সমললৈ যাওক

চালি নাচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চালিনাচ হ'ল সত্ৰৰ এটি উল্লেখযোগ্য নাচ। কমলাবাৰী, জৰাবাৰী, ভোগপুৰ, বেলগুৰি প্ৰভৃতি সত্ৰৰ চালিনাচ প্ৰখ্যাত।[1]

বুৎপত্তি

[সম্পাদনা কৰক]

চালিনাচৰ ব্যুৎপত্তি সম্পৰ্কে মতানৈক্য আছে। যেনে-

  1. মণিৰাম দত্ত বায়ন মুক্তিয়াৰৰ মতে ভাগৱত বৰ্ণিত হৰমোহনৰ মোহিনী নৃত্যই চালি। এই নাচ নাচিলে ম'ৰাই চালি ধৰা যেন দেখি গুণে নাচটোৰ নাম চালি। (পিন্ধি শাৰী খোল্টাজালি যেন মৈৰা কৰে চালি।)
  2. শ্ৰীকৃষ্ণই পথাৰত গৰু চাৰোঁতে যি নৃত্য কৰিছিল, সেয়ে চালি।
  3. নাৰদে বৈকুণ্ঠলৈ গৈ ছালিকা নৃত্য প্ৰদৰ্শন কৰাৰ কথা হৰিবংশত বিবৃত হৈছে। 'সংগীত ৰত্নাকৰ'ত ছালিকা নৃত্যৰ লক্ষণ পোৱা যায়।
  4. চৰিত পুথিত আছে, মহাপুৰুষ মাধৱদেৱে পোন প্ৰথমে বৰপেটাত ৰঙ্গিয়াল গৃহত চালি নাচ কৰাইছিল যাৰ ফলত কোচ ৰজাই কটোৱাল সুৰানন্দৰ হতুৱাই সত্ৰ তালাছ কৰিবলৈ বাধ্য হৈছিল।

মাধৱদেৱৰ ৰাজসূয় কাব্যত চালি নাচৰ এটি আদৰ্শ লুকাই থকা বুলি কোনোৱে কয়-
"মকৰ কুণ্ডল গণ্ড প্ৰকাশে প্ৰচুৰ
চালি কৰি নাচে যেন দুগোটা ময়ূৰ।" [1]

পাৰ্থক্য

[সম্পাদনা কৰক]

সত্ৰভেদে চালি নাচৰ ভংগিমাৰ পাৰ্থক্য দেখা যায়। খোলৰ বোলৰো কিছু গৰমিল ধৰা পৰে। বহুতৰ মতে চালি নাচ আঠ খন। আৰম্ভণি ৰামদানিয়ে নাচৰ ভিন্নতা আনে। বৃদ্ধিতন প্ৰতিখন চালি নাচৰ ভাগ তিনিটা- ৰামদানি, গীতৰ ঘাতৰ নাচ আৰু মেলা নাচ। ৰামদানিত সুকীয়া সুকীয়া তালৰ ব্যৱহাৰ মন কৰিবলগীয়া। ইয়াৰ নামবোৰ বেলেগ বেলেগ। যেনে- সৰু ৰামদানি, বৰ ৰামদানি, হাজোৱলীয়া ৰামদানি আৰু কলাকটীয়া ৰামদানি। দুখনকৈ ৰামদানি প্ৰত্যেকখন চালি নাচত পৰা দেখা যায়। ধীৰ লয়ত আৰম্ভ হৈ এই নাচ দ্ৰুত লয়ত পৰিণত হয়।[1]

নাচৰ সাজ-পাৰৰ বৰ্ণনাৰ ভিতৰত উল্লেখ আছে যে, খোপা মূৰৰ ওপৰত বান্ধি ওৰোণাৰে ঢাকি মুখখন উলিয়াই খুঁতৰিৰ তলত বতিয়াৰে সী গাঁঠি মাৰি দিয়ে। খোপাৰ তলতো তেনে গাঁঠি পৰে। ডিঙিত ফুলৰ মালা পিন্ধে। গাত ক'লা মখমলৰ কাপোৰ পিন্ধি লয়। তাৰ ওপৰত বাহুৰ ওপৰে পটি মেৰিয়াই আনি কঁকালত পকাই বন্ধা হয়। কঁকালত টঙালি, তলত বগা লহঙা, তাৰ ওপৰত বনকৰা আচল বা ৰিহা দুচলা, ভৰিত নেপুৰ, হাতৰ মুঠিত আৰু বাহুৰ তলত চাৰিপাত বাজু পৰিধান কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 নাৰায়ণ দাস( মুখ্য সম্পাদক) অসমৰ সংস্কৃতি- কোষ,প্ৰকাশক: জ্যোতি প্ৰকাশন, ২০২১ পৃষ্ঠা. ২১৩