চাম্বা দশমী
| পালন কৰে | উৰিষ্যা |
|---|---|
| প্ৰকাৰ | হিন্দু ধৰ্মীয় উৎসৱ |
| তাৰিখ | পুহ মাহৰ শুক্লা-দশমী (ডিচেম্বৰ-জানুৱাৰী) |
| সংঘটন | বাৰ্ষিক |
চাম্বা দশমী (ইংৰাজী: Samba Dashami) হৈছে উৰিষ্যা, ভাৰতৰ এটি বাছকবনীয়া উৎসৱ। পুহ মাহৰ (ডিচেম্বৰ-জানুৱাৰী) শুক্ল পক্ষৰ দশম দিনা এই উৎসৱ পালন কৰা হয়। নতুবা পুহ মাহত চন্দ্ৰৰ বৰ্ধনকালত এই উৎসৱ উদযাপিত হয়। উৎসৱটিয়ে স্থানীয় উৰিয়া বৰ্ষপুঞ্জী অনুসৰণ কৰে। উৰিষ্যাৰ পূব অঞ্চলত সাধাৰণতে এই উৎসৱ পালিত হয়।[1]
পৰম্পৰা
[সম্পাদনা কৰক]জনশ্ৰুতি মতে, চাম্বা হৈছে শ্ৰীকৃষ্ণৰ পুত্ৰ। চাম্বা কুষ্ঠৰোগত আক্ৰান্ত হৈছিল আৰু বাৰ বছৰীয়া তপস্যাৰ অন্তত সূৰ্য দেৱৰ কৃপাত তেওঁ ৰোগমুক্ত হয়। তেওঁ কোনাৰ্কৰ সমীপত তপ কৰিছিল। সেইটো দিনতেই, মাতৃসকলে তেওঁলোকৰ পুত্ৰৰ মংগল কামনা কৰি সূৰ্য দেৱক স্তুতি কৰে।[1]
ৰীতি-নীতি
[সম্পাদনা কৰক]চাম্বা দশমীৰ দিনা, ঘৰৰ মহিলাগৰাকী সূৰ্যোদয়ৰ পূৰ্বতেই উঠে। স্নান কৰাৰ পাছত তেওঁলোকে খিচিৰি, উৰিয়া পুৰি আৰু ঘাড়ঘৰিয়া তৰকাৰী প্ৰস্তুত কৰে। আৰু এইসমূহ তেওঁলোকে সূৰ্যোদয়ৰ সময়ত সূৰ্যদেৱলৈ উছৰ্গা কৰে। ঘৰৰ প্ৰতিগৰাকী সদস্যৰ বাবে (বিশেষকৈ সন্তানৰ বাবে) প্ৰস্তুত কৰা ভিন্ন ব্যঞ্জন এবিধ এবিধকৈ সূৰ্য দেৱলৈ উছৰ্গা কৰা হয়। সূৰ্য দেৱলৈ এই নৈবেদ্য আগবঢ়োৱাৰ পাছত মহিলাসকলে বিভিন্নধৰণৰ কেক বা পিঠা প্ৰস্তুত কৰে। তাৰ ভিতৰত মাণ্ডা পিঠা, কাকাৰা পিঠা, পোড়া পিঠা, মিঠা দৈ, ৰসগোল্লা, খিৰি আদি প্ৰধান।
দুপৰ বেলা, পানৰ সৈতে এবাটী হালধিমিশ্ৰিত পানী চানুৰা মোলালৈ লৈ যোৱা হয়। 'চানোৰা মোলা' হৈছে সৰু এটা মন্দিৰৰ দৰে, যাৰ ওপৰত তুলসী থাকে। প্ৰস্তুত কৰা আটাইবোৰ খাদ্যসামগ্ৰী প্লেটত পৰিৱেশন কৰা হয়। ঘৰৰ মহিলাসকলে হালধি পানীৰ বাটীটোৰ মাজেৰে সূৰ্যদেৱতালৈ চায় আৰু আটাইবোৰ খাদ্য সূৰ্য দেৱতালৈ উছৰ্গা কৰে। তাৰপিছত তেওঁলোকে চাম্বা দশমী ব্ৰত কথা পঢ়ে আৰু পৰিয়ালৰ সকলোৰে মংগল কামনা কৰে।
সন্ধ্যা পৰত, চাম্বা দশমী আৰু এটা পূজা পালন কৰা হয়। ইয়াক কোৱা হয় মহাকাল পূজা। ইয়াত বুদ্ধ চাকুলী যমৰাজলৈ উছৰ্গা কৰা হয়।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "Samba Dashami : The Only festival that Dedicated to Worship of Sun in Odisha". Archived from the original on 23 January 2021. https://web.archive.org/web/20210123022507/http://www.bhubaneswarbuzz.com/updates/festivals/samba-dashami-festival-dedicated-worship-sun-odisha। আহৰণ কৰা হৈছে: 5 December 2020.