰফালে তেওঁ কালীচৰণৰ জৰিয়তে তেলেগু ছবিত আত্মপ্ৰকাশ কৰে।[11] ২০১৪ চনত তেওঁ লাভাৰ্ছ আৰু কিৰাক নামৰ দুখন ছবিত অভিনয়ৰ সুযোগ লাভ কৰে।[12][13]
পৰৱৰ্তী সময়ত চান্দিনীক ভিল আম্বু (২০১৬), নৈয়াপ্পুদাই (২০১৬), কান্নুলা কাচা কাত্তাপ্পা (২০১৬), এন্নোডু বিলাইয়াদু (২০১৭), কাভান (২০১৭), মান্নাৰ ভাগাইয়াৰা (২০১৮) আৰু ৰাজা ৰংগুস্কি (২০১৮) আদি ছবিত দেখা যায়। ইয়াৰ পিছৰ বছৰত তেওঁৰ তিনিখন ছবি পেট্টিকাডাই (২০১৯), কাধাল মুন্নেত্ৰ কাঝাগম (২০১৯) আৰু নান আভালাই সান্ধিথা পোথু (২০১৯) মুক্তি পায়।[14][15][16]
থাজামপু ধাৰাবাহিকৰ জৰিয়তে তেওঁ টেলিভিছন জগতত আত্মপ্ৰকাশ কৰে। পিছলৈ তেওঁ অভিনেত্ৰী শিৱানী নাৰায়ণৰ স্থানত ৰেট্টাই ৰোজা ধাৰাবাহিকখনৰ মুখ্য মহিলা চৰিত্ৰৰ বাবে নিৰ্বাচিত হয়।[17]
পৰৱৰ্তী সময়ত তেওঁ মাই ডিয়াৰ লিছা (২০২২), কুডিমাহান (২০২৩) আৰু ফায়াৰ (২০২৫) আদি ছবিত মুখ্য মহিলা চৰিত্ৰত অভিনয় কৰে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Chowdhary, Y. Sunita (24 June 2015). "On the right track". The Hindu. https://www.thehindu.com.
- ↑ "Chandini gets a makeover". The Times of India. https://timesofindia.indiatimes.com.
- ↑ "LOVE MARRIAGE: POPULAR KOLLYWOOD ACTRESS TO GET MARRIED TO THIS DANCE STAR!". https://www.behindwoods.com.
- ↑ "FA Miss Chennai 2007". Viba Miss Chennai. Archived from the original on 2012-06-04. https://web.archive.org/web/20120604022601/http://www.vibamisschennai.com/chandhinitamilrasan-inner.htm। আহৰণ কৰা হৈছে: 2012-04-10.
- ↑ Pillai, Sreedhar (2009-10-30). "Chandini from Chennai". The Times of India. TNN. Archived from the original on 2014-01-09. https://web.archive.org/web/20140109052340/http://articles.timesofindia.indiatimes.com/2009-10-30/news-interviews/28102435_1_siddhu-tamil-film-industry-arya.
- ↑ K. Jeshi (2011-01-07). "On a roll". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/article1046683.ece। আহৰণ কৰা হৈছে: 2013-09-15.
- ↑ "Cinema Plus / Film Review : Just pass". The Hindu. 2010-12-12. Archived from the original on 2013-11-13. https://web.archive.org/web/20131113171559/http://www.hindu.com/cp/2010/12/12/stories/2010121250070300.htm। আহৰণ কৰা হৈছে: 2013-09-15.
- ↑ "Cinema Plus / Columns : Itsy-bitsy". The Hindu. 2010-06-25. Archived from the original on 2010-11-26. https://web.archive.org/web/20101126121539/http://www.hindu.com/cp/2010/06/25/stories/2010062550090400.htm। আহৰণ কৰা হৈছে: 2013-09-15.
- ↑ "I Like Stepping out of my Comfort Zone". The New Indian Express. Archived from the original on 6 April 2015. https://web.archive.org/web/20150406014015/http://www.newindianexpress.com/entertainment/tamil/I-Like-Stepping-out-of-my-Comfort-Zone/2015/04/01/article2740250.ece। আহৰণ কৰা হৈছে: 7 April 2015.
- ↑ "Chandini completes her degree, ready to focus on acting". The Indian Express. 9 September 2014. http://indianexpress.com/article/entertainment/regional/chandini-completes-her-degree-ready-to-focus-on-acting/। আহৰণ কৰা হৈছে: 7 April 2015.
- ↑ "Proud to be part of 'Kalicharan': Chandini". The New Indian Express. 2013-04-27. Archived from the original on 2013-07-04. https://web.archive.org/web/20130704120906/http://newindianexpress.com/entertainment/telugu/Proud-to-be-part-of-Kalicharan-Chandini/2013/04/27/article1564110.ece.
- ↑ "Lovers". https://www.idlebrain.com/movie/archive/lovers.html.
- ↑ "Kiraak". https://www.moviebuff.com/kiraak.
- ↑ "PETTIKADAI MOVIE REVIEW". The Times of India. https://timesofindia.indiatimes.com/entertainment/tamil/movie-reviews/pettikadai/movie-review/68098940.cms.
- ↑ "'Kadhal Munnetra Kazhagam' movie review: This confused mess of a film is deeply problematic". 6 July 2019. https://www.newindianexpress.com/entertainment/review/2019/Jul/06/kadhal-munnetra-kazhagam-movie-review-this-confused-mess-of-a-film-is-deeply-problematic-1999980.html.
- ↑ "Naan Avalai Sandhitha Podhu review: Emotional potboiler". 28 December 2019. https://www.deccanchronicle.com/entertainment/movie-reviews/281219/naan-avalai-sandhitha-podhu-review-emotional-potboiler.html.
- ↑ "Actress Chandini Tamilarasan joins the cast of Rettai Roja; replaces actress Shivani Narayanana". The Times of India. https://timesofindia.indiatimes.com/tv/news/tamil/actress-chandini-tamilarasan-joins-the-cast-of-rettai-roja-replaces-actress-shivani-narayanan/articleshow/77110098.cms.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- চান্দিনী তামিলাৰসন সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।