চামোদিভা(লোককথা)

চামোদিভা (বুলগেৰিয়ান:самодива; plural: samodivi, Bulgarian: самодиви) বা চামোভিলা (বুলগেৰিয়ান:самовила; plural: samovili, Bulgarian: самовили) হৈছে দক্ষিণ আৰু পশ্চিম স্লাভিক লোককথাত পোৱা এক প্ৰকাৰ বন পৰী।[1]
উৎপত্তি
[সম্পাদনা কৰক]'চামোভিলা' শব্দটোৰ উৎপত্তি সম্পৰ্কে থকা এটা মতবাদ অনুযায়ী, ই ইণ্ড'-ইউৰোপীয় মূল শব্দ *ṷēi- (অৰ্থ 'অনুসৰণ কৰা', 'তৰা' বা 'বতাহ বোৱা')ৰ পৰা আহিছে। 'চামো' উপসৰ্গটোৱে বিশেষত্ব প্ৰদান কৰে।[2] 'ডিভা'ৰ উৎপত্তি অনিশ্চিত, যদিও মূল শব্দ *deiṷos (অৰ্থ 'দেৱতা')ৰ সৈতে সম্পৰ্কিত বুলি ধৰা হয়।[2]
দৰ্শন
[সম্পাদনা কৰক]চামোদিভাসকলক সাধাৰণতে দীঘল, মুকলি চুলি থকা আৰু কেতিয়াবা পাখি থকা স্বৰ্গীয় কুমাৰী ৰূপে বৰ্ণনা কৰা হয়। তেওঁলোকে সাধাৰণতে চৰাইৰ পাখিৰে সজ্জিত বগা ৰঙৰ দীঘল পোছাক পিন্ধে। এই পোছাকে তেওঁলোকক উৰণৰ ক্ষমতা প্ৰদান কৰে।
চামোদিভাসকলক সাধাৰণতে সোণালী বা ৰঙা চুলি, ওখ,ক্ষীণ গঠন, ফৰকাল, উজ্জ্বল ত্বক আৰু জুইৰ দৰে চকুৰ সৈতে বৰ্ণনা কৰা হয়।[1] কেতিয়াবা, তেওঁলোকৰ এখন ওৰণিও থাকে আৰু তেওঁলোকৰ সকলো শক্তি তাতে থাকে। এই ওৰণিখন হেৰালে তেওঁলোকৰ সকলো শক্তি হেৰাই যায়। [1]
বাসস্থান
[সম্পাদনা কৰক]বুলগেৰিয়ান লোককথা অনুসৰি, চামোদিভাসকলে গছৰ খোৰোং, পৰিত্যক্ত জুপুৰি, অন্ধকাৰ গুহা বা নদী, পুখুৰী আৰু বিলৰ কাষত বাস কৰে। চামোদিভাসকলৰ সৈতে সম্পৰ্কিত পৰ্বতসমূহৰ ভিতৰত ভিটোচা, বেলাচিৎসা, পিৰিন, ৰিলা, ৰ'ড'পেছ, বাল্কান পৰ্বতসমূহ অন্তৰ্ভুক্ত। বিশেষকৈ, পিৰিন পৰ্বত চামোদিভাসকলৰ প্ৰিয় স্থান বুলি জনা যায়।[1] চামোদিভাসকলে বসন্তৰ সময়ত মানৱ জগতত প্ৰবেশ কৰে আৰু শৰতলৈকে থাকে। শীতকালত, তেওঁলোকে 'জমেইক'ভো' নামৰ কল্পনাপ্ৰসূত গাঁৱত বাস কৰে। বুলগেৰিয়ান লোককথাত, তেওঁলোকক পানীৰ উৎসৰ সৈতে সম্পৰ্কিত স্থানসমূহৰ সৈতে জড়িত বুলি ধৰা হয় - বিল, নদী, হ্ৰদ।[3] সেয়েহে, বুলগেৰিয়াত 'চামোদিভা' বা 'চামোভিলা' নাম থকা স্থানসমূহ পোৱা যায়। ইয়াৰ উদাহৰণ হিচাপে পিৰিন পৰ্বতৰ চামোদিভস্কি হ্ৰদসমূহ উল্লেখযোগ্য। বিশেষকৈ, তেওঁলোকে ডাঙৰ পুৰণি গছৰ তল, পৰিত্যক্ত কুঁৱা বা পানীৰ উৎসৰ কাষৰ অন্ধকাৰ গুহাত বাস কৰে।[1]
মেচিডনিয়াৰ লোককথা মতে তেওঁলোকে ওক, উইলো আদি ডাঙৰ গছত থাকে আৰু পেটেলেভো নামৰ দূৰণিৰ গাঁৱ এখনত বাস কৰে।
লোককথাত স্থান
[সম্পাদনা কৰক]চামোদিভাসকলৰ বিষয়ে বিশ্বাস কৰা হয় যে তেওঁলোকে খৰাং আনিব পাৰে, কৃষকৰ শস্য জ্বলাই দিব পাৰে, বা গৰুবোৰক উচ্চ জ্বৰত ভুগাই মাৰিব পাৰে। বুলগেৰিয়ান লোককথাত, চামোদিভাসকল প্ৰকৃতিৰ ব্যক্তিত্ব ৰূপে উপস্থিত হয়। তেওঁলোকক প্ৰকৃতিৰ ৰক্ষক বুলি ভবা হয় আৰু প্ৰায়ে মানুহৰ জীৱনধাৰাৰ সৈতে তুলনা কৰা হয়। তেওঁলোকে গছ-গছনিৰ বিষয়ে জ্ঞানী, সেয়েহে তেওঁলোকক বহু ঔষধি গছৰ সৈতে সম্পৰ্কিত কৰা হয়।[1] চামোদিভাসকলৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে নৃত্য আৰু গীতৰ প্ৰতি প্ৰেম। তেওঁলোকে প্ৰায়ে এজনে আনজনৰ সৈতে আৰু মানুহৰ সৈতে প্ৰতিযোগিতাত অংশ লয়, আৰু যিয়ে জয়ী হয়, তেওঁ পৰাজিতজনক নিজৰ কৰি ৰাখে। বুলগেৰিয়াৰ কিছুমান অংশত, চামোদিভাসকলক বিভিন্ন অদ্ভুত প্ৰাকৃতিক ঘটনাৰ সৈতে সম্পৰ্কিত কৰা হয়, যেনে দীঘলীয়া ৰোগ আৰু বতাহৰ ঘূৰ্ণি।[1]
মেচিড'নিয়ান লোককথাত, চামোভিলাসকলৰ বিষয়ে কোৱা হয় যে তেওঁলোকৰ মানুহক আঘাত কৰা বা আৰোগ্য কৰা ক্ষমতা আছে। তেওঁলোকক মাৰিবলৈ এটা উপায় হৈছে কাঁইটীয়া জোপোহাত নিজকে বিন্ধাবলৈ বাধ্য কৰোৱা। তেনে কৰিলে তেওঁলোক বাষ্পীভূত হয়। তেওঁলোক মানুহৰ হৃদয়ত প্ৰৱেশ কৰি তাত পাঁচ বছৰলৈ থাকিব পাৰে। তেওঁলোকৰ উদ্দেশ্য হৈছে মানুহৰ আত্মাৰ সৈতে মিলিত হৈ একেলগে স্বৰ্গলৈ যোৱা। তেওঁলোকে সাধাৰণতে মানুহক যাদুকৰী ক্ষমতা আৰু ঔষধি গছৰ জ্ঞান দিয়ে।
উত্তৰ মেচিড'নিয়াত, চামোভিলাসকলৰ বিবাহ সম্পৰ্কীয় কাহিনী পোৱা যায়। যদি কোনো মানুহ বিয়া থলীৰ পিনে কেনেবাকৈ যায়, তেওঁলোকে তেওঁক মদ যাচে আৰু তাৰ বিপৰীতে তেওঁ কইনাক এটা সোণৰ মুদ্ৰা দিয়ে। এই বিবাহৰ অনুষ্ঠান পুৱা পৰ্যন্ত চলে। তেওঁলোকৰ কণ্ঠস্বৰ হিপ্ন'টিক আৰু মানুহক পাগল কৰিব পাৰে। মেচিড'নিয়াৰ মানুহে তেওঁলোকক 'ভিলি' বুলি ক'বলৈ ভয় কৰে আৰু তাৰ সলনি 'মাইকি', 'ইউদি', 'তেওঁলোক' আদি নামেৰে উল্লেখ কৰে।
বাল্কান মিথলজিত, চামোদিভাসকলক 'লামিয়া'ৰ জীয়ৰী বুলি ধৰা হয়। সেই কাৰণে আৰু বিশেষকৈ তেওঁলোকৰ নিশাচৰ স্বভাৱৰ বাবে, তেওঁলোকক নেতিবাচক বা সৰ্বোত্তম ক্ষেত্ৰত নিৰপেক্ষ স্বভাৱৰ বুলি গণ্য কৰা হয়। চামোদিভাৰ শক্তি প্ৰধানত তেওঁলোকৰ দীঘল চুলিৰ পৰা আহে বুলি বিশ্বাস কৰা হয়। কেতিয়াবা চামোদিভাই চুলিৰ অকণমান অংশ প্ৰেমিকক দিয়ে যাতে ইয়াৰ যাদু শক্তিৰ দ্বাৰা প্ৰেমিকক নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰে । পিছে, তেওঁৰ চুলি কিবাকৈ নষ্ট হ'লে, তেওঁ সম্পূৰ্ণৰূপে অদৃশ্য হৈ যায় নাইবা তেওঁৰ সৌন্দৰ্য আৰু শক্তি লোপ পায়
- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 Ivanichka Georgieva (1985). Bulgarian Mythology. Svyat Publishers. https://books.google.com/books?id=Pc4oAAAAYAAJ.
- ↑ 2.0 2.1 Кунева [Kuneva], Илияна [Iliiana] (2018-12-24). Slavia Meridionalis খণ্ড 18. doi:10.11649/sm.1660. ISSN 2392-2400. http://dx.doi.org/10.11649/sm.1660.
- ↑ Angelova-Damianova, Sofia (2003). "The Samodiva". Liternet. https://liternet.bg/publish8/sangelova-damianova/prostranstvoto/samodivata.htm.