সমললৈ যাওক

চাৰ্ণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইউৰোপীয় কণা-পদাৰ্থবিজ্ঞান গৱেষণাগাৰ
European Organization for Nuclear Research
Organisation européenne pour la recherche nucléaire
গঠন ২৯ ছেপ্টেম্বৰ ১৯৫৪; ৭২ বছৰ আগত (1954-09-29)[1]
Headquarters মেইৰিণ, জেনেভা, ছুইজাৰলেণ্ড
46°13′59″N 6°03′20″E / 46.2330°N 6.0556°E / 46.2330; 6.0556স্থানাংক: 46°13′59″N 6°03′20″E / 46.2330°N 6.0556°E / 46.2330; 6.0556
সদস্য
Official languages
ইংৰাজী আৰু ফৰাচী
Budget ১৫১৫ চুইছ ফ্ৰাংক[2] (২০২৬)
ৱেবছাইট সাঁচ:Ofurl

পাৰমাণৱিক গৱেষণাৰ ইউৰোপীয় সংস্থা অথবা ইউৰোপীয় কণা-পদাৰ্থবিজ্ঞান গৱেষণাগাৰ (European Laboratory for Particle Physics) CERN নামেৰে অধিক পৰিচিত৷ ই হৈছে এটা আন্তঃচৰকাৰী সংস্থা। CERN-এ বিশ্বৰ সৰ্ববৃহৎ কণা-পদাৰ্থবিজ্ঞান গৱেষণাগাৰ পৰিচালনা কৰে। ১৯৫৪ চনত প্ৰতিষ্ঠা হোৱা CERN-ৰ মুখ্য কাৰ্যালয় জেনেভা চহৰৰ পশ্চিম প্ৰান্তৰ মেইৰিন (Meyrin)-ত, ফ্ৰান্স–ছুইজাৰলেণ্ড সীমান্তৰ ওচৰত অৱস্থিত। ইয়াৰ ২৫খন সদস্য ৰাষ্ট্ৰ আছে। ২০১৩ চনত সদস্যপদ লাভ কৰা ইজৰাইল ভৌগোলিকভাৱে ইউৰোপৰ বাহিৰত অৱস্থিত একমাত্ৰ পূৰ্ণ সদস্য ৰাষ্ট্ৰ। CERN-এ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ পৰ্যবেক্ষক হিচাপেও স্বীকৃতি লাভ কৰিছে। [3][4]

CERN সংক্ষিপ্ত নামটো গৱেষণাগাৰটোক বুজাবলৈও ব্যৱহাৰ কৰা হয়। ২০২৪ চনত CERN-ত ২,৭০৪ জন বৈজ্ঞানিক, কাৰিকৰী আৰু প্ৰশাসনিক কৰ্মচাৰী আছিল। ইয়াৰ উপৰি ৮০খনতকৈ অধিক দেশৰ বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰায় ১২,৪০৬ জন গৱেষক আৰু ব্যৱহাৰকাৰী CERN-ৰ সৈতে জড়িত আছিল।[5] ২০১৬ চনত CERN-এ প্ৰায় ৪৯ পেটাবাইট (PB) তথ্য সৃষ্টি কৰিছিল।[6]

CERN প্ৰতিষ্ঠাৰ বাবে প্ৰস্তুত কৰা চুক্তিখন[7] ১৯৫৪ চনৰ ২৯ ছেপ্টেম্বৰত পশ্চিম ইউৰোপৰ ১২খন দেশে অনুমোদন কৰিছিল।[8] আৰম্ভণিতে CERN সংক্ষিপ্ত ৰূপটোৱে ফৰাচী Conseil Européen pour la Recherche Nucléaire (‘পাৰমাণৱিক গৱেষণাৰ বাবে ইউৰোপীয় পৰিষদ’) নামটোক বুজাইছিল।এই পৰিষদখন আছিল গৱেষণাগাৰটো স্থাপনৰ উদ্দেশ্যে ১৯৫২ চনত ১২খন ইউৰোপীয় দেশৰ চৰকাৰে গঠন কৰা এখন অস্থায়ী পৰিষদ। এই প্ৰাৰম্ভিক সময়ছোৱাত নিলছ ব'ৰৰ নেতৃত্বত পৰিষদখনে কোপেনহেগেন বিশ্ববিদ্যালয়ত কাম কৰিছিল আৰু পৰৱৰ্তী সময়ত জেনেভাৰ ওচৰৰ বৰ্তমানৰ স্থানলৈ স্থানান্তৰিত হয়।[9][10]

১৯৫৪ চনত অস্থায়ী পৰিষদখন ভংগ কৰাৰ পিছত নতুন গৱেষণাগাৰটোৰ নাম বৰ্তমানৰ Organisation européenne pour la recherche nucléaire (পাৰমাণৱিক গৱেষণাৰ বাবে ইউৰোপীয় সংস্থা’)লৈ সলনি কৰা হয় যদিও CERN সংক্ষিপ্ত ৰূপটো অপৰিৱৰ্তিত ৰখা হয়।[9][10] CERN-ৰ প্ৰাক্তন সঞ্চালক লিউ ক'ৱাৰস্কিৰ মতে, [11]নাম সলনি কৰাৰ লগে লগে সংক্ষিপ্ত ৰূপটো অসুবিধাজনক OERN হ’ব পাৰিলেহেঁতেন। ৱাৰ্নাৰ হাইজেনবাৰ্গে কৈছিল যে নামটো সলনি হ’লেও ইয়াক “CERN-ই ৰাখিব পৰা যাব”।[12]

CERN-ৰ প্ৰথম অধ্যক্ষ আছিল ছাৰ বেঞ্জামিন লকস্পাইজাৰ। ইয়াৰ কাৰ্যকলাপ তেতিয়াও অস্থায়ী পৰ্যায়ত থকা সময়ত এডোৱাৰ্ডো আমাল্ডি CERN-ৰ সাধাৰণ সচিব আছিল। ফেলিক্স ব্লখে ১৯৫৪ চনত CERN-ৰ প্ৰথম মহাপৰিচালক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।[13]

প্ৰতিষ্ঠাপক সদস্যৰাষ্ট্ৰসমূহ

[সম্পাদনা কৰক]
১৯৫৪ চনৰ ১২খন প্ৰতিষ্ঠাপক ৰাষ্ট্ৰ[14]

১৯৫৩ চনৰ ২৯ জুনৰ পৰা ১ জুলাইলৈ পেৰিছত অনুষ্ঠিত CERN পৰিষদৰ ষষ্ঠ অধিৱেশনত সংস্থাটো প্ৰতিষ্ঠা কৰাৰ চুক্তিখন অনুমোদনৰ অধীনত ১২খন ৰাষ্ট্ৰই স্বাক্ষৰ কৰে।

পৰৱৰ্তী সময়ত CERN-ৰ ১২খন প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰই ক্ৰমে চুক্তিখন অনুমোদন কৰে। সেই দেশসমূহ আছিল—

  1. বেলজিয়াম
  2. ডেনমাৰ্ক
  3. ফ্ৰান্স
  4. পশ্চিম জাৰ্মানী
  5. গ্ৰীচ
  6. ইটালী
  7. নেদাৰলেণ্ডছ
  8. নৰৱে
  9. ছুইডেন
  10. ছুইজাৰলেণ্ড
  11. যুক্তৰাজ্য
  12. যুগোশ্লাভিয়া[15]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ James Gillies (2018). CERN and the Higgs Boson: The Global Quest for the Building Blocks of Reality. Icon Books Ltd.. ISBN 978-1-78578-393-7. https://books.google.com/books?id=0etmDwAAQBAJ.
  2. ↑ "Final Budget of the Organization for the seventy-second financial year 2026". CERN. https://cds.cern.ch/record/2951321/files/English.pdf। আহৰণ কৰা হৈছে: 4 February 2026.
  3. ↑ CERN (2020). "Governance" (en ভাষাত). CERN Annual Report (CERN) খণ্ড 2019: 50. doi:10.17181/ANNUALREPORT2019. https://cds.cern.ch/record/2723123। আহৰণ কৰা হৈছে: 3 May 2021.
  4. ↑ "Intergovernmental Organizations". United Nations. https://www.un.org/en/about-us/intergovernmental-and-other-organizations। আহৰণ কৰা হৈছে: 22 December 2021.
  5. ↑ CERN (2024). "CERN in figures" (en ভাষাত). CERN Annual Report (CERN) খণ্ড 2024: 53. doi:10.17181/ANNUALREPORT2024. https://cds.cern.ch/record/2931994/files/CERNAnnualReport_2024_EN_online.pdf.
  6. ↑ "Discovery machines" (en ভাষাত). CERN Annual report 2016. Annual Report of the European Organization for Nuclear Research. 2016. CERN. 2017. পৃষ্ঠা. 20–29. https://cds.cern.ch/record/2270811?ln=en.
  7. ↑ "Convention for the Establishment of a European Organization for Nuclear Research | CERN Council". council.web.cern.ch. Article II. Archived from the original on 2021-02-18. https://web.archive.org/web/20210218235743/https://council.web.cern.ch/en/convention। আহৰণ কৰা হৈছে: 2021-02-08.
  8. ↑ Hermann, Armin; Belloni, Lanfranco; Krige, John (1987). History of CERN. European Organization for Nuclear Research. প্ৰকাশক Amsterdam: North-Holland Physics Pub. ISBN 0-444-87037-7. OCLC 14692480.
  9. 1 2 Krige, John (1985) (en ভাষাত). From the Provisional Organization to the Permanent CERN, May 1952 – September 1954: A survey of developments. Study Team for CERN History. পৃষ্ঠা. 5. https://books.google.com/books?id=yzE9AQAAIAAJ&q=oern.
  10. 1 2 Dakin, S. A. ff. (2 November 1954). "Conflict between title and initials of the Organization". https://cds.cern.ch/record/59712/files/Memo%202%20November%201954%20.pdf.
  11. ↑ Fraser, Gordon (2012) (en ভাষাত). The Quantum Exodus: Jewish Fugitives, the Atomic Bomb, and the Holocaust. OUP Oxford. ISBN 978-0-19-162751-4. https://books.google.com/books?id=xwGhmwYyDLQC&q=%22OERN%22+heisenberg&pg=PA229.
  12. ↑ "Lew Kowarski – Session VI" (en ভাষাত). www.aip.org. 2015-03-20. https://www.aip.org/history-programs/niels-bohr-library/oral-histories/4717-6। আহৰণ কৰা হৈছে: 2021-02-08.
  13. ↑ "People and things: Felix Bloch". CERN Courier খণ্ড 23. 1983. https://cds.cern.ch/record/1730968। আহৰণ কৰা হৈছে: 1 September 2015.
  14. ↑ "CERN.ch". CERN. https://public.web.cern.ch/public/en/About/History54-en.html। আহৰণ কৰা হৈছে: 20 November 2010.
  15. ↑ 6th Session of the European Council for Nuclear Research, 29–30 Jun 1953: Minutes. প্ৰকাশক Paris: CERN. 28 September 2023. https://cds.cern.ch/record/17750/। আহৰণ কৰা হৈছে: 23 February 2021.