চাৰিটেছ

চাৰিটেছ (প্ৰাচীন গ্ৰীক: Χάριτες, ইংৰাজী: Charites) গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি সৌন্দৰ্য্য আৰু অনুগ্ৰহৰ দেৱী।[1] তেওঁলোকক গ্ৰেচ (Graces) বুলিও কোৱা হয়৷ হেচিয়ডৰ মতে চাৰিটেছ তিনি গৰাকী হৈছে এগলিয়া, ইউফ্ৰ’চাইন আৰু থেলিয়া৷ তেওঁলোকক জ্যুছ আৰু সমুদ্ৰৰ দেৱী ইউৰিনমৰ কন্যা বুলি কোৱা হয়। কিন্তু অন্য কিছুমান সংস্কৰণত তেওঁলোকৰ নাম, সংখ্যা আৰু পিতৃ-মাতৃৰ ভিন্নতা দেখা যায়। ৰোমান পৌৰাণিক কাহিনীত তেওঁলোকক গ্ৰেটিয়া (Gratiae) নামেৰে জনা গৈছিল। হেচিয়ডৰ মতে হেফেষ্টাছৰ পত্নী হিচাপে এগলিয়াক উপস্থাপন কৰিছে আৰু ইলিয়াডত হেৰাই হিপ্নছক কইনা হিচাপে পাচিথিয়া নামৰ এজন চাৰিছ (Charis, চাৰিটেছৰ একবচন) দিবলৈ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ বাহিৰে তেওঁলোকৰ স্বাধীন শ্ৰুতিকথা বিশেষ পাবলৈ নাই৷ সাধাৰণতে তেওঁলোকক বিভিন্ন দেৱ-দেৱী বিশেষকৈ এফ্ৰোডাইটিৰ লগত দেখা পোৱা যায়।[2]
ৰোমান আৰু পিছৰ শিল্পত তিনিও গৰাকী চাৰিটেছক সাধাৰণতে এটা আন্তঃসংলগ্ন গোটত নগ্নভাৱে চিত্ৰিত কৰা হয়, কিন্তু গ্ৰীচৰ প্ৰাচীন আৰু ধ্ৰুপদী যুগত তেওঁলোকক সাধাৰণতে সম্পূৰ্ণ কাপোৰ পিন্ধা, আৰু এটা শাৰীত, নৃত্যৰ ভংগীমাৰ সৈতে চিত্ৰিত কৰা হৈছিল।[3]
কিংবদন্তি
[সম্পাদনা কৰক]চাৰিটেছসকলৰ প্ৰধান পৌৰাণিক ভূমিকা আছিল বিশেষকৈ ভোজ আৰু নৃত্যৰ সময়ত অন্যান্য অলিম্পিয়ানসকলক আপ্যায়ন কৰা। এফ্ৰোডাইটিয়ে পাফছত গা ধুই আংখিছক প্ৰলোভিত কৰাৰ আগতে আৰু এৰেছৰ সৈতে তেওঁৰ প্ৰেমৰ কথা গম পোৱাৰ পিছত অলিম্পাছ এৰি যোৱাৰ পিছত তেওঁৰ সৈতে চাৰিটেছসকল উপস্থিত আছিল। ইয়াৰ উপৰিও তেওঁলোকে এফ্ৰোডাইটিৰ বাবে পেপলছ নামৰ বসন বোৱা বা ৰং কৰা কাম কৰিছিল বুলি কোৱা হয়। পেইথোৰ সৈতে তেওঁলোকে পেণ্ডোৰাক অধিক আকৰ্ষণীয় কৰি তুলিবলৈ ডিঙিত পিন্ধা হাৰ উপহাৰ দিছিল। পিণ্ডাৰৰ মতে তেওঁলোকে অলিম্পিয়ানসকলৰ বাবে ভোজ আৰু নৃত্যৰ ব্যৱস্থা কৰিছিল। অলিম্পাছৰ দেৱতাসকলৰ মাজত এপ'ল'ৰ আগমনৰ উৎসৱত তেওঁলোকে ছিজনছ, হেবে, হাৰমনিয়া আৰু এফ্ৰোডাইটিৰ সৈতে নাচিছিল, আনহাতে আৰ্টিমিচে গান গাইছিল আৰু এপ'ল'ই লাইৰ বজাইছিল। তেওঁলোকে প্ৰায়ে এপ'ল' আৰু মিউজৰ সৈতে নৃত্য আৰু গীত গাইছিল বুলি উল্লেখ কৰা হৈছিল। পিণ্ডাৰে তেওঁলোকক প্ৰাচীন মিনিয়ানসকলৰ ৰক্ষক আৰু অৰ্কোমেনাছৰ ৰাণী বুলিও উল্লেখ কৰিছিল যিসকলৰ সিংহাসন পাইথিয়ান এপ'ল'ৰ কাষত আছে।[4]
হীৰাৰ সৈতে চাৰিটেছসকলৰ সম্পৰ্ক থকা যেন লাগে৷ কিছুমান প্ৰাচীন লেখকে হীৰাক তেওঁলোকৰ পৰিচাৰিকা বুলি উল্লেখ কৰিছে। ইলিয়াডত জ্যুছক ট্ৰজান যুদ্ধৰ পৰা বিচলিত কৰিবলৈ প্ৰলোভিত কৰাৰ পৰিকল্পনাৰ অংশ হিচাপে পেচিথিয়াৰ সৈতে হিপনোছৰ বিবাহৰ ব্যৱস্থা কৰে, যাক কনিষ্ঠ চাৰিটছসকলৰ এগৰাকী বুলি কোৱা হয়।[5]
চাৰিটছসকলৰ এগৰাকী লোহাৰ দেৱতা হেফেষ্টাছৰ পত্নী আছিল। হেচিয়ডে হেফেষ্টাছৰ পত্নীক এগলিয়া বুলি নামকৰণ কৰিছে। ইলিয়াডত তেওঁক চেৰিছ বুলি কোৱা হয় আৰু তেওঁ থেটিছক অলিম্পাছত থকা তেওঁলোকৰ ঘৰলৈ আদৰণি জনায়৷ থেটিছে হেফেষ্টাছক তেওঁৰ পুত্ৰ একিলিছৰ বাবে কৱচ তৈয়াৰ কৰিবলৈ কয়। কিছুমান পণ্ডিতে এৰেছৰ সৈতে এফ্ৰোডাইটিৰ প্ৰেম উন্মোচিত হোৱাৰ বাবে হেফেষ্টাছ আৰু এফ্ৰোডাইটিৰ বিবাহ বিচ্ছেদ হোৱাৰ পিছত এই বিবাহ সংঘটিত হোৱা বুলি ব্যাখ্যা কৰিছে। কিন্তু উল্লেখযোগ্য যে ৱালটাৰ বাৰ্কাৰ্টৰ দৰে কিছুমান পণ্ডিতে হেফেষ্টাছ আৰু এফ্ৰোডাইটিৰ বিবাহক অডিচিৰ উদ্ভাৱন বুলি সমৰ্থন কৰে, কিয়নো ইয়াক অন্যান্য প্ৰাচীন বা ধ্ৰুপদী যুগৰ সাহিত্য বা কলাৰ ভিতৰত প্ৰতিনিধিত্ব কৰা হোৱা নাই আৰু পূজাৰ সৈতে কোনো সম্পৰ্ক থকা যেন নালাগে।[6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Tripp, s.v. Graces; Arafat, s.v. Charites (which adds "charm"); Grimal, s.v. Charites (which calls them "goddesses of beauty and perhaps also, in their earliest form, of the powers of vegetation."); Schachter, s.v. Charites (which says they are "goddesses who embody beauty, happiness and abundance".
- ↑ Arafat, s.v. Charites; Schachter, s.v. Charites; Tripp, s.v. Graces; Grimal, s.v. Charites.
- ↑ Larson, Jennifer (2007). Ancient Greek Cults. প্ৰকাশক New York, NY: Routledge. পৃষ্ঠা. 162-163. ISBN 978-0415491020. https://archive.org/details/ancientgreekcult00lars.
- ↑ Pindar, Olympian Ode 14, 1-20
- ↑ Homer, Iliad, 265
- ↑ Burkert, Walter (2009). "The Song of Ares and Aphrodite: On the Relationship between the Odyssey and the Iliad". In Doherty, Lillian E.. Homer's Odyssey. প্ৰকাশক Oxford, United Kingdom: Oxford University Press. পৃষ্ঠা. 29–43. ISBN 9780199233328.