চিংফৌ ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চিংফৌ ভাষা হৈছে চিংফৌ জনগোষ্ঠীৰ কথিত ভাষা। ভাৰতবৰ্ষৰ উত্তৰ-পূব অঞ্চলত অৱস্থিত অৰুণাচল প্ৰদেশ আৰু অসমউজনি অংশত চিংফৌসকলৰ বসবাস পোৱা যায়। অৰুণাচল প্ৰদেশৰ চাংলাং আৰু লোহিত জিলাত আৰু অসমৰ মাৰ্ঘেৰিটা অঞ্চলত বসবাস কৰা চিংফৌসকল বৌদ্ধ ধৰ্মী। অৰুণাচল প্ৰদেশত একুৰি চাৰিখন গাঁৱত চিংফৌসকল বসবাস কৰে। ১৯১৭চনৰ লোকপিয়ল অনুসৰি অৰুণাচল প্ৰদেশত চিংফৌ জনগোষ্ঠীৰ জনসংখ্যা হ'ল ১৫৬৭জন, তাৰে ৭৭৬জন পুৰুষ আৰু ৭৯১গৰাকী তিৰোতা। অৰুণাচল প্ৰদেশৰ গাওঁ কেইখনমান হ'ল- বৰডোম্চা, সৰুডোম্চা, গজু, খেৰেম্, ইম্বু, ৱাখেতনা, মুদই, আশাও, ডুম্ব, গগম্, ফুপ্, লেৱাং, খমুক, বিছি, মিয়াও, নামফাই, চিকাও, নিংৰাং, গিলঞ্জা ইত্যাদি। উল্লেখযোগ্য যে উক্ত চিংফৌ গাৱঁৰ নামবোৰৰ সৰহভাগেই চিংফৌ সকলৰ বংশৰ নামৰ পৰা হোৱা। অসমৰ ভিতৰত তিনিচুকীয়া জিলাত থকা গাওঁ কেইখনমানৰ নাম হ'ল- মুগং, ইনথেম, উলুপ, দুৱামৰা, বাঁহবাৰী, লং, দিবং, পাণবাৰী, ভিতৰপাৱৈ ইত্যাদি।[1]

বৈশিষ্ট্যসমূহ[সম্পাদনা কৰক]

চিংফৌসকলৰ নিজা এটা ভাষা আছে আৰু এই ভাষাটো চীন- তিববতীয় পৰিয়ালৰ অন্তৰ্গত তিব্বত-বৰ্মী শাখাৰ ভাষা। তিব্বত-বৰ্মীশাখাৰ ভাষাক চাৰিটা ভাগত ভাগ কৰা হৈছে- তিব্বত- হিমালয়ী, উত্তৰ- অসম শাখা, মধ্য আৰু দক্ষিণ অসম শাখা আৰু আৰকান-বাৰ্মা শাখা। চিংফৌ ভাষা মধ্য আৰু দক্ষিণ অসম শাখাৰ অন্তৰ্গত এটি ভাষা। এই ভাষাৰ লগত ব্ৰহ্মদেশৰ অৰ্থাৎ ম্যানমাৰৰ কাছিন ভাষাৰ হুবহু মিল আছে। চিংফৌ ভাষাত সাতোটা স্বৰধ্বনি আৰু কুৰিটা ব্যঞ্জনধ্বনি পোৱা যায়।

  • চিংফৌ ভাষাত ঘোষ মহাপ্ৰান ধ্বনিৰ অভাৱ উল্লেখযোগ্য।
  • চিংফৌ ভাষাৰ ব্যক্তিবোধক সৰ্বনামৰ কোনো সন্মানসূচক অথবা তুচ্ছাৰ্থক ৰূপ পোৱা নাযায়।
  • নঞৰ্থক ৰূপ দিবৰ কাৰণে ক্ৰিয়াৰ আগত ন্- পত্যয় হয়।
  • চিংফৌ ভাষাৰ সংখ্যাবাচক শব্দবিলাক টুৰুং ভাষাৰ সৈতে একেই।

ইতিহাস[সম্পাদনা কৰক]

আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত হোৱা মোৱমৰীয়া বিদ্ৰোহৰ সময়ত ১৭৯৩ খ্ৰীষ্টাব্দত চিংফৌ সকলক এই অঞ্চলত দেখা যায় বুলি ডেল্টনে ক'ব বিচাৰে। 'চিংফৌ' শব্দটোৰ তেওঁলোকৰ ভাষাত অৰ্থ হল 'মানু্হ'। 'নাত্' অৰ্থাৎ বিভিন্ন ভূত-প্ৰেতৰ বিশ্বাস কৰিলেও চিংফৌসকল ধৰ্মীয়ভাৱে বৌদ্ধ ধৰ্মত বিশ্বাসী। তেওঁলোকৰ মাজত বৌদ্ধ ধৰ্মৰ প্ৰচলন আজিৰপৰা খুব বেছি এশ বছৰমান আগৰপৰাহে হ'বলৈ ধৰে। তেওঁলোকৰ মতে তিংলাং লা চ্ৰাতু নামৰে এজন বৌদ্ধ সন্ন্যাসী ব্ৰহ্মদেশৰ হুকুং উপত্যকাৰপৰা এশ বছৰমান আগতে নামি আহিছিল আৰু তেওঁক পিঠিত বোকোচা কৰি মানুহে লৈ আহিছিল। চিংফৌসকলক বৌদ্ধ ধৰ্মৰ নিয়ম-নীতি, আচাৰ-ব্যৱহাৰবিলাকৰ জ্ঞান সেই তিংলা লা চ্ৰাতু নামৰ বৌদ্ধ সন্ন্যাসীজনে দিছিল। চিংফৌ গাঁও বিলাক ভ্ৰমণ কৰাৰ পাছত তেওঁ কামৰূপ জিলালৈ যায় আৰু গুৱাহাটীত এজন ব্ৰিটিছ বিষয়াক লগ পায়। মাংস খোৱা আৰু মদ্যপানত অভ্যস্ত ব্ৰিটিছ বিষয়াজনে তিংলা লা চ্ৰাতু নামৰ সন্ন্যাসীজনক মাংস আৰু মদ্যপানৰ বাবে আমন্ত্ৰণ জনোৱাত তেওঁ প্ৰত্যাখ্যান কৰিছিল আৰু তেতিয়াই ব্ৰিটিছ বিষয়াজনে জানিব পাৰিছিল যে তেওঁ এজন ধাৰ্মিক মানু্হ। তাৰ পাছত তিংলা লা চ্ৰাতু গুৱাহাটীৰপৰা বুদ্ধগয়ালৈ যায় আৰু বহু ঠাই ভ্ৰমণ পাছত তেওঁ পুনৰ মাৰ্ঘেৰিটালৈ ঘূৰি আহে আৰু এখন ফাকে গাঁৱত চামোকচিং নামৰ এটা বৌদ্ধ মন্দিৰ নিৰ্মাণ কৰে। ইয়াৰ পাছতে তেওঁ দোৱনীয়া সকলক বৌদ্ধ ধৰ্মত দীক্ষিত কৰে। তেওঁই চিংফৌসকলক প্ৰতি গাঁৱতে বৌদ্ধ মন্দিৰ নিৰ্মাণ কৰি বৌদ্ধ ভিক্ষু ৰাখিবলৈ পৰামৰ্শ দিয়ে আৰু তেতিয়াৰেপৰাই প্ৰতি ঘৰৰে এটা চুকত বৌদ্ধ মূৰ্তি ৰখাটো নিয়ম হৈ পৰে। তেতিয়াৰপৰাই 'চুম্তান্ চ্ৰা' চিংফৌ সকলৰ ঘৰৰ এটি অংগ হৈ পৰে। এই 'চুম্তান্ চ্ৰা' হ'ল বুদ্ধ মূৰ্তি ৰখা আৰু পূজা কৰা ঠাই।[2]

উৎসৱ[সম্পাদনা কৰক]

চিংফৌ সকলে ব'হাগ মাহত (ইংৰাজী এপ্ৰিল মাহ) 'চাং কেন' উৎসৱ পাতে আৰু তাৰ পৰাই নতুন বছৰ আৰম্ভ হয়। এই পূৰ্ণিমাৰপৰা আনটো পূৰ্ণিমালৈকে এটা চান্দ্ৰ মাহ হিচাপে ধৰি বাৰমাহে এটা বছৰ হিচাপ কৰে। ব'হাগ মাহক বছৰটোৰ প্ৰথম মাহ হিচাপে ধৰি বাৰটা মাহৰ নাম এইদৰে হিচাপ কৰে- ৰাতা (ব'হাগ), ৱত্তত্তা (জেঠ), চলাতা (আহাৰ), চিখুম্ তাৰ (শাওণ), চিঙাম্ তাৰ (ভাদ), চিম্ৰি তাৰ (আহিন), গুপ্চ তা (কাতি), গুপ্তং তাৰ (আঘোণ), ক্লা তা (পুহ), মিচিং তা (মাঘ), মুকা তাৰ (ফাগুন), আৰু খু তা (চ'ত)। উল্লিখিত 'চাং কেন' উৎসৱ তেওঁলোকৰ সামাজিক উৎসৱ। আন জনগোষ্ঠীৰ দৰে চিংফৌসকলৰ মাজত একাধিক সামাজিক উৎসৱ দেখা নাযায়। 'চপং য়ং চপং য়ং মানাও পয়' নামৰ চিংফৌ জাতীয় উৎসৱ এটা দেখা যায়। আজিকালি এই উৎসৱ ফ্ৰেব্ৰুৱাৰী মাহৰ ১৪তাৰিখে পতা হয়। সচৰাচৰ এই উৎসৱ তিনিদিনীয়াকৈ পতা হয়। ইয়াত থংকামানাউ, চ্ছু মানাহ, কুম্ৰামানাউ আদিচিংফৌ নৃত্য পৰিৱেশন আৰু প্ৰদশৰ্ন কৰা হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. অসমৰ ভাষা, সম্পাদক: ভীমকান্ত বৰুৱা, ষষ্ঠ সংস্কৰণ, পৃষ্ঠা-১৬৩
  2. অসমৰ ভাষা, সম্পাদক: ভীমকান্ত বৰুৱা, ষষ্ঠ সংস্কৰণ, পৃষ্ঠা-১৬৪