চাবজাং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাবজাং নৃত্য
শৈলী নৃত্য

চাবজাং নৃত্য হৈছে উত্তৰ কাছাৰ পাহাৰ অঞ্চলত বসবাস কৰা জয়ন্তীয়াসকলে পালন কৰা বিভিন্ন কৃষিভিত্তিক উৎসৱৰ সৈতে জড়িত এটি উল্লেখযোগ্য নৃত্য। এই নৃত্যত গাভৰুসকলে মুগাৰ মেখেলা আৰু আঁঠু পৰ্যন্ত বিস্তৃত দীঘল বগা চোলা পিন্ধি মূৰটো ঢকাকৈ একোখন বগা কাপোৰ মাৰি লয়। তেওঁলোকৰ ডিঙিত একোডাল ডাঙৰ মণি-মালা থাকে। প্ৰত্যেকজনী গাভৰুৱে নৃত্যৰ লগতে দুয়োহাতেৰে একোখন বাঁহৰ ডলা লৈ ধান বা শস্য জাৰাৰ আংগিক অভিনয় প্ৰদৰ্শন কৰে। তেওঁলোকে গীত গায় আৰু গীতৰ লগে লগে নাচৰ ভংগীও প্ৰদৰ্শন কৰে। এই নৃত্যত কেৱল ঢোল বাদ্যযন্ত্ৰহে সংগত কৰা হয়। নৃত্য বৃত্তাকাৰে প্ৰদৰ্শন কৰা হয়। [1]

প্ৰসংগ পুথি[সম্পাদনা কৰক]

  1. 'ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ্য কলা: ড॰ নবীন চন্দ্ৰ শৰ্মা'