সমললৈ যাওক

চাপচাৰ কুট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাপচাৰ কুট
চাপচাৰ কুট
চাপচাৰ কুট উৎসৱত চেৰাউ নৃত্য
পালন কৰে মিজো জনগোষ্ঠী
প্ৰকাৰ কৃষিভিত্তিক লোকউৎসৱ
মহত্ব বসন্ত উৎসৱ
তাৰিখ ২ মাৰ্চ

চাপচাৰ কুট মিজোৰামমিজো জনগোষ্ঠীৰ লোকসকলৰ কৃষিভিত্তিক উৎসৱ।[1] ঝুম খেতিৰ বাবে হাবি কাটি জুই লগাই মুকলি কৰাৰ পাছত মাৰ্চ মাহত "চাপচাৰ কুট" উৎসৱ উদযাপন কৰা হয়। এই উৎসৱৰ উপলক্ষে মিজো যুৱক যুৱতীয়ে চেৰাউ নৃত্য নাচে।[2] ই অসমীয়া ৰঙালী বিহুৰ সমতুল্য বসন্ত উৎসৱ।

চপচাৰ কুট ১৪৫০-১৭০০ খ্ৰীষ্টাব্দত চুইপুই নামৰ এখন গাঁৱত আৰম্ভ হোৱা বুলি অনুমান কৰা হৈছে। সম্ভৱতঃ যেতিয়া চিকাৰীসকলে চিকাৰ নাপাই খালী হাতেৰে গাঁৱলৈ উভতি আহি হতাশাত ভুগিছিল, তেতিয়া গাঁৱৰ মুখিয়ালসকলে চাউলৰ মদ আৰু মাংসৰ সৈতে অপ্ৰত্যাশিত উৎসৱৰ প্ৰস্তাৱ দিছিল। তেতিয়াৰে পৰা চুইপুই গাঁৱৰ লোকসকলে প্ৰতি বছৰে এই উৎসৱ উদযাপন কৰিছিল। লাহে লাহে এই উৎসৱ আন গাঁৱলৈ বিয়পি পৰিছিল।[3] চপচাৰ কুট ১৯৬২ চনত প্ৰথমবাৰৰ বাবে আইজলত বৃহৎ পৰিসৰত উদযাপন কৰা হৈছিল। কিন্তু ই মিজোৰামত বৰ্তমান প্ৰচলিত খ্ৰীষ্টান ধৰ্মৰ পৰিপন্থী হিচাপে বিতৰ্কৰ সন্মুখীন হৈছিল। ১৯৭৩ চনত পুনৰাই পাৰম্পৰিক ৰীতি-নীতি আৰু চেৰাউ নৃত্যৰে চাপচাৰ কুট পালন কৰা হৈছিল।[4] আনকি ইয়াৰ সমালোচনা কৰা গীৰ্জাসমূহে ইয়াৰ সমালোচনা বন্ধ কৰিছিল। তেওঁলোকে অনুভৱ কৰিছিল যে পাৰম্পৰিক সংস্কৃতি নাইকিয়া হোৱাৰ উপক্ৰম হৈছে।[5] বৰ্তমান চাপচাৰ কুট প্ৰতি বছৰে মাৰ্চ মাহত উলহ-মালহেৰে অনুষ্ঠিত কৰা হয়। মানুহৰ মাজত বন্ধুত্বভাৱ জাগৰিত কৰিবলৈ তেওঁলোকে নৃত্য-গীত গাই, ভোজৰ আয়োজন কৰি তেওঁলোকৰ প্ৰিয় উৎসৱ উদযাপন কৰে।[6]

চাপচাৰ কুট হৈছে বাৰ্ষিক কৃষিচক্ৰৰ তিনিটা বিভিন্ন পৰ্যায় চিহ্নিত কৰিবলৈ উদযাপন কৰা মিজোসকলৰ তিনিটা বাৰ্ষিক উৎসৱৰ এটা। আন দুটা হৈছে মিম কুট আৰু পাৱল কুট। এই তিনি উৎসৱ যোৱা শতিকাত পুনৰুজ্জীৱিত কৰা হৈছিল।

২০১৪ চনত মিজোৰামত উদযাপিত চাপচাৰ কুট উৎসৱত চেৰাউ নৃত্য

জনশ্ৰুতি মতে চাপচাৰ কুট ম্যানমাৰ-মিজোৰাম সীমান্তৰ চেইপুই গাৱঁত উদযাপন কৰা হৈছিল। এই অঞ্চলত মিজো আৰু তেওঁলোকৰ সম্বন্ধীয় জনজাতীয় লোকসকল বাস কৰে। বছৰৰ আৰম্ভণিতে ঝুম খেতিৰ বাবে পাহাৰৰ ঢালত বন পৰিষ্কাৰৰ সময়ত তেওঁলোক ক্ষতিৰ পৰা ৰক্ষা কৰাৰ বাবে দেৱতাসকলক ধন্যবাদ জনাবলৈ চপচাৰ কুট উদযাপন কৰা হৈছিল। প্ৰথমে এই উৎসৱত যথেষ্ট সুৰাপান আৰু ভোজৰ সৈতে পালন কৰা হৈছিল। উৎসৱৰ প্ৰথম নিশা যুৱতী আৰু মহিলাসকলে গোটেই নিশা নাচে। মহিলাসকলে ভাকিৰীয়া পিন্ধি পোছাক পিন্ধি নৃত্যত যোগদান কৰে। এই উৎসৱ চাই নৃত্যৰ উৎস।[7]

বৰ্তমান সময়ত ফেব্ৰুৱাৰীৰ শেষৰ ফালে বা মাৰ্চৰ আৰম্ভণিভাগত এই উৎসৱ পালন কৰা হয়। এই সময়ত ঝুমৰ বাবে হাবি জংঘল কাটি গছ আৰু বাঁহবোৰ শুকাবলৈ দিয়া হয় আৰু স্থানান্তৰিত খেতিয়কসকলৰ আনন্দ উপভোগ কৰাৰ বাবে যথেষ্ট সময় থাকে।[8]

চাপচাৰ কুটৰ সময়ত কৰা মুখ্য কাৰ্যকলাপবোৰ হৈছে:

  • চাৱনঘানাৱাহ - সিজোৱা কণী পৰস্পৰিকৰ মুখত ভৰোৱা প্ৰাক খ্ৰীষ্টান প্ৰথা[9]
  • নৃত্য - চেৰাউ নৃত্য ইয়াৰ মুখ্য নৃত্য যদিও এই মহোৎসৱত পৰিৱেশন কৰা অন্যান্য নৃত্য হৈছে খুলম, চেইহলাম, চাই আৰু চাৰ্লামকাই[10]
  • কলা, শিল্প আৰু ফটো প্ৰদৰ্শনী[11]
  • চাপচাৰ কুট দৌৰ[12]
  • মিজো পাৰম্পৰিক ক্ৰীড়া আৰু সাজ-সজ্জা[13]
  • কৰ্মস্থানত পাৰম্পৰিক পোছাক পিন্ধা[14]
  • পাৰম্পৰিক জাতীয় খাদ্যৰ বিপনি[15]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. Barthakur, Dilip Ranjan (2003). The Music And Musical Instruments Of North Eastern India. Mittal Publications. পৃষ্ঠা. 55. ISBN 978-81-7099-881-5. https://books.google.com/books?id=oP4vH-4oSEcC&pg=PA55 আহৰণ কৰা হৈছে: 8 August 2012.
  2. http://www.onlytravelguide.com/mizoram/arts-crafts/cheraw-dance.php
  3. "THE ORIGIN OF THE CHAPCHAR KUT". mizoram.nic.in. http://mizoram.nic.in/about/oriofchapcharkut.htm আহৰণ কৰা হৈছে: 12 March 2020.
  4. Thanzawna. "Origin of Chapchar Kut". Mizoram.nic.in. Archived from the original on 2 April 2012. https://web.archive.org/web/20120402131327/http://mizoram.nic.in/about/oriofchapcharkut.htm আহৰণ কৰা হৈছে: 9 August 2012.
  5. Pachuau, Joy. The Camera as Witness. Cambridge. পৃষ্ঠা. 275–276. ISBN 9781107073395.
  6. "Chapchar Kut: The Festival of Bonhomie". thenortheasttoday. https://www.northeasttoday.in/chapchar-kut-the-festival-of-bonhomie/ আহৰণ কৰা হৈছে: 12 March 2020.
  7. LALTHANGLIANA, B. Culture and folklore of Mizoram. https://books.google.com/books?id=Of88DwAAQBAJ&pg=PT156&lpg=PT156&dq=mim+kut+origins&source=bl&ots=2UmDBYFvuw&sig=bU7LczmEPH5a9OJoPl4pUY42D78&hl=en&sa=X&ved=2ahUKEwiq9KCT05TfAhVCT30KHdk6DIkQ6AEwDHoECBgQAQ#v=onepage&q=chapchar%20kut&f=false আহৰণ কৰা হৈছে: 10 December 2018.
  8. Hindustan Times. "Egged on: Mizoram festival revives pre-Christian custom". Hindustan Times. http://www.hindustantimes.com/india/egged-on-mizoram-festival-revives-pre-christian-custom/story-e6aDSthhn8K6hFP2GeblvM.html আহৰণ কৰা হৈছে: 8 March 2016.
  9. "Call to promote Mizo moral code and tradition". nenow. https://nenow.in/north-east-news/mizoram/call-to-promote-mizo-moral-code-and-tradition.html আহৰণ কৰা হৈছে: 12 March 2020.
  10. "Mizoram celebrates its biggest festival ‘Chapchar Kut’". eastmojo. https://www.eastmojo.com/mizoram/2020/03/06/mizoram-celebrates-its-biggest-festival-chapchar-kut আহৰণ কৰা হৈছে: 12 March 2020.[সংযোগবিহীন উৎস]
  11. "Mizoram: Chapchar Kut celebration underway". morungexpress. https://morungexpress.com/mizoram-chapchar-kut-celebration-underway আহৰণ কৰা হৈছে: 12 March 2020.
  12. "Mizoram all set to celebrate Chapchar Kut on Feb 28 & March 1". eastmojo. Archived from the original on 2 March 2021. https://web.archive.org/web/20210302162351/https://www.eastmojo.com/news/2019/02/26/mizoram-all-set-to-celebrate-chapchar-kut-on-feb-28-march-1/ আহৰণ কৰা হৈছে: 12 March 2020.
  13. "Mizoram all set for Chapchar Kut festival". Telegraph India. https://www.telegraphindia.com/states/north-east/mizoram-all-set-for-chapchar-kut-festival/cid/1442360 আহৰণ কৰা হৈছে: 12 March 2020.
  14. "Mizoram to celebrate Chapchar Kut on March 6". nenow. https://nenow.in/north-east-news/mizoram/mizoram-to-celebrate-chapchar-kut-on-march-6.html আহৰণ কৰা হৈছে: 12 March 2020.
  15. "Chapchar Kut' festival celebrated with cultural fervour across Mizoram". Business standard. https://www.business-standard.com/article/news-ani/chapchar-kut-festival-celebrated-with-cultural-fervour-across-mizoram-118030900556_1.html আহৰণ কৰা হৈছে: 12 March 2020.