চার্কাছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চাৰ্কাছ (Circus) চাৰ্কাছৰ উত্পত্তি নতুন নহয়, ই বহু পুৰণি । আদিতে অৱশ্যে ইয়াক চাৰ্কাছ বোলা হোৱা নাছিল । প্ৰথম চাৰ্কাছ হৈছিল খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাত ৰোমত । সেই সময়ত ৰোমানসকলৰ ৰজা আছিল তাৰ্কিনিয়াছ প্ৰিছকাছ (Tarquinus Priscus) । এইজনা ৰজাই লেটিনসকলক যুদ্ধত হৰুৱাই এপিঅ'লাছ (Apiolus) অধিকাৰ কৰি পেলেটাইন আৰু এডেণ্টিন পাহাৰৰ (ৰোমৰ সাতটা পাহাৰৰ এটা) মাজৰ কোনো এঠাইত বিজয় উত্সৱ পাতিছিল । এই উত্সৱৰ এটা প্ৰধান খেল আছিল ৰথদৌৰ । এই উত্সৱ মানুহবোৰে ইমান ভাল পালে যে তেওঁলোকে ইয়াৰ বাবে এটা ঘৰ স্থায়ীভাৱে সজাই ল'লে । এই ঘৰটোৰ মাজডোখৰ আছিল ঘূৰণীয়া । ইংৰাজীত ঘূৰণীয়া বা গোল শব্দটোক 'চাৰ্কল' (Circle) বোলা হয় । চাৰ্কল শব্দটোৰ পৰাই এই ঘৰটোক 'চাৰ্কাছ' বুলি কোৱা হৈছিল । তাৰ্কিনিয়াছ ৰজাৰ এই চাৰ্কাছ পাচলৈ অৱশ্যে 'চাৰ্কাছ মেক্সিমাছ' (Circus Maximus) বুলিহে জনাজাত হৈ পৰে । এনে চাৰ্কাছত ৰথ দৌৰৰ লগতে এনে কিছুমান খেল দেখুওৱা হৈছিল য'ত মানুহ আৰু পশুৰ বীভত্স মৃত্যুৱেই আছিল মজাৰ উত্স । এই মেক্সিমাছ চাৰ্কাছেই আছিল আধুনিক চাৰ্কাছৰ পূৰ্বপুৰুষ । সম্ৰাট জুলিয়াছ চিজাৰে এই চাৰ্কাছৰ কিছু সংস্কাৰ সাধন কৰিছিল । এই চাৰ্কাছৰ প্ৰধান আকৰ্ষণ আছিল ঘোঁৰাই টনা ৰথৰ দৌৰ । অনুশীলনপ্ৰাপ্ত তিনি বা চাৰিটা ঘোঁৰাই টনা ৰথৰ চালক আছিল ক্ৰীতদাস । ৰথবোৰ আছিল বিশাল আৰ বৰ্ণাঢ্য । ৰথৰ দৌৰ প্ৰতিযোগিতাত পৰাজিত চালকক লগে লগেই হত্যা কৰা হৈছিল । এইটোৱেই আছিল মেক্সিমাছ চাৰ্কাছৰ বীভত্স মজাৰ খেল । তদুপৰি সেই সময়ৰ বহু ৰজাই এখন দেশ জয় কৰিলে সেই দেশৰ পৰা বহু জীৱ-জন্তু ধৰি আনি প্ৰথমে সেইবোৰৰ মাজত যুঁজ লগোৱাইছিল । পাচত সেই জন্তুবোৰ সমূহীয়াভাৱে বধ কৰিছিল । এইদৰে সম্ৰাট আগষ্টাছৰ ৰাজত্ব কালত হেনো চাৰ্কাছ খেলত তিনি হাজাৰৰো অধিক প্ৰাণী হত্যা কৰা হৈছিল ।

বৰ্তমান অৱশ্যে চাৰ্কাছত দৰ্শকক আমোদ-প্ৰমোদ দিয়াৰ বাবেহে খেল তথা কৌশল দেখুওৱা হয় আৰু এনে ধৰণৰ চাৰ্কাছৰ সূচনা হয় অষ্টাদশ শতিকাৰ শেষৰফালে । সেইসময়ত ইংলেণ্ডত ফিলিপ এষ্টলি (Philip Astley) নামৰ এজন সামৰিক বিষয়া আছিল । ১৭৬৯ চনৰ কোনোবা এদিনাখন এষ্টলিয়ে অকস্মাতে লণ্ডনৰ বাটত এটা হীৰাৰ আঙঠি হেৰাই পায় । এষ্টলিয়ে সেই সময়ত ঘোঁৰা চলোৱাত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল । সেয়ে তেওঁ হীৰাৰ আঙঠিটো বিক্ৰী কৰি পোৱা ধনেৰে এখন খেল দেখুওৱা ঠাই সাজি উলিয়ালে আৰু তাতে তেওঁ ঘোঁৰাত উঠি নানা ধৰণৰ খেলা দেখুওৱাবলৈ ল'লে । এই ঘোঁৰাৰ খেলা দেখুওৱাৰ বাবে তেওঁ দৰ্শকৰ পৰা পইচা লৈছিল । লাহে লাহে যেতিয়া দৰ্শক বেছি হ'বলৈ ধৰিলে তেতিয়া এষ্টলিয়ে আন এখন ঠাইত ঘেৰ দি লৈ সেই ঘেৰৰ ভিতৰত ঘোঁৰাৰ উপৰি আন জীৱ-জন্তুক লৈ খেলা দেখুওৱা আৰম্ভ কৰিলে । বৰ্তমান অৱশ্যে চাৰ্কাছত জীৱ-জন্তু প্ৰৰ্দশন কৰাটো বন্ধ কৰা হৈছে ।

১৭৮২ চনত এষ্টলিয়ে প্ৰথমবাৰৰ বাবে 'চাৰ্কাছ' শব্দটো ব্যৱহাৰ কৰি 'ৰয়েল চাৰ্কাছ' নামৰ এটা চাৰ্কাছ দেখুওৱা কোম্পানী প্ৰতিষ্ঠা কৰে । এনেদৰেই এষ্টলিয়ে চাৰ্কাছৰ লগত পূৰ্বতে জড়িত থকা বীভত্স মৃত্যু আৰু হত্যাৰ সকলো সম্পৰ্ক ছিন্ন কৰি জন্ম দিলে আধুনিক চাৰ্কাছৰ । এষ্টলিৰ চেষ্টাতেই অষ্টাদশ শতিকাৰ শেষৰফালে ফ্ৰান্স, ইংলেণ্ড, আমেৰিকা, ইটালী, ৰাছিয়া আদিতো চাৰ্কাছৰ শুভাৰম্ভ হ'ল । চাৰ্কাছৰ ইতিহাসত অসমৰো অৰিহণা নথকা নহয় । বহুতৰ মতে অসমশিৱসাগৰৰ ৰংঘৰ বাকৰিত আহোম স্বৰ্গদেউসকলে যি ৰং-ধেমালি, জীৱ-জন্তুৰ যুঁজ আদিৰ আয়োজন কৰিছিল সেইবোৰ আচলতে এক প্ৰকাৰৰ চাৰ্কাছেই আছিল । কুৰি শতিকাৰ প্ৰথমাৰ্ধৰ পৰা অসমতো আধুনিক চাৰ্কাছৰ প্ৰচলন হয় ।

চাৰ্কাছৰ এটা মন কৰিবলগীয়া কথা হ'ল যে ইয়াত জ'কাৰৰ দুই-এটা কথা আৰু ৰিং মাষ্টাৰজনৰ নিৰ্দেশৰ বাহিৰে আনসকলে কোনো কথা নকয় । আচলতে ইংলেণ্ডৰ থিয়েটাৰবোৰত আগতে এনে এটা নিয়ম আছিল যাতে কোনো কথা কোৱা নহয় । চকুৰে দেখিয়েই যাতে থিয়েটাৰ সকলোৱে উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছিল । সেই নিয়ম ৰাখিয়েই আজিও চাৰ্কাছবিলাকত কোনো কথা কোৱা নহয় ।