সমললৈ যাওক

চাপ নৃত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাপ
স্থানীয় নাম چاپ (বেলুচী)
শৈলী লোকনৃত্য
বাদ্যযন্ত্ৰ ছোৰ্ণা, ঢোল, নাৰ ছুৰ, ছুৰোজ, নাল, তাবুৰা
ইৰাণৰ তেহৰাণত লোকনৃত্য একাডেমীৰ স্নাতকসকলৰ দ্বাৰা প্ৰদৰ্শিত বেলুচী নৃত্য
ইৰাণতেহৰাণত লোকনৃত্য একাডেমীৰ স্নাতকসকলৰ দ্বাৰা প্ৰদৰ্শিত বেলুচী নৃত্য

চাপ (বেলুচী: چاپ) হৈছে বেলুচ জনগোষ্ঠীৰ এটা পৰম্পৰাগত লোকনৃত্য, যি বেলুচিস্তান অঞ্চলত প্ৰচলিত।[1][2]‌ চাপ নৃত্য সাধাৰণতে গোট বান্ধি বৃত্তাকাৰে কৰা হয় আৰু তাত তাল-মিলোৱা হাততালি গুৰুত্বপূৰ্ণ ভূমিকা লয়।[3] এই নৃত্যত হাততালিৰ সংখ্যা আৰু বিন্যাসৰ ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণ চিনাক্ত কৰা হয়—যেনে দো-চাপী, ছে-চাপী আৰু চাৰ-চাপী[4]

দো-চাপী (বেলুচী: دو چاپی) হৈছে চাপ নৃত্যৰ এটা প্ৰচলিত ৰূপ। এই নৃত্য সাধাৰণতে বৃত্তাকাৰে গোট বান্ধি নাচে আৰু হাততালি বজাই নৃত্য কৰা হয়। কিছুমান ক্ষেত্ৰত কাঠি বা তৰোৱালো ব্যৱহাৰ কৰা হয়।[5]

দো-চাপীত প্ৰধানকৈ ছোৰ্ণা আৰু ঢোল ব্যৱহাৰ কৰা হয়।[6]

মহিলাসকলৰ নৃত্যশৈলী পুৰুষসকলৰ পৰা অলপ ভিন্ন। তেওঁলোকে সাধাৰণতে দুই খোজ পিচত গৈ বৃত্তৰ ভিতৰত লঘু গতিৰে হাততালি বজাই নাচে।[7]

চাপ শব্দটোৰ অৰ্থ বেলুচী ভাষাত হাততালি[8] বেলুচী ভাষাত নৃত্যক সাধাৰণতে নাচ বুলি কোৱা হয়।

বেলুচী লোকনৃত্য
বেলুচী লোকনৃত্য

বেলুচী লোকনৃত্যসমূহত হাততালিৰ গুৰুত্ব অধিক। প্ৰতিটো নৃত্যত হাততালিৰ ধৰণ আৰু দেহৰ গতি বেলেগ বেলেগ। সাধাৰণতে পুৰুষ আৰু মহিলা পৃথক বৃত্তত নাচে যদিও একে তালত হাততালি বজায়।[9]

চাপ নৃত্যৰ বিভিন্ন ৰূপ আছে, যেনে বেলুচী লেৱা, হাম্বো আৰু লাট্টি। এই নৃত্য সাধাৰণতে বেলুচী সংস্কৃতিৰ বিশেষ বাদ্যযন্ত্ৰ—নাৰ ছুৰ, ছুৰোজ, নাল আৰু তাবুৰাৰ সংগে কৰা হয়।[10]

এই নৃত্য সাধাৰণতে বিবাহ, উৎসৱ আৰু সামাজিক সমাবেশত সামূহিক আনন্দ প্ৰকাশৰ মাধ্যম হিচাপে পৰিবেশিত হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Abbas, Huma Jalil (2006). Pakistan the land and its culture. Pakistan National Council of the Arts. পৃষ্ঠা. 48. ISBN 978-969-450-052-2. 
  2. Dil, Anwar (1965). Perspectives on Pakistan. Bookservice. পৃষ্ঠা. 202. 
  3. "Baloch traditions: Food, games and dances you didn't know of". Dunya News. 
  4. "The Performance and Patronage of Baloch Culture through Music (and Related Arts) in the Eastern Arabian Peninsula". January 2020. 
  5. South Asian Folklore. 2003. পৃষ্ঠা. 43. 
  6. "دوچاپی آیینی ماندگار در سیستان و بلوچستان" (fa ভাষাত). 14 August 2018. 
  7. "The infectious Baloch dance". 17 March 2019. 
  8. Dames, Mansel Longworth (1922). A text book of the Balochi language. পৃষ্ঠা. 32. 
  9. Dashti, Naseer (2007). In a Baloch Perspective. পৃষ্ঠা. 11. 
  10. "The infectious Baloch dance". Daily Times. 17 March 2019.