চামকঁঠাল
অৱয়ব
| চামকঁঠাল | |
|---|---|
| চামকঁঠালৰ পাত | |
| বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| অধিজগৎ: | সংকোষকেন্দ্ৰী |
| ৰাজ্য: | Plantae |
| ক্লেড: | Angiosperms |
| ক্লেড: | Eudicots |
| ক্লেড: | Rosids |
| বৰ্গ: | Rosales |
| পৰিয়াল: | Moraceae |
| গোত্ৰ: | Artocarpeae |
| গণ: | Artocarpus |
| প্ৰজাতি: | A. chama |
| দ্বৈৰাশিক নামকৰণ | |
| Artocarpus chama Buch.-Ham. | |
| সমাৰ্থক | |
| |
চামকঁঠাল (ইংৰাজী: chaplash, বৈজ্ঞানিক নাম: Artocarpus chama)[1] Moraceae পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ। ই কঁঠালজাতীয় এবিধ বনৰীয়া গছ। ভিয়েটনামত ইয়াক মিট নাই (অন্য কিছু বনৰীয়া প্ৰজাতিৰ সৈতে) বুলিও কোৱা হয়। ইয়াক য়ুনান চীন, বাংলাদেশ, ভূটান, ভাৰত, লাওচ, মালয়েচিয়া, ম্যানমাৰ আৰু থাইলেণ্ডত দেখা পোৱা যায়।[2]
বিৱৰণ
[সম্পাদনা কৰক]চামকঁঠাল প্ৰায় ৩০-৪০ মিটাৰ উচ্চতা আৰু ৩-৫ মিটাৰ পৰিধিৰ এবিধ ডাঙৰ পৰ্ণপাতী গছ। পাতবোৰ ডাঙৰ আৰু আকাৰ পৰিৱৰ্তনশীল হয়। এইসমূহৰ দৈৰ্ঘ্য ১২-৩০ চে.মি. আৰু প্ৰস্থ ৬-১৬ চে.মি. হয়। পাতসমূহ উপবৃত্তাকাৰ-ডিম্বাকৃতিৰ বা অৰ্ধ-গোলাকাৰ, সম্পূৰ্ণ বা ক্ষুদ্ৰ ক্ষুদ্ৰ দন্তযুক্ত। পৃষ্ঠীয় আৰু উদৰৰ পৃষ্ঠ দুয়োটাতে সৰু সৰু শুঙ থাকে। ফলবোৰ প্ৰায় ৩-৪ ইঞ্চি ব্যাসৰ আৰু পকিলে হালধীয়া ৰং ধৰে। ভিতৰৰ অংশ গোলাপী ৰঙৰ। খাব পৰা মাংসল অংশই বীজবোৰ ঢাকি ৰাখে।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Buchanan-Hamilton F (1826) Mem. Wern. Nat. Hist. Soc. 5: 331.
- ↑ Plants of the World Online: Artocarpus chama Buch.-Ham. (retrieved 12 August 2019)
- ↑ "Artocarpus chama Buch.-Ham. ex Wall.". indiabiodiversity.org. https://indiabiodiversity.org/species/show/250194। আহৰণ কৰা হৈছে: 25 August 2022.