চাৰ্লছ ডাৰউইন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
চাৰ্লছ ডাৰউইন
Three quarter length studio photo showing Darwin's characteristic large forehead and bushy eyebrows with deep set eyes, pug nose and mouth set in a determined look. He is bald on top, with dark hair and long side whiskers but no beard or moustache. His jacket is dark, with very wide lapels, and his trousers are a light check pattern. His shirt has an upright wing collar, and his cravat is tucked into his waistcoat which is a light fine checked pattern.
Darwin, aged 45 in 1854, by then working towards publication of On the Origin of Species
জন্ম চাৰ্লছ ৰবাৰ্ট ডাৰউইন
ফেব্ৰুৱাৰী ১২ , ১৮০৯
The Mount, Shrewsbury, Shropshire, England
মৃত্যু ১৯ এপ্ৰিল, ১৮৮২ (৭৩ বছৰ)
Down House, Kent, England
বাসস্থান ইংলেণ্ড
নাগৰিকত্ব British subject
জাতীয়তা British
ক্ষেত্ৰ Natural history, Geology
প্ৰতিষ্ঠান Tertiary education:
University of Edinburgh Medical School (medicine)
Christ's College, Cambridge (University of Cambridge) (BA)
Professional institution:
Geological Society of London
শৈক্ষিক পৰামৰ্শদাতা John Stevens Henslow
Adam Sedgwick
জনা যায় The Voyage of the Beagle
On the Origin of Species
evolution by
natural selection,
common descent
প্ৰভাৱ Alexander von Humboldt
John Herschel
Charles Lyell
প্ৰাভাৱ পেলাইছিল Joseph Dalton Hooker
Thomas Henry Huxley
George Romanes
Ernst Haeckel
Sir John Lubbock
উল্লেখনীয় বঁটা
দাম্পত্যসঙ্গী Emma Darwin (বি. 1839)
স্বাক্ষৰ
"Charles Darwin", with the surname underlined by a downward curve that mimics the curve of the initial "C"

চাৰ্লছ ডাৰউইন (ইংৰাজীCharles Darwin) আছিল এগৰাকী যুগান্তকাৰী প্ৰকৃতি আৰু উদ্ভিদ বিজ্ঞানী। তেখেতে নিজৰ আৱিষ্কাৰৰ যোগেদি মানৱ সমাজত খলকনি তোলাৰ লগতে সেই সময়ৰ বহু যুক্তিহীন ধ্যান-ধাৰণা ওফৰাবলৈ সক্ষম হৈছিল৷

জন্ম[সম্পাদনা কৰক]

ডাৰউইনৰ জন্ম হৈছিল ১৮০৯ চনৰ ১২ ফেব্ৰুৱাৰীত। তেখেতৰ দেউতাকৰ নাম আছিল ৰবাৰ্ট ডাৰউইন আৰু মাকৰ নাম আছিল ছুজান্না৷ ৰবাৰ্ট ডাৰউইনৰ ছয়জন ল’ৰা-ছোৱালীৰ চাৰ্লছ আছিল পঞ্চম৷ তেওঁৰ এজন ককায়েক, তিনিজনী বায়েক আৰু এজনী ভনী আছিল। ডাৰউইনৰ দেউতাকৰ ফালৰ ককাক এৰাছমাছ ডাৰউইন আছিল এজন বিখ্যাত কবি আৰু ডাক্তৰ আৰু মাকৰ ফালৰ ককাক জোছিয়া ওৱেজউদ আছিল পৃথিৱী বিখ্যাত কুমাৰ৷ তেওঁ তৈয়াৰ কৰা নানা কাৰুকাৰ্য খচিত মাটিৰ বাচনে সমগ্ৰ পৃথিৱীত সমাদৰ লাভ কৰিছিল৷[2]

শৈশৱ[সম্পাদনা কৰক]

ঘৰৰ প্ৰাচুৰ্যতা আৰু বায়েক ভনীয়েকৰ মৰম চেনেহৰ মাজত ডাৰউইন ডাঙৰ দীঘল হৈছিল। কিন্তু আঠ বছৰ বয়সতে হোৱা মাতৃৰ বিয়োগে তেওঁৰ জীৱনলৈ মানসিক বিষাদ আৰু যন্ত্ৰণা নমাই আনিছিল।

শিক্ষা[সম্পাদনা কৰক]

ঘৰৰ ওচৰৰ বিদ্যালয়ত এবছৰ পঢ়াৰ পিছত ১৮১৮ চনত ডাৰউইনক শ্ৰূছবাৰি স্কুলত ভৰ্তি কৰি দিয়া হয়। ১৮২৫ চনত ১৬ বছৰ বয়সত তেওঁক এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ মেডিকেল স্কুলত নাম লগাই দিয়া হয়। মেডিকেল স্কুলত পঢ়াৰ আগতে দেউতাকৰ সৈতে শ্ৰূছবাৰিৰ দুখীয়া মানুহবোৰক শুশ্ৰূষা কৰিছিল৷ কিন্তু ডাক্তৰি পঢ়িবলৈ গৈ তেওঁৰ তাতে মন নবহিল। মানুহৰ মৰাশ কাটি ছিঙি পৰীক্ষা কৰিবলৈ ডাৰউইন বেয়া পাইছিল। তদুপৰি শিক্ষকে কোৱা কথাবোৰতো মনোযোগ নিদিছিল। দ্বিতীয় বৰ্ষত তেওঁ প্লিনিয়ান চ’ছাইটি নামৰ এটা ছাত্ৰদলত যোগদান কৰে। তাত তেওঁ ৰবাৰ্ট এডমণ্ড গ্ৰাণ্ট নামৰ এজন লোকক সামুদ্ৰিক অমেৰুদণ্ডীজীৱন চক্ৰ আৰু শৰীৰৰ গঠন অধ্যয়ন কৰাত সহায় কৰিছিল। তেখেতৰ সহযোগত ১৮২৭ চনৰ ২৭ মাৰ্চত ডাৰউইনে নিজৰ আৱিষ্কাৰৰ বিষয়ে উপস্থাপন কৰে। তাত কোৱা হৈছিল যে অয়ষ্টাৰৰ খোলাত পোৱা ক’লা ৰঙৰ স্প’ৰবোৰ আচলতে এবিধ জোকৰ কণী। ৰবাৰ্ট এডমণ্ড গ্ৰাণ্টে ডাৰউইনৰ মনত লেমাৰ্কৰ বিৱৰ্তনৰ ধাৰণাৰ কথা সুমুৱাই দিছিল৷[3]সেই সময়ত সংজ্ঞানাশক দৰৱৰ উদ্ভাৱন হোৱা নাছিল। সংজ্ঞানাশক দৰৱ নোহোৱাকৈয়ে ৰোগীক অস্ত্ৰোপচাৰ কৰা হৈছিল। এদিন এটা কণমানি শিশুৰ অস্ত্ৰোপচাৰৰ লোমহৰ্ষক দৃশ্য দেখি ডাৰউইন অস্ত্ৰোপচাৰ কক্ষৰ পৰা পলাবলৈ বাধ্য হ’ল। তেওঁ আৰু কোনোদিনেই সেই কক্ষলৈ নাহিল। পঢ়াৰ প্ৰতি অৱহেলা দেখি দেউতাকে বুজিলে যে হয়তো কোনোদিনেই ডাক্তৰ হ’ব নোৱাৰিব। সেইবাবে তেওঁক ১৮২৮ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ধৰ্মশাস্ত্ৰ বিষয়ত নাম লগাই দিয়া হ’ল যাতে তেওঁ ধৰ্মযাজক হ’ব পাৰে৷ কিন্তু তাতো ডাৰউইনৰ মন নবহিল। তেওঁ নতুনকৈ কীট-পতংগৰ বিষয়ে অধ্যয়ন কৰিব ধৰিলে। সেই সময়তে ডাৰউইনে জন হেনস্ল’ নামৰ এজন পণ্ডিতক লগ পালে৷ জন হেনস্ল’ এজন ধৰ্মযাজক হোৱাৰ উপৰিও কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞানৰ অধ্যাপক আছিল। তেখেতক লগ পোৱাৰ পৰা ডাৰউইনৰ উদ্ভিদ বিজ্ঞানৰ প্ৰতিও আগ্ৰহ বাঢ়িল। তথাপি ধৰ্মযাজকৰ চূড়ান্ত পৰীক্ষাত ডাৰউইন সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল।[4]

এইচ্.এম্.এছ্ বিগল আৰু ডাৰউইনৰ সুযোগ[সম্পাদনা কৰক]

১৮৩১ চনৰ গ্ৰীষ্মকালত ডাৰউইনে আদাম ছেজউইক নামৰ এজন বিখ্যাত ভূতত্ত্ববিদৰ লগত খোজকাঢ়ি ওৱেলছ নামৰ এখন ঠাই ভ্ৰমণ কৰিব গৈছিল। সেই ভ্ৰমণৰ উদ্দেশ্য আছিল অঞ্চলটোৰ শিলাখণ্ডৰ গঠন অধ্যয়ন কৰা আৰু জীৱাশ্ম সংগ্ৰহ কৰা। ওৱেলছ ভ্ৰমণ শেষ কৰি ২৯ আগষ্টত ঘৰলৈ ঘূৰি আহিল৷ ঘূৰি আহি তেওঁ দুখন চিঠি পালে ৷দুয়োখন চিঠিতে প্ৰস্তাৱ দিয়া হৈছিল যে তেওঁ এইচ্.এম্.এছ্ বিগল নামৰ জাহাজখনৰ কেপ্টেইন ৰবাৰ্ট ফিৎসৰয়ৰ সংগী হিচাপে সমুদ্ৰ ভ্ৰমণত যাব লাগে। সাম্ৰাজ্য শাসন আৰু বাণিজ্য বিস্তাৰৰ প্ৰয়োজনত ব্ৰিটিছ চৰকাৰে পৃথিৱীৰ আটাইবোৰ সমুদ্ৰ জৰীপ কৰিব বিচাৰিছিল আৰু ইয়াৰ বাবে বিগল নামৰ জাহাজখন ঠিক কৰা হৈছিল। জাহাজখনৰ কেপ্টেইন ৰবাৰ্ট ফিৎসৰয়ৰ প্ৰকৃতি বিজ্ঞানৰ প্ৰতি বিশেষ ৰাপ আছিল। জৰীপ কাৰ্য শেষ কৰিবলৈ বিগলক কমেও দুবছৰ সময় লাগিব৷ এই দীঘলীয়া সময়খিনিত ফিৎসৰয়ে এজন সমবয়সীয়া সংগী বিছাৰিছিল যাতে তেওঁ সময়খিনি লাভজনকভাৱে কটাব পাৰে। এনে এজন মানুহ বাছি উলিয়াবলৈ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক পিকক্ আৰু হেনশ্ল’ক দায়িত্ব দিয়া হৈছিল আৰু তেওঁলোকে ডাৰউইনক বাছি উলিয়াইছিল। ডাৰউইনে সেই প্ৰস্তাৱটোত একে আষাৰে মান্তি হ’ল যদিও দেউতাকৰ পৰা বাধা আহিল। ৰবাৰ্ট ডাৰউইনে পুতেকক এই দীঘলীয়া আৰু বিপদ সংকুল যাত্ৰা কৰিবলৈ অনুমতি নিদিলে৷ কিন্ত ডাৰউইনৰ মোমায়েক জোছিয়া ওৱেজউদ (দ্বিতীয়) ৰ হস্তক্ষেপত সেই সমস্যাতো অন্ত পৰিল৷[5]

সমুদ্ৰ যাত্ৰা[সম্পাদনা কৰক]

১৮৩১ খ্ৰীষ্টাব্দৰ ২৭ ডিচেম্বৰত দক্ষিণ আমেৰিকালৈ বিগলৰ যাত্ৰা আৰম্ভ হ’ল। বিগল জাহাজখন আছিল নব্বৈ ফুট দীঘল আৰু চৌব্বিশ ফুট বহল এখন সৰু জাহাজ। জাহাজখনত ৭৪ জন নাবিক আছিল আৰু আছিল মাত্ৰ দুটা কেবিন। তাৰে এটা কেবিন কেপ্টেইনৰ বাবে নিৰ্দিষ্টকৈ ৰখা আছিল আৰু আনটো কেবিন ডাৰউইনে আন দুজন অফিচাৰৰ লগত ভাগ কৰি ল’ব লগা হৈছিল৷ ডাৰউইনৰ ভাগৰ কেবিনটো আছিল মাত্ৰ ১১ফুট দীঘল আৰু ১০ফুট পুতল। যাত্ৰা আৰম্ভ কৰাৰ কেইদিনমান আগত ডাৰউইনে কিছুমান শাৰীৰিক সমস্যা যেনে বুকুৰ বিষ হাতৰ খজুৱতি আদিত ভুগিছিল। যাত্ৰা আৰম্ভ কৰাৰ দুদিনমান পাছত এই উপসৰ্গবোৰ উপশম ঘটিছিল, কিন্ত তেওঁ আকৌ সামুদ্ৰিক ৰোগত আক্ৰান্ত হৈছিল। বমি, জ্বৰ, মুৰঘূৰণি এইবোৰ হ’ল সামুদ্ৰিক ৰোগৰ লক্ষণ৷ এটা সময়ত ডাৰউইন সমুদ্ৰৰ লগত অভ্যস্ত হৈ পৰিল আৰু সামুদ্ৰিক ৰোগে তেওঁক এৰা দিলে। ১৮৩২ খ্ৰীষ্টাব্দৰ ২৮ ডিচেম্বৰত বিগল দক্ষিণ আমেৰিকাৰ এখন ঠাইত উপনীত হ’ল৷ ঠাইডোখৰৰ নাম আছিল বাহায়া। ঘন সেউজীয়া অৰণ্য, পশু-পক্ষী, কীট-পতংগৰে ঠাইখন ভৰি আছিল। ডাৰউইনে ইয়াত বহুতো অপৰিচিত পশু-পক্ষী, কীট-পতংগ দেখিবলৈ পাইছিল যিবোৰে তেওঁক আশ্বৰ্যান্বিত কৰি তুলিছিল। বাহায়াৰ পিছত বিগলে ব্ৰাজিলৰ উপকূল অতিক্ৰম কৰি ৰিঅ' ডি জেনেৰ’ পালে। তাৰ পাছত টিয়েৰা ডেল ফুৱেগ’ আৰু তাৰ পৰা কেপহৰ্ণ পালেগৈ৷ এই ঠাইবোৰত বহুতো আচহুৱা পশু-পক্ষী, সৰীসৃপ, কীট-পতংগ আদিৰ সন্ধান পাইছিল। ডাৰউইনে সেই জীৱ-জন্তুবোৰ বধ কৰি ছাল-বাকলি গুচাই নাড়ী-ভুৰু বাহিৰ কৰি ৰ’দত শুকুৱাই সংৰক্ষণ কৰিছিল৷ তাৰ পিছত কেম্ব্ৰিজৰ অধ্যাপক জন হেনস্ল’ৰ ওচৰলৈ পঠোৱা হৈছিল। [[আৰ্জেন্টিনা]ৰ বাহায়া ব্লাংকা নামৰ ঠাইখনত তেওঁ বহুতো জীৱাশ্ম পালে য’ত আছিল কিছুমান অতিকায় জীৱৰ জীৱাশ্ম। বিগলৰ যাত্ৰাপথত ডাৰউইনে ন ন প্ৰাকৃতিক পৰিঘটনা, দৃশ্য আদি দেখিছিল। উদাহৰণস্বৰূপে এণ্ডিজ পৰ্বতৰ ওপৰত তেওঁ শামুক, কাছ আৰু আন জলচৰ প্ৰাণীৰ খোলা আৱিষ্কাৰ কৰিছিল৷ নৈ বা সাগৰত বাস কৰা প্ৰাণীৰ খোলা পৰ্বতৰ ওপৰত পোৱাত তেওঁ বিষ্মৃত হৈ পৰিছিল৷ চিলিত দেখিবলৈ পোৱা আগ্নেয়গিৰি আৰু ভূমিকম্পই তেওঁক নতুন চিন্তাৰ খোৰাক দিছিল। ডাৰউইনে ভাবিবলৈ বাধ্য হৈছিল যে ঈশ্বৰে পৃথিৱীখন যিটো ৰূপত সৃষ্টি কৰিছিল সেই ৰূপ যুগৰ পিছত যুগ ধৰি পৰিৱৰ্তন হৈ গৈ আছে। তেনেস্থলত হয়তো পৃথিৱীৰ প্ৰাণীবোৰৰো গঠন আৰু প্ৰকৃতিৰো সলনি হ’ব পাৰে৷[6]

১৮০৫ খ্ৰীষ্টাব্দৰ ১৫ ছেপ্তেম্বৰত বিগল গৈ গালাপাগাছ দ্বীপপুঞ্জত উপস্থিত হ’ল৷ স্পেনিছ ভাষাত গালাপাগাছৰ অৰ্থ হ’ল দৈত্যাকাৰ কাছ। সেই দ্বীপপুঞ্জত বাস কৰা প্ৰাণীবোৰৰ বেছিভাগেই আছিল কাছ৷ দ্বীপবোৰ আগ্নেয়গিৰিৰ লাভা গোট মাৰি সৃষ্টি হৈছিল। ডাৰউইনে এই গালাপাগাছতেই বহু গুৰুত্বপূৰ্ণ কথাৰ সন্ধান পাইছিল। গালাপাগাছত ঘৰচিৰিকাৰ নিচিনা ফিঞ্চ নামৰ চৰাই দেখিবলৈ পালে। তেওঁ মন কৰিলে যে দ্বীপপুঞ্জত থকা ফিঞ্চ চৰাইবোৰ মূল ভূভাগৰ চৰাইবোৰতকৈ বেলেগ। উদাহৰণস্বৰূপে, প্ৰতিটো দ্বীপৰ ফিঞ্চ চৰাইবোৰৰ ঠোঁটৰ আকৃতি বেলেগ বেলেগ৷ তদুপৰি বেলেগ বেলেগ দ্বীপত থকা চৰাইবোৰৰো কেতবোৰ বৈশিষ্ট্য বেলেগ বেলেগ৷ কোনোটো দ্বীপৰ ফিঞ্চ চৰাইবোৰৰ ঠোঁটবোৰ গছৰ গুটি ভাঙি খোৱাৰ বাবে উপযোগী। কোনোটো দ্বীপৰ ফিঞ্চ চৰাইবোৰৰ ঠোঁটবোৰ আকৌ পোক-পতংগ ধৰি খোৱাৰ বাবে উপযোগী। কোনোবাটো দ্বীপৰ ফিঞ্চ চৰাইবোৰৰ ঠোঁট আছিল কাঠৰোকাৰ দৰে গছৰ খোৰোঙৰ পৰা খোৱাৰ উপযোগী৷ ভাবিলে যে ঈশ্বৰে নিশ্চয় বেলেগ বেলেগ বৈশিষ্ট্যৰ চৰাই সৃষ্টি নকৰে, প্ৰতিটো দ্বীপত পোৱা খাদ্যৰ ওপৰত নিৰ্ভৰ কৰি ফিঞ্চ চৰাইবোৰৰ ঠোঁট বেলেগ বেলেগ হৈছে। গালাপাগাছ দ্বীপপুঞ্জত পাঁচসপ্তাহ থকাৰ পাছত বিগলে ১৮৩৫ চনৰ ডিচেম্বৰ মাহত নিউজিলেণ্ড পালে আৰু ১৮৩৬ চনৰ জানুৱাৰীত অষ্ট্ৰেলিয়াৰ উপকূলত উপস্থিত হ’ল। কেংগাৰু, ৱ’মবেট আৰু ৱালাবি কেৱল অষ্ট্ৰেলিয়াতহে কিয় থাকে সেই প্ৰশ্নও ডাৰউইনৰ মনলৈ আহিল। অৱশেষত ১৮৩৬ চনৰ ২ অক্টোবৰত বিগলে ইংলেণ্ডৰ উপকূল স্পৰ্শ কৰিলে। জৰীপ কাৰ্য সমাপন কৰিবলৈ বিগলক দুবছৰ সময় দিয়া হৈছিল যদিও সেই কামখিনি কৰিবলৈ সময় লাগিল পাঁচ বছৰ। অৰ্থাৎ সুদীৰ্ঘ পাঁচ বছৰ মূৰত নিজৰ ঘৰত উপস্থিত হ’ল।[7]

কাম আৰম্ভ[সম্পাদনা কৰক]

ঘৰলৈ অহাৰ পিছত লগতে সকলোৱে বুজিলে যে তেঁওৰ আৰু ধৰ্মযাজক হোৱা নহ’ব৷ জাহাজত ঘূৰি ফুৰোতে ডাৰউইনে ইংলেণ্ডৰ বৈজ্ঞানিক আলোচনী সমূহলৈ কেবাটাও ভূতত্ত্ব আৰু জীৱবিজ্ঞান সম্পৰ্কীয় প্ৰবন্ধ পঠাইছিল৷ সেই প্ৰবন্ধবোৰত থকা নতুন তথ্য কিছুমানে ইংলেণ্ডৰ বিজ্ঞানী মহলত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ঘৰলৈ অহাৰ পিছত সেই সময়ৰ বিখ্যাত ভূতত্ত্ববিদ চাৰ্লছ লায়েলৰ লগত ভাল চিনাকি হ’ল। তেওঁ ইংলেণ্ডৰ জিঅ’লজিকেল চ’ছাইটিৰ সন্মানিত সদস্যৰ পদো লাভ কৰিলে৷[8]স্বদেশলৈ ঘূৰি আহোতে লগত দুহাজাৰ পৃষ্ঠাৰ টোকা, ডায়েৰী আৰু পশু-পক্ষীৰ নমুনা লগত লৈ আহিছিল৷ এতিয়া তেওঁ সেই সমলবোৰ বৈজ্ঞানিক পদ্ধতিৰে পৰীক্ষা কৰি সেইবোৰৰ মাজত লুকাই থকা সৃষ্টি ৰহস্য উদ্ধাৰ কৰাৰ কামত লাগিল। ইয়াৰ পিছৰ সম্পূৰ্ণ দুটা বছৰ ডাৰউইন নিজৰ কামত বুৰ গৈ থাকিল।[9] ১৮৩৯ চনত প্ৰথমখন কিতাপ ‘গৱেষণাৰ দিনলিপি’ প্ৰকাশ হৈ ওলাল।[10]

ডাৰউইনৰ তত্ত্ব[সম্পাদনা কৰক]

পাঁচ বছৰীয়া সমুদ্ৰ যাত্ৰাৰ পৰ্যবেক্ষণ, পুংখানুপুঙ্খ অধ্যয়ন আৰু পৰীক্ষা-নিৰীক্ষাৰ পৰা দিয়া ডাৰউইনৰ তত্ত্বৰ মূল কথা আছিল প্ৰাকৃতিক নিৰ্বাচন আৰু বিৱৰ্তন৷ পৃথিৱীখন বিভিন্নধৰণৰ প্ৰাকৃতিক দুৰ্যোগ যেনে ভূমিকম্প, বানপানী, অনাবৃষ্টি, মহামাৰী বা আন ক্ৰিয়াৰ ফলত অহৰহ সলনি হৈ আছে আৰু এই পৰিৱৰ্তিত পৰিৱেশত যিবোৰ প্ৰাণীয়ে নিজকে খাপ খুৱাই লব পাৰিছে সেইবোৰেই জীয়াই আছে৷ প্ৰকৃতিৰ মাজত অহৰহ এটা বাছনি প্ৰক্ৰিয়া চলি থাকে য’ত কেৱল যোগ্যজনহে বাচি থাকিব পাৰে। এয়াই হ’ল প্ৰাকৃতিক নিৰ্বাচন (Natural Selection)। প্ৰাকৃতিক নিৰ্বাচনৰ ধাৰণাটোক যোগ্য ভোগ্য বসুন্ধৰা (Survival of The Fittest) বুলিও কোৱা হয়। বৰ্তমান সময়ত জীয়াই থকা প্ৰাণীসমূহ একেদিনাই সৃষ্টি হোৱা নাই৷ নতুন পৰিৱেশৰ লগত নিজকে খাপ খুৱাই লবলৈ প্ৰাণীসমূহে নতুন নতুন গুণ বিকশিত কৰে। ইয়াৰ ফলত একেবোৰ মূলৰ প্ৰাণীৰ পৰাই নতুন নতুন আকৃতি আৰু প্ৰকৃতিৰ বিভিন্ন প্ৰাণী উদ্ভৱ হয়৷ যিবোৰ প্ৰাণীয়ে নতুন গুণ আয়ত্ত্ব কৰিব নোৱাৰে সেই প্ৰাণীবোৰ বিলুপ্ত হৈ যায়৷ এয়াই হ’ল বিৱৰ্তন (Evolution)।[11]বিৱৰ্তনৰ যোগেদি নতুন প্ৰজাতিৰ সৃষ্টি হৈছে বা বহুতো প্ৰজাতি বিলুপ্ত হৈ গৈছে। নতুন প্ৰজাতি সৃষ্টিৰ ক্ষেত্ৰত ডাৰউইনৰ এটা ধাৰণা হৈছে প্ৰকাৰণ (Variation)৷ জীৱজগতৰ কোনো এটা প্ৰজাতিৰ আটাইবোৰ ব্যক্তিৰ গঠন, আকৃতি, শক্তি, কাৰ্যদক্ষতা আদি জৈৱিক গুণবোৰ হুবহু একে নহয়৷ আনকি পিতৃ-মাতৃৰ সন্তানবোৰৰ মাজতো অনেক ভিন্নতা দেখা যায়৷ ইয়াৰ ফলত প্ৰত্যেক প্ৰজাতিৰ মাজত বিভিন্ন প্ৰকাৰৰ ব্যক্তিৰ সৃষ্টি হয়৷ এনে ধৰণৰ প্ৰকাৰণ সৰ্বব্যাপী আৰু সাৰ্বজনীন। [12]ডাৰউইনৰ আন এটা ধাৰণা আছিল অপসৰণৰ (Divergence) ধাৰণা। এই ধাৰণামতে কোনো প্ৰজাতিৰ বংশধৰসকল গঠন, সংৰচনা আৰু স্বভাৱত যিমানে বেছি অপসৰিত হৈ পৰে, সিহঁত সিমানে বেছিকৈ বিভিন্ন আৰু সিমানে অধিক স্থানৰ সুবিধা লব পৰা হয়। এইদৰে সিহঁত আগৰ প্ৰজাতিটোৰ পৰা দূৰলৈ গুচি যায়।[13]

আন বিজ্ঞানীৰ প্ৰভাৱ[সম্পাদনা কৰক]

ডাৰউইনৰ চিন্তাত আন দুজন পণ্ডিতৰ দুটা তত্ত্বই প্ৰভাৱ পেলাইছিল। তাৰে এটা হ’ল চাৰ্লছ লায়েল নামৰ ভূবিজ্ঞানী জনৰ ভূখণ্ডৰ পৰিৱৰ্তনশীলতাৰ তত্ত্ব আৰু থ’মাছ মালথাছ নামৰ ইংৰাজ অৰ্থনীতিবিদৰ জনসংখ্যা সম্বন্ধীয় তত্ত্ব। চাৰ্লছ লায়েলৰ মতে সৃষ্টিৰ পিছৰ পৰা ভূ-পৃষ্ঠৰ গঠনৰ পৰিৱৰ্তন হৈ গৈ আছে। থ’মাছ মালথাছৰ মতে জনসংখ্যা জ্যামিতিক হাৰত বাঢ়ে, আনফালে খাদ্যদ্ৰব্য বাঢ়ে গাণিতিক হাৰত। ফলত খাদ্যৰ বাবে জীৱৰ মাজত সংগ্ৰাম হয়। এনে সংগ্ৰাম কেৱল খাদ্যৰ বাবেই নহয়, বাসস্থানৰ বাবেও হয়। কেৱল সক্ষম জীৱবোৰহে জীৱন সংগ্ৰামত জয়ী হয়।[14]

গ্ৰন্থ প্ৰকাশ[সম্পাদনা কৰক]

নিজৰ তত্ত্বটোৰ শুদ্ধতাৰ মান নিশ্চিত কৰিবলৈ বাৰ্নাকল নামৰ সাগৰীয় শামুকবিধৰ জীৱাশ্ম আৰু জীৱিত ৰূপৰ নানা নিদৰ্শ অধ্যয়ন কৰাৰ এক আঠবছৰীয়া প্ৰকল্পত ডাৰউইন নিমগ্ন হৈছিল৷ ১৮৫১ চনৰ পৰা ১৮৫৪ চনৰ ভিতৰত তাৰে দহহাজাৰ নিদৰ্শ অধ্যয়ন কৰি চাৰিখন সৰু পুথি লিখি উলিয়াইছিল। এই কাম কৰাৰ পিছত তেওঁৰ আত্মবিশ্বাস বাঢ়িল। ইয়াৰ পিছত নিজৰ তত্ত্বটো প্ৰকাশ কৰাৰ দিহা কৰিলে। তাৰ বাবে তেওঁ এখন কিতাপ লিখাৰ দিশে আগবাঢ়িল। কিন্তু কিতাপখন লিখিবলৈ গৈ দ্বিধা আৰু অন্তৰ্দ্বন্দত ভূগিছিল৷ কাৰণ তেওঁ আগবঢ়োৱা তত্ত্বটো বাইবেলৰ সৃষ্টিতত্ত্বৰ সম্পূৰ্ণ বিপৰীত আছিল। বাইবেলৰ সৃষ্টিতত্ত্বমতে পৃথিৱীখন আৰু পৃথিৱীখনৰ সকলো প্ৰাণীক ঈশ্বৰে সৃষ্টি কৰিছিল। তাত থকা মতে ঈশ্বৰে পৃথিৱীখন সৃষ্টি কৰিছিল ৪০০৪ খ্ৰীষ্টপূৰ্বৰ ২৩ অক্টোবৰৰ দিনা। তাৰ পিছত সকলো প্ৰাণীক পৃথকে পৃথকে সৃষ্টি কৰিলে। একেবাৰে শেষত সৃষ্টি কৰিলে মানুহ। যুগ যুগ ধৰি চলি অহা মানুহৰ এই বিশ্বাস ভংগ কৰিবলৈ তেওঁ ভয় খাইছিল। তথাপি ১৮৫৬ চনত ডাৰউইনে গ্ৰন্থখন লিখিবলৈ আৰম্ভ কৰিলে৷ অশেষ ধৈৰ্য্য, কষ্ট আৰু একাগ্ৰতাৰে লিখা গ্ৰন্থখন ১৮৫৯ চনৰ ২৪ নৱেম্বৰত প্ৰকাশ হ’ল। গ্ৰন্থখনৰ নাম আছিল চমুকৈ প্ৰজাতিৰ সৃষ্টি (Origin of Species)৷ গ্ৰন্থখনৰ প্ৰকৃত নাম আছিল On the Origin of Species by Means of Natural Selection ,or the Preservation of favoured Races in the Struggle for Life ৷ গ্ৰন্থখন আছিল বিৱৰ্তন তত্ত্বৰ সপক্ষে বৰ দীঘলীয়া আৰু প্ৰত্যয়জনক যুক্তিৰে ভৰা। তাত বিৱৰ্তন তত্ত্বৰ প্ৰমাণ স্বৰূপে অপৰ্যাপ্ত সাক্ষ্য প্ৰমাণো দিয়া হৈছিল। গ্ৰন্থখন প্ৰকাশৰ দিনাই ১২৫০ কপি বিক্ৰী হ’ল৷ লগে লগে দ্বিতীয় তাঙৰণ ছপা কৰা হ’ল যদিও ৩০০০ কপি বিক্ৰী হ’বলৈ বেছি সময় নালাগিল। ডাৰউইনৰ তত্ত্বটো প্ৰথম প্ৰকাশ কৰোতে মানুহক সামৰি লোৱা হোৱা নাছিল। কিন্তু সকলোৰে মনত এই কথা আহিছিল যে অন্য প্ৰাণীৰ নিচিনাকৈ মানুহো নিশ্চয় বিৱৰ্তনৰ বাটেদি আহিহে মানুহ হৈছে। গতিকে সেইটো হ’ব লাগিলে মানুহৰ বিকাশো অন্য প্ৰাথমিক প্ৰজাতি যেনে মানৱ সদৃশ বনমানুহৰ পৰা হ’ব লাগিব।[15]

বিতৰ্ক আৰু তৰ্কযুদ্ধ[সম্পাদনা কৰক]

ডাৰউইনৰ যুগান্তকাৰী গ্ৰন্থখন প্ৰকাশ পোৱাৰ লগে লগে স্বাভাৱিকতে বিতৰ্ক আৰম্ভ হ’ল। ধাৰ্মিক সমাজৰ বাহিৰেও কেইবাগৰাকীও বিজ্ঞানী, যেনে অক্সফৰ্ডৰ ভূবিজ্ঞানী ৰিচাৰ্ড অ’ৱেনছ, আমেৰিকাৰ হাভাৰ্ডৰ লুই এগাছিজ, কেম্ব্ৰিজৰ এডাম ছেডজৱিক আদিয়ে ডাৰউইনৰ তত্ত্বৰ দুৰ্ঘোৰ বিৰোধিতা কৰিলে। অৱশ্যে ডাৰউইনৰ সমৰ্থনতো কেইবাগৰাকীমান বিজ্ঞানী আছিল। তাৰ ভিতৰত আছিল ইংৰাজ জীৱবিজ্ঞানী টি.এইচ.হাক্সলি, উদ্ভিদবিজ্ঞানী ডেল্টন হুকাৰ আৰু চাৰ্লছ লায়েল। কিতাপখন প্ৰকাশ পোৱাৰ প্ৰায় ছমাহৰ পিছত ১৮৬০চনৰ ৩০ জুনত ব্ৰিটিছ এছোচিয়েচন ফৰ দা এডভান্সমেণ্ট অব চায়েন্স নামৰ এটা বিখ্যাত বিজ্ঞান সংস্থাই কিতাপখনৰ বিষয়ে আলোচনা কৰিবলৈ অক্সফৰ্ডত এখন আলোচনা চক্ৰৰ আয়োজন কৰিলে। তাতে বিপক্ষৰ প্ৰধান বক্তা আছিল অক্সফৰ্ডৰ বিছপ ছেমুৱেল উইলবাৰফৰ্ছ। তেওঁ এজন শক্তিশালী বক্তা আৰু ধৰ্মশাস্ত্ৰত গভীৰ বুৎপত্তি থকা লোক। তৰ্কৰ আৰম্ভণিতে টমাছ হাক্সলিয়ে ডাৰউইনৰ সপক্ষে তেওঁৰ নিজৰ মত ডাঙি ধৰিলে। হাক্সলিৰ মত খণ্ডন কৰিবলৈ থিয় হ’ল ছেমুৱেল উইলবাৰফৰ্ছ৷ প্ৰায় আধা ঘণ্টা সময় বক্তৃতা দি তেওঁ বাইবেলৰ সৃষ্টিতত্ত্ব সমৰ্থন কৰিলে। বক্তৃতাৰ শেষৰ পিনে তাত বহি থকা শ্ৰোতা সকলৰ সন্মুখত হাক্সলিক সুধিলে যে তেওঁৰ পিতৃ-মাতৃৰ কোনজন বনমানুহৰ বংশধৰ? দেউতাক নে মাক? হাক্সলিয়ে উত্তৰত ক’লে যে এনে এখন গাম্ভীৰ্যপূৰ্ণ বৈজ্ঞানিক বিতৰ্কৰ সভাত এনে এটি প্ৰশ্ন সোধা এগৰাকী শিক্ষিত লোকৰ বংশধৰ হোৱাতকৈ বনমানুহৰ বংশধৰ হোৱাই ভাল। উইলবাৰফৰ্ছৰ আৰু তেতিয়া কোনো উত্তৰ নাছিল। কিন্ত শ্ৰোতা সকলৰ মাজতো ডাৰউইনৰ তত্ত্বৰ সপক্ষে-বিপক্ষে তৰ্ক-বিতৰ্ক আৰম্ভ হ’ল আৰু হুলস্থূল লাগি পৰিল। তাৰ মাজতে বিগলৰ কেপ্টেইন ৰবাৰ্ট ফিৎসৰয় থিয় হৈ বাইবেল এখন ওপৰলৈ ডাঙি উত্তেজিত সুৰত ক’বলৈ ধৰিলে যে পৰম সত্য ইয়াতহে আছে আৰু আন ক’তো নাই। এইবাৰ ডেল্টন হুকাৰ মঞ্চলৈ উঠি গৈ এটা এটাকৈ উইলবাৰফৰ্ছৰ যুক্তিবোৰ মষিমূৰ কৰি গ’ল। তেওঁৰ আঢ়ৈ ঘণ্টাজোৰা বক্তৃতাৰ পাছত প্ৰকৃত সত্যটো নিজ মহিমাৰে প্ৰতিষ্ঠিত হ’ল।[16]

আন গ্ৰন্থাৱলী[সম্পাদনা কৰক]

১৮৬৮ চনত ‘গৃহীতকৰণত প্ৰাণী আৰু উদ্ভিদৰ পৰিৱৰ্তনীয়তা’ নামৰ গ্ৰন্থ প্ৰকাশ কৰে৷ ১৮৭১চনত ‘মানৱৰ ক্ৰমবিকাশ আৰু যৌনকাৰ্য সম্বন্ধিত নিৰ্বাচন’ নামৰ গ্ৰন্থ প্ৰকাশ কৰে৷ তাত তেওঁ মানুহ আৰু বনমানুহৰ শাৰিৰীক আৰু মানসিক লক্ষণ তুলনা কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে মানুহ আৰু বনমানুহৰ সৃষ্টি উমৈহতীয়া পুৰুষৰ পৰা হৈছে। পাছলৈ ১৮৭২ চনত ‘মানুহ আৰু অন্য প্ৰাণীৰ আৱেগৰ প্ৰকাশ’ নামৰ গ্ৰন্থখন প্ৰকাশ হয়। ইয়াৰ উপৰিও ডাৰউইনৰ উদ্ভিদবিজ্ঞানৰ কেইখনমান গ্ৰন্থ হ’ল – ব্ৰিটিছ আৰু বিদেশী অৰ্কিডৰ পতংগৰ দ্বাৰা নিষেচিত হোৱা কৌশল (On the various Contrivances by which British and Foreign Orchids are Fertilized by Insect), ১৮৬২; একে প্ৰজাতিৰ উদ্ভিদত হোৱা ফুলৰ বিভিন্ন ধৰণ (The Different Forms of Flowers on Plants of the Same Species); উদ্ভিদৰ চলন শক্তি, ১৮৭৭ (The Power of Movement in Plants), ১৮৮০;পতংগভোজী উদ্ভিদ (Insectivorous Plant),১৮৭৫;The Formation of Vegetable Moulds Through The Action of Worms, ১৮৮১;The Effect of Cross and Self Fertilization in The Vegetable Kingdom, ১৮৭৬৷[17]

শাৰীৰিক সমস্যা[সম্পাদনা কৰক]

ডাৰউইনক গোটেই জীৱনজুৰি শাৰীৰিক সমস্যাই পীড়া কৰি আহিছিল। তেওঁৰ শ্ৰদ্ধাৰ বিজ্ঞান আৰু সমাজখনত তাৰ প্ৰকাশে পেলাব পৰা চিন্তা – এই দুটাই তেওঁৰ মনত এনে ধৰ্মসংকটৰ সৃষ্টি কৰিছিল যে তেওঁ তাৰ বাবে শাৰিৰীক বিষত জৰ্জৰিত হৈছিল। তেওঁ মূৰৰ বিষ, পেট ফুলা, বমি, বুকু ধপধপোৱা আদি লক্ষণত ভূগি আছিল। বহুতো বিশেষজ্ঞই তেওঁৰ ৰোগসমূহ মনঃজাত ৰোগ বুলি ক’ব খোজে কাৰণ বিৱৰ্তনৰ তত্ত্ব প্ৰকাশ হোৱাৰ পিছত যেতিয়া বিৱৰ্তনৰ চিন্তা এৰি ডাৰউইনে উদ্ভিদ বিজ্ঞানৰ গৱেষণাত মন দিছিল তেতিয়াৰ পৰা তেওঁৰ স্বাস্থ্য সুন্দৰ হৈ আছিল৷ তদুপৰি সৰুতে হোৱা মাতৃৰ মৃত্যুৱে দিয়া মানসিক দুখ-বেদনাই তেওঁক পীড়িত কৰিছিল বুলি কোনোৱে মত পোষণ কৰে।[18]

বিবাহ আৰু পাৰিবাৰিক জীৱন[সম্পাদনা কৰক]

কেইবাদিনো বিয়া কৰোৱাৰ সপক্ষে আৰু বিপক্ষে বিভিন্ন যুক্তি যুকিয়াই চাই শেষত বিয়া কৰোৱাটোৱেই ঠিক কৰিলে। ১৮৩৯ চনৰ ২৯ জানুৱাৰী তাৰিখে তেখেতে নিজৰ মামা জোছিয়া ওৱেজউদ (দ্বিতীয়)ৰ নুমলীয়া জীয়ৰী এমা ওৱেজউদক বিয়া কৰায়৷ ডাৰউইন আৰু এমাৰ দহটা ল’ৰা-ছোৱালী হৈছিল। তাৰে দুটা শৈশৱতে ঢুকাইছিল আৰু তৃতীয়টো দহ বছৰ বয়সত ঢুকাইছিল৷ বাকীকেইজনৰ ভিতৰত জৰ্জ, ফ্ৰেন্সিছ আৰু হ’ৰাছ পাছত ডাঙৰ বিজ্ঞানী হৈছিল আৰু লিঅ’ৰ্নাড সেনাৰ মেজৰ অভিযন্তা আৰু সুপ্ৰজননবিদ হৈছিল৷ আন এজন পুত্ৰ সন্তান উইলিয়াম ইৰেজমাছৰ বিশেষ কোনো গুণ নাছিল। তেওঁলোকৰ ছোৱালী হেনৰিয়েটাৰ বিয়া হৈছিল কিন্তু এলিজাবেথৰ বিয়া হোৱা নাছিল। ডাৰউইনে আটাইকেইটা ল’ৰা ছোৱালী আৰু পত্নী এমাক স্নেহ আৰু সন্মান কৰিছিল।[19]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

লণ্ডনৰয়েল ছ’চাইটিৰ সভ্য নিৰ্বাচিত হৈছিল। ১৮৬৪ চনত সেই সমিতিৰ কপলে বঁটা (Copley Award) লাভ কৰিছিল৷ কিন্তু তেখেতৰ বাইবেল বিৰোধী মন্তব্যৰ বাবে ব্ৰিটিছ চৰকাৰে তেওঁক কোনো আনুষ্ঠানিক স্বীকৃতি দিয়া নাছিল।[20]

মৃত্যু[সম্পাদনা কৰক]

১৮৮২ চনৰ ৯ এপ্ৰিল তাৰিখে হৃদযন্ত্ৰৰ অসুখত ডাৰউইনৰ মৃত্যু হয়৷ তেখেতৰ শৱদেহ ৱেষ্টমিনষ্টাৰ এবেত ছাৰ আইজাক নিউটনৰ ওচৰত সমাধিস্থ কৰা হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Fellows of the Royal Society". প্ৰকাশক London: Royal Society. Archived from the original on 2015-03-16. https://web.archive.org/web/20150316060617/https://royalsociety.org/about-us/fellowship/fellows/. 
  2. ডাৰউইন যুগান্তকাৰী বিজ্ঞানী, হোমেন বৰগোহাঞি, ISBN 81-7665-212-1
  3. English Wikipedia
  4. ডাৰউইন যুগান্তকাৰী বিজ্ঞানী, হোমেন বৰগোহাঞি, ISBN 81-7665-212-1
  5. ডাৰউইন যুগান্তকাৰী বিজ্ঞানী, হোমেন বৰগোহাঞি, ISBN 81-7665-212-1
  6. ডাৰউইন যুগান্তকাৰী বিজ্ঞানী, হোমেন বৰগোহাঞি, ISBN 81-7665-212-1
  7. চাৰ্লছ ডাৰউনৰ দ্বিধা আৰু দৃঢ়তা যাৰ বাবে মানুহে নিজকে বুজিলে, ড° দীনেশ চন্দ্ৰ গোস্বামী, দৈনিক জনমভূমি, শাৰদীয় সংখ্যা ২০১৩, পৃষ্ঠা-৪৮
  8. ডাৰউইন যুগান্তকাৰী বিজ্ঞানী, হোমেন বৰগোহাঞি, ISBN 81-7665-212-1
  9. ডাৰউইন যুগান্তকাৰী বিজ্ঞানী, হোমেন বৰগোহাঞি, ISBN 81-7665-212-1
  10. চাৰ্লছ ডাৰউনৰ দ্বিধা আৰু দৃঢ়তা যাৰ বাবে মানুহে নিজকে বুজিলে, ড° দীনেশ চন্দ্ৰ গোস্বামী, দৈনিক জনমভূমি, শাৰদীয় সংখ্যা ২০১৩, পৃষ্ঠা-৪৮
  11. চাৰ্লছ ডাৰউনৰ দ্বিধা আৰু দৃঢ়তা যাৰ বাবে মানুহে নিজকে বুজিলে, ড° দীনেশ চন্দ্ৰ গোস্বামী, দৈনিক জনমভূমি, শাৰদীয় সংখ্যা ২০১৩, পৃষ্ঠা-৪৮
  12. উচ্চতৰ মাধ্যমিক জীৱবিজ্ঞান, প্ৰকাশক-অসম বুক ডিপো, ষষ্ঠ সংস্কৰণ-২০০৮
  13. চাৰ্লছ ডাৰউনৰ দ্বিধা আৰু দৃঢ়তা যাৰ বাবে মানুহে নিজকে বুজিলে, ড° দীনেশ চন্দ্ৰ গোস্বামী, দৈনিক জনমভূমি, শাৰদীয় সংখ্যা ২০১৩, পৃষ্ঠা-৪৮
  14. উচ্চতৰ মাধ্যমিক জীৱবিজ্ঞান, প্ৰকাশক-অসম বুক ডিপো, ষষ্ঠ সংস্কৰণ-২০০৮
  15. চাৰ্লছ ডাৰউনৰ দ্বিধা আৰু দৃঢ়তা যাৰ বাবে মানুহে নিজকে বুজিলে, ড° দীনেশ চন্দ্ৰ গোস্বামী, দৈনিক জনমভূমি, শাৰদীয় সংখ্যা ২০১৩, পৃষ্ঠা-৪৮
  16. চাৰ্লছ ডাৰউনৰ দ্বিধা আৰু দৃঢ়তা যাৰ বাবে মানুহে নিজকে বুজিলে, ড° দীনেশ চন্দ্ৰ গোস্বামী, দৈনিক জনমভূমি, শাৰদীয় সংখ্যা ২০১৩, পৃষ্ঠা-৪৮
  17. চাৰ্লছ ডাৰউনৰ দ্বিধা আৰু দৃঢ়তা যাৰ বাবে মানুহে নিজকে বুজিলে, ড° দীনেশ চন্দ্ৰ গোস্বামী, দৈনিক জনমভূমি, শাৰদীয় সংখ্যা ২০১৩, পৃষ্ঠা-৪৮
  18. চাৰ্লছ ডাৰউনৰ দ্বিধা আৰু দৃঢ়তা যাৰ বাবে মানুহে নিজকে বুজিলে, ড° দীনেশ চন্দ্ৰ গোস্বামী, দৈনিক জনমভূমি, শাৰদীয় সংখ্যা ২০১৩, পৃষ্ঠা-৪৮
  19. চাৰ্লছ ডাৰউনৰ দ্বিধা আৰু দৃঢ়তা যাৰ বাবে মানুহে নিজকে বুজিলে, ড° দীনেশ চন্দ্ৰ গোস্বামী, দৈনিক জনমভূমি, শাৰদীয় সংখ্যা ২০১৩, পৃষ্ঠা-৪৮
  20. চাৰ্লছ ডাৰউনৰ দ্বিধা আৰু দৃঢ়তা যাৰ বাবে মানুহে নিজকে বুজিলে, ড° দীনেশ চন্দ্ৰ গোস্বামী, দৈনিক জনমভূমি, শাৰদীয় সংখ্যা ২০১৩, পৃষ্ঠা-৪৮

বাহ্যিক সংযোগ[সম্পাদনা কৰক]