সমললৈ যাওক

চান্দেৰী শাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চান্দেৰী শাৰী

প্ৰাণপুৰৰ এটা ঘৰৰ চোতালত মেলি থোৱা এখন চান্দেৰি শাৰী
প্ৰকাৰ শাৰী
পদাৰ্থ চিল্ক বা কপাহী
উৎপত্তিৰ স্থান চান্দেৰি, মধ্যপ্ৰদেশ, ভাৰত

চান্দেৰি শাৰী ভাৰতৰ মহিলাই পৰিধান কৰা এক বস্ত্ৰ আৰু ই ভাৰতৰ মধ্যপ্ৰদেশৰ চান্দেৰিত নিৰ্মিত পৰম্পৰাগত কোলি[1][2] শাৰী।[3][4][5]

চন্দেৰি শাৰীৰ বয়ন সংস্কৃতিৰ উন্মেষ ঘটিছিল দ্বিতীয় আৰু সপ্তম শতিকাৰ ভিতৰত। ৰাজ্যখনৰ দুটা সাংস্কৃতিক অঞ্চল মালৱা আৰু বুণ্ডেলখণ্ডৰ সীমাত অৱস্থিত। বিন্ধ্যাচল ৰেঞ্জৰ লোকসকলৰ পৰম্পৰা বিস্তৃত। একাদশ শতিকাত মালৱা, মেড়ৱা, মধ্য ভাৰত আৰু দক্ষিণ গুজৰাটৰ বাণিজ্যিক স্থানে এই অঞ্চলৰ গুৰুত্ব বৃদ্ধি কৰে।[6]

চতুৰ্দশ শতিকাৰ অনুমাণিক ১৩৫০ চনত চান্দেৰি শাড়ীৰ পৰম্পৰা আৰম্ভ কৰিছিল কোলি শিপিনীসকলে।[7][8]

আলংকাৰিক আৰ্হি

[সম্পাদনা কৰক]

বিশুদ্ধ ৰেচম, চান্দেৰি কপাহ আৰু ৰেচম কপাহ তিনিবিধ কাপোৰৰপৰা চান্দেৰি শাৰী প্ৰস্তুত কৰা হয়। পৰম্পৰাগত মুদ্ৰা, ফুলৰ শিল্প, ময়ূৰ আৰু আধুনিক জ্যামিতিক ডিজাইন বিভিন্ন চান্দেৰি আৰ্হিত বোৱা হৈছে। ভাৰতৰ ভিতৰতে উন্নতমানৰ শাৰীসমূহৰ ভিতৰত অন্যতম আৰু সোণ আৰু ৰূপৰ ব্ৰকেড বা জৰী, মিহি ৰেচম, আৰু চহকী এম্ব্ৰয়ডাৰীৰ বাবে ই জনাজাত।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Verma, Garima. "The changing craft of Chanderi" (en ভাষাত). Deccan Herald. https://www.deccanherald.com/lifestyle/design/the-changing-craft-of-chanderi-2745674 আহৰণ কৰা হৈছে: 2023-11-02.
  2. "Handloom and Handicraft Mela To be Organised in Nagpur - The Live Nagpur" (en-US ভাষাত). 2023-08-01. https://thelivenagpur.com/2023/08/01/handloom-and-handicraft-mela-to-be-organised-in-nagpur/ আহৰণ কৰা হৈছে: 2023-11-02.
  3. LALITHAA KRISHNAN. "Cool textures for hot clime". The Hindu. http://www.thehindu.com/arts/history-and-culture/article2090455.ece আহৰণ কৰা হৈছে: 2013-01-20.
  4. "Handloom expo in Bhubaneswar". The Times of India. Archived from the original on 2013-04-07. https://web.archive.org/web/20130407052124/http://articles.timesofindia.indiatimes.com/2013-01-20/bhubaneswar/36445272_1_handloom-expo-silk-saris-traditional-handlooms আহৰণ কৰা হৈছে: 2025-08-16.
  5. Shefalee Vasudev (21 December 2012). "2012: Fashion's firsts". livemint.com. http://www.livemint.com/Leisure/7yxHhV9DyXqQ2UbqnRPH1J/2012-Fashions-firsts.html.
  6. Chanderi Sari : An age-old legency of the loom https://www.outlookindia.com/traveller/mp/visual-escape/photo-gallery/chanderi-sari-age-old-legacy-loom/
  7. "This village thanks Aamir, Kareena but. . ." (en ভাষাত). Rediff. https://www.rediff.com/money/slide-show/slide-show-1-this-village-thanks-aamir-kareena-but/20110426.htm আহৰণ কৰা হৈছে: 2023-11-02.
  8. "देशभर में प्रसिद्ध मध्‍य प्रदेश की चंदेरी साड़ियों का बाजार मंदी के दौर में, स्‍टाक भरपूर, लेकिन अपेक्षित बिक्री नहीं - Market of Chanderi sarees of Madhya Pradesh famous across the country in recession stock plentiful but not expected sales" (hi ভাষাত). Nai Dunia. 2021-07-04. https://www.naidunia.com/madhya-pradesh/ashoknagar-market-of-chanderi-sarees-of-madhya-pradesh-famous-across-the-country-in-recession-stock-plentiful-but-not-expected-sales-6960814 আহৰণ কৰা হৈছে: 2023-11-02.