চালমা ইছমাইল
| চালমা ইছমাইল | |
|---|---|
| জন্ম | ১৯ ডিচেম্বৰ ১৯১৮ চেটাৰ, কেদাহ আলো, মালয়েছিয়া |
| মৃত্যু | ২০ জুলাই ২০১৪ |
| অন্য নাম | তন শ্ৰী চালমা বিণ্টি ইছমাইল |
| পেচা | চিকিৎসক |
| জনা যায় | প্ৰথম মালয় মহিলা চিকিৎসক |
তন শ্ৰী চালমা বিণ্টি ইছমাইল (ইংৰাজী: Tan Sri Salma binti Ismail; ১৯ ডিচেম্বৰ ১৯১৮ – ২০ জুলাই ২০১৪) এগৰাকী মালয়েছিয়াৰ চিকিৎসক আছিল আৰু প্ৰথমগৰাকী মালয়েছিয়ান মালয় মহিলা, যিয়ে চিকিৎসক হিচাপে যোগ্যতা অৰ্জন কৰিছিল। ১৯৬৭ চনত ব্যক্তিগত চিকিৎসালয় মুকলি কৰা প্ৰথম মালয় সাধাৰণ চিকিৎসকসকলৰ ভিতৰত অন্যতম হৈ পৰে তেওঁ।
জীৱনী
[সম্পাদনা কৰক]১৯১৮ চনৰ ১৯ ডিচেম্বৰত কেদাহৰ আলোৰ চেটাৰত চালমা ইছমাইলৰ জন্ম হৈছিল। কামপুং বাৰু বালিকা বিদ্যালয়, কোলেজ চুলতান আব্দুল হামিদ(Kolej Sultan Abdul Hamid), আৰু চুলতান আছমা মাধ্যমিক বিদ্যালয়ত পঢ়িছিল, য'ত এতিয়া তেওঁৰ নামেৰে এটা ঘৰ আছে। ১৯৩৩ চনত জুনিয়ৰ কেম্ব্ৰিজ আৰু ১৯৩৫ চনত ছিনিয়ৰ কেম্ব্ৰিজৰ পৰীক্ষা সম্পূৰ্ণ কৰে,[1] কেদাহৰ পৰা ছিনিয়ৰ কেম্ব্ৰিজত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী ছোৱালী তেওঁ।[2] ১৯৩৬ চনত ছিংগাপুৰৰ কিং এডৱাৰ্ড সপ্তম কলেজ অৱ মেডিচিনত চিকিৎসা বিজ্ঞানৰ অধ্যয়ন আৰম্ভ কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কলেজখনৰ ক্লাছ বন্ধ হৈ পৰে আৰু সেয়েহে ১৯৪১ চনত চালমাই মালয়েছিয়ালৈ উভতি আহি এলৰ চেটাৰ জেনেৰেল হস্পিতালত প্ৰশিক্ষাৰ্থী চিকিৎসক হিচাপে কাম কৰে। ১৯৪৬ চনত তেওঁ পুনৰ অধ্যয়ন আৰম্ভ কৰে আৰু ১৯৪৭ চনত চিকিৎসা আৰু অস্ত্ৰোপচাৰত অনুজ্ঞাপত্ৰ লাভ কৰে।[1] এঘাৰ বছৰীয়া প্ৰশিক্ষণৰ অন্তত তেওঁ প্ৰথমগৰাকী স্বীকৃতিপ্ৰাপ্ত মালয়েছিয়ান মালয় মহিলা চিকিৎসক হিচাপে পৰিগণিত হয়।[2]
স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত চালমা এল'ৰ চেটাৰ জেনেৰেল হস্পিতালৰ চিকিৎসা বিষয়া হয় আৰু ১৯৬০ চনলৈকে তেওঁ সেই পদত একমাত্ৰ মহিলা হৈ থাকে। ১৯৫৬ চনত তেওঁ আয়াৰলেণ্ডৰ ডাবলিনলৈ গৈ স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰসূতি বিজ্ঞানৰ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰে।[1] তাতেই তেওঁৰ স্বামী আবু বাকাৰ ইব্ৰাহিমক লগ পায়, যিজনো আল’ৰ চেটাৰৰ চিকিৎসক। ডাবলিনৰ পৰা আলৰ চেটাৰলৈ উভতি আহি ছালমা চুলতান বাহিয়াৰ ৰয়েল মিডৱাইফ নিযুক্তি দিয়া হয়।[2] ১৯৬০ চনত এল'ৰ চেটাৰ এৰি কুৱালালামপুৰলৈ যায় আৰু ১৯৬৭ চনলৈকে টেংলিন হাস্পতালৰ দায়িত্বত থকা চিকিৎসা বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু তাৰ পিছত তেওঁ ব্যক্তিগত প্ৰেকটিছ খুলি দিয়ে।[1] তেওঁৰ প্ৰেকটিছ ক্লিনিক চালমা আছিল এজন মালয় সাধাৰণ চিকিৎসকে স্থাপন কৰা প্ৰথম ব্যক্তিগত প্ৰেকটিছসমূহৰ ভিতৰত অন্যতম।[2] পিছলৈ ক্লিনিক চালমাই কুৱালালামপুৰৰ আশে-পাশে থকা তিনিটা শাখালৈ সম্প্ৰসাৰণ কৰে আৰু ২০০৫ চনত চালমাই অৱসৰ লয়।[1]
চালমাই ক্ৰমে ১৯৫৭ আৰু ১৯৯৬ চনত বিনটাং চেমাৰলাং কেদাহ আৰু দাটো পাডুকা মাহকোটা কেদাহ বঁটা লাভ কৰে।[2] ১৯৯৭ চনত তন শ্ৰী উপাধি প্ৰদান কৰি পাংলিমা ছেতিয়া মাহকোটা লাভ কৰে। ২০১৪ চনৰ ২০ জুলাইত কুৱালালামপুৰত ৯৫ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[3]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 5 Rashid, Faridah Abdul (2012). Research on the Early Malay Doctors 1900–1957 Malaya and Singapore. Xlibris. পৃষ্ঠা. 224–25. ISBN 978-1-4691-7243-9. https://books.google.com/books?id=LNu6b6uY7PgC&pg=PA224.
- 1 2 3 4 5 Perimbanayagam, Kalbana (20 July 2014). "Malaysia's first Malay woman doctor passes away at 95". New Straits Times. https://www.nst.com.my/news/2015/09/malaysia%E2%80%99s-first-malay-woman-doctor-passes-away-95। আহৰণ কৰা হৈছে: 10 November 2017.
- ↑ "Salma Ismail, first Malay woman doctor, dies at 95". The Star. 21 July 2014. https://www.thestar.com.my/news/nation/2014/07/21/salma-ismail-first-malay-woman-doctor-dies/। আহৰণ কৰা হৈছে: 10 November 2017.