চামেলি (চলচ্চিত্ৰ)
চামেলি | |
---|---|
![]() পোষ্টাৰ | |
পৰিচালক | সুধীৰ মিশ্ৰ |
প্ৰযোজক | প্ৰীতিশ নন্দী ৰংগীতা প্ৰীতিশ নন্দী |
অভিনয়ত | কৰিণা কাপুৰ ৰাহুল বসু |
চিত্ৰগ্ৰহণকাৰী | অসীম বাজাজ |
সংগীত পৰিচালক | গীত: সন্দেশ সান্দিল্য আৱহ সংগীত: বনৰাজ ভাটিয়া |
মুক্তি |
৯ জানুৱাৰী ২০০৪ |
দৈৰ্ঘ্য |
১০৮ মিনিট |
দেশ | ভাৰত |
ভাষা | হিন্দী |
চামেলি (ইংৰাজী: Chameli) ২০০৪ চনৰ সুধীৰ মিশ্ৰৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন ছবি। এগৰাকী বেশ্যা আৰু এজন বিনিয়োগকাৰী বেংকাৰে একেলগে এৰাতি কটোৱাৰ ঘটনাক্ৰমক কেন্দ্ৰ কৰি কাহিনীটো গঢ় লৈ উঠিছে। ইয়াত কৰীনা কাপুৰ আৰু ৰাহুল বসুৱে অভিনয় কৰিছে।[1] বিয়াৰ পিছত অৱসৰ লোৱাৰ পূৰ্বেএইখন আছিল ৰিংকি খান্নাৰ শেষ ছবি।
তেলেগু ভাষাত জাবিলাম্মা (২০০৮) নামেৰে ছবিখন পুনৰ নিৰ্মাণ কৰা হয়, য’ত নৱনীত কৌৰ আৰু ৰাজীৱ কনাকলাই অভিনয় কৰিছিল।
প্লট
[সম্পাদনা কৰক]অমন কাপুৰ এজন ধনী বিনিয়োগকাৰী বেংকাৰ, যাৰ গৰ্ভৱতী পত্নী নেহাই এদশকৰো অধিক পূৰ্বে গাড়ী দুৰ্ঘটনাত নিহত হৈছিল। এই ঘটনাই তেওঁক হতাশ আৰু অকলশৰীয়া কৰি তুলিছিল। সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বাধ্য হৈ তেওঁ অনিচ্ছা সত্ত্বেও পাৰ্টি আয়োজন কৰে। ধুমুহা বতৰে অমনক উদ্বিগ্ন কৰি তুলে আৰু ঘৰলৈ যোৱাৰ সিদ্ধান্ত লয়। গাড়ী চলাই থকা অৱস্থাত বানপানীৰে ভৰা পথত তেওঁৰ গাড়ীখন বিকল হৈ পৰে আৰু তেওঁৰ ফোনটোৰ বেটাৰীৰ চাৰ্জ নাইকীয়া হৈ যায়। তেওঁ এটা আলিবাটত আশ্ৰয় লয়, য’ত তেওঁ চামেলি নামৰ ৰাস্তাৰ স্মাৰ্ট বেশ্যাক লগ পায়, কাহিনীটো সংঘটিত হয় এটা আন্ধাৰ, বৰষুণৰ ধুমুহাময় ৰাতি। এনেকৈয়ে কাহিনী আগবাঢ়ে।
নিৰ্মাণ
[সম্পাদনা কৰক]প্ৰথমে অভিনেত্ৰী অমিষা পেটেলক চামেলিৰ অফাৰ দিয়া হৈছিল। কিন্তু তেওঁ ছবিখন কৰিবলৈ অস্বীকাৰ কৰে। তেওঁ কয় যে এগৰাকী বেশ্যাৰ চৰিত্ৰত তেওঁৰ চৰিত্ৰ মিল নাখায়। পিছত এই চৰিত্ৰটো কৰীনা কাপুৰক দিয়া হয় আৰু এইখন তেওঁৰ কেৰিয়াৰৰ এক টাৰ্নিং পইণ্ট হিচাপে পৰিগণিত হয়।[2] ২০০৩ চনৰ আগষ্ট মাহত ছবিখনৰ নিৰ্মাণ আৰম্ভ হয়। ২০০৩ চনৰ ২৮ আগষ্টত ছবিখনৰ পৰিচালক অনন্ত বালানীৰ মৃত্যু হয়।[3] ছবিখন প্ৰায় বন্ধই হৈ গৈছিল। পিছত প্ৰীতিশ নন্দীয়ে সুধীৰ মিশ্ৰক ছবিখনৰ পৰিচালনাৰ বাবে ফোন কৰে। মিশ্ৰই ছবিখন বেলেগ চিত্ৰনাট্যৰে সম্পূৰ্ণ কৰিছিল।[4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Chameli". Rediff.com. http://specials.rediff.com/movies/2004/jan/07sld1.htm.
- ↑ "How Kareena became Chameli". Rediff.com. http://specials.rediff.com/movies/2004/jan/07sld1.htm.
- ↑ "Filmmaker Anant Balani passes away". Rediff.com. 28 August 2003. https://www.rediff.com/movies/2003/aug/28balani.htm.
- ↑ Mathur, Abhimanyu (21 September 2022). "From director's untimely death to reluctant star: How Kareena Kapoor's career-changing Chameli was almost never made". The Hindustan Times. https://www.hindustantimes.com/entertainment/bollywood/how-kareena-kapoor-s-career-changing-film-chameli-almost-never-came-to-be-101663722525123.html.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- চামেলি (চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- {{Bollywood Hungama movie}} template missing ID.